Tuesday, 28 December 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -86 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮৬)

 

In this world we see two types of things. One type is physical and the other is mental or things created by our mind. All physical things are made of five basic elements and remain outside us. These things remain independent and separated from us. The other type of thing is created by our mind and remain inside us. To make the things clear we can take example of a plot of land. In general it is an ordinary thing laying outside us. But for the owner of the plot of land it is not only an ordinary item external to him. In the mind of the owner the feelings of ownership and responsibilities etc. related to the plot of land remain there and in this way the plot  becomes mental thing for him. Scriptures tell that a plot of land by itself cannot be the cause of happiness or sorrow for anybody.  But the mental reactions generated in our mind in respect of the plot of land is the cause of our happiness and sorrow. For example, if a person becomes bound to sell the plot due to financial hardship or lose its possession due to some other reason then he feels sorry for that. Again, the person who purchase the plot for his own benefit becomes happy with the same plot of land. Moreover, after completion of the process of sale and purchase also the  land remains the same and at the same place. Here, we see that some descriptions regarding  sale and purchase is written on a piece of paper and singed by the seller and purchaser  in presence of a third party. In this way one  person lose the possession over the land and becomes unhappy and  another person gain the possession over the same plot and becomes happy. The plot of land being inert does not know anything about its sale, purchase, and feeling of happiness , sorrow etc. of the concerned persons. Similar is the case with  all other things and all relationships we maintain with others in this world. The affairs of the world proceed like this only . In this way scriptures explain that if a physical thing is made mental and allowed to enter into our mind then only it can create reactions in our mind and can make us happy or unhappy.  In this context Guru Haideva tells that there is nothing in this world except  God Almighty, that is, Lord Krishna and the purpose of spiritual practice is to see him in everything of this world. Once people realize this truth and see the presence of lord Krishna in everything of this world then nothing of this world can disturb his mind . For common ignorant people like us,  Sharana or surrendering to lord Krishna is the only way for realization of this truth. (to be continued)

জগতত আমি দুই ধৰণৰ বস্তুৰ মুখামুখী হবলগীয়া হয় ইয়াৰে এবিধ হৈছে ভৌতিক অৰ্থা স্থুল বস্তু আৰু আনবিধ মনোময় অৰ্থা জীৱৰ মনৰ দ্বাৰা সৃষ্ট বস্তু স্থুল বস্তুসমুহ পঞ্চ ভুতৰ দ্বাৰা নিৰ্মিত আৰু ইবিলাক আমাৰ বাহিৰত স্বতন্ত্ৰভাৱে অৱস্থিতমনোময় বস্তু  মনে সৃষ্টি কৰে  আৰু আমাৰ ভিতৰত থাকে কথাখিনি স্পষ্ট কৰাৰ বাবে আমি এদৰা মাটিৰ উদাহৰণ লব পাৰো সাধাৰণভাৱে চালে ই আমাৰ বাহিৰত এনেয়ে পৰি থকা  এবিধ বস্তু কিন্তু যি ব্যক্তি এই মাটিদৰাৰ মালিক তেওঁৰ বাবে ই তেনেকুৱা সাধাৰণ বস্তু নহয় মালিকৰ মনত এই মাটিদৰাৰ  প্ৰতি মালিকানাৰ মনোভাৱ , এই সম্পৰ্কত থকা দায়-দায়িত্ব ইত্যাদিৰ ভাৱো অন্তৰ্নিহিত হৈ থাকে এনেদৰে বাহ্যিক বস্তু এটা আমাৰ বাবে মনোময় বস্তুত পৰিণত হয় শাস্ত্ৰত কোৱা হৈছে যে অকল উক্ত মাটিদৰাৰ ফালৰ পৰা বিচাৰ কৰিলে ই কাৰো বাবে কোনো সুখ বা দুখৰ কাৰণ হব নোৱাৰে কিন্তু ই যেতিয়া ওপৰত কৈ অহা ধৰণে মনোময় বস্তুত পৰিণত হৈ উঠে  তেতিয়াহে ই আমাৰ বাবে সুখ বা দুখৰ কাৰণ হব পাৰে উদাহৰণ স্বৰূপে যদি মাটিদৰাৰ মালিকে অভাৱ অনাটনত পৰি অনিচ্ছা সত্তেও মাটিদৰা বেছিবলগীয়া হয় তেন্তে তেওঁ মনত দুখ পায় আনহাতে যিজন ব্যক্তিয়ে নিজৰ সুখ-সুবিধা বৃদ্ধি কৰাৰ উদ্দেশ্যে মাটিদৰা কিনি লয় তেওঁৰ মনত সেই একদৰা মাটিয়ে সুখ উৎপন্ন কৰে তদুপৰি বেছা-কিনা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতো মাটিদৰা একে ঠাইতে একেদৰে থাকে ইয়াতে আৰু দেখা যায় যে মাটিখিনি কিনা –বেছা কৰাৰ বাবে এখন কাগজত কিবাকিবি লিখা হয় আৰু তাতে এটা তৃতীয় পক্ষৰ উপস্থিতিত ক্ৰেতা বিক্ৰেতা উভয়ে চহী কৰে এনেকৈয়ে এজন ব্যক্তিয়ে মাটিদৰাৰ অধিকাৰ হেৰুৱাই দুখ অনুভৱ কৰে আৰু অন্য জনে মাটিদৰাৰ অধিকাৰ লাভ কৰি সুখী হয় জড় পদাৰ্থ হোৱা হেতুকে মাটিদৰাই কিনা বেছা কৰাৰ কথা বা ইয়াক লৈ মানুহ সুখী-দুখী হোৱাৰ কথা একো গম নাপায় শাস্ত্ৰত কোৱা হৈছে যে জগতখন এনেদৰেই চলে । স্থুল বস্তুক মনোময় বস্তুত পৰিণত কৰি নিজৰ অভ্যন্তৰ প্ৰৱেশ কৰাৰ সুবিধা নিদিলে জগতৰ একো বস্তুৱে আমাৰ মনক বিভ্ৰান্ত কৰিব নোৱাৰে । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে  জগতত পৰমেশ্বৰ কৃষ্ণত বাদে অন্য একো বস্তু নাই আৰু এই তত্ব উপলব্ধি কৰাই সমস্ত প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ একমাত্ৰ উদ্দেশ্য এই তত্ব উপলব্ধি কৰি জগতৰ সমস্ততে কৃষ্ণ দৰ্শন কৰিব পাৰিলে জগতৰ একো বস্তুৱে  মনক বিভ্ৰান্ত কৰিব নোৱাৰে আমাৰ দৰে সাধাৰণ  অজ্ঞানী  লোকৰ বাবে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাটোৱে  এই পৰম তত্বজ্ঞান লাভ কৰাৰ একমাত্ৰ উপায় বুলি গুৰুজনাই কৈছে (আগলৈ)      

