In Bhagavata it is told that in waking state of the body the embodied soul or jiva experiences the
external world through senses and enjoys happiness and sorrow. During the state
of dreaming the mind remains detached from the external world and creates an
internal world within itself. In this state of the body, the embodied soul
experiences this internal world created by the mind and enjoys happiness and
sorrow. In some of the preceding posts we tried to have some preliminary ideas
about the condition of the body during these two states. Now, describing the
condition of the body during deep sleep state Bhagavata tells that in this
state the senses become inactive. The mind and intelligence stop functioning.
Under such condition we cannot feel our own existence and remain unaware of the
things that happened during the period of deep sleep. After remaining in deep
sleep state for certain period we come
back to the waking state. After coming back to this state
we feel that we have no knowledge of
anything that happened during deep sleep. At the same time we also feel
that we remained happy and peaceful during that period. That is, we retain the
memories of the feelings of unawareness and happiness experienced during deep
sleep and recall those feelings from memory after coming back to the
waking state. Explaining the things
like this Bhagavata tells that the consciousness of the body or the embodied
soul is the knower or enjoyer of the unawareness and happiness felt by the body
during its deep sleep state. Due to that reason after coming back to waking
state from deep sleep we can recall those experiences from our memory.
Bhagavata also tells that one single person
passes through the waking ,
dreaming and deep sleep states of his own body and experiences the feelings of
all the three states.That is, the consciousness or embodied soul or knower of
the waking ,dreaming and deep sleep state of the body is one and is separate
from all those states of the body . Guru Harideva suggests that on who
tries to realize the difference between
the body and the embodied soul by analysis of the knowledge contained in the
Bhagavata as above can attain self- realization. (to be continued)
ভাগৱতত কোৱা হৈছে যে
জাগ্ৰত বা সাৰে থকা অৱস্থাত শৰীৰস্থ চৈতন্য বা আত্মাই ইন্দ্ৰিয়বিলাকৰ সহযোগত বাহিৰৰ জগতখনত থকা
বিষয়-বস্তুৰ অভিজ্ঞতা অনুভৱ কৰি সুখ-দুখ ভোগ কৰে ।আনহাতে সপোন দেখা অৱস্থাত মন
বাহিৰৰ জগতখনৰ পৰা বিচ্ছিন্ন হৈ
থাকে আৰু নিজৰ ভিতৰতে এখন নিজস্ব জগত সৃষ্টি কৰে । সেই
অৱস্থাত চৈতন্য বা আত্মাই মনে সৃষ্টি কৰা
এই আভ্যন্তৰীণ জগতখনৰ বিষয়বস্তুৰ অভিজ্ঞতা উপভোগ কৰি সুখ-দুখ অনুভৱ কৰে। ইয়াৰ আগৰ
লিখনিত এই দুই অৱস্থাৰ আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে। আনহাতে শৰীৰৰ সুসুপ্ত অৱস্থাৰ
বৰ্ণনা দি ভাগৱতত কোৱা হৈছে যে গভীৰ নিদ্ৰাৱস্থাত ইন্দ্ৰিয়সমুহ সম্পূৰ্ণ নিস্ক্ৰিয়
হৈ পৰে । মন আৰু বুদ্ধিয়ে কাম নকৰা হয় । এনে অৱস্থাত আমি
নিজৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰা অৱস্থাত উপনীত হওঁ আৰু গভীৰ নিদ্ৰাৱস্থাত
থকা কালত কি ঘটিছিল তাৰ একো জ্ঞান নাথাকে। কিছু সময়লৈকে এনেদৰে
অজ্ঞান অৱস্থাত থকাৰ অন্তত আমি পুনৰ জাগ্ৰত অৱস্থালৈ আহোঁ অৰ্থাৎ গভীৰ
টোপনিৰ পৰা সাৰ পাওঁ ।সাৰ পোৱাৰ পিছত আমাৰ অনুভৱ হয় যে নিদ্ৰামগ্ন হৈ থকা কালছোৱাত
কি ঘটিছিল তাক আমি নাজানো। লগতে এই
কালছোৱাত আমি বৰ সুখ-শান্তিত আছিলো বুলি অনুভৱ কৰিব পাৰো ।অৰ্থাৎ নিদ্ৰাৱস্থাত
ভোগ কৰা অজ্ঞান অৱস্থা আৰু সুখৰ অনুভূতিৰ স্মৃতি আমাৰ মনত থাকে আৰু সাৰ পোৱাৰ পিছত
সেই কথা আমি স্মৰণ কৰিব পাৰো। কথাবিলাক
এনেদৰে ব্যাখ্যা কৰি ভাগৱতত কোৱা
হৈছে যে শৰীৰস্থ চৈতন্য বা আত্মা শৰীৰৰ গভীৰ নিদ্ৰা বা সুসুপ্ত অৱস্থাৰ অনুভূতিৰো
জ্ঞাতা বা অনুভৱকৰ্ত্তা। সেই হেতুকে আমি গভীৰ নিদ্ৰাৱস্থাৰ অসচেতনতা আৰু সুখৰ
অনুভৱ পৰবৰ্ত্তী জাগ্ৰত কালত মনত পেলাব
পাৰো। লগতে কোৱা হৈছে যে একেজন ব্যক্তিয়ে সাৰেও থাকে, সপোনো দেখে আৰু গভীৰ
টোপনিটো পৰে অৰ্থাৎ একেজন ব্যক্তিয়ে নিজৰ শৰীৰৰ জাগ্ৰত ,স্বপ্ন আৰু সুসুপ্ত
অৱস্থাৰ অভিজ্ঞতা অনুভৱ কৰিব পাৰে। ইয়াৰ পৰা বুজিব পাৰি যে শৰীৰৰ জাগ্ৰত ,স্বপ্ন আৰু সুসুপ্তি
এই তিনিটা অৱস্থাৰ জ্ঞাতা অৰ্থাৎ অনুভৱকৰ্ত্তা শৰীৰস্থ চৈতন্য বা আত্মা এক আৰু ই
শৰীৰৰ এই তিনিওটা অৱস্থাৰ পৰা পৃথক । হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰজ্ঞানৰ
আধাৰত ওপৰোক্ত প্ৰকাৰে শৰীৰ আৰু আত্মাৰ
পৰ্থক্য বিচাৰ কৰিলে আত্মজ্ঞান লাভ কৰিব পাৰি । (আগলৈ)
No comments:
Post a Comment