Explaining the theory on “Ekeshwara” or only one God
Almighty, Guru Haridva tells that there is nothing in the creation except one God
Almighty. We have tried to tell something on this subject in the preceding
post. But from the daily experience of our life we feel that we remain in one
place and the things that we want to possess for fulfillment of our desires
remain in another place outside us. To remove such wrong idea of our mind Guru
Harideva tells that the things of our desire do not remain outside us. These are
attached with us. Everything of the creation is interconnected with each other.
This is like interconnection among the organs of our body. It is said that the
creation is the body of the God Almighty. That is, from the point of view of
God the whole creation is one single body and everything available in the
creation including our own body are various different organs of that grand body. Nothing
of the world remain outside of it. Thus the creation or anything of the
creation cannot be a thing outside us. From the experience of our own body we
know that no organ of a body can remain separated from the body. The foot cannot
be an outer object for the hand. Similarly, our feelings, thoughts, desires, happiness,
sorrow etc. do not remain outside the body. The body includes everything as
above. So, practically we cannot have
desire to possess our own hands, feet , eyes , thoughts, emotions etc. which
are already attached with our body. Similarly, after realizing the fact that the
whole creation is the body of God and there is not a single object outside this
body, the question of desiring anything of the world does not arise. With such
analysis people can realize that there cannot be any object of desire in the
creation. Scriptures tell that immediately after knowing this fact one’s desire
for objects of the world vanishes. Now, the point is, when one feels that there
are separate objects in this world then desire arises in his mind to possess
them. Again, it is difficult for common ignorant people to go to the higher
stages of scriptural knowledge and
convince his mind that the objects surrounding him are already under his
possession like various organs of his own body. In this context Guru Harideva cited
example of the great devotee Prahlada depicted in the Bhagavata and suggests
that when one comes to the shelter or sharana of lord Krishna then his desire
for material objects is automatically converted to desire for knowing God and
