Guru Harideva tells that primary , medium and best may be the three stages of shelter or Sharana in God in accordance with
one’s level of knowledge, faith and attitude. Among them the devotees included
in the medium stage can overcome their attachment with wife, children,
relatives and other material possessions
etc. But it is not possible for them to overcome the attachment with their own
body. Guru Harideva further tells that it is very difficult task to overcome this
attachment. This is because, in our practical life we cannot imagine our
existence without a body. If we think for a while we can easily realize that by
the word “I” we mean our body only. We always feel that the body is not “mine”
but it is “me”. The body and soul are very closely attached with each other and
so it becomes practically impossible to imagine that the body and soul are totally different
entities. Because of that almost each people
considers the body as his soul for all practical purpose and remains too much
attached with the body. Analyzing the things in this way Guru Harideva tells
that the attachment with the body is the strongest attachment one can have. He
also suggests that by medium type of surrendering or Sharana a devotee can
develop attachment with Lord Krishna equal to his natural attachment with the body. In Bhagavata it is told that a
devotee in medium stage of surrender or sharana loves God very much, he is
sincere friend of all other devotees of God , he is merciful towards innocent
ignorant people and he shows indifference towards people who disregard God. This
means that a devotee in second stage of shelter or sharana is not free from duality.
Love, friendship, mercy, indifference etc. are various thoughts related to the
body . Those thoughts can arise only in the mind of people who considers the
body as “I” or soul and all other things of the world as separate entities
situated outside him. According to Guru Harideva it is not possible for this
category of devotee to see everything of the world equally or see the presence
of Lord Krishna in everything of the world. But if
one can bring his attachment with Lord Krishna to a level equal to his attachment
with own body then that can also be considered as a great spiritual achievement
. (to be continued)
নিজৰ নিজৰ জ্ঞান, বিশ্বাস আৰু শ্ৰদ্ধাৰ গভীৰতা অনুসৰি
মানুহে প্ৰাথমিক, মধ্যম আৰু উত্তম
– এই তিনি প্ৰকাৰে ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে বুলি হৰিদেৱ গুৰুজনাই কৈছে ।
ইয়াৰ ভিতৰত মধ্যম প্ৰকাৰৰ শৰণ
গ্ৰহণ কৰা ভক্তই স্ত্ৰী-পুত্ৰ- আত্মীয় স্বজন- বিষয় সম্পত্তি আদিৰ মায়া ত্যাগ
কৰিলেও প্ৰাৰব্ধ বশতঃ লাভ কৰা শৰীৰৰ মায়া ত্যাগ কৰিব নোৱাৰে বুলি গুৰুজনাই কৈছে ।
গুৰুজনাই ইয়াকো
কৈছে যে সংসাৰত শৰীৰ
সূত্ৰে সংযোজিত হোৱা স্ত্ৰী-পুত্ৰ- আত্মীয়
স্বজন- বিষয় সম্পত্তি আদি প্ৰিয় বস্তুৰ প্ৰতি আসক্তি ত্যাগ কৰিব পাৰিলেও নিজৰ
শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰা অতি কঠিন। ইয়াৰ কাৰণ হৈছে ব্যৱহাৰিক জীৱনত নিজৰ
শৰীৰৰ পৰা নিজকে পৃথক বুলি কল্পনা কৰা সম্ভৱ নহয় । মই মানে মোৰ এই শৰীৰ – এই কথা আমি সদসৰ্বদা কিমান গভীৰভাৱে
অনুভৱ কৰো তাক অলপ ভাৱি চালেই গম পোৱা যায়। চকু মুদি অলপ ভাৱি চালেই অনুভৱ হয় যে
প্ৰকৃততে শৰীৰটো মোৰ নহয় ,শৰীৰটোৱে মই । শৰীৰৰ লগত চৈতন্য বা আত্মা ইমান ওতঃপ্ৰোতভাৱে জড়িত যে এটা আনটোৰ পৰা পৃথক
বুলি ভাবিবই নোৱাৰি। সেইকাৰণে মানুহে শৰীৰ আৰু আত্মা এক বুলি ভাৱে শৰীৰটোৰ প্ৰতি অতিশয় আসক্ত হয়।
।হৰিদেৱ গুৰুজনাই এই কথা ব্যক্ত
কৰি কৈছে যে নিজ শৰীৰৰ প্ৰতি আসক্তি অন্য সকলো প্ৰকাৰৰ আসক্তিতকৈ অধিক বলবান । লগতে কৈছে যে
নিজ শৰীৰৰ প্ৰতি মানুহৰ যিমান আসক্তি থাকে মধ্যম পৰ্যায়ৰ শৰণ গ্ৰহণ কৰা ভক্তৰ
ভগৱান কৃষ্ণৰ প্ৰতি সেই একে পৰিমাণৰ আসক্তি উৎপন্ন হয়। ভাগৱতত কোৱা হৈছে যে মধ্যম প্ৰকাৰে শৰণ
গ্ৰহণ কৰা ভক্তৰ ঈশ্বৰৰ প্ৰতি প্ৰেম, ঈশ্বৰ বিশ্বাসীৰ প্ৰতি মৈত্ৰীভাৱ , অজ্ঞজনৰ প্ৰতি কৃপা আৰু ঈশ্বৰ বিদ্বেষীৰ প্ৰতি উপেক্ষা ভাৱ
থাকে । ইয়াৰ অৰ্থ হৈছে মধ্যম প্ৰকাৰৰ শৰণ গ্ৰহণ কৰা ভক্তৰ
ভেদজ্ঞান থাকে। প্ৰেম ,মৈত্ৰী , ৰাগ, দ্বেষ , উপেক্ষা ইত্যাদি শৰীৰৰ সৈতে সম্পৰ্কিত ভাৱ।
শৰীৰকে ‘মই’ বা আত্মা বুলি আৰু জগতৰ অন্য সমস্ত বস্তু শৰীৰৰ
বাহিৰত পৃথকভাৱে অৱস্থিত বুলি ভ্ৰান্ত ধাৰণা থকা লোকৰ মনতহে এনে প্ৰকাৰৰ দ্বৈত ভাৱৰ উদয় হোৱা সম্ভৱ।
গুৰুজনাই কৈছে যে শৰীৰ অনিত্য বুলি জানিও অতিশয় মমতাবশতঃ ইয়াকে নিত্য আত্মা
বুলি জ্ঞান কৰা ভক্ত সৰ্বত্ৰতে সমদৃষ্টি
সম্পন্ন হ’ব নোৱাৰে বা তেনে ভক্তই জগতৰ জড়-জীৱ , স্থাৱৰ-জঙ্গম সমস্ততে কৃষ্ণদৰ্শন কৰাত
সক্ষম নহয় । লগতে ইয়াকো কৈছে যে শৰীৰৰ প্ৰতি যেনে আসক্তি থাকে ভগৱান
কৃষ্ণৰ প্ৰতি সেই একে সমানভাৱে আসক্ত হ’ব পৰাটো অতি উচ্চতৰ পৰ্যায়ৰ পাৰমাৰ্থিক প্ৰাপ্তি।
(আগলৈ)
No comments:
Post a Comment