In the preceding post we
tried to have some preliminary idea of the causal body or “Karana
Sharira”. In continuation to that it can further be said that the “Anandamay
Kosha” is the constituent material of
the causal body. In the Vedic scriptures “Ananda” or bliss is
said to be the food of the causal body. We know that enjoyment
of happiness and bliss is the natural tendency of all jivas. Human beings also
continuously search for happiness and bliss through wife , children, wealth ,
property , social status and other material things of the world. This intense
desire for enjoyment of bliss remains deposited in the causal body in the form
of “samskara” ,that is, seed or cause.
Based upon those desires or cause the subtle and physical bodies are formed and
in accordance with those bodies the jiva tries to acquire bliss from this
transient material world through performance of various activities. But since
everything available in this material world is of transient nature, there is
nothing here which can provide eternal bliss. The thing that brings happiness
for some time becomes the source of sorrow in another time due to changes in
situation. Thus though jiva moves in this world in search of eternal bliss in
the unending chain of birth and death, it can never be satisfied . In this
context Guru Harideva tells that since the soul is eternal the bliss acquired
from the soul is also eternal. Lord Krishna is the ever existing soul in the
body of jiva under all conditions of life.
He is the source of all bliss . He is the cause of all causes. Guru
Harideva suggests that if one analyzes the things as above on the light of
knowledge contained in the Bhagavata then he can understand the nature of his
body and thus his attachment with the body gets reduced. In this condition
if he comes to the “Sharana” or shelter of Lord Krishna then the
“Anandamay Kosha” of his body or his
causal body is merged with the
root source of all bliss or the cause of all
causes . Once this position is attained the jiva need not move between this
world and other abodes in search of eternal bliss or the jiva attains liberation. (to be continued)
ইয়াৰ আগৰ লিখনিটোত কাৰণ শৰীৰ সম্পৰ্কে সাধাৰণ
আভাস লোৱাৰ চেষ্টা কৰা হৈছে। তাৰে আঁত ধৰি পুনৰ ক’ব পাৰি যে আনন্দময় কোষৰ
দ্বাৰা কাৰণ শৰীৰৰ গঠন হয় অৰ্থাৎ আনন্দ কাৰণ শৰীৰৰ একমাত্ৰ উপাদান।বৈদিক
শাস্ত্ৰত আনন্দ কাৰণ শৰীৰৰ আহাৰ বুলিও কোৱা হৈছে। আমি
জানো যে সকলো জীৱ সুখ আৰু আনন্দত থাকিব বিচাৰে| অৰ্থাৎ আনন্দ আহৰণৰ বাবে প্ৰচেষ্টা কৰাটো সকলো জীৱৰ স্বাভাৱিক প্ৰবৃত্তি । মানুহেও স্ত্ৰী-পুত্ৰ-পৰিবাৰ আদি
সা-সম্বন্ধ ,
সা-সম্পত্তি,
ধন-জন
,
সামাজিক
প্ৰতিপত্তি আদিকে ধৰি জগতৰ স্থূল বিষয়-বস্তু
উপভোগ কৰি আনন্দ লাভ কৰাৰ ইচ্ছা কৰে ।জাগতিক
নশ্বৰ বস্তুৰ পৰা আনন্দ লাভ কৰাৰ গভীৰ স্পৃহা বা কামনা সংস্কাৰ অৰ্থাৎ বীজ বা কাৰণৰ ৰূপত জীৱৰ কাৰণ
শৰীৰত সঞ্চিত হৈ থাকে ।কাৰণ শৰীৰত সঞ্চিত হৈ থকা
এই সংস্কাৰ বা বীজৰ ওপৰত ভিত্তি কৰিয়ে জীৱৰ স্থূল আৰু সুক্ষ্ম শৰীৰৰ গঠন হয় আৰু
সেই অনুসৰিয়ে জীৱই জন্ম-জন্মান্তৰ ধৰি বিভিন্ন প্ৰকাৰৰ কৰ্মত প্ৰবৃত্ত হৈ জগতৰ
বস্তুৰ মাজত আনন্দৰ সন্ধান কৰি ঘুৰি ফুৰে । কিন্তু জগতৰ বস্তু সমুহ
নিজে বিনাশশীল হোৱা হেতুকে ইয়াৰ পৰা পোৱা আনন্দও চিৰস্থায়ী নহয়। এটা সময়ত
যি বস্তুৱে আনন্দ প্ৰদান কৰে আন এটা সময়ত পৰিস্থিতি সলনি হোৱাৰ ফলত সেই
একেটা বস্তুৱে নিৰানন্দ বা দুখৰ কাৰণ হয় । আনহাতে চিৰন্তন আনন্দ লাভ
নকৰা পৰ্যন্ত জীৱৰ কাৰণ শৰীৰত সঞ্চিত হৈ থকা আনন্দ লাভৰ বাসনা সমাপ্ত নহয় আৰু
আনন্দৰ সন্ধানত জীৱৰ সংসাৰ গতি চলি থাকে। এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে আত্মা চিৰন্তন হোৱা
হেতুকে ইয়াৰ পৰা লাভ কৰা আনন্দও চিৰন্তন ।ভগৱান
কৃষ্ণ আত্মাৰূপে সমস্ত জীৱৰ সমস্ত প্ৰকাৰৰ শৰীৰতে চিৰবিদ্যমান । তেওঁ
সমস্ত প্ৰকাৰ আনন্দৰ মূল উৎস। তেওঁ সমস্ত কাৰণৰ একমাত্ৰ
কাৰণ । ভাগৱত শাস্ত্ৰৰ সহায়ত
ওপৰোক্ত প্ৰকাৰৰ বিচাৰ বিশ্লেষণ অহৰহ কৰি থাকিলে নিজৰ শৰীৰৰ প্ৰকৃত স্বৰূপ বুজিব
পাৰি আৰু তাৰ ফলত শৰীৰৰ প্ৰতি আসক্তি ক্ৰমান্বয়ে কমি আহে। শৰীৰৰ
প্ৰতি আসক্তি ত্যাগ কৰি ভগৱান কৃষ্ণৰ চৰণত একান্ত শৰণ বা আশ্ৰয় গ্ৰহণ কৰিলে শৰীৰস্থ
আনন্দময় কোষ বা কাৰণ শৰীৰ পৰমানন্দৰ মূল উৎস বা পৰম কাৰণৰ সৈতে একাকাৰ হৈ যায়। তেনে
অৱস্থাত জীৱই জগতৰ নশ্বৰ বস্তুৰ মাজত
আনন্দ বিচাৰি জন্ম-মৃত্যুৰ চক্ৰত বাৰে বাৰে ঘুৰি ফুৰাৰ প্ৰয়োজন নাথাকে
অৰ্থাৎ জীৱৰ মুক্তিলাভ হয় ।
(আগলৈ)
No comments:
Post a Comment