Friday, 15 April 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-107 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১০৭)

 

It is already mentioned that attainment of “Atmajnana” or self- realization is the aim of the spiritual practices suggested by Guru Harideva. He tells that without “Atmajnana” or self realization it is not possible to know Lord Krishna or the soul and for this purpose it is essential to study the nature of the body and its difference with the soul. It is not possible for common ignorant people like us to enter into the depth of such critical subject. In spite of that, as a part of our effort to understand the teachings of Guru Harideva, we have tried to collect some preliminary idea about the physical body and its difference with the soul in the preceding post. Now, we will try to have some basic ideas of the subtle body and its difference with the soul. Scriptures tell that “Pranamay Kosha”, “Manomay Kosha” and “Vijnanmay Kosha” constitute the subtle body. In other words   five pranas or vital air, five senses of work, five senses of knowledge, “Antahakarana” or mind inclusive of storage of memories or chitta , mind , intelligence and ego   constitute the subtle body. All those constituents of the subtle body are fine inert matter. When the soul or the consciousness of the body is connected to them then only they become conscious and functional. As example, it can be said that for feeling of hunger and thirst the consciousness of the body is to be  connected with the Pranamay Kosha . Similarly, when the consciousness  is connected with Monomay Kosha  then thoughts of doubt , distrust, indecision etc. arise in the mind. Again, when the consciousness is connected with intelligence or Vijnanamay Kosha then one feels himself to be wise, reasonable, philosophical and  decisive . The subtle body is disturbed by desire, anger, lust, illusion, arrogance,  jealousy  and many other troubles of similar nature. If the things are analyzed in this way it can be seen that the soul or the consciousness of the body is the driving force behind all constituent inert matters of the subtle body. We know that electricity is the operating force behind all electrical equipment and it is totally separate from them. In a similar way the soul is totally separate from all constituents of the subtle body and this fact can be realized if the things are analyzed as above. (to be continued)

 আগত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই পাৰমাৰ্থিক সাধনাৰ যি পথ প্ৰদৰ্শন কৰিছে তাৰ মূল লক্ষ্য হৈছে আত্মজ্ঞান লাভ গুৰুজনাই কৈছে যে আত্মজ্ঞান অবিহনে কৃষ্ণ বা আত্মা লাভ সম্ভৱ নহয় আৰু ইয়াৰ বাবে শৰীৰ সম্পৰ্কে বিতং তথ্য আহৰণ কৰাৰ লগতে শৰীৰৰ সৈতে আত্মাৰ পাৰ্থক্য অনুভৱ কৰাৰ প্ৰয়োজন।আমাৰ দৰে সাধাৰণ জ্ঞানবুদ্ধিৰ লোক এইসমুহ তত্বৰ গভীৰলৈ যোৱা সম্ভৱ নহয়। তথাপি গুৰুজনাই দিয়া উপদেশ বুজাৰ প্ৰচেষ্টা হিচাপে ইয়াৰ আগৰ লিখনিটোত অন্নময় কোষ বা স্থূল শৰীৰ আৰু ইয়াৰ সৈতে আত্মাৰ পাৰ্থক্য সম্পৰ্কে সাধাৰণ আভাস লোৱাৰ চেষ্টা কৰা হৈছে।  এতিয়া সুক্ষ্ম শৰীৰ আৰু ইয়াৰ সৈতে আত্মাৰ পাৰ্থক্য সম্পৰ্কে সাধাৰণভাৱে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।  শাস্ত্ৰত কোৱা হৈছে  যে প্ৰাণময় কোষ ,মনোময় কোষ আৰু বিজ্ঞানময় কোষৰ দ্বাৰা সুক্ষ্মশৰীৰ গঠন হয় । অন্যভাৱে ক’বলৈ হ’লে পঞ্চপ্ৰাণ , পঞ্চকৰ্মেন্দ্ৰিয় , চিত্ত- মন-বুদ্ধি-অহংকাৰ সমন্বিত অন্তঃকৰণ যাক সৰলভাৱে মন বুলি কোৱা হয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় – এই  সমস্ত সুক্ষ্ম  তত্বৰ সংযোগ সাধনৰ দ্বাৰা সুক্ষ্ম শৰীৰ গঠন হয়। সুক্ষ্ম শৰীৰৰ  এই সকলো উপাদান সুক্ষ্ম জড়পদাৰ্থ  । শৰীৰস্থ আত্মা বা চৈতন্যৰ সৈতে সংযোজিত হৈ  চেতনা লাভ কৰিলেহে  এইবিলাক চেতনাময় হৈ নিজৰ নিজৰ কাৰ্য কৰিব পাৰে । উদাহৰণ স্বৰূপে কোৱা হৈছে যে শৰীৰস্থ আত্মা বা শৰীৰ চৈতন্য প্ৰাণময় কোষৰ সৈতে সংযুক্ত হ’লে  ভোক পিয়াহৰ অনুভৱ হয় । মনোময় কোষত চৈতন্য সঞ্চাৰিত হ’লে সন্দেহ ,অবিশ্বাস ,  বিষয়-বস্তু সম্পৰ্কে  স্থিৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দোধোৰ-মোধোৰ অৱস্থা ইত্যাদি মানসিক ভাৱ  উৎপন্ন হয় । একেদৰে বুদ্ধিৰ লগত আত্মাৰ সংযোগ হ’লে মানুহে নিজকে জ্ঞানী, যুক্তিপূৰ্ণ , দাৰ্শনিক ভাৱাপন্ন আৰু যি কোনো বিষয়ত স্থিৰ সিদ্ধান্ত লোৱাত সক্ষম  ইত্যাদি ভাৱ অনুভৱ কৰে। সুক্ষ্ম শৰীৰ  কাম ,ক্ৰোধ, লোভ ,মোহ , মদ ,মাৎসৰ্য  অদিকে ধৰি অসংখ্য প্ৰকাৰৰ কষ্টদায়ক অৱস্থাৰ বশৱৰ্ত্তী হয়।এনেদৰে বিচাৰ বিশ্লেষণ কৰি চালে দেখা যায় যে আত্মা বা শৰীৰৰ চৈতন্য হৈছে সুক্ষ্ম শৰীৰ গঠন কৰা সমস্ত জড় উপাদানৰ চালিকা শক্তি আৰু এই সকলো জড় উপাদানৰ পৰা সম্পূৰ্ণ পৃথক আমি জানো যে বিদ্যুৎ সকলো প্ৰকাৰৰ বৈদ্যুতিক যন্ত্ৰপাতিৰ চালিকা শক্তি আৰু উভয়ে সম্পূৰ্ণ পৃথক একেদৰে  আত্মা বা শৰীৰৰ চেতনা সুক্ষ্ম শৰীৰৰ সমস্ত   উপদানৰ পৰা পৃথক আৰু কথাবিলাক ওপৰোক্ত প্ৰকাৰে বিচাৰ কৰি চালে এই তত্ব উপলব্ধি কৰিব পাৰি। (আগলৈ)  

No comments:

Post a Comment