In the preceding post it is told
that the physical body , the subtle body
and the causal body are the three constituent stages of the boy of a jiva or
the embedded soul. “Annamay Kosha” constitutes
the physical body or we can say that “Annamay Kosha” is the physical body and it is the outermost
cover of the soul. Without acquiring knowledge from scriptures or spiritual
master common ignorant people like us cannot get any idea about the three
stages of the body, the subtle body and the causal body. On the other hand
though every person has feelings and practical experiences of the physical body
this knowledge and experiences are not based on correct analysis of the truth.
We can try to understand this point as follows. Some people like us have wealth
and property. Nobody considers any of them as “I”. Everybody tells that “I am
the owner of this property” or this property is “mine”. In our day to day
dealings we always maintain difference between our own identity and the things
under our possession. We never tell that I am this house, this land or this
money. We always tell that these are mine. But contrary to that we identify the physical body as “I” though it is the outermost cover of the Soul or true “I”.
In this context the scriptures tell that the physical body is born from the
combination of Siemen and blood of male and female which are produced from the
“Anna” or food consumed by them. Then it grows and survives by consumption of food.
The physical body feels heat and cold when the consciousness of the body is
connected with “Anamay Kosha” . Our feelings like “I am tall” , “I am short” ,
“I am beautiful” , “I am ugly” etc. are related to the physical body or it is
the physical body only which can be tall , short, bulky, slim and like that.
The physical body is subjected to various types of dieses, foul smell,
beautiful or ugly look , possibilities of burn , injury and so many other disorder. No physical body can escape
from these unavoidable miseries. Moreover, the body has beginning and end.
Also, it is ever changing and it has no consciousness of its own. It is
external to the soul as like as a shirt used by us for covering of our physical
body. Scripture tell that if the things are analyzed as above then the
difference between the eternal soul and the transient "Annamay Kosha" or physical
body can be realized. ( to be continued)
ইয়াৰ আগৰ লিখনিটোত কোৱা হৈছে যে স্থূল শৰীৰ, সুক্ষ্ম শৰীৰ আৰু কাৰণ শৰীৰ হৈছে জীৱ-শৰীৰৰ তিনিটা স্তৰ। অন্নময় কোষৰ দ্বাৰা স্থূল শৰীৰৰ গঠন হয় বা অন্নময় কোষকে স্থূল শৰীৰ বুলি ধৰা হয় আৰু ই আত্মাৰ একেবাৰে বাহিৰৰ স্তৰৰ আৱৰণ। শাস্ত্ৰ বা গুৰুৰ পৰা জ্ঞান আহৰণ নকৰিলে আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধিৰ মানুহে শৰীৰৰ বিভিন্ন স্তৰ তথা সুক্ষ্ম শৰীৰ আৰু কাৰণ শৰীৰৰ বিষয়ে বুজি পোৱা সম্ভৱ নহয় । আনহাতে স্থূল শৰীৰ সম্পৰ্কে আমাৰ সকলোৰে ব্যৱহাৰিক অনুভৱ আৰু অভিজ্ঞতা থাকে যদিও এই জ্ঞান আৰু অভিজ্ঞতা শুদ্ধ বিচাৰ বুদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত নহয় ।এই কথাখিনি আমি তলত দিয়া ধৰণে চিন্তা কৰি চাব পাৰো । আমাৰ বহুতৰে বহু সা- সম্পত্তি বা বয়-বস্তু থাকে। কিন্তু আমি কেতিয়াও নকওঁ যে এই বয়–বস্তুসমূহ ‘মই’।আমি সদায় কওঁ ,মোৰ এই সম্পত্তি আছে, মই ইয়াৰ মালিক, এইবিলাক “মোৰ”। সাধাৰণ কথোপকথনৰ সময়তো আমি নিজৰ পৰিচিতি আৰু যি বস্তুৰ লগত আমি যুক্ত তাৰ মাজত পাৰ্থক্য বজাই ৰাখো। কোনেও কেতিয়াও নকয় যে – এই ঘৰ মই, এই সম্পত্তি মই, এই টকা পইচা মই।সকলোৱে কয় – এইবিলাক মোৰ । কিন্তু ইয়াৰ বিপৰীতে আত্মাৰ একেবাৰে বহিৰ্ভাগৰ আৱৰণ স্বৰূপ স্থূল শৰীৰকে “মই” বা আত্মা বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰো । এই সন্দৰ্ভত শাস্ত্ৰত কোৱা হৈছে যে পিতৃ–মাতৃয়ে গ্ৰহণ কৰা অন্নৰ দ্বাৰা তৈয়াৰ হোৱা শুক্ৰ-শোণিতৰ পৰা শৰীৰ উৎপত্তি হয় আৰু বাহিৰৰ পৰা যোগান ধৰা অন্নৰ দ্বাৰা ই বৰ্দ্ধিত হয় তথা বৰ্ত্তি থাকে । যেতিয়া শৰীৰৰ চেতনা স্থূল শৰীৰৰ সৈতে সংযুক্ত হয় তেতিয়া আমি শীত, গ্ৰীষ্ম আদি অনুভৱ কৰো।আমাৰ মনত “মই ওখ” ,“ মই চাপৰ” ,” মই ধুনীয়া”, “মই কুৎসিত” ইত্যাদি ভাৱৰ উদয় হয় । এই বিলাক ভাৱ স্থূল শৰীৰৰ ক্ষেত্ৰত প্ৰযোজ্য অৰ্থাৎ কেৱল স্থূল শৰীৰহে ওখ ,চাপৰ , ক্ষীণ ,শকত ইত্যাদি হ’ব পাৰে। বিভিন্ন ধৰণৰ ৰোগ , শৰীৰৰ দুৰ্গন্ধ , কুন্ধচ চেহেৰা , অগ্নিদগ্ধ হোৱা বা আঘাতৰ সম্ভাৱনা আদি স্থূল শৰীৰৰ ক্লেশ । এইবিলাকৰ উপৰিও স্থূল শৰীৰত যি অসংখ্য প্ৰকাৰৰ যন্ত্ৰণা উপস্থিত হয় তাৰ অভিজ্ঞতা প্ৰায় সকলো জীৱৰে আছে ।এই সমস্তকে স্থূল শৰীৰৰ জ্বৰ বুলি কোৱা হয় আৰু এইবিলাক জ্বালা-যন্ত্ৰণাৰ পৰা স্থূল শৰীৰ মুক্ত থাকিব নোৱাৰে। তদুপৰি শৰীৰৰ আদি আৰু অন্ত আছে, ই নিত্য পৰিবৰ্ত্তনশীল আৰু ইয়াৰ নিজস্ব চেতনা নাই।আমাৰ শৰীৰৰ বাবে ছোলা কাপোৰ যিদৰে বাহ্যিক আৱৰণ সেইদৰে আত্মাৰ বাবে স্থূল শৰীৰ বাহ্যিক আৱৰণ। শাস্ত্ৰত কোৱা হৈছে যে ওপৰোক্ত ধৰণে বিচাৰ কৰি চালে চিৰন্তন আত্মা অনিত্য অন্নময় কোষ বা স্থূল শৰীৰৰ পৰা সম্পূৰ্ণ পৃথক বুলি বুজিব পাৰি । (আগলৈ)
No comments:
Post a Comment