Friday, 24 December 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -85 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮৫)

 

When we tell something about us we take our body as the point of reference. That is, we refer our body as the self or ‘I’. In this world wealth, property, wife, children, relatives, village, state, country and many other things are related to our body and we refer those things as ‘mine’. We know that the body has beginning and end. The body takes birth as a small child. After that it gradually changes in each moment and finally ends as an old man. As soon as the body ends its relationship with wife, children, property, location of residence etc. also comes to an end.  So, in actuality, the body cannot be the self or true ‘I’ and nothing related to the body can be claimed as ‘mine’. But in spite of that our mind convinces us like that. After going through the characteristics of  mind in this way it can be said that mind is influenced by many factors like various experiences of life, desires, anger, hatred etc. In most of the cases the mind fails to enter into the depth of  things. When we remain in deep sleep the mind stops working. In this way a long list of the defects of our mind can be prepared. Scriptures tell that intelligence is the integral part of our mind or ‘antahkarana’. Intelligence can understand the meaning of the thoughts generated in our mind. It also possesses discriminating capacity. Thus intelligence is able to decide the action to be taken on the thoughts of mind. But intelligence also has defects like our mind and so it cannot take correct decision always. Intelligence has limitations and so it fails to work after certain limit. During deep sleep and certain other similar situation intelligence stops working. It is said that the mind and intelligence combined together constitute the machinery through which we acquire knowledge. Since both  parts of this machinery are defective as noted above, it is not possible for any human being to gain accurate knowledge of anything by application of the power of mind and intelligence. Scriptures tell that this is the nature of mind and intelligence and it is not possible to explain the cause of  nature. Hence it is said that due to influence of the illusory power of God the mind and intelligence assume that nature. In the Bhagavadgita and Bhagavata it is told that surrendering to Lord Krishna is the only solution to come out from this illusion. On the basis of such knowledge and instruction contained in the Vedic scriptures Guru Harideva puts much importance on Sharana or surrendering to Lord Krishna. (to be continued)

