Guru Harideva says
that God is the ultimate spiritual master or Param Guru. But it is difficult for common people like us to
understand this point. This is because God cannot be seen with our eyes. We
cannot know God with the help of our senses of knowledge or by any other means
available with us . In actuality the purpose of the spiritual practice that we
perform is for knowing God who is situated beyond our mind, speech and other
senses. The only way of knowing God is through the descriptions contained in the
Vedas and the Vedic scriptures. Again it is not possible for common ignorant
people like us to understand the
contents of the scriptures correctly . So, Guru Harideva suggests that one
should accept “Acharya" as his Guru
at the initial stage of spiritual practice. “Acharya” means a prominent religious
teacher and spiritual guide . Guru Harideva in his writing listed the essential
qualities of an Acharya and suggests his disciples to select an Acharya as his Guru who
possesses those qualities . He also suggests that once an Acharya is selected as Guru, the
disciple should consider him as representative of God and treat him as like as God in all respect . After going through this
suggestion the following question may arise in our mind. The Acharya selected
by disciple as his Guru resides in this material world as like as the disciple.
Both are human beings. Under such condition how an Acharya can guide his disciple in the
spiritual path leading towards God? Answering this question Guru Harideva says
that a blind man cannot guide another blind man through a correct and safe path . But a man having eye sight can do that easily.
Similarly a competent Acharya correctly understand the knowledge and
suggestions contained in the Vedic Scripture. Such an Acharya also possesses
experience regarding practical application of those scriptural knowledge and
instructions. So he can correctly guide his disciple in the spiritual path .
Analyzing the things as above Guru Harideva suggests that one should be very
careful in choosing his Spiritual Master or Guru. (to be continued)
হৰিদেৱ
গুৰুজনাই কৈছে যে পৰমেশ্বৰ আমাৰ পৰম গুৰু ।কিন্তু এই কথা
সাধাৰণ মানুহে বুজি পোৱা সম্ভৱ নহয় ।ইয়াৰ কাৰণ হৈছে ঈশ্বৰক আমি চকুৰে দেখা নাপাওঁ।জ্ঞানেন্দ্ৰিয় বা ইহজগতত আমাৰ হাতত থকা অন্য কোনো উপায়েৰে ঈশ্বৰক
জনা সম্ভৱ নহয় । আচল কথা হৈছে মানুহৰ
বাক্য-মন-বুদ্ধিৰ অতীত পৰমেশ্বৰক জানিবৰ বাবেহে পাৰমাৰ্থিক সাধনা কৰাৰ প্ৰয়োজন হয়
।কোৱা হৈছে যে ঈশ্বৰৰ বিষয়ে জনাৰ একমাত্ৰ উপায় বেদ আৰু বৈদিক শাস্ত্ৰসমুহত ঈশ্বৰ সম্পৰ্কত
দিয়া বৰ্ণনা সমুহৰ অধ্যয়ন বা শ্ৰৱণ। আনহাতে আমাৰ দৰে সাধাৰণ মানুহৰ বাবে শাস্ত্ৰত
লিখা কথা শুদ্ধভাৱে বুজি পোৱা সম্ভৱ নহয়। সেয়েহে হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে
পাৰমাৰ্থিক সাধনাৰ প্ৰাৰম্ভিক পৰ্যায়ত আচাৰ্যক গুৰু হিচাপে গ্ৰহণ কৰিব লাগে ।আচাৰ্য
হৈছে পাৰমাৰ্থিক বিষয়ৰ পূৰ্ণজ্ঞান সম্পন্ন শিক্ষক আৰু অতিশয় বিশ্বাসযোগ্য উপদেষ্টা । গুৰুজনাই তেওঁৰ লিখনিত গুৰু হিচাপে নিৰ্বাচনযোগ্য