In continuation of the preceding post, now we are trying to have some idea of the body during dreaming period. In the dream state also we face one material world as like as the world encountered in the waking state. All verities of things like river , mountain, sky , animal, plant available in the real world known to us are available in that dream world also. Even we can feel the presence of our own body there and enjoy happiness and sorrow of the dream world with that body. But in the dream state our real body sleeps and remains completely unaware about the material world outside it. Analyzing the things like this the Bhagavata tells that the material world including our own body that we see in the dream world and the happiness and sorrow that we enjoy in the dream state cannot be real. During dream we do not know our actual body and consider the unreal body seen in the dream world as real. We enjoy happiness and sorrow of the dream world through that dream body. The mind creates everything of the dream world including the senses with which the dream world is experienced . In the dream world also one performs good and bad deeds with his dream body. Now, the presence of consciousness is essential for performance of various activities in the dream world with the dream body and also for knowing the verities of the things in the dream world and their differences with one another. On the other hand, one individual person can narrate his experiences of dream state after coming back to waking state. From this it becomes clear that one individual consciousness or embodied soul controls the activities and enjoys the happiness and sorrow in both the waking and dreaming states of the body. If the things are analyzed in this way it can be understood that the embodied soul or the consciousness of the body is the knower of the verities of things encountered in both the dreaming and waking state of the body, the differences among them and also the feelings generated by them and hence it is completely separate from all of them. For attainment of self-realization as suggested by Guru Harideva, this type of analysis of the knowledge contained in the Bhagavata is necessary.(to be continued)
ইয়াৰ আগৰ লিখনিটোৰ আঁত ধৰি এতিয়া
স্বপ্নাৱস্থা অথবা সপোন দেখি থকা অৱস্থাত শৰীৰৰ অৱস্থা সম্পৰ্কে সাধাৰণ আভাস লোৱাৰ
প্ৰচেষ্টা কৰা হৈছে।জাগ্ৰত অৱস্থাত দেখাৰ দৰে
সপোন দেখি থকা অৱস্থাতো আমি এখন জগত দেখা পাওঁ। আমাৰ পৰিচিত বাস্তৱ
জগতখনত থকাৰ দৰে নদী ,পৰ্বত ,মানুহ ইত্যাদিকে ধৰি জগতৰ সমস্ত বৈচিত্ৰ সপোনৰ জগততো বৰ্ত্তমান থাকে। আনকি সপোন দেখি থকা অৱস্থাত আমি সপোনৰ জগতত নিজৰ শৰীৰৰ উপস্থিতিও অনুভৱ কৰো আৰু সেই
শৰীৰৰ দ্বাৰা স্বপ্ন জগতৰ সুখ দুখ অনুভৱ কৰিব পাৰো। কিন্তু সপোন দেখি থকা অৱস্থাত আমাৰ বাস্তৱ শৰীৰটো বাহিৰৰ জগতৰ পৰা
বিচ্ছিন্ন হৈ শুই থাকে। গতিকে তেনে অৱস্থাত সপোনত দেখা পোৱা জগতখন,সেই জগতৰ সুখ-দুখ,
আৰু
সেই সুখ-দুখ ভোগ কৰা শৰীৰ ইত্যাদি বাস্তৱ হ’ব নোৱাৰে ।কথাবিলাক এনেদৰে বিচাৰ কৰি ভাগৱতত কোৱা হৈছে
যে সপোন দেখা অৱস্থাত নিজৰ বাস্তৱ শৰীৰটোৰ
বিষয়ে আমাৰ জ্ঞান নাথাকে। সেইকাৰণে সপোনত দেখা পোৱা
শৰীৰটোকে প্ৰকৃত শৰীৰ জ্ঞান কৰা হয় আৰু
সেই মিথ্যা শৰীৰৰ দ্বাৰাই সপোন জগতৰ অবাস্তৱ সুখ-দুঃখ ভোগ কৰা হয়। বাস্তৱ জগতৰ দৰে সপোন জগত ভোগ কৰাৰ
বাবেও ইন্দ্ৰিয়ৰ প্ৰয়োজন হয় । এই ইন্দ্ৰিয় সমুহকে ধৰি স্বপ্ন জগতৰ সমস্ত
বস্তু মনে সৃষ্টি কৰে বুলি কোৱা হৈছে ।সপোনৰ
জগতত স্বপ্ন শৰীৰৰ দ্বাৰাই শুভ আৰু অশুভ কৰ্মও কৰা হয় ।এতিয়া কথা হৈছে যে জাগ্ৰত
অৱস্থাৰ দৰে স্বপ্নাৱস্থাতো স্বপ্ন শৰীৰৰ দ্বাৰা কৰ্ম কৰাৰ বাবে আৰু স্বপ্ন-ইন্দ্ৰিয়সমুহে সংগ্ৰহ কৰা অনুভুতিৰ দ্বাৰা স্বপ্ন জগতৰ জ্ঞান লাভ কৰা তথা সেইসমুহৰ
মাজত থকা পাৰ্থক্য বুজাৰ কাৰণে চৈতন্যৰ প্ৰয়োজন হয়।আনহাতে একেজন ব্যক্তিয়ে সপোন দেখি সাৰ পোৱাৰ পিছত সপোনত কি দেখিছিল তাক ক’ব পাৰে। ইয়াৰ পৰা বুজিব
পাৰি যে শৰীৰস্থ এক চৈতন্য বা আত্মাই শৰীৰৰ জাগ্ৰত আৰু স্বপ্ন উভয় অৱস্থাৰ কাজ
কৰ্ম নিয়ন্ত্ৰণ কৰে আৰু লগতে জাগ্ৰত অৱস্থাৰ বাস্তৱ আৰু স্বপ্ন অৱস্থাৰ অৱাস্তৱ সুখ-দুখৰ
অভিজ্ঞতা লাভ কৰে।এনেদৰে বিচাৰ কৰি চালে দেখা যায় শৰীৰস্থ একক চৈতন্য অৰ্থাৎ আত্মা জাগ্ৰত আৰু স্বপ্ন উভয় জগতৰ বস্তুসমুহ, বস্তুৰ মাজত থকা
পাৰ্থক্যসমুহ আৰু সেইবিলাকে উৎপন্ন কৰা অনুভুতিসমুহৰ জ্ঞাতা বা অনুভৱকৰ্ত্তা আৰু সেইবিলাকৰ পৰা সম্পূৰ্ণ
পৃথক ।হৰিদেৱ গুৰুজনাৰ উপদেশ অনুসৰি আত্মজ্ঞান লাভ কৰাৰ অৰ্থে ভাগৱত শাস্ত্ৰই দিয়া
শিক্ষাৰ আধাৰত আত্মাৰ সৈতে শৰীৰৰ পাৰ্থক্য এনেদৰে বিচাৰ-বিশ্লেষণ কৰাৰ প্ৰয়োজন।(আগলৈ)
No comments:
Post a Comment