“Uttama Sharana” or the best way of surrender as suggested by Guru Harideva
consists of two parts. One part is freeness from attachment with the body and
the second part is coming to the sharana or shelter of Lord Krishna present as embodied soul within the body. Out of those, by analysis of the
differences of the body and the embodied soul one can know
that the soul is true and the body is not true. By such analysis one can also
know that the body is the instrument and the soul or the consciousness activates
it. It can also be known that in actuality the soul is not related with the
activities performed by the body and the resultant happiness and sorrow. But
this type of knowledge is comparative. This is not absolute knowledge free from
any connection with the body. Scriptures tell that with this type of knowledge one
can understand the nature of the body, the difference between the body and the
soul and thus one can become free from attachment with is body. But with such knowledge one cannot know the soul or attain self-realization. Explaining
its reason Bhagavata tells that the senses, mind and intelligence constitute our machinery for gaining knowledge. With this machinery we can understand the nature
of our body, the difference of the soul with the body. But with this machinery
it is not possible to know the soul. It is said that the embodied soul
activates our senses, mind and intelligence first and after that only we can
gain knowledge of things including our own body with those instruments . We know
that sugar makes other things sweet but sugar cannot be sweetened by it.
Similarly the soul or the consciousness makes the mind ,intelligence and senses active and make them able to know other things but it is not possible for them to know the
consciousness or soul which activate them . Then what is the way to know the
soul? Answering it Guru Harideva tells that the soul is self-luminous as like
as fire and the sun. In darkness of night we need light of fire to see other
things but no light is needed to see the fire. When the sun rises we see so
many things in its light but to see the sun no light is needed. Similarly, to
realize the soul there is no extra medium. Lord Krishna is present as
consciousness or soul in us. When one comes to his shelter without any attachment with body , his mind, intelligence and senses become purified and then he can feel the
presence of the soul or God in his pure heart as clear as the sight of sun in a
cloudless sky, that is, he can attain self-realization. (to be continued)
