Guru Harideva tells that for Uttama Sharana
or attainment of spiritual perfection one should try to make himself free from the attachment with his own body. In
Vedic Scriptures it is told that when one becomes free from all kinds of
attachment with everything of the world including his own body then he attains the
highest spiritual perfection or “jeevanmukti”. In some of the preceding post it
is already mentioned that becoming free from attachment with body is very
difficult. It is as difficult as removal of one’s skin from his own body. We
know that skin is very firmly attached with the body. It is difficult even to
imagine the removal of the skin from the body of a living person. Similar is
the case with one’s attachment with his
own body. The soul and body appear to be firmly
attached with each other as like as attachment of skin with the body. In this
context scriptures tell that though this task is difficult it is not
impossible. To make the subject clear the scriptures explain the matter with the analogy of snake. A snake can easily
remove the skin from its own body. This is because snake can fully realize the fact that it is essential to discard old skin
from the body periodically in the interest of its own survival. So it can easily
discard its skin though the skin forms an essential part of its body. Also, after removal of the skin the snake becomes totally free from attachment with
the discarded skin for the rest period of its life. In a similar
way when a person fully realizes the fact that spiritual perfection and subsequent liberation is
the ultimate aim of human life and it is most essential to become free from attachment with
everything of the world including his own body for attainment of that
goal, then he seriously tries to become free from attachment with the body. In
this context Guru Harideva suggests that any person who sincerely comes to the shelter or Sharana of Lord Krishna can gradually make
improvement and finally attain such higher spiritual perfection in due course
of time. According to him the above point is explained in the Bhagavata through the life story of Prahlada – the great
devotee of God. (to be continued)
উত্তম প্ৰকাৰৰ
শৰণ গ্ৰহণ কৰাৰ বাবে নিজৰ শৰীৰৰ প্ৰতি থকা আসক্তিৰ পৰাও মুক্ত হোৱাৰ চেষ্টা কৰা প্ৰয়োজন
বুলি হৰিদেৱ গুৰুজনাই কৈছে। বৈদিক শাস্ত্ৰত কোৱা হৈছে যে নিজৰ শৰীৰকে ধৰি জগতৰ একো
বস্তুৰ প্ৰতি কোনো ধৰণৰ আসক্তি নথকা ব্যক্তিক
পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰা ব্যক্তি বা জীৱন্মুক্ত পুৰুষ বুলি ধৰা হয় ।ইয়াৰ আগৰ
কেইটামান লিখনিত কৈ অহা হৈছে যে শৰীৰৰ প্ৰতি থকা আসক্তিৰ পৰা মুক্ত হোৱাটো অত্যন্ত
কঠিন কাম ।লগতে কোৱা হৈছে
যে এই কাম নিজৰ শৰীৰৰ ছাল নিজে বখলিওয়াৰ
দৰে কঠিন কাম । আমি জানো যে ছাল
শৰীৰৰ সৈতে অতি ওতঃপ্ৰোত ভাৱে সংযুক্ত হৈ
থাকে । জীৱিত ব্যক্তিৰ শৰীৰৰ পৰা ছাল
এৰুৱাই দিয়াৰ কথা কল্পনা কৰাটোও অতিশয় ভয়ংকৰ। শৰীৰৰ সৈতে আমাৰ
সংযোগৰ ক্ষেত্ৰতো কথা একে ধৰণৰ। শৰীৰৰ সৈতে আত্মাৰ সংযুক্তিও শৰীৰৰ সৈতে ছালৰ সংযুক্তিৰ
সৈতে একে ধৰণৰ যেন অনুভৱ হয়। কিন্তু শাস্ত্ৰত কোৱা হৈছে যে এই কাম কঠিন যদিও অসম্ভৱ নহয় । সাপৰ উপমা দি শাস্ত্ৰত
কথাখিনি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে । সাপে অতি সহজে নিজ শৰীৰৰ ছাল পৰিত্যাগ কৰে । ইয়াৰ কাৰণ হৈছে শৰীৰৰ পুৰণি ছাল সময়ে সময়ে
পৰিত্যাগ কৰি নাথাকিলে জীয়াই থকা সম্ভৱ নহয় বুলি সাপে উপলব্ধি কৰিব পাৰে । সেই কাৰণে ছাল শৰীৰৰ
অংশ হোৱা সত্বেও সাপে ইয়াক সহজে পৰিত্যাগ কৰে আৰু তাৰ পিছৰ কালত
কোনোদিনে সেই পৰিত্যক্ত ছালখনৰ প্ৰতি আসক্তি অনুভৱ নকৰে ।একেদৰে যেতিয়া
কোনো এজন ব্যক্তিয়ে অন্তৰৰ গভীৰৰ পৰা অনুভৱ কৰিব পাৰে যে পাৰমাৰ্থিক পূৰ্ণতা লাভ
কৰাৰ অন্তত মুক্তি লাভ কৰাটো মানৱ জীৱনৰ চৰম লক্ষ্য আৰু জগতৰ সমস্ত বস্তুৰ লগতে নিজৰ শৰীৰৰ
প্ৰতিও অনাসক্তিৰ ভাৱ পোষণ কৰাটো এই লক্ষ্য সাধন কৰাৰ একমাত্ৰ উপায় তেতিয়া তেনে
ব্যক্তিয়ে শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পাৰে আৰু তেনে প্ৰচেষ্টাত
ব্ৰতী হয়। এই প্ৰসঙ্গত
উপদেশ প্ৰদান কৰি হৰিদেৱ গুৰুজনাই কৈছে যে আগ্ৰহ আৰু শ্ৰদ্ধা সহকাৰে ভগৱান
শ্ৰীকৃষ্ণৰ একান্ত আশ্ৰয় বা শৰণ গ্ৰহণ কৰিলে
মানুহে যথাকালত ওপৰোক্ত প্ৰকাৰৰ পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে । ভাগৱতত ভক্ত
প্ৰহ্লাদৰ জীৱন কাহিনীৰ জৰিয়তে এই তত্ব পৰিষ্কাৰ কৰা হৈছে বুলি গুৰুজনাই উল্লেখ কৰিছে
।(আগলৈ)
No comments:
Post a Comment