Vedic Scriptures tell that the prime goal of human life is attainment of
self- realization or ‘ Atmajnana’ and one’s attachment with his own body is the
strongest resistance in the path of that goal . It is already mentioned that
the main purpose of the religious teachings of Guru Harideva is to encourage common people to overcome that
resistance and proceed in the path of
self- realization. From our own experience we know that common people like us
have to make spiritual practice in parallel to performance of their familial and social duties. Guru
Harideva was a great scholar of the
Vedas, Vedic Philosophy and other Vedic Scriptures of higher order. At the same
time he was well aware of the fact
that it is not possible for common ignorant people to understand the contents of those Vedic
Scriptures and perform spiritual practice in accordance with the instructions
contained there. To make the things
easier for those common householders Guru
Harideva suggests them to follow
the teachings of Bhagavata and live their day to day life in accordance
with those teachings. Now, in Bhagavata it is told that if one can correctly
understand the difference between the soul and the body then he can become free
from attachment with the body. Along with this advice some simple and practical
ways of analysis of the subject are also suggested in the
Bhagavata. In one of such suggestions it is told that the trees bear flowers
first . Then fruits come from the
flowers. Those fruits gradually mature ,
ripe , deteriorate and finally vanish after sometime. In a similar way a body of small shape takes
birth. Then it gradually grows and becomes young . After completion of growth
the strength , size ,shape etc. of the body reduces gradually. Then, finally the
death comes and the body vanishes. That is , the body exists in this world for
a limited period of time starting from birth
to till death . Also, during its existence the body is subjected to conditions
like birth, growth, deterioration etc.
and finally it vanishes. But the soul exists since prior to birth of the body
and entrance of soul in the body is called birth of a body. The changes like
birth , growth, deterioration etc. of
the body do not have any effect on the soul. Also, the body
becomes dead when the soul abandons it.
Based on such knowledge contained in the Bhagavata Guru Harideva tells that by
this type of analysis one’s attachment with the body reduces gradually. (to be
continued)
বৈদিক শাস্ত্ৰত কোৱা হৈছে যে আত্ম উপলব্ধি বা আত্মজ্ঞান লাভ মানৱ জীৱনৰ মূল লক্ষ্য আৰু শৰীৰৰ প্ৰতি আসক্তি এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰধান অন্তৰায়। এই অন্তৰায় দূৰ কৰি পাৰমাৰ্থিক লক্ষ্যত উপনীত হোৱাৰ বাবে সৰ্বসাধাৰণ মানুহক উৎসাহিত কৰাটো হৰিদেৱ গুৰুজনাৰ ধৰ্মপ্ৰচাৰৰ মুখ্য উদ্দেশ্য বুলি আগৰ অনেক প্ৰসঙ্গত উল্লেখ কৰি অহা হৈছে। নিজৰ অভিজ্ঞতাৰ পৰা আমি এই কথা সহজে উপলব্ধি কৰিব পাৰো যে সাধাৰণ লোকে নিজৰ সাংসাৰিক তথা সামাজিক দায়-দায়িত্বসমুহ পালন কৰাৰ সমান্তৰালভাৱে আত্মোপলব্ধিৰ বাবে চেষ্টা কৰাৰ প্ৰয়োজন হয়। হৰিদেৱ গুৰুজনা নিজে বেদ-বেদান্ত, বৈদিক দৰ্শন আদি উচ্চস্তৰীয় বৈদিক শাস্ত্ৰজ্ঞানৰ অধিকাৰী আছিল। কিন্তু তেওঁ বুজি পাইছিল যে সাংসাৰিক দায়-দায়িত্ব পালনত সদাব্যস্ত হৈ থকা সাধাৰণ অজ্ঞানী লোকে বেদ-বেদান্তৰ কঠিন তত্বজ্ঞান বুজা সম্ভৱ নহয়। সেয়েহে জনসাধাৰণে যাতে জটিল পাৰমাৰ্থিক তত্বসমুহ সহজভাৱে বুজি লৈ সেইমতে পাৰমাৰ্থিক সাধনা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজনাই ভাগৱত শাস্ত্ৰক আধাৰ গ্ৰন্থ হিচাপে লৈ ধৰ্মতত্বৰ শিক্ষা প্ৰদান কৰি গৈছে। ভাগৱত শাস্ত্ৰত কোৱা হৈছে যে শৰীৰ আৰু আত্মাৰ পাৰ্থক্যজ্ঞানৰ দ্বাৰা শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰিব পাৰি । এই উপদেশৰ লগতে শৰীৰৰ সৈতে আত্মাৰ পাৰ্থক্য কিদৰে বিচাৰ কৰি চাব পাৰি সেই বিষয়ৰ সৰল জ্ঞানো ভাগৱতত অনেক প্ৰকাৰে দিয়া হৈছে । ইয়াত কোৱা হৈছে যে গছত ফুল ফুলে , সময় অতিবাহিত হোৱাৰ লগে লগে ফুলৰ পৰা ফল হয় , সেই ফল ক্ৰমান্বয়ে পুৰঠ হয়, পকে , পচে আৰু অৱশেষত ধ্বংস হয় । একেদৰে এটা ক্ষুদ্ৰ শৰীৰৰ জন্ম হয় , শৰীৰৰ আকাৰ ক্ৰমান্বয়ে বৃদ্ধি হয় , বৃদ্ধি সম্পূৰ্ণ হোৱাৰ পিছত শৰীৰৰ শক্তি-সমৰ্থ্য , আকাৰ আকৃতি আদিৰ ক্ৰমান্বয়ে ক্ষয় হয় আৰু এটা সময়ত ই বিনাশ প্ৰাপ্ত হয় । জন্মৰ পৰা মৃত্যু পৰ্যন্ত সীমাবদ্ধ্ব কালছোৱাৰ ভিতৰত শৰীৰ জগতত থাকে ।অৰ্থাৎ শৰীৰে জন্ম , বৃদ্ধি-ক্ষয় ইত্যাদি নিত্য পৰিবৰ্ত্তন আৰু বিনাশ আদি অৱস্থাৰ অধীনস্থ হৈ জগতত সাময়িকভাৱে নিজৰ অস্তিত্ব ৰক্ষা কৰে। কিন্তু আত্মা শৰীৰৰ জন্মৰ পূৰ্বৰে পৰা থাকে আৰু শৰীৰত আত্মাৰ প্ৰৱেশকে শৰীৰৰ জন্ম বুলি ধৰা হয়। আত্মা শৰীৰত থকা সময়ছোৱাত শৰীৰত ঘটি থকা পৰিবৰ্ত্তনসমুহৰ সৈতে আত্মাৰ কোনো সম্পৰ্ক নাথাকে আৰু আত্মাই শৰীৰ ত্যাগ কৰাৰ পিছতে শৰীৰৰ বিনাশ হয়। ভাগৱত শাস্ত্ৰই দিয়া তত্বজ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে শৰীৰ আৰু আত্মাৰ পাৰ্থক্য ওপৰোক্ত প্ৰকাৰে বিচাৰ বিশ্লেষণ কৰি থাকিলে শৰীৰৰ প্ৰতি আসক্তি ক্ৰমান্বয়ে কমি আহে। (আগলৈ)
No comments:
Post a Comment