We love our body, relatives, money, property and many other things. Our love and attraction towards those things are proportionate to their nearness to our body-mind complex. The things attachment wise nearer are dearer to us . For example we love money, property etc. but our son, daughter, wife and other relatives are dearer than those things. Again our own body is dearer to us than son ,daughter ctc. If we go on analyzing like this then we find that the consciousness or soul in us is the dearest among all our possessions and no living entity including human being wants separation from the soul inside. It is because the association of the soul with the body is nearest and longest. People who are unable to analyze the things as above think that wife, children property etc. are essential for satisfaction of the soul. But the Vedas, Upanishadas and Vedic scriptures tell that this is not true. Explaining the reason it is said that if we love the temporary material objects other than eternal soul then we are to lose our object of love and that becomes the cause of sorrow for us. That is, things other than soul may leave us at any moment and we may suffer sorrow for that reason. This is the case with children, relatives, money, house, land, name and fame, social-political power and all other objects of our love in the material world. From the experience of life we know that if those things are not there in our possession then we feel sorry. Again if those things remain in our possession then we are to remain alert to keep them with us for all times. We are to remain always in fear of losing them . In this way those things become cause of our sufferings under all conditions. So, in the Upanishada it is suggested that we should consider the super soul in us as the dearest object in our possession and worship him. Then only the question of becoming separated from our object of love never arise or we never lose our object of love. This is because the eternal soul only can accompany us for eternal period of time. Again since soul is the most beloved object it is the source of highest bliss also. We know that our love is proportionately higher for those things that give us more pleasure. Guru Harideva tells that the most beloved and most blissful object that never becomes separated from us is lord Krishna. He remains situated as the soul in the core of our heart since eternal past and he will never become separated from us in future . The religious teachings of Guru Harideva is aimed to make people realize this truth. He also suggests that ‘Uttama Sharana’ or final stage of surrendering to Lord Krishna is the way of attainment of this goal. (to be continued)
