In this
world we see two types of things. One type is
physical and the other is mental or things created by our mind. All physical
things are made of five basic elements and remain outside us. These things
remain independent and separated from us. The other type of thing is created by
our mind and remain inside us. To make the things clear we can take example of
a plot of land. In general it is an ordinary thing laying outside us. But for
the owner of the plot of land it is not only an ordinary item external to him. In
the mind of the owner the feelings of ownership and responsibilities etc.
related to the plot of land remain there and in this way the plot becomes
mental thing for him. Scriptures tell that a plot of land by itself cannot be
the cause of happiness or sorrow for anybody.
But the mental reactions generated in our mind in respect of the plot
of land is the cause of our happiness and sorrow. For example, if a person
becomes bound to sell the plot due to financial hardship or lose its possession
due to some other reason then he feels sorry for that. Again, the person who
purchase the plot for his own benefit becomes happy with the same plot of
land. Moreover, after completion of the process of sale and purchase also
the land remains the same and at the
same place. Here, we see that some descriptions regarding sale and purchase is written on a piece of
paper and singed by the seller and purchaser in presence of a third party. In this way
one person lose the possession over the
land and becomes unhappy and another
person gain the possession over the same plot and becomes happy. The plot of
land being inert does not know anything about its sale, purchase, and feeling
of happiness , sorrow etc. of the concerned persons. Similar is the case with all other things and all relationships we maintain with others in this world. The
affairs of the world proceed like this only . In this way scriptures explain that if
a physical thing is made mental and allowed to enter into our mind then only it
can create reactions in our mind and can make us happy or unhappy. In this context Guru Haideva tells that there
is nothing in this world except God
Almighty, that is, Lord Krishna and the purpose of spiritual practice is to see
him in everything of this world. Once people realize this truth and see the
presence of lord Krishna in everything of this world then nothing of this world
can disturb his mind . For common ignorant people like us, Sharana or surrendering to lord Krishna is the
only way for realization of this truth. (to be continued)
জগতত আমি দুই ধৰণৰ বস্তুৰ মুখামুখী হ’বলগীয়া হয়। ইয়াৰে এবিধ হৈছে ভৌতিক অৰ্থাৎ স্থুল বস্তু আৰু আনবিধ মনোময় অৰ্থাৎ জীৱৰ মনৰ দ্বাৰা সৃষ্ট বস্তু । স্থুল বস্তুসমুহ পঞ্চ ভুতৰ দ্বাৰা নিৰ্মিত আৰু ইবিলাক আমাৰ বাহিৰত স্বতন্ত্ৰভাৱে অৱস্থিত।মনোময় বস্তু মনে সৃষ্টি কৰে আৰু আমাৰ ভিতৰত থাকে । কথাখিনি স্পষ্ট কৰাৰ বাবে আমি এদৰা মাটিৰ উদাহৰণ ল’ব পাৰো । সাধাৰণভাৱে চালে ই আমাৰ বাহিৰত এনেয়ে পৰি থকা এবিধ বস্তু । কিন্তু যি ব্যক্তি এই মাটিদৰাৰ মালিক তেওঁৰ বাবে ই তেনেকুৱা সাধাৰণ বস্তু নহয় । মালিকৰ মনত এই মাটিদৰাৰ প্ৰতি মালিকানাৰ মনোভাৱ , এই সম্পৰ্কত থকা দায়-দায়িত্ব ইত্যাদিৰ ভাৱো অন্তৰ্নিহিত হৈ থাকে । এনেদৰে বাহ্যিক বস্তু এটা আমাৰ বাবে মনোময় বস্তুত পৰিণত হয় । শাস্ত্ৰত কোৱা হৈছে যে অকল উক্ত মাটিদৰাৰ ফালৰ পৰা বিচাৰ কৰিলে ই কাৰো বাবে কোনো সুখ বা দুখৰ কাৰণ হ’ব নোৱাৰে । কিন্তু ই যেতিয়া ওপৰত কৈ অহা ধৰণে মনোময় বস্তুত পৰিণত হৈ উঠে তেতিয়াহে ই আমাৰ বাবে সুখ বা দুখৰ কাৰণ হ’ব পাৰে । উদাহৰণ স্বৰূপে যদি মাটিদৰাৰ মালিকে অভাৱ অনাটনত পৰি অনিচ্ছা সত্তেও মাটিদৰা বেছিবলগীয়া হয় তেন্তে তেওঁ মনত দুখ পায় । আনহাতে যিজন ব্যক্তিয়ে নিজৰ সুখ-সুবিধা বৃদ্ধি কৰাৰ উদ্দেশ্যে মাটিদৰা কিনি লয় তেওঁৰ মনত সেই একদৰা মাটিয়ে সুখ উৎপন্ন কৰে । তদুপৰি বেছা-কিনা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতো মাটিদৰা একে ঠাইতে একেদৰে থাকে । ইয়াতে আৰু দেখা যায় যে মাটিখিনি কিনা –বেছা কৰাৰ বাবে এখন কাগজত কিবাকিবি লিখা হয় আৰু তাতে এটা তৃতীয় পক্ষৰ উপস্থিতিত ক্ৰেতা বিক্ৰেতা উভয়ে চহী কৰে । এনেকৈয়ে এজন ব্যক্তিয়ে মাটিদৰাৰ অধিকাৰ হেৰুৱাই দুখ অনুভৱ কৰে আৰু অন্য জনে মাটিদৰাৰ অধিকাৰ লাভ কৰি সুখী হয় । জড় পদাৰ্থ হোৱা হেতুকে মাটিদৰাই কিনা বেছা কৰাৰ কথা বা ইয়াক লৈ মানুহ সুখী-দুখী হোৱাৰ কথা একো গম নাপায় ।শাস্ত্ৰত কোৱা হৈছে যে জগতখন এনেদৰেই চলে । স্থুল বস্তুক মনোময় বস্তুত পৰিণত কৰি নিজৰ অভ্যন্তৰ প্ৰৱেশ কৰাৰ সুবিধা নিদিলে জগতৰ একো বস্তুৱে আমাৰ মনক বিভ্ৰান্ত কৰিব নোৱাৰে । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে জগতত পৰমেশ্বৰ কৃষ্ণত বাদে অন্য একো বস্তু নাই আৰু এই তত্ব উপলব্ধি কৰাই সমস্ত প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ একমাত্ৰ উদ্দেশ্য ।এই তত্ব উপলব্ধি কৰি জগতৰ সমস্ততে কৃষ্ণ দৰ্শন কৰিব পাৰিলে জগতৰ একো বস্তুৱে মনক বিভ্ৰান্ত কৰিব নোৱাৰে । আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকৰ বাবে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাটোৱে এই পৰম তত্বজ্ঞান লাভ কৰাৰ একমাত্ৰ উপায় বুলি গুৰুজনাই কৈছে । (আগলৈ)