আমি যেতিয়া নিজৰ বিষয়ে কিবা এটা কব খোজো তেতিয়া শৰীটোকে কেন্দ্ৰবিন্দু হিচাপে ধৰি কথা কোৱা হয় অৰ্থা নিজৰ শৰীৰক “মই”  বুলি ধৰা হয় এই সংসাৰত প্ৰত্যেক শৰীৰৰ সৈতে সম্পৰ্কিত   স্ত্ৰী , সন্তান ,  ধন-সম্পদ , গাওঁ , ৰাজ্য ,দেশ ইত্যাদি অনেক বিষয়-বস্তু  থাকে  আৰু ইবিলাকক মোৰবুলি   ধৰা হয় আমি জানো যে শৰীৰৰ আৰম্ভণী আৰু অন্ত আছে শৰীৰৰ নিত্য পৰিবৰ্ত্তন  হয় শৰীৰ শিশু হৈ জন্মে আৰু লাহে লাহে পৰিবৰ্ত্তিত হৈ বৃদ্ধ অৱস্থাত মৃত্যু হয় শৰীৰৰ মৃত্যুৰ লগে লগে শৰীৰৰ সৈতে সম্পৰ্কিত সকলো সা-সম্পৰ্ক তথা বিষয়-বস্তুৰো অন্ত পৰে গতিকে শৰীৰ কেতিয়াও প্ৰকৃত “মই" হব নোৱাৰে আৰু শৰীৰৰ সৈতে সম্পৰ্কিত একো বস্তুকে “মোৰ” বুলি কব নোৱাৰি কিন্তু তথাপিও মনে  আমাক সদায়  এনেদৰে পতিয়ন নিয়াই  থাকে নেদৰে  মনৰ চৰিত্ৰ সম্পৰ্কে বিচাৰ কৰি চালে দেখা যায় যে জীৱনৰ গতিপ্ৰবাহত লাভ কৰা বিভিন্ন অভিজ্ঞতা,  ইচ্ছা , কাম – ক্ৰোধ আদিৰ দ্বাৰা মন প্ৰভাৱিত হয় বহু ক্ষেত্ৰত মন বিভ্ৰান্ত হৈ পৰে আৰু একোৰে প্ৰকৃত তত্বত প্ৰৱেশ কৰাত ব্যৰ্থ হয়অচেতন হৈ থকিলে বা টোপনি গৈ থকা ইত্যাদি অৱস্থাত মনৰ বিলুপ্তি ঘটে এনেদৰে মনৰ দোষ সম্পৰ্কত অনেক কথা কব পাৰিবুদ্ধিক মন বা অন্তঃকৰণৰ অন্তৰ্গত  অংশবিশেষ বুলি কোৱা হৈছে বুদ্ধিয়ে মনত উদ্ভৱ হোৱা  ভাৱনাৰসমুহৰ  অৰ্থ বুজিব পাৰে আৰু   ইয়াৰ ভাল-বেয়া বিচাৰ কৰি সেই অনুসৰি শৰীৰ-মনৰ কাৰ্য  পৰিচালনা কৰে কিন্তু মনৰ নিচিনাকৈ বুদ্ধিৰো অনেক দোষ আছে কাৰণে  ইও সকলো বিষয়তে সঠিক সিদ্ধান্ত লব নোৱাৰে বুদ্ধিৰ সীমাবদ্ধতা আছে কাৰণে  সেই সীমাৰ উৰ্দ্ধত বুদ্ধিয়ে কাম কৰিব নোৱাৰে গভীৰ নিদ্ৰা বা অন্য তেনে পৰিস্থিতিত বুদ্ধিৰ কাৰ্য স্তব্ধ হৈ পৰে এতিয়া কথা হৈছে যে মন আৰু বুদ্ধি সংযুক্ত হৈ আমাৰ জ্ঞান  অৰ্জনৰ যন্ত্ৰৰূপে কাম কৰে যিহেতু এই যন্ত্ৰৰ  দুয়োটা অংশ ওপৰত কোৱাৰ দৰে দোষযুক্ত সেয়েহে মন আৰু বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি একো বিষয়ৰে সম্পূৰ্ণ আৰু বিশুদ্ধ জ্ঞান লাভ কৰা সম্ভৱ নহয়শাস্ত্ৰত কোৱা হৈছে যে মন-বুদ্ধিৰ স্বভাৱেই এনেকুৱা আৰু স্বভাৱৰ কাৰণ ব্যাখ্যা কৰা সম্ভৱ নহয় সেই কাৰণে ঈশ্বৰৰ মায়াশক্তিৰ প্ৰভাৱতে মন বুদ্ধিৰ স্বভাৱ এনেকুৱা হয় বুলি  বৈদিক  শাস্ত্ৰ কোৱা হৈছে ভগৱদ্গীতা আৰু ভাগৱত শাস্ত্ৰত কোৱা হৈছে যে এনে পৰিস্থিতিত  অৰ্থা ঈশ্বৰৰ  মায়াৰ প্ৰভাৱৰ পৰা মুক্ত  হৈ শুদ্ধ আৰু পূৰ্ণ জ্ঞান লাভ কৰাৰ একমাত্ৰ উপায় হৈছে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰা শাস্ত্ৰৰ এনে জ্ঞান আৰু উপদেশৰ আধাৰত হৰিদেৱ গুৰুজনাইও শ্ৰীকৃষ্ণৰ শৰণ গ্ৰহণৰ ওপৰত অতিশয়  গুৰুত্ব আৰোপ কৰিছে (আগলৈ)  

Wednesday, 22 December 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -84 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮৪)

 

Surrendering of oneself to Lord Krishna means surrendering of his mind to Lord Krishna. That is, all kinds of material and spiritual thoughts of his mind and subsequent activities of his body are to be surrendered to Lord Krishna. Again, for this purpose one’s mind is to be prepared and that is to be done by his own mind only. Or we can say that one’s mind is to be controlled and convinced by his own mind to do that. However in this context the word mind is used to mean the inner senses or antahkarana that roughly includes chitta or storage of past memories, mind, intelligence and ahamkara or ego . Now,  mind always remains unstable and it is very difficult to control mind. Also, mind is said to be the cause of every suffering and happiness experienced by us. In general we think that the fellow human beings, demigods, other living and non-living entities , favorable and unfavorable planetary positions , influence of good and bad times etc. are various causes of the happiness and sorrow that we experience in our life . In contrary to our conviction like that, Bhagvata tells that nothing of the factors mentioned above can be the cause of  happiness and misery of our life. It is our mind alone that causes happiness and distress in our present life and also decides the type of body, activities, happiness and sorrow etc. of our future lives. In Bhagavata this subject is elaborately discussed through life stories of many characters and various types of ways are suggested here for controlling of mind and surrendering of it to lord Krishna. In the Bhagavadgita also it is clearly mentioned that one’s last thought of mind at the time of death of his present body decides the type of his  body and subsequent activities, happiness, miseries etc. of the next life. The characteristics of mind and various ways for its control are elaborately discussed in the Bhagavadgita. Ways of surrender of mind to lord Krishna are also suggested there. The characteristics of mind and related matters are also discussed elaborately in many other Vedic Scriptures. Simplifying everything for the benefit of common people Guru Harideva concludes that if one’s mind accepts Lord Krishna as his “Ista Devata” or most beloved and trustful divinity then it becomes easier for him to surrender to Lord Krishna whole heartedly. (to be continued)

ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাৰ অৰ্থ হৈছে নিজৰ মনক ভগৱান কৃষ্ণৰ ওচৰত অৰ্পণ কৰাঅৰ্থা মনৰ সমস্ত বৈষয়িক আৰু পাৰমাৰ্থিক ভাৱনা আৰু সেই ভাৱনা অনুসৰি শৰীৰৰ দ্বাৰা অনুষ্ঠিত কৰা সমস্ত কাৰ্য ভগৱান শ্ৰীকৃষ্ণৰ  ওচৰত সমৰ্পণ কৰা এতিয়া কথা হৈছে যে  ইয়াৰ বাবে মনক সাজু কৰাৰ প্ৰয়োজন হয় আৰু এই কাম কৰাৰ দয়িত্বও মনৰ ওপৰতে পৰেনাইবা আমি কব পাৰো যে মনৰ দ্বাৰাই মনক নিয়ন্ত্ৰণ কৰি শুদ্ধ দিশত পৰিচালনা কৰাৰ প্ৰয়োজন হয় অৱশ্যে ইয়াত মন শব্দৰ দ্বাৰা  অন্তৰেন্দ্ৰিয়  বা চিত্ত ,মন ,বুদ্ধি আৰু অহংকাৰৰ দ্বাৰা গঠিত অন্তঃকৰণক বুজোৱা হৈছে শাস্ত্ৰত  মানুহৰ মন অত্যন্ত চঞ্চল আৰু ইয়াক নিয়ন্ত্ৰণ কৰা অত্যন্ত কঠিন কাৰ্য  বুলি কোৱা হৈছে  লগতে ইয়াকো কোৱা হৈছে যে   মানুহে জীৱনত ভোগ কৰা প্ৰত্যেকটো সুখজনক আৰু দুখজনক অৱস্থাৰ  একমাত্ৰ কাৰণ হৈছে মন সাধাৰণতে ভাৱি থকা হয় যে  প্ৰতিবেশী মানুহ , দেৱী-দেৱতা ,  অন্য জীৱ আৰু জড় বস্তু , গ্ৰহৰ-নক্ষত্ৰৰ অনুকূল আৰু প্ৰতিকূল স্থিতি , শুভ আৰু অশুভ কালৰ প্ৰভাৱ ইত্যাদি আমি জীৱনত ভোগ কৰা সুখ বা দুখৰ কাৰণ আমাৰ এনে প্ৰকাৰৰ ধাৰণা আৰু বিশ্বাসৰ বিপৰীতে ভাগৱতত কোৱা হৈছে যে ওপৰত উল্লেখ কৰা একোৱেই আমাৰ জীৱনৰ সুখ বা দুখৰ কাৰণ নহয় নিজৰ মন আমাৰ বৰ্ত্তমান জীৱনৰ সুখ-সন্তোষ  আৰু দুখ-যন্ত্ৰণাৰ একমাত্ৰ কাৰণ হোৱাৰ উপৰিও ই ভৱিষ্যত জন্মৰ শৰীৰ , কৰ্ম-কাণ্ড , সুখ-দুখ ইত্যাদি সমস্তৰে  কাৰণ ভাগৱতত এই কথাবিলাক  বিভিন্ন উপাদেয় কাহিনীৰ জৰিয়তে পুংখানুপুংখভাৱে ব্যাখ্যা কৰাৰ লগতে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাৰ বিভিন্ন উপায় সম্পৰ্কে উপদেশ দিয়া হৈছে আৰু আৰ্হিও প্ৰদৰ্শন কৰা  হৈছে ভগৱদ্গীতাতো স্পষ্টভাৱে কোৱা হৈছে যে  মানুহৰ মনৰ অন্তিম চিন্তা  অৰ্থাবৰ্ত্তমান শৰীৰৰ  মৃত্যুৰ ঠিক আগমূহুৰ্ত্তত মনে যি চিন্তা কৰে সেই অনুসৰি মানুহৰ পৰৱৰ্ত্তী জন্মৰ শৰীৰ , কাৰ্য আৰু সুখ-দুখ নিৰ্ধাৰিত হয় মনৰ চৰিত্ৰ কি তাক বুজোৱাৰ লগতে মনক নিয়ন্ত্ৰণ কৰি কিদৰে ভগৱান শ্ৰীকৃষ্ণৰ শৰণ গ্ৰহণ কৰিব পাৰি তাৰো উপদেশ ইয়াত দিয়া হৈছে অন্যান্য বহুত বৈদিক শাস্ত্ৰতো মনৰ চৰিত্ৰ বিতংভাৱে বিশ্লেষণ কৰি মন নিয়ন্ত্ৰণ কৰাৰ উপায় বৰ্ণনা কৰা হৈছে সাধাৰণ লোকৰ উপকাৰৰ বাবে এই সমস্ত জ্ঞান সৰলীকৰণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে মানুহৰ মনে যদি ভগৱান শ্ৰীকৃষ্ণক  ইষ্টদেৱতা অৰ্থা সৰ্বশ্ৰেষ্ঠ আৰু একমাত্ৰ উপাস্য দেৱতাৰ ৰূপত গ্ৰহণ কৰিব পাৰে তেন্তে ভগৱান শ্ৰীকৃষ্ণত শৰণ গ্ৰহণ কৰা সহজসাধ্য হয় । (আগলৈ)   