হৰিদেৱ গুৰুজনাই “উত্তম শৰণৰ” জৰিয়তে আত্মজ্ঞান লাভ কৰাৰ যি উপদেশ দিছে তাৰ দুটা ভাগ আছে। এটা ভাগ হৈছে শৰীৰৰ প্ৰতি আসক্তি ত্যাগ আৰু আনটো ভাগ হৈছে নিজৰ শৰীৰত আত্মাৰূপে অৱস্থিত ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ। ইয়াৰ ভিতৰত শৰীৰ আৰু আত্মাৰ পাৰ্থক্য জ্ঞানৰ দ্বাৰা শৰীৰ অসত্য আৰু আত্মা সত্য বুলি জানিব পৰা যায়।শৰীৰ যন্ত্ৰ আৰু আত্মা এই যন্ত্ৰৰ চালক তথা নিয়ন্ত্ৰক বুলি বুজিব পাৰি। শৰীৰে কৰা কাৰ্যসমুহৰ পৰা উৎপন্ন হোৱা সুখ্-দুখ ইত্যাদিৰ সৈতে আত্মাৰ বাস্তৱিক কোনো সম্পৰ্ক নাই বুলি বুজিব পাৰি। কিন্তু এই জ্ঞান শৰীৰ আৰু আত্মাৰ তুলনামূলক জ্ঞান।ই শৰীৰ নিৰপেক্ষ আত্মাৰ জ্ঞান নহয় অৰ্থাৎ শৰীৰৰ সৈতে সম্পৰ্কহীন শুদ্ধ আত্মাৰ জ্ঞান নহয় । এনে প্ৰকাৰৰ জ্ঞানৰ দ্বাৰা শৰীৰৰ প্ৰকৃত স্বৰূপ আৰু শৰীৰৰ সৈতে আত্মাৰ পাৰ্থক্য জানি লৈ শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰিব পাৰি। কিন্তু এই জ্ঞানৰ দ্বাৰা শৰীৰৰ সৈতে সম্পৰ্কহীন অৰ্থাৎ শৰীৰ নিৰপেক্ষ শুদ্ধ আৰু মুক্ত আত্মাৰ বিষয়ে জানিব নোৱাৰি বা আত্মজ্ঞান লাভ কৰিব নোৱাৰি। ইয়াৰ কাৰণ ব্যাখ্যা কৰি ভাগৱতত কোৱা হৈছে যে ইন্দ্ৰিয় ,মন আৰু বুদ্ধি হৈছে আমাৰ জ্ঞান আহৰণৰ যন্ত্ৰ । এই যন্ত্ৰৰ সহায়ত শৰীৰৰ বিশেষত্ব সমুহ বুজি লৈ শৰীৰ সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰি তথা শৰীৰ আৰু আত্মাৰ পাৰ্থক্যও বুজিব পাৰি ।কিন্তু ইন্দ্ৰিয়, মন ,বুদ্ধিৰ মাধ্যমত আত্মাক জানিব নোৱাৰি। আত্মা বা শৰীৰস্থ চৈতন্যৰ দ্বাৰা চৈতন্যময় হোৱাৰ পিছতহে আমাৰ জ্ঞান সাধনৰ যন্ত্ৰ স্বৰূপ ইন্দ্ৰিয় ,মন আৰু বুদ্ধি কাৰ্যক্ষম হয় আৰু তেতিয়াহে আমি নিজৰ শৰীৰকে ধৰি জগতৰ অন্যান্য বিষয়-বস্তুৰ জ্জান আহৰণ কৰিব পাৰো । আমি জানো যে চিনিয়ে অন্য বস্তুক মিঠা কৰে কিন্তু ই চিনিক অৰ্থাৎ নিজক মিঠা কৰিব নোৱাৰে । একেদৰে চৈতন্যৰ দ্বাৰা চেতনাময় হোৱাৰ পিছত আমাৰ জ্ঞান আহৰণ কৰা যন্ত্ৰ মন ,বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা অন্য বস্তুক জানিব পাৰি। কিন্তু এই যন্ত্ৰক চেতনাময় কৰা চৈতন্য বা আত্মাক এই যন্ত্ৰৰ দ্বাৰা জানিব নোৱাৰি। তেন্তে আত্মাক জনাৰ উপায় কি ? ইয়াৰ উত্তৰত হৰিদেৱ গুৰুজনাই কৈছে যে আত্মা স্বয়ংপ্ৰকাশ অৰ্থাৎ আত্মা অগ্নি আৰু সূৰ্যৰ দৰে । আন্ধাৰ ৰাতি অন্য বস্তু চাবৰ বাবে আমাক জুইৰ পোহৰ লাগে কিন্তু অগ্নি চাবৰ বাবে অন্য পোহৰ নালাগে । সূৰ্যৰ পোহৰত অনেক বস্তু আমি দেখা পাওঁ কিন্তু সূৰ্য চাবৰ বাবে অন্য পোহৰ নালাগে।একেদৰে আত্মাক জানিবৰ বাবেও অন্য একো মাধ্যম নালাগে ।ভগৱান কৃষ্ণ আত্মা বা চৈতন্য স্বৰুপে নিজৰ ভিতৰতে আছে। শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰি ভগৱান কৃষ্ণৰ শৰণাপন্ন হ’লে মন, বুদ্ধি আৰু ইন্দ্ৰিয় পবিত্ৰ হয় আৰু তেতিয়া মেঘহীন নিৰ্মল আকাশত চন্দ্ৰ-সূৰ্য দেখাৰ দৰে নিজৰ বিশুদ্ধ অন্তঃৰণত স্বয়ংপ্ৰকাশ আত্মা বা ঈশ্বৰৰ প্ৰকাশ উপলব্ধি কৰিব পাৰি অৰ্থাৎ আত্মজ্ঞান লাভ কৰিব পাৰি।(আগলৈ)
No comments:
Post a Comment