this is the easiest way for common people to realize the theory of one God or
Ekasharana. (to be continued)
হৰিদেৱ
গুৰুজনাই কৰা একেশ্বৰ তত্বৰ ব্যাখ্যা প্ৰসঙ্গত ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে
এক ঈশ্বৰত বাহিৰে জগতত অন্য একো বস্তু নাই । কিন্তু দৈনন্দিন জীৱনৰ
অভিজ্ঞতাৰ পৰা আমাৰ মনত সদায় এই প্ৰত্যয় থাকে যে
আমি নিজে এঠাইত অৱস্থান কৰো আৰু নিজৰ সুখ-সুবিধাৰ বাবে যিবিলাক বস্তু পাবলৈ
হাবিয়াস কৰা
হয় সিবিলাক আমাৰ বাহিৰত পৃথকভাৱে থাকে ।আমাৰ মনত সততে বাঁহ লৈ থকা এই ভ্ৰম দূৰ কৰি হৰিদেৱ গুৰুজনাই
যি কথা কৈছে তাৰ অৰ্থ এয়ে যে কাম্য বস্তু
বা আমি পাবলৈ হাবিয়াস কৰা বস্তুসমুহ আমাৰ বাহিৰত নাথাকে। এইসমুহ আমাৰ লগতে সংযুক্ত হৈ থাকে। জগতৰ
সমস্ত
বস্তুৰে ইটোৰ সৈতে সিটোৰ পৰস্পৰ আন্তঃসংযোগ আছে ।সমস্ত
জগতৰ এটা শাৰীৰিক ঐক্য আছে ।কোৱা হৈছে যে জগত ঈশ্বৰৰ
শৰীৰ অৰ্থাৎ
ঈশ্বৰৰ দৃষ্টিকোণৰ পৰা চালে সমগ্ৰ জগত এক শৰীৰ। আকৌ সমগ্ৰ
জগত যিহেতু এটা শৰীৰৰ দৰে আৰু আমি নিজেও সেই শৰীৰৰ এটা অংশ গতিকে ইয়াত ভিতৰ বা
বাহিৰ বুলিবলৈ একো নাই। জগত বা জগতৰ কোনো
ব্স্তু আমাৰ বাবে কোনো বাহ্যিক বস্তু হ’ব
নোৱাৰে।
নিজৰ শৰীৰৰ অভিজ্ঞতাৰ পৰা আমি জানো যে শৰীৰৰ
এটা অঙ্গ অন্য এটা অঙ্গৰ বাবে কোনো বাহ্যিক বস্তু হ’ব
নোৱাৰে ।হাতৰ কাৰণে ভৰি কোনো
বাহ্যিক বস্তু নহয় ।একেদৰে অনূভৱ ,চিন্তা
,ভাৱনা
,কামনা
,বাসনা
ইত্যাদি একোৱে শৰীৰৰ বাহিৰত নাই ।শৰীৰৰ বাহিৰত থকা বস্তুক নিজৰ কৰি লোৱাৰ হেপাহ
থাকিব পাৰে ।কিন্তু আমি আমাৰ নিজৰ হাত
,ভৰি
,চকু
কান ইত্যাদি পৃথক পৃথক অঙ্গ-প্ৰত্যঙ্গক তথা চিন্তা ভাৱনা ইত্যাদি অনভূতিক নিজৰ কৰি
লোৱাৰ বাবে হাবিয়াস কৰাৰ প্ৰশ্ন নুঠে ।ইয়াৰ
কাৰণ অঙ্গ-প্ৰত্যঙ্গসমুহ আৰু চিন্তা ভাৱনা ইত্যাদি আমাৰ শৰীৰৰ লগত এক ।একেদৰে
ব্ৰহ্মাণ্ডও ঈশ্বৰৰ শৰীৰৰ ৰূপত এক আৰু বস্তু বুলি ক’বলৈ
ইয়াৰ বাহিৰত একো নাই ।
এনেদৰে কোনো বস্তু নাই বুলি জ্ঞাত হোৱাৰ পিচত বস্তুৰ প্ৰতি কোনো বাসনাৰ উদ্ভৱ হ’ব
নোৱাৰে ।শাস্ত্ৰত কোৱা হৈছে যি
মুহুৰ্ত্ততে জগতত একো বস্তু নাই বুলি জ্ঞান হয় সেইমুহুৰ্ত্ততে নিজৰ দেহ বন্ধনত বাদে
অন্য সমস্ত
বন্ধন পলকতে শেষ হৈ যায়।এতিয়া কথা হৈছে যে বস্তু আছে বুলি জানিলে ভোগ্য বস্তুৰ প্ৰতি আসক্তি জন্মে। আকৌ
ভোগ্য বস্তু নাই বুলি দৃঢ়তা সহকাৰে বিশ্বাস উৎপন্ন হোৱাৰ বাবে যি জ্ঞান-বিশ্বাসৰ
প্ৰয়োজন হয় সাধাৰণ অল্পজ্ঞানী মানুহ তেনে
জ্ঞান্-বিশ্বাসৰ অধিকাৰী হোৱা সম্ভৱ নহয় । এই প্ৰসঙ্গত গুৰুজনাই ভাগৱতত বৰ্ণিত পৰম ভক্ত প্ৰহ্লাদৰ
উদাহৰণ দি কৈছে যে ভগৱান কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি একান্ত মনে প্ৰাৰ্থনা কৰিলে জগতৰ ভোগ্য বস্তুৰ প্ৰতি থকা মানুহৰ
জন্মগত আসক্তি ভগৱানৰ প্ৰতি আসক্তিলৈ পৰিবৰ্ত্তিত হয় আৰু আমাৰ দৰে সাধাৰণ লোকৰ
বাবে একেশ্বৰ তত্ব বা একশৰণ তত্বৰ তাৎপৰ্য উপলব্ধি কৰাৰ বাবে ইয়ে সহজতম উপায় । (আগলৈ)
No comments:
Post a Comment