Monday, 20 December 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -83 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮৩)

 

Common people keep themselves engaged in various types of religious activities with expectation of relief from pain of day to day material life.  They worship demigods and goddesses of various names and forms, make pilgrimage tour, take bath in holy water and perform various other religious rituals with expectation of attainment of wealth, good children and other sources of material happiness. According to Guru Harideva this type of religious practice cannot be termed as devotion in true sense. At the same time, this class of common people cannot be instructed to stop their activities as noted above and come to the path of pure  selfless devotion suddenly. Guru Harideva suggests this class of people to try to realize the fact that Lord Krishna always remains in their heart as their soul under all condition of life. Similarly Lord Krishna is the ultimate controller or soul of the demigods and goddesses worshiped by people for getting relief from the pains of material world. Those demigods can fulfill material desires of worshiper in accordance with the power granted to them by Lord Krishna –the God Almighty.  Also, people should try to realize the fact that Lord Krishna is the ultimate God present in each place of pilgrimage. One can get the desired benefit by visiting those places in accordance with the rules and regulation prescribed by Lord Krishna.  In this way common people should try to convince their mind and try to realize the fact that except Lord Krishna there is nobody who can completely fulfill their desires in all respects and provide full relief from all types of pain and sufferings of worldly life. After realization of this truth only common people can fully surrender to Lord Krishna  and pray him for fulfillment of material desires and for relief from  pains of the material world . This kind of surrendering to God is termed as first step of Sharana or primary stage of surrendering by Guru Harideva. (to be continued)

সাধাৰণ লোকে সংসাৰত অহৰহ ভোগ কৰি থকা দুঃখ দুৰ্দশাৰ পৰা মুক্তি লাভ কৰাৰ আশাত ধৰ্ম আচৰণ কৰে আৰ্ত্ত  বা বিপদত পৰি আতুৰ হৈ থকা অৱস্থাত আৰু সাংসাৰিক সুখৰ কাৰণে  ধন-সম্পদ-পুত্ৰ-পৰিবাৰ ইত্যাদি  বিচাৰি মানুহ ধৰ্ম আচৰণ কৰাত তৎপৰ হয় এনে প্ৰাপ্তিৰ আশাত মানুহে তীৰ্থ ভ্ৰমণ কৰে ,নানা দেৱ দেৱীৰ পূজা অৰ্চনা কৰে হৰিদেৱ গুৰুজনাৰ মতে  এনে ধৰণৰ ধৰ্ম আচৰণ কৰা লোকে যথাৰ্থভাৱে ভক্তিধৰ্মৰ আচৰণ কৰে বুলি কব নোৱাৰি আনহাতে  এইসকল লোকক ওপৰোক্ত প্ৰকাৰৰ ধৰ্মকাৰ্যৰ পৰা বিৰত থকাৰ উপদেশ প্ৰদান কৰি একেকোবে শুদ্ধ আৰু নিষ্কাম ভক্তিধৰ্ম  আচৰণৰ পথলৈ অনাও সম্ভৱ নহয় এই সকল লোকক উপদেশ দি গুৰুজনাই কৈছে যে তেওঁলোকে ভগৱান কৃষ্ণ সৰ্বদা আৰু সৰ্বাৱস্থাতে সকলোৰে অন্তৰত আত্মাৰূপে  বিৰাজমান বুলি  উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে বুদ্ধিৰ দ্বাৰা মনক পতিয়ন নিয়াব লাগে যে বিভিন্ন দুঃখ-দুৰ্গতি মোচনৰ উদ্দেশ্যে যিসকল দেৱ দেৱীৰ শৰণাপন্ন হৈ তেওঁলোকক সন্তুষ্ট কৰাৰ চেষ্টা কৰা হয় সেই সমস্তৰে আত্মাও ভগৱান কৃষ্ণ তেওঁলোকে উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে যে যিবিলাক তীৰ্থস্থানত ঘুৰি মনোকামনা পূৰণৰ অৰ্থে প্ৰাৰ্থনা  কৰি থকা হয়  সেইসকলৰো  প্ৰবৰ্ত্তক ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ বিধান অনুসৰিহে তীৰ্থযাত্ৰাৰ ফল পোৱা যায় দেৱতাসকলে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা নিৰ্দিষ্ট কৰা বিধান অনুসৰিহে ভজনাকাৰীক ইপ্সিত ফলদান কৰিব পাৰে সেয়েহে নিজৰ সাংসাৰিক দুঃখ দুৰ্গতিৰ পৰা পৰিত্ৰাণ বিচাৰি অন্য দেৱ দেৱীৰ পূজা অৰ্চনা কৰা বা তীৰ্থ ভ্ৰমণ ইত্যাদি অন্য বিধি ব্যৱস্থাৰ ওপৰত থকা বিশ্বাস পৰিত্যাগ কৰি একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ শৰণাপন্ন হোৱা উচিতভগৱান কৃষ্ণ সমস্তৰে মূল বুলি বিশ্বাস স্থাপন কৰি সাংসাৰিক দুখ-যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ কৰাৰ বাবেও  তেওঁৰ ওচৰতে প্ৰ্ৰাৰ্থনা নিবেদন কৰা উচিত অৰ্থাৎ গুৰুজনাই কৈছে যে বিষয় বাসনাত লিপ্ত থকা মন আৰু বুদ্ধিৰ প্ৰেৰণাত লোকে কামনা বাসনা পূৰণৰ অৰ্থে বিভিন্ন দেৱী-দেৱতাৰ পূজা অৰ্চনা কৰে আৰু সেই উদ্দেশ্যে বিভিন্ন তীৰ্থস্থান আদি ভ্ৰমণ কৰে মনক তেনে বিশ্বাসৰ পৰা আঁতৰাই আনি কামনা-বাসনা পূৰণৰ উদ্দেশ্য লৈ হলেও একমাত্ৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ শৰণ  গ্ৰহণ কৰা উচিতএনে প্ৰকাৰৰ শৰণ অৰ্থা সাংসাৰিক  দুখ-দুৰ্দশাৰ পৰা পৰিত্ৰাণ আৰু বৈষয়িক  কামনা-বাসনা  পূৰণৰ উদ্দেশ্য লৈ ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাকে  প্ৰথম শৰণ বা  প্ৰাথমিক পৰ্যায়ৰ শৰণ বুলি হৰিদেৱ  গুৰুজনাই কৈছে ।(আগলৈ)  


