Explaining the theory of only one God Almighty or
Ekeswaravad Guru
Harideva tells that God is the root
cause of all living and non-living
beings in the creation ; the various stages of
middle worlds ,lower and higher heavens and planets of the nether region holding
them; the creation, sustenance and
inhalation of those heavens and planets of nether regions; the feelings created by
sight ,touch, hearing etc. of everything
mentioned above and the thoughts that
arise in our mind regarding the things described above. That is, there is
nothing in the creation except God. Then how we can see so many things around
us? Answering this question the scriptures tell that everything available in
the creation as mentioned above is the expansion of only one God Almighty. The
existence of all other things depends upon God or without God nothing of them can
exist. To understand the point we can take example of the constitution of our
country. The constitution of a country is a theoretical principle to guide the
activities of the country. It has no shape- size etc. But everybody starting
from the President of the country to the sweeper of an office, is bound to
think and work in accordance with the rules and regulation framed in the
constitution. That is, through observance of the rules and regulations of the
constitution, the power of a state is expanded throughout the country. We, the
common people can physically feel this power expressed through the institutions
like Lokasabha ,Rajyasabha, Bidhansabha , Panchayats, Courts , police
stations, other Govt. offices and
various categories of people working there. The constitution is the source of
all those powers and if somehow the constitution becomes inoperative then no
institution and people can express their power as described above. However, the power of the constitution of a
country cannot be compared with the power of the operative principle of the
creation. The constitution of a country is framed by human beings and is operative within the boundary of that particular country . Moreover, this power cannot control the
activities of the sky, air, water , all
living and non-living beings etc. within the boundary of the country also . But
the power of the constitution or operative principle of God is not like that. Whatever
gross and subtle were there in the past, are there at present and will be there in
future in the creation are the physical expressions of the operative principle
framed by God for the creation. Nothing can exist outside this principle and
nobody can do anything by defying the power of this operative principle.
Analyzing the things in this way Guru Harideva suggests that Lord Krishna
