Friday, 8 April 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-105 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১০৫)

 

Guru Harideva suggests that  common householders like us should sincerely follow  the simplified knowledge and instructions contained in the Bhagavata for knowing the difference between the body and the soul and try to attain  self- realization in that way. In Bhagavata it is told that a farmer keeps himself involved in the whole process of production of crops right from plowing the land up to their harvesting. Those crops  are the fruits of the works performed by the farmer and he can enjoy those fruits . But in spite of that the farmer is separate from the process of production and the crops produced as a result of his works. Citing this analogy Bhagavata further tells that  the Jiva or soul takes birth in a body in accordance with the nature of his past deeds and enjoy the fruits of his past deeds.  This present body and its resultant past deeds performed by the Jiva are separate from the jiva as like as the separation of  the farmer from  the process of farming and the crops produced. With the present body the Jiva enjoys the  fruits of his past deeds in the form of happiness and sorrow. Again, the body means a combination of  five sheaths or koshas arranged in three stages. The “Annamay kosha” constitutes the physical body . The “Pranamay, Manamay and Vijnanamay koshas” form the subtle body and the “Anandamay kosha” constitutes the causal body. The body of each Jiva is a combination of these three stages. Moreover the body remains active in waking state for some part of the day and then it sleeps for the rest period. During sleep also the body remains in dream state for some time and in deep sleep for some time. That is, every day the body remains in waking, dreaming and sleeping states for certain periods.  Though the consciousness or soul is the driving force behind the above three stages, five sheaths and three states related to the body it is totally separate from all these things. To know the difference between the body and the soul it is essential to known the nature of all such things related to the body along with the difference of each of them with the soul. Bhagavata provides simple and elaborate explanations of all these things in various  contexts  and Guru Harideva suggests us to try to realize the difference between the body and the soul on the basis of those descriptions contained in the Bhagavata. (to be continued)

হৰিদেৱ গুৰুজনাই কৈছে যে সাধাৰণ জ্ঞানবুদ্ধি সম্পন্ন সংসাৰী লোকে ভাগৱতত দিয়া সহজ সৰল  জ্ঞান আৰু উপদেশৰ আধাৰত শৰীৰ আৰু আত্মাৰ পাৰ্থক্য বিচাৰ বিশ্লেষণ কৰি আত্মজ্ঞান লাভ কৰাৰ বাবে প্ৰচেষ্টা কৰা কৰ্তব্যভাগৱতত কোৱা হৈছে যে এজন কৃষক মাটি চহোৱা , বীজ সিঁচাৰ পৰা আৰম্ভ কৰি  ধান আদি শস্য চপাই লোৱা পৰ্যন্ত সমস্ত কৰ্ম প্ৰক্ৰিয়াটো সৈতে ওতঃপ্ৰোতভাৱে জড়িত। চপাই লোৱা ধান বা অন্যান্য শস্য কৃষকজনে কৰা কৰ্মৰ ফল আৰু এই ফল তেওঁ ভোগ কৰে কিন্তু কৃষকজন এই সমস্ত কৰ্ম প্ৰক্ৰিয়া আৰু তাৰ পৰা উপাদিত শস্য আদি কৰ্মফলৰ পৰা পৃথক এই উপমা দি ভাগৱতত কোৱা হৈছে যে  অতীত কালত কৰা পাপ আৰু পূণ্য কৰ্মৰ ফল ভোগ কৰাৰ অৰ্থে জীৱ বা আত্মাই পূৰ্বজন্মৰ কৰ্মফল অনুযায়ী শৰীৰ গ্ৰহণ কৰে । কৃষক নিজে কৰা কৃষিকৰ্ম আৰু সেই কৰ্মৰ পৰা উৎপাদিত শস্যৰ পৰা যিদৰে পৃথক সেইদৰে জীৱ বা আত্মা পূৰ্ব শৰীৰৰ মাধ্যমত কৰা কৰ্ম আৰু সেই কৰ্মৰ ফল অনুযায়ী বৰ্ত্তমান জন্মত লাভ কৰা শৰীৰৰ পৰা পৃথকজীৱই বৰ্ত্তমান শৰীৰৰ জৰিয়তে অতীত কালত নিজে কৰা কৰ্মৰ ফল ভোগ কৰি সুখ বা দুখৰ অভিজ্ঞতা লাভ কৰে আকৌ শৰীৰ বুলি কলে পঞ্চকোষৰ দ্বাৰা বিভক্ত তিনিটা স্তৰৰ শৰীৰৰ সমষ্টি বুজায় এই তিনিটা স্তৰৰ শৰীৰ হৈছে স্থূল শৰীৰ , সূক্ষ্ম বা লিঙ্গ শৰীৰ আৰু কাৰণ শৰীৰ ইয়াৰ ভিতৰত অন্নময় কোষ হৈছে স্থূল শৰীৰ প্ৰ্ৰাণময় –মনোময়-বিজ্ঞানময় কোষক লৈ সুক্ষ্ম বা লিঙ্গ শৰীৰ আৰু অনন্দময় কোষৰ দ্বাৰা কাৰণ শৰীৰ গঠিত হৈছে জীৱ মাত্ৰৰে শৰীৰ এই তিনিটা স্তৰত বিভক্ত তদুপৰি দিনটোৰ কিছু সময়ৰ বাবে শৰীৰ সাৰে থাকি বিভিন্ন কৰ্মত ব্যস্ত হৈ থাকে আৰু কিছু সময়ৰ বাবে শুই  থাকেআনহাতে  শুই থকা কালছোৱাৰ ভিতৰত   শৰীৰে কিছু সময় সপোন দেখে আৰু কিছু সময় গভীৰ নিদ্ৰাত থাকে অৰ্থা শৰীৰ   প্ৰতিদিনে জাগ্ৰত বা সাৰে থকা অৱস্থা , স্বপ্ন বা সপোন দেখি থকা অৱস্থা আৰু সুসুপ্তি বা গভীৰ নিদ্ৰামগ্ন অৱস্থা – এই তিনিটা অৱস্থাৰ বশৱৰ্ত্তী হয়আত্মা শৰীৰৰ  ওপৰোক্ত  তিনিটা স্তৰ ,পঞ্চকোষ আৰু তিনিটা অৱস্থাৰ চালিকা শক্তি যদিও  এই সকলোৰে পৰা পৃথক শৰীৰৰ সৈতে আত্মাৰ পাৰ্থক্য অনুভৱ কৰাৰ বাবে এইবিলাক জ্ঞান লাভ কৰাৰ লগতে এইবোৰৰ প্ৰত্যেকৰে সৈতে আত্মাৰ পাৰ্থক্য বুজাৰ প্ৰয়োজনভাগৱতৰ বিভিন্ন প্ৰসঙ্গত এইবিলাক কথা সহজ সৰলভাৱে বুজাই দিয়া হৈছে আৰু হৰিদেৱ গুৰুজনাই এই জ্ঞানৰ আধাৰত শৰীৰৰ সৈতে আত্মাৰ পাৰ্থক্য বুজি লোৱাৰ উপদেশ প্ৰদান কৰিছে(আগলৈ)         

No comments:

Post a Comment