Friday, 17 December 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -82 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮২)

 

In the Bhagavadgita Lord Krishna tells that the people who seeks his Sharana, that is, who surrenders to him can be divided into four categories. In human life people face so many problems at physical and mental levels. Some of those problems suddenly come to life of people.  Under such condition people becomes unable to apply their mind and intelligence to find out a solution to those problems. They surrender to God  and seek help from him. Another class of people surrender to God and seek his help for fulfillment of their desires for material wealth, children, name, fame and so on. There is another class of people who wants to explore more about God. They are curious to know God. They  study scriptures, visit temples and shrines, make discussion with people of knowledge and thus try to discover the mystery behind God. All those categories of people have faith upon God. They believe that omnipotent God can rescue everybody from distressful condition of life, God can provide material happiness and comfort . They know that God reveals himself to those people  who seriously try to know him. So, though those categories of people surrender to God for the purpose of fulfillment of desires of various types they are identified as good people and devotees of God. In Bhagavadgita it is told that in addition to above there is another category of people. This class of people possesses true knowledge of God and his entire creation. They know the true relation between God and Human Beings. They know the actual cause of sufferings of human beings. After realization of everything they take refuge or Sharana in God and proceed further in the path of devotion. This class of people are categorized as best devotees by Lord Krishna in the Bhagavadgita. Guru Harideva encourages  us to come to this level of spiritual attainment though his teachings. Based on such observation of the Vedic scriptures Guru Harideva explains this subject and tells Sharana or surrendering to God may be of primary, medium and superior types. (to be continued)

