Guru Harideva suggests that for attainment
of self-realization one should know the characteristics of his gross, subtle
and causal bodies. He should also know that these bodies are totally separate from
the consciousness
of the body or the embodied soul. In some of our preceding posts we tried to have some basic ideas
of the physical and subtle bodies and their differences with the soul. Now we
will try to have some preliminary ideas of the causal body and its difference
with the embodied soul. In Bhagavata it is told that from general point of view
we see that a tree and the seed from which it is grown are separate from each
other. But in actuality there is no separation between a three and the seed
from which it is grown. The seed is the prior stage of the tree itself. To
understand the point we can take example of the seed of a banyan
tree. The possibility or cause of the whole giant banyan tree remains inherent
in this small seed. After getting proper environment of soil , water and air
the seed germinates, gradually grows up and finally becomes a very big banyan tree. Also , in every year the
tree bears innumerable number of seeds. In each of those seeds potency or cause
of one new banyan tree and its future expansions remain inherent. In his way a
tiny banyan seed contains potency of an unimaginably large number of banyan trees inherent in it. Analyzing
the things in this way it can be said that the seed taken as example as above is the cause of all subsequent manifestations of banyan trees starting from that particular
seed. In a similar way the causal body is the cause or seed of the unending
cycles of birth, sustenance, activities, enjoyment of happiness and sorrow,
destruction and rebirth etc. related to the subtle body and the gross body of a
jiva. As long as the causal body exists the jiva or the embodied soul cannot
become free from birth, death and other sufferings of the material world. On
the other hand we know that when a seed is destroyed no tree can grow from
it and thus no further manifestation of the seed is possible. In a similar way as
soon as the causal body or the seed of further manifestation physical and
subtle body is destroyed the jiva becomes free from future birth and death
cycles. Guru Harideva tells that self-realization is the way of attainment of this
highest spiritual perfection.(to be continued)
হৰিদেৱ গুৰুজনাই দিয়া উপদেশ অনুসৰি আত্মজ্ঞান
লাভ কৰাৰ বাবে নিজৰ স্থূল শৰীৰ, সুক্ষ্ম শৰীৰ আৰু কাৰণ শৰীৰৰ বিষয়ে জনাৰ
উপৰিও প্ৰত্যেক স্তৰৰ শৰীৰৰ সৈতে শৰীৰস্থ চৈতন্য বা আত্মাৰ পাৰ্থক্য বুজা প্ৰয়োজন । ইয়াৰ আগৰ কেইটামান লিখনিত স্থূল শৰীৰ আৰু
সুক্ষ্ম শৰীৰ আৰু এই দুই স্তৰৰ শৰীৰৰ সৈতে আত্মাৰ প্ৰভেদ সম্পৰ্কে সাধাৰণ আভাস
লোৱাৰ প্ৰয়াস কৰা হৈছে । এতিয়া
কাৰণ শৰীৰ আৰু এই শৰীৰৰ সৈতে শৰীৰস্থ আত্মা বা শৰীৰৰ চৈতন্যৰ প্ৰ্ভেদ সম্পৰ্কে
সাধাৰণ ধাৰণা লোৱাৰ প্ৰয়াস কৰা হৈছে । ভাগৱতত কোৱা হৈছে যে সাধাৰণ দৃষ্টিত এজোপা গছ আৰু যি বীজৰ
পৰা গছজোপাৰ উদ্ভৱ হয় এই দুই বস্তু পৃথক যেন লাগে যদিও সুক্ষ্মভাৱে বিচাৰ কৰি
চালে উভয়ৰে মাজত প্ৰকৃতাৰ্থত কোনো পাৰ্থক্য নাই । বীজটো গছজোপাৰ পূৰ্বাৱস্থা মাত্ৰ । কথাখিনি বুজাৰ বাবে আমি বটগছৰ এটা ক্ষুদ্ৰ
বীজৰ কথা চিন্তা কৰি চাব পাৰো । এই ক্ষুদ্ৰ বীজটোৰ ভিতৰত বৃহৎ বটগছ এজোপাৰ
সম্ভাৱনা বা সৃষ্টিৰ কাৰণ অন্তৰ্নিহিত হৈ থাকে । মাটি ,পানী, বায়ু আদিৰ উপযুক্ত পৰিবেশ
পালে গুটিটোৰ পৰা গজালি ওলায় আৰু প্ৰকৃতিৰ পৰা
উপাদান সংগ্ৰহ কৰি এটা সময়ত বীজটোৰ পৰা এজোপা প্ৰকাণ্ড বটগছৰ সৃষ্টি হয়। সেই বটগছ জোপাত পুনৰ অসংখ্য সংখ্যক গুটি
ধৰে আৰু সেই প্ৰতিটো বীজতে একোজোপা বটবৃক্ষ আৰু তাৰ পৰবৰ্তী বীজ আৰু বৃক্ষৰ
সম্ভাৱনা বা কাৰণো নিহিত হৈ থাকে । এনেদৰে বিচাৰ কৰি চালে এটা সাধাৰণ আৰু
অতি ক্ষুদ্ৰ বটবৃক্ষৰ বীজৰ ভিতৰত আমি চিন্তা কৰি পাৰ নোপোৱা বিধৰ সৃষ্টিৰ সম্ভাৱনা
বা কাৰণ অন্তৰ্নিহিত হৈ থাকে।সেই অৰ্থত অমি উদাহৰণ হিচাপে ধৰি লোৱা
বটবৃক্ষৰ বীজটোকে পৰবৰ্ত্তী পৰ্যায়ত ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা অসংখ্য বটবৃক্ষৰ উৎপত্তিৰ কাৰণ বুলি ক’ব পাৰি।একেদৰে কাৰণ শৰীৰ হৈছে জীৱৰ সুক্ষ্মশৰীৰ
আৰু স্থূলশৰীৰ উৎপত্তি , স্থিতি , কাৰ্যাৱলী , সুখ্-দুখ ভোগ, বিনাশ, পুনৰ্জন্ম ইত্যাদি সমস্তৰে
বীজ বা কাৰণ । যেতিয়লৈকে কাৰণ শৰীৰ বিনাশ নহয় তেতিয়ালৈকে জন্ম , মৃত্যু, সুখ-দুখ ভোগ ইত্যাদি সংসাৰ যন্ত্ৰণাৰ অনন্ত চক্ৰৰ পৰা জীৱ মুক্ত হ’ব নোৱাৰে । আমি জানো যে বীজ নষ্ট হ’লে
গছ গজিব নোৱাৰে বা সেই বীজত অন্তৰ্নিহিত হৈ থকা ভৱিষ্যত সম্ভাৱনাসমুহৰ অন্ত পৰে অৰ্থাৎ
ভৱিষ্যতে সেই বীজৰ পৰা আৰু বংশবৃদ্ধি নহয় । একেদৰে কাৰণ শৰীৰ ধ্বংস হ’লে জীৱৰ ভৱিষ্যত জন্ম-মৃত্যুৰ সম্ভাৱনা বা
বীজ নষ্ট হোৱা হেতুকে জীৱ জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হয় । হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান আহৰণ
এই উচ্চতম স্তৰৰ পাৰমাৰ্থিক পূৰ্ণতা প্ৰাপ্তিৰ পথ । (আগলৈ)
No comments:
Post a Comment