Guru
Harideva tells that if one comes to the
shelter of Lord Krishna without feeling any attachment with his body then that is considered as best type of
surrendering or Uttama Sharana. That is, for Uttama Sharana one should try to
become free from attachment with his own body following proper scriptural
procedure suggested for this purpose. We know that for performance of spiritual
practice the body is essential. It is not possible to perform successful
spiritual practice without a strong and healthy body. In Bhagavata the human
body is compared with strong boat suitable for crossing the ocean of material
world. Guru Harideva kept his body fit for spiritual practice up to an age of
140 years. Thus it can easily be understood that becoming free from attachment
with the body does not mean carelessness towards the maintenance of the body. On
the other hand, by nature we can leave something if we get something else better than that. Anybody can easily leave a coin of two rupees in lieu of a
coin of ten rupees. But Guru Harideva advises us to leave our attachment with
the body as per proper procedure. That does not mean that we should leave
something and accept something else in lieu of that. Here the proper procedure of
leaving means leaving everything of the world after realization of the fact
that there is nothing acceptable in this world except the super soul or Lord
Krishna. There are countless objects in this world. All of them are placed
outside us. We can touch and see some of them. We can feel the presence of some
of them with our mind. From the descriptions contained in the scripture we can
know and guess about some of them. Our body is also an external object of the
above types. So, becoming free from attachment means becoming free from
attachment with everything including our own body. Guru Harideva tells that
Lord Krishna is omnipresent entity. Everything big and small available in the
world including our own body is included in that omnipresent and unimaginably
vast entity. If we can overcome the
attachment with our negligibly small body and come to shelter or ‘Sharana’
of Lord Krishna then our mind, intelligence, senses etc. become fully occupied
with the thoughts of Lord Krishna and we become part of that omnipresent entity.
Under such condition it is not possible to feel any attachment with our
individual own body. (to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে যথা বিধিমতে শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰাৰ অন্তত একান্তমনে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাই হৈছে উত্তম প্ৰকাৰৰ শৰণ । অৰ্থাৎ উত্তম প্ৰকাৰৰ শৰণত নিজৰ দেহকো বাহ্যিক বিষয় বুলি জ্ঞান কৰিব লাগে আৰু দেহৰ প্ৰতি থকা প্ৰীতিকো শাস্ত্ৰবিধি অনুসৰি ত্যাগ কৰাৰ চেষ্টা কৰিব লাগে ।আমি জানো যে শৰীৰ হৈছে পাৰমাৰ্থিক সাধনৰ মূল ভিত্তি । সুস্থ আৰু সবল শৰীৰ-মন অবিহনে পাৰমাৰ্থিক সাধনাৰ কঠিন পথেৰে আগুৱাই যোৱা সম্ভৱ নহয় । ভাগৱত শাস্ত্ৰত মানৱ শৰীৰক সংসাৰ সাগৰ পাৰ হোৱাৰ বাবে উপযোগী শক্তিশালী নৌকাৰ সৈতে তুলনা কৰা হৈছে । হৰিদেৱ গুৰুজনাই নিজেও নিয়মিত যোগসাধনাৰ সহায়ত সুস্থ-সবল নিৰোগী শৰীৰ লৈ সুদীৰ্ঘ ১৪০ বছৰ বয়সলৈকে পাৰমাৰ্থিক সাধনা অব্যাহত ৰাখিছিল। গতিকে শৰীৰৰ প্ৰতি আসক্তি ত্যাগ মানে শৰীৰৰ প্ৰতি উদাসীনতা আৰু অযত্ন বুলি ধৰি ল’ব নোৱাৰি। আনহাতে ত্যাগৰ বেলিকা এটা বস্তু পৰিত্যাগ কৰাৰ বিনিময়ত তাতোকৈ ভাল বুলি ভৱা আন এটা বস্তু গ্ৰহণ কৰাটো আমাৰ স্বভাৱ।দহটকীয়া মুদ্ৰা এটাৰ বিনিময়ত দুটকীয়া মুদ্ৰা এটা যিকোনো মানুহে অতি সহজে পৰিত্যাগ কৰিব পাৰে । কিন্তু হৰিদেৱ গুৰুজনাই যথাবিধিমতে দেহৰ আসক্তি পৰিত্যাগ কৰাৰ উপদেশ দিছে । ইয়াৰ অৰ্থ আমি সাধৰণতে ভৱাৰ দৰে এটা বস্তু ত্যাগ কৰি তাৰ বিনিময়ত অন্য এটা বস্তু গ্ৰহণ কৰা নহয় । যথাবিধিমতে কৰা ত্যাগ হৈছে মানৱ জীৱনত পৰমাত্মা বা পৰমেশ্বৰ ভগৱান কৃষ্ণই একমাত্ৰ গ্ৰহণযোগ্য বস্তু বুলি তত্বজ্ঞানত প্ৰতিষ্ঠা লাভ কৰাৰ অন্তত নিজ শৰীৰকে ধৰি জগতৰ অন্য সমস্ত বস্তুৰ সম্পূৰ্ণ আৰু বিনিময় বিহীন পৰিত্যাগ।জগতত অসংখ্য প্ৰকাৰৰ বস্তু আছে । এই বস্তু আমাৰ বাহিৰত থাকে । এইবিলাক আমি চাব পাৰো , স্পৰ্শ কৰিব পাৰো , মনেৰে অনুভৱ কৰিব পাৰো , শাস্ত্ৰৰ বৰ্ণনা পঢ়ি জানিব পাৰো আৰু আছে বুলি অনুমান কৰিব পাৰো । শৰীৰো তেনে পৰ্যায়ৰ বাহ্যিক বস্তু । সেই কাৰণে আসক্তি ত্যাগৰ অৰ্থ হৈছে জগতৰ অন্যান্য বস্তুৰ লগতে নিজৰ শৰীৰৰ প্ৰতি থকা আসক্তিৰো ত্যাগ ।হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণ সৰ্বব্যাপক তত্ব । আমাৰ শৰীৰকে ধৰি জগতৰ ক্ষুদ্ৰ-বৃহৎ সমস্ত বস্তু এই সৰ্বব্যাপক তত্ববস্তুৰ ভিতৰত অন্তৰ্নিহিত হৈ আছে । নিজৰ ক্ষুদ্ৰ শৰীৰটোৰ প্ৰতি আসক্তি ত্যাগ কৰি ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰিব পাৰিলে মন, বুদ্ধি , ইন্দ্ৰিয় সমস্তই কৃষ্ণময় হৈ উঠে , জগতৰ সৰ্বত্ৰতে কৃষ্ণ দৰ্শন হয় আৰু নিজকে সৰ্বব্যাপক তত্ববস্তু পৰমেশ্বৰ কৃষ্ণৰ অন্তৰ্গত বুলি জ্ঞান হয় ।তেনে অৱস্থাত নিজৰ পৃথক শৰীৰ বুলিবলৈ একো অৱশিষ্ট নাথাকে ।(আগলৈ)
No comments:
Post a Comment