Guru Harideva suggests
that in human life one should try to
attain spiritual perfection through self-realization. For this
purpose it is essential to understand the five sheaths of the body; the physical,
subtle and causal bodies ; the waking, dreaming and deep sleep states of the body
and also their differences with the embodied soul. In some of the preceding
posts we tried to have some preliminary idea about the five sheaths, the physical,
subtle and causal bodies and their difference with the embodied soul. Now we
will try to have some idea about the waking, dreaming and deep sleep states of
body and their difference with the consciousness of the body or the embodied
soul. Scriptures tell that every day the body remains in waking state for some
time. Then it comes to deep sleep states through dreaming states and after
certain time it again comes to the waking states. This rotation among the three
states continues during the entire life time of the body. During waking period
the jiva remains conscious about the physical body, mind and all other things
in its surroundings through feelings of sound, touch, sight, taste and smell. In
this process the jiva also feels the
differences of one thing from another thing. For example the feelings of sound,
shape and touch of dog differ from the feelings of sound-shape-touch of cow and
hence a dog is felt to be different from a cow. The touch of fire gives feeling
of hotness and the touch of water gives feeling of coolness and so fire and
water are felt to be different from each other and like that. But the consciousness of the
body or the embodied soul which feels the characteristics cow and dog and the
differences between them or the consciousness that feels heat of fire and
coolness of water and feels the differences between them is one and the same.
Such observations are true in case feeling of every material object of the
world. That is, in the waking state the consciousness
of the body or the embodied soul in us is
the knower of the things inside and outside us including our own body and hence
it is totally different from the
body which comes under the category of objects to be known . (to be
continued)
হৰিদেৱ গুৰুজনাই আত্মজ্ঞানৰ জৰিয়তে
পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাৰ চেষ্টা কৰাটো
মানৱ জীৱনৰ পৰম কৰ্ত্তব্য বুলি কৈছে।ইয়াৰ বাবে শৰীৰৰ পঞ্চকোষ,স্থূল-সুক্ষ্ম-কাৰণ শৰীৰ
আৰু শৰীৰৰ জাগ্ৰত-স্বপ্ন-সুসুপ্তি অৱস্থাৰ বিষয়ে জনাৰ লগতে এই সমস্তৰে সৈতে
শৰীৰস্থ আত্মাৰ পাৰ্থক্য বুজি পোৱাৰ প্ৰয়োজন বুলি কোৱা হৈছে। আগৰ
কেইটামান লিখনিত পঞ্চকোষ ,স্থূল-সুক্ষ্ম-কাৰণ শৰীৰ আৰু ইয়াৰ সৈতে
আত্মাৰ পাৰ্থক্যৰ বিষয়ে কিছু প্ৰাথমিক আভাস লোৱাৰ প্ৰচেষ্টা কৰা হৈছে। এতিয়া
শৰীৰৰ জাগ্ৰত,স্বপ্ন আৰু সুসুপ্তি
অৱস্থা আৰু ইয়াৰ সৈতে আত্মাৰ পাৰ্থক্য সম্পৰ্কে কিছু আভাস লোৱাৰ প্ৰয়াস কৰা হৈছে ।শাস্ত্ৰত কোৱা হৈছে যে শৰীৰ দিনটোৰ এভাগ কাল জাগ্ৰত
স্থাত থাকে । তাৰ পিচত স্বপ্নাৱস্থাৰ মাজেদি সুসুপ্তিকালীন অৱস্থালৈ যায় আৰু সুসুপ্তিৰ অন্তত পুনৰ জাগ্ৰত অৱস্থালৈ ঘুৰি আহে ।স্থূল শৰীৰ জীৱিত থকালৈকে এই তিনি অৱস্থাৰ ভিতৰত জীৱৰ
দৈনন্দিন গতি অবিৰামভাৱে চলি থাকে।জাগ্ৰত অৱস্থাত অৰ্থাৎ সজ্ঞান অৱস্থাত সাৰে থকা
সময়খিনিত জীৱ বা শৰীৰস্থ চৈতন্য শৰীৰ আৰু
মনৰ দ্বাৰা অসংখ্য প্ৰকাৰৰ কৰ্মত লিপ্ত হৈ
থাকে।শৰীৰ,মন আৰু নিজৰ চতুৰ্দিশে ব্যাপ্ত জগত
সম্পৰ্কে জীৱ সজাগ হৈ থাকে। এই অৱস্থাত শব্দ ,স্পৰ্শ ,ৰূপ ,ৰস আৰু গন্ধ- এই পাঁচ প্ৰকাৰৰ ইন্দ্ৰিয়ানুভুতিৰ দ্বাৰা জগতৰ বস্তু সম্পৰ্কে জ্ঞান
লাভ হয় ।ইন্দ্ৰিয়ানুভুতিৰ দ্বাৰা বস্তুসমুহৰ যি জ্ঞান লাভ হয় তাৰ পৰা বস্তুসমুহ
ইটোৰ পৰা সিটো পৃথক বুলি অনুভৱ হয়। উদাহৰণ স্বৰূপে
এটা কুকুৰৰ শব্দ–স্পৰ্শ-ৰূপৰ অনুভৱ এটা গৰুৰ শব্দ-স্পৰ্শ–ৰূপৰ অনুভৱতকৈ পৃথক হোৱাৰ
বাবে গৰু আৰু কুকুৰ পৃথক পৃথক জন্তু বুলি অনুভৱ হয় । জুইৰ স্পৰ্শ গৰম আৰু পানীৰ স্পৰ্শ ঠাণ্ডা অনুভৱ হোৱা হেতুকে
জুই আৰু পানী পৃথক পৃথক বস্তু বুলি অনুভৱ হয় ইত্যাদি ।কিন্তু যি চৈতন্যই এটা গৰু আৰু এটা কুকুৰৰ
বৈশিষ্টৰ বিষয়ে জানি গৰু কুকুৰতকৈ পৃথক বুলি অনুভৱ কৰে বা যি চৈতন্যই জুইৰ উত্তাপ
আৰু পানীৰ শীতলতা অনুভৱ কৰি জুই আৰু পানী পৃথক বুলি জানে শৰীৰস্থ সেই চৈতন্য বা আত্মা এক।জগতৰ প্ৰত্যেক
বস্তুৰ জ্ঞান বা অনুভৱৰ ক্ষেত্ৰতে এই কথা সত্য অৰ্থাৎ জাগ্ৰত অৱস্থাত শৰীৰস্থ চৈতন্য বা আত্মা শৰীৰকে ধৰি আমাৰ ভিতৰ আৰু
বাহিৰত থকা জগতৰ সমস্ত বস্তুৰ জ্ঞাতা বা অনুভৱ
কৰ্ত্তা। এনেদৰে চালে দেখা যায় যে আত্মা জ্ঞাতা আৰু শৰীৰ জ্ঞানৰ বিষয়-বস্তু
হোৱা হেতুকে উভয়ে সম্পূৰ্ণ পৃথক ।(আগলৈ)