ভগৱদ্গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিসকল ব্যক্তিয়ে ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে তেওঁলোকক চাৰিটা ভাগত ভাগ  কৰিব পাৰি   মানৱ জীৱনত শাৰীৰিক আৰু মানসিক উভয় পৰ্যায়তে বিভিন্ন প্ৰকাৰৰ দুখ-যাতনা ভোগ কৰিব লগীয়া হয় ইযাৰে কিছুমান সমস্যা হঠাতে আহে আৰু মানুহৰ জীৱন ব্যতিব্যস্ত কৰি তোলে তেনে অৱস্থাত মানুহে নিজৰ মন বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি সমস্যা সমাধান কৰাত অপাৰগ হয় আৰু সন্মুখীণ হোৱা সমস্যা আৰু তাৰ পৰা উদ্ভৱ হোৱা যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি মানুহ ঈশ্বৰৰ শৰণাপন্ন হয় অন্য এচাম লোকে ধন-সম্পত্তি , সতি-সন্তান,নাম-যশ ইত্যাদি কামনা কৰি সেই কামনাসমুহ পূৰণ কৰাৰ ক্ষেত্ৰত সহায়  পোৱাৰ আশাত ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে অন্য এচাম লোকে আকৌ  ঈশ্বৰৰ বিষয়ে  ন ন তথ্য সংগ্ৰহ কৰাৰ বাবে আগ্ৰহী হয় তেওঁলোকে ঈশ্বৰক জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰ অধ্যয়ন কৰে , তীৰ্থস্থানকে ধৰি অনেক ঠাইলৈ যায় , বিভিন্ন গুণী-জ্ঞানী ব্যক্তিৰ সৈতে আলোচনা-বিলোচন কৰে  আৰু অন্যান্য বিভিন্ন প্ৰকাৰে  ঈশ্বৰৰ অন্তৰ্নিহিত ৰহস্য আৱিষ্কাৰ কৰাৰ চেষ্টা কৰে ওপৰোক্ত সকলো শ্ৰেণীৰ লোকেই ঈশ্বৰ ওপৰত আস্থাশীল তেওঁলোকে বিশ্বাস কৰে যে সৰ্বশক্তিমান ঈশ্বৰে মানুহক সমস্ত দুখ-যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে , ঈশ্বৰে মানুহে বিচৰামতে সমস্ত বৈষয়িক সুখ-সুবিধাও  দিব পাৰে । তেওঁলোকে এই কথাও জানে যে যিসকলে অন্তৰৰ গভীৰতাৰ পৰা ঈশ্বৰক জানিব বিচাৰে তেওঁলোকৰ ওচৰত ঈশ্বৰে নিজৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰে। সেইকাৰণে এই সকলো শ্ৰেণীৰ লোকে নিজৰ নিজৰ উদ্দেশ্য সিদ্ধিৰ অৰ্থে ঈশ্বৰৰ শৰণাপন্ন হয় যদিও তেওঁলোকক শুভবুদ্ধিসম্পন্ন ভাল মানুহ আৰু ঈশ্বৰৰ ভক্ত বুলি গীতাত কোৱা হৈছে ওপৰত কোৱাসকলৰ উপৰিও অন্য এক শ্ৰেণীৰ লোকৰ কথা ভগৱদ্গীতাত কোৱা হৈছে এই  শ্ৰেণীৰ লোকে ঈশ্বৰ আৰু তেওঁৰ সৃষ্টিৰ প্ৰকৃত ৰহস্যৰ বিষয়ে জানে ঈশ্বৰৰ সৈতে মানুহৰ প্ৰকৃত সম্পৰ্ক  কি তাকো তেওঁলোকে জানে মানুহৰ দুখ-যাতনাৰ প্ৰকৃত কাৰণ সম্পৰ্কেও তেওঁলোক অৱগত এনে ধৰণৰ সকলো কথা শুদ্ধভাৱে জানি লৈ তেওঁলোকে ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে আৰু ভক্তি পথৰ সাধনাত অগ্ৰসৰ হয় এই শ্ৰেণীৰ লোককে সৰ্বোত্তম ভক্ত বুলি ভগৱদ্গীতাত ভগৱান কৃষ্ণই অভিহিত কৰিছে হৰিদেৱ গুৰুজনাই আমাৰ দৰে সাধাৰণ লোকক ভক্তি পথৰ সাধনাৰ এনেকুৱা উচ্চ পৰ্যায়ৰ স্তৰত উপনীত হোৱাৰ বাবে উৎসাহিত কৰাৰ অৰ্থে বিভিন্ন প্ৰকাৰৰ শিক্ষা প্ৰদান কৰিছে ।লগতে বৈদিক শাস্ত্ৰৰ  ভিত্তিত গুৰুজনাই বিষয়টো বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰি কৈছে যে ঈশ্বৰৰ ওচৰত প্ৰথম, মধ্যম আৰু উত্তম এই তিনি প্ৰকাৰে শৰণ গ্ৰহণ কৰা হয়।(আগলৈ)      

Wednesday, 15 December 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -81 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮১)

 

In Bhagavata it is told that God is the protector of those who surrender to him and take his shelter. Except God there is none in anywhere who can protect us in all respect. So, Bhagavata sussegts that for peaceful living human being should surrender to God and live under his shelter. In the Bhagavadgita it is told that Lord Krishna ,the God Almighty is the friend of all living being. He is the most beloved soul of all, he is the source of all happiness. Human beings are always suffering from various troubles of material life. They can remain ever happy by “Sharana” or surrendering to Lord Krishna. Based on such assurances from the Bhagavadgita, Bhagavata and other Vedic Scriptures Guru Harideva tells that Sharana or surrendering to God is the most essential part of spiritual practice through the path of devotion. He tells that without “Sharana” devotion  cannot be perfect. This is because prior to establishment of devotional attachment with God it is essential to firmly fix one’s mind upon God. We know that in human life various types of favorable and unfavorable situations arise. Our mind changes in accordance with the changes in the situations of life. When everything related to our life and property etc. run smoothly our faith on God increases. Otherwise our faith on God  decreases. Bhagavata tells that Lord Krishna only can make people free from all types of sufferings of material life and he is the most reliable shelter for all. If one proceeds in the path of devotion with this type of conviction in mind then only he can attain spiritual perfection . If  the mind is kept engaged  in various material thoughts and activities and God’s name and glories are uttered mechanically by words of mouth then it is like crying in a deep forest. If one lonely person cries in a deep forest no help can be expected from others . Similarly if one does not fully surrender the activities of his mind , speech and body  in the service of God then he can not attain spiritual perfection though the path of devotion .In this context Guru Harideva cited the example of earthen pot. Complete shape of a pot is made by potter by using clay. But though the shape of pot becomes complete in the hand of the potter it cannot hold water inside. So, before filling the pot with water it is to be burnt in fire to make it strong enough to hold water. In a similar way if the mind goes on fluctuating in accordance with the situations of life then one can never become a perfect devotee. Guru Harideva suggests that by Sharana or surrendering to God one’s faith upon God becomes very strong and in this way the possibility of fluctuation of his mind gets reduced. (to be continued)   

    ভাগৱত শাস্ত্ৰত কোৱা হৈছে যে ভগৱান শৰণাগতৰ ৰক্ষক আৰু পালক ভগৱানত বাহিৰে  দ্বিতীয় একো নাই যাৰ আশ্ৰয়ত নিৰাপদে থাকিব পাৰি সেই কাৰণে ভাগৱত শাস্ত্ৰত উপদেশ দি কোৱা হৈছে যে  শান্তিপূৰ্ণ  জীৱন যাপনৰ অৰ্থে  ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰি তেওঁৰ সান্নিধ্যত  বাস কৰা উচিত ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰিলে কি ফল লাভ হয় তাৰ উল্লেখ কৰি গীতাত কোৱা হৈছে ভগৱান কৃষ্ণ সকলোৰে সুহৃদ , প্ৰিয়তম আত্মা , তেওঁক আশ্ৰয় কৰি আনন্দ লাভ কৰা জীৱৰ পৰম কৰ্ত্তব্য গীতা-ভাগৱতৰ এনেবোৰ উক্তিৰ ভিত্তিত হৰিদেৱ গুৰুজনাই কৈছে যে ভক্তি সাধনৰ পূৰ্বতে কৃষ্ণপদত শৰণ অৰ্থা আশ্ৰয় গ্ৰহণ কৰা ভক্তি সাধনাৰ অপৰিহাৰ্য অঙ্গ ইয়াৰ কাৰণ হৈছে ভক্তি সাধনৰ কাৰণে মনৰ দৃঢ়তা অতি প্ৰয়োজনীয় মানুহৰ জীৱনত অনুকূল বা প্ৰতিকূল বিভিন্ন পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হয় তেনে পৰিবেশ পৰিস্থিতি অনুসৰি মনৰ অৱস্থা পৰিবৰ্ত্তিত হৈ থাকে সংসাৰত সকলো ঠিকে ঠাকে চলি থাকিলে আমাৰ ঈশ্বৰ বিশ্বাস বাঢ়ে ঠিক ঠাক নাথাকিলে ঈশ্বৰৰ ওপৰত বিশ্বাসো হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে ভাগৱতত কোৱা হৈছে যে সংসাৰৰ সমস্ত ক্লেশ নিবাৰণ কৰিব পৰা একমাত্ৰ পৰম আশ্ৰয় হৈছে ভগৱান শ্ৰীকৃষ্ণ মনৰ দৃঢ়তা সহ এনে বিশ্বাস ৰাখি ভক্তি মাৰ্গত আগ বাঢ়িলেহে সংসাৰ দুঃখৰ পৰা  নিষ্কৃতি লাভ হয় আৰু ভগৱানৰ প্ৰতি ভক্তি লাভৰ পথ প্ৰশস্ত হয়সংসাৰৰ চিন্তাত চিত্ত-মন-বুদ্ধিক ব্যস্ত ৰাখি কেৱল মুখেৰে ভগৱানৰ কথা কৈ থাকিলে নাইবা ভগৱানৰ নাম উচ্চাৰণ কৰি থাকিলে ভগৱানক পোৱা সম্ভৱ নহয় এই বিষয়ে গুৰুজনাই কৈছে যে তেনেদৰে কেৱল লোকক দেখুৱাবলৈ আচৰণ কৰা ভক্তিৰ ফল অৰণ্য ৰোদনৰ দৰে অৰ্থহীন চেষ্টা মাত্ৰ জনশূন্য অৰণ্যত অকলশৰীয়া অৱস্থাত বিপদাপন্ন হৈ সহায়ৰ বাবে কন্দাকটা কৰিলে যিদৰে কাৰো পৰা সহাৰি পোৱা নাযায় সেইদৰে কায়-মনো-বাক্যে অকপটভাৱে ভগৱানক প্ৰাৰ্থনা নকৰিলে ভগৱানে সহাৰি নিদিয়ে এই প্ৰসঙ্গত হৰিদেৱ  গুৰুজনাই  মাটিৰ পাত্ৰৰ  উপমা  দি কথাখিনি বুজাই  দিয়াৰ  প্ৰয়াস  কৰিছে কুমাৰে  মাটিক  উপাদান  হিচাপে   ব্যৱহাৰ  কৰি  পাত্ৰৰ  আকৃতি     তৈয়াৰ  কৰে  কুমাৰৰ  হাততে   পাত্ৰৰ  আকাৰ   সম্পূৰ্ণ  হয় যদিও  এই  পাত্ৰই   পানী  ধৰি  ৰাখিব  নোৱাৰে    পানী  ধৰি  ৰাখিবৰ বাবে   পাত্ৰ জুইত  পুৰি টান কৰি লোৱাৰ  প্ৰয়োজন হয়  একেদৰে  জীৱনৰ পৰিস্থিতি পৰিবৰ্ত্তন হোৱাৰ সমান্তৰালভাৱে মনৰো পৰিবৰ্ত্তন  হৈ থাকিলে  ইশ্বৰৰ প্ৰতি ভক্তিভাৱো দৃঢ় হব নোৱাৰে   হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে শৰণ গ্ৰহণৰ জৰিয়তে ঈশ্বৰৰ প্ৰতি    বিশ্বাস  অতিশয়  দৃঢ় হয়    আৰু তাৰ ফলত মানুহৰ মনৰ অস্থিৰতা হ্ৰাস হয় । (আগলৈ)