In Bhagavata it is suggested that one should keep himself fully engaged in
materialistic activities until his mind is detached from material life or until
he gains full faith on scriptural descriptions of God. That is, one can perform
spiritual practice if by study of the scriptures and listening from spiritual
masters he is fully convinced that the
material life is not based on truth. Secondly
, if one gains full faith on the descriptions of the tributes,
activities and glories of God as contained in the Bhagavata and other Vedic Scriptures then
he is qualified for making spiritual practice. Out of those, the first category
of people, that is, the people who can detach themselves from material life
should make religious practice through the path of knowledge or “Jnanayoga”.
The second category of people, that is, people having faith on scriptural descriptions of God should perform
spiritual practice through the path of
devotion or “Bhaktiyoga”. It is also said that the tough path of
knowledge is not suitable for common people and the comparatively easier path
of devotion is to be followed by them. But in actuality we see that common people
do not pay any attention to those teachings of Bhagavata and perform religious
practices of various kinds as they like. Guru Harideva suggested that no
spiritual gain can be attained with such types of religious practices and such
people are liable to commit mistake from both material and spiritual sides of
life.
So, through his Satra institution Guru Harideva
undertook the mission of guiding the material and spiritual lives of the common
people in accordance with the above
injunctions contained in the Bhagavata. He
tried to educate them with the practical ways of living healthy and prosperous
householders’ life in accordance with scriptural injunctions. Parallel to that
he made proper arrangements for correct interpretation of the knowledge and
instructions contained in the Bhagavata and thus tried to make them reliable and respectable
in the mind of common householders. In this way Guru Harideva tried to make common
householders well prepared for performance of
spiritual practice through the path of devotion on the basis of knowledge and instructions contained in the
Bhagavata.(to be continued)
ভাগৱতত উপদেশ দি কোৱা হৈছে যে যেতিয়ালৈকে বৈৰাগ্যৰ উদয় নহয় অথবা ভগৱত কথাত শ্ৰদ্ধা নজন্মে তেতিয়ালৈকে কেৱল কৰ্মক
প্ৰাধান্য দি অহৰহ কাম কৰি যোৱা কৰ্ত্তব্য । অৰ্থাৎ শাস্ত্ৰ অধ্যয়ন আৰু উপযুক্ত গুৰুৰ পৰা জ্ঞান আহৰণ কৰি সংসাৰৰ অসাৰতা সম্পৰ্কে বুজি পোৱাৰ অন্তত সংসাৰৰ
প্ৰতি বিৰাগ ভাৱৰ উদয় হ’লে পাৰমাৰ্থিক সাধনা কৰিব পাৰি । অথবা ভাগৱতৰ দৰে
শাস্ত্ৰত বৰ্ণনা কৰা ভগৱানৰ গুণ , কাৰ্যাৱলী, মহিমা আদি সচা বুলি দৃঢ় বিশ্বাস
জন্মাৰ অন্তত ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধাভাৱৰ উদয় হ’লে পাৰমাৰ্থিক সাধনা কৰিব পাৰি। ইয়াৰ ভিতৰত প্ৰথম
প্ৰকাৰৰ লোক অৰ্থাৎ বৈৰাগ্য ভাৱাপন্ন লোকে জ্ঞান যোগৰ
মাধ্যমত আৰু দ্বিতীয় প্ৰকাৰৰ লোক অৰ্থাৎ ভগৱানৰ প্ৰতি বিশ্বাস আৰু
শ্ৰদ্ধাযুক্ত ব্যক্তিয়ে ভক্তিযোগৰ
মাধ্যমত পাৰমাৰ্থিক সাধনা কৰাৰ বাবে যোগ্য বুলি কোৱা হৈছে । লগতে জ্ঞান যোগৰ পথ কঠিন কাৰণে সাধাৰণ সংসাৰী লোকৰ বাবে অনুপযোগী বুলি কৈ তেওঁলোকক ভক্তিযোগৰ মাধ্যমত পাৰমাৰ্থিক সধনা
কৰাৰ উপদেশ দিয়া হৈছে। কিন্তু প্ৰকৃতাৰ্থত দেখা যায় যে সাধাৰণ সংসাৰী মানুহে এইবিলাক কথাৰ ওপৰত একো গুৰুত্ব আৰোপ নকৰে। সৰহ সংখ্যক লোকে পাৰমাৰ্থিক সাধনাৰ বিষয়ে একো নুবুজাকৈ কেৱল দেখাক দেখি বিভিন্ন প্ৰকাৰৰ ধৰ্মীয়
আচাৰ-আচৰণ অনুষ্ঠিত কৰে আৰু নিজকে অতিশয় ধাৰ্মিক লোক বুলি ভাবি থাকে।হৰিদেৱ গুৰুজনাৰ মতে এনে প্ৰকাৰৰ ধৰ্ম আচৰণৰ দ্বাৰা একো পাৰমাৰ্থিক লাভ আশা কৰিব
নোৱাৰি।বৰঞ্চ তেনে লোক ধৰ্ম আৰু সাংসাৰিক কৰ্ম উভয় ফালৰ পৰা ভুল পথে যোৱাৰ সম্ভাৱনা
থাকে । সেয়েহে গুৰুজনাই সত্ৰানুষ্ঠানৰ জৰিয়তে সাধাৰণ সংসাৰী লোকক
সাংসাৰিক আৰু পাৰমাৰ্থিক উভয় দিশৰ পৰা
সঠিক পথেৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছিল।অশিক্ষিত, অজ্ঞানী
সাধাৰণ জনতাৰ মাজত নিজৰ পৰিয়ালৰ মানুহৰ দৰে থাকি তেওঁলোকক শাস্ত্ৰসন্মত উপায়ে সুখ-শান্তি
আৰু ঐশ্বৰ্যপূৰ্ণ সাংসাৰিক জীৱন যাপন কৰাৰ বাবে প্ৰয়োজনীয়
জ্ঞান আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ
সমান্তৰালভাৱে ভাগৱত শাস্ত্ৰৰ সহজ-সৰল জ্ঞান শুদ্ধভাৱে ব্যাখ্যা কৰি জনসাধাৰণৰ মনত এই শাস্ত্ৰত
সন্নিবিষ্ট ভগৱত কথাৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস উৎপন্ন কৰাৰ ব্যৱস্থা কৰিছিল। এনেদৰে
গুৰুজনাই ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু উপদেশৰ আধাৰত সাধাৰণ অজ্ঞানী মানুহক ভক্তিযোগৰ পথেৰে পৰমাৰ্থিক
সাধনা কৰাৰ বাবে উপযোগী কৰি গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰিছিল । (আগলৈ)