নিজৰ শৰীৰ, সা-সম্বন্ধীয় ব্যক্তি, ধন সম্পদ ইত্যাদিকে ধৰি জগতৰ অনেক বস্তু আমি ভাল পাওঁ । শৰীৰ-মনৰ সৈতে
থকা সান্নিধ্যৰ নিকটতা অনুসৰি ইবিলাকৰ প্ৰতি আমাৰ প্ৰেমৰ আকৰ্ষণ কম বা বেছি হয় । সান্নিধ্য যিমান নিকট হয় বস্তুবোৰৰ প্ৰতি আমাৰ স্নেহো সিমান বাঢ়ে ।উদাহৰণ স্বৰূপে ধন-সম্পদ আদি আমাৰ প্ৰিয় বস্তু কিন্তু পুত্ৰ-পৰিবাৰ
ইত্যাদি সা-সম্পদতকৈ প্ৰিয়। আকৌ নিজৰ শৰীৰ
পুত্ৰতকৈও প্ৰিয়। এনেদৰে ক্ৰমান্বয়ে বিচাৰ কৰি গৈ থাকিলে দেখা যায় যে আত্মাৰ সৈতে শৰীৰৰ সান্নিধ্য নিকটতম আৰু দীৰ্ঘতম
হোৱা হেতুকে আত্মা আমাৰ বাবে সবাতোকৈ প্ৰিয় । সেই কাৰণে মানুহকে
ধৰি কোনো জীৱই আত্মাৰ সৈতে দেহৰ সম্পৰ্ক কেতিয়াও বিচ্ছিন্ন কৰিব নিবিচাৰে। ওপৰোক্ত প্ৰকাৰে
বিচাৰ বিবেচনা কৰিব নোৱাৰা অজ্ঞানী লোকসকলে ভাৱে যে জগতত, পত্নী , সন্তান ,সম্পত্তি ইত্যাদি বস্তু আত্মাৰ সন্তোষৰ কাৰণে প্ৰয়োজন ।কিন্তু বেদ-উপনিষদকে ধৰি বৈদিক শাস্ত্ৰত কোৱা কৈছে যে এই কথা সত্য নহয়্। যদি অবিনশ্বৰ আত্মাত বাহিৰে আন নশ্বৰ বস্তুক
প্ৰিয় বুলি গণ্য কৰা হয় তেন্তে সেই প্ৰিয় বস্তু হেৰুৱাব লগীয়া হয় । তেনে অৱস্থাত সেই প্ৰিয় বস্তুৱে দুখৰ কাৰণ হৈ উঠে । অৰ্থাৎ আত্মাৰ
বাহিৰে অন্য সকলো প্ৰিয় বস্তু এদিন নহয় এদিন আমাৰ হাতৰ পৰা গুছি যায় আৰু তাৰ বাবে আমি দুখ ভোগ কৰো । পুত্ৰ , বিত্ত ,পশু, গৃহ ,ভুমি. ক্ষমতা ,নাম-যশ , সামাজিক তথা ৰাজনৈতিক
প্ৰতিপত্তি ইত্যাদিকে ধৰি আমাৰ সমস্ত প্ৰিয় বিষয়-বস্তুৰ ক্ষেত্ৰতে এই কথা সত্য ।জীৱনৰ অভিজ্ঞতাৰ পৰা আমি জানো যে এই বিলাক বস্তু নাথাকিলে মনত কষ্ট হয় আৰু
থাকিলেও এইবিলাকৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ চিন্তা , থকা বস্তু হেৰুওৱাৰ ভয় ইত্যাদি অসন্তোষ সদা-সৰ্বদা লাগি
থাকে । উপনিষদত কোৱা হৈছে যে নিজৰ আত্মা বা চৈতন্যক পৰম ব্ৰহ্ম ,পৰমেশ্বৰ তথা
উচ্চতম প্ৰেমৰ বস্তু বুলি জনা উচিত আৰু তেওঁকে উপাসনা কৰা উচিত । অবিনাশী আত্মাক যিয়ে প্ৰিয় জ্ঞান কৰে তেওঁ নিজৰ প্ৰিয় বস্তুৰ পৰা কেতিয়াও পৃথক নহয় ।তেওঁ ভাল পোৱা বস্তু অৰ্থাৎ আত্মাৰ কেতিয়াও বিনাশ নহয় । আকৌ আত্মা যিহেতু মহত্তম
প্ৰেমৰ বস্তু- ইয়াক সৰ্বোত্তম আনন্দৰ
উৎস বুলিও গণ্য কৰা উচিত।আমি জানো যে যি বস্তু যিমান বেছি ভাল পোৱা হয় সেই বস্তুৰ পৰা পোৱা আনন্দৰ পৰিমাণো সিমানে অধিক । হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণ সবাতোকৈ প্ৰিয় বস্তু তথা সৰ্বোত্তম আনন্দৰ উৎস। যাক পোৱাৰ পিছত কেতিয়াও হেৰুওৱাৰ ভয় নাথাকে তেওঁ হৈছে ভগৱান কৃষ্ণ। তেওঁ অনাদি কালৰ পৰা প্ৰত্যেকৰে হৃদয়ৰ অভ্যন্তৰত আত্মাৰূপে সদাবিৰাজমান
হৈ আছে আৰু ভৱিষ্যতেও তেওঁৰ সৈতে আমাৰ কেতিয়াও বিচ্ছেদ নহয় । এই তত্বজ্ঞান
উপলব্ধি কৰাটোৱে হৰিদেৱ গুৰুজনাই দিয়া ধৰ্মীয় শিক্ষাৰ উচ্চতম লক্ষ্য আৰু সেই
লক্ষ্যপ্ৰাপ্তিৰ উপায় হৈছে উত্তম শৰণ ।(আগলৈ)
No comments:
Post a Comment