physically represents this omnipotent operative principle and common ignorant
people like us can realize this fact by coming to his shelter or Sharana. (to
be continued)
একেশ্বৰবাদৰ মূল তত্ব ব্যাখ্যা কৰি
হৰিদেৱ গুৰুজনাই কৈছে যে সমস্ত জড়জগত আৰু জীৱজগত ,
এই সকলক ধাৰণ কৰি থকা আকাশ ,পাতাল
,স্বৰ্গ, মৰ্ত্য
আদি লোকসমুহ,
এই সমস্তৰে সৃষ্টি,
স্থিতি,
লয় আৰু এই সমুহৰ দৰ্শন ,
স্পৰ্শ ইত্যাদিৰ অনুভূতি তথা এই সমস্ত বিষয়ত আমাৰ মনত উদয় হোৱা বিভিন্ন প্ৰকাৰৰ
চিন্তা ভাৱনা ইত্যাদি সকলোৰে একমাত্ৰ কাৰণ হৈছে ভগৱান শ্ৰীহৰি অৰ্থাৎ
পৰম চৈতন্য স্বৰূপ ভগৱান হৈছে জগতৰ সমস্তৰে মূল।ইয়াৰ অৰ্থ হৈছে ঈশ্বৰত
বাদে জগতত অন্য একো দ্বিতীয় বস্তু নাই। তেন্তে জগতত আমি আমাৰ
চাৰিওফালে দেখি থকা অসংখ্য বস্তু কি ? ইযাৰ উত্তৰ দি শাস্ত্ৰত কোৱা হৈছে যে সেই সমস্ত বস্তু এক
ঈশ্বৰৰ বিস্তাৰ । এইবিলাকৰ অস্তিত্ব ঈশ্বৰৰ অস্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে বা ঈশ্বৰ নাথাকিলে এইলাক একোৰে
অস্তিত্ব নাথাকে । কথাখিনি বুজাৰ সুবিধাৰ বাবে আমি আমাৰ দেশৰ সংবিধানখনৰ কথা ধৰিব পাৰো । এখন দেশৰ সংবিধানখন হৈছে সেই দেশৰ মূল তত্ববস্তু । এই তত্ববস্তুৰ কোনো আকাৰ বা আকৃতি নাই । কিন্তু দেশৰ ৰাষ্ট্ৰপতিৰ
পৰা আৰম্ভ কৰি সাধাৰণ চাফাই কৰ্মীলৈকে সমস্ত বিষয়বাব , সেই বিষয়বাব অধিকাৰ কৰি থকা লোকসকলৰ চিন্তা-ভাৱনা , কৰ্মকাণ্ড ইত্যাদি দেশৰ সংবিধান অনুসৰি চলাটো বাধ্যতামূলক । অৰ্থাৎ সংবিধানৰ নিয়ম
পালনৰ জৰিয়তে এক ৰাষ্ট্ৰশক্তি ৰাষ্ট্ৰৰ সৰ্বত্ৰতে বিস্তাৰ লাভ কৰে । আমাৰ দৰে সাধাৰণ
মানুহে লোকসভা , ৰাজ্যসভা , বিধানসভা , অফিচ, কাছাৰী , থানা , পঞ্চায়ত আদি বিভিন্ন অনুষ্ঠান –প্ৰতিষ্ঠান , সেই সমুহৰ উচ্চ-নিম্ন বিভিন্ন পদত কাম কৰা লোক, সেইসকলে কৰা কাম আদিৰ ৰূপত নিৰাকাৰ ৰাষ্ট্ৰশক্তিৰ
মূৰ্ত্তিমান প্ৰকাশ দেখা পাওঁ । শক্তিৰ মূল উৎস স্বৰূপ ৰাষ্ট্ৰীয় সংবিধানখন কিবা কাৰণবশতঃ অকাৰ্যকৰী হ’লে ৰাষ্ট্ৰশক্তিৰ ওপৰোক্ত প্ৰকাৰৰ মূৰ্ত্ত ৰূপৰো অন্ত পৰে । কথাখিনি এনেদৰে বুজাৰ
চেষ্টা কৰা হৈছে যদিও ঈশ্বৰৰ সৃষ্টিৰ বিধানৰ সৈতে এখন ৰাষ্ট্ৰৰ সংবিধানৰ কোনো তুলনা হ’ব নোৱাৰে । দেশৰ সংবিধান মানুহে সৃষ্টি কৰে ।নিৰ্দিষ্ট দেশৰ সীমাৰ বাহিৰত তাৰ নীতি-নিয়ম প্ৰযোজ্য নহয় । দেশৰ সীমাৰ ভিতৰতো আকাশ ,বতাহ , মাটি ,পানী, স্থাৱৰ ,জঙ্গম সকলোতে
ৰাষ্ট্ৰীয় সংবিধানৰ নিয়ম শক্তি সৰ্বতোভাৱে প্ৰযোজ্য নহয় । কিন্তু ঈশ্বৰৰ সংবিধানৰ
শক্তি তেনেকুৱা অংশিক নহয়। জগতত স্থূল বা সুক্ষ্ম ৰূপত যি যি আছিল , আছে আৰু থাকিব সেই সমস্তই ঈশ্বৰৰ সংবিধান বা নিয়মশক্তিৰ মূৰ্ত্তিমান ৰূপ । এই শক্তিতত্বৰ বাহিৰত একো থাকিব নোৱাৰে আৰু এই শক্তি উলঙ্ঘা কৰি জগতত কোনেও একো কৰিব নোৱাৰে । ভাগৱত শাস্ত্ৰৰ আধাৰত নিজৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰি হৰিদেৱ গুৰুজনাই
কৈছে যে ভগৱান কৃষ্ণ হৈছে ওপৰোক্ত সৰ্বশক্তিমান একক তত্ববস্তুৰ
মূৰ্ত্তিমান ৰূপ। শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিলে আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধিৰ মানুহৰ মনতো
এই তত্বজ্ঞান ক্ৰমান্বয়ে পৰিষ্ফুট হয় ।(আগলৈ)
No comments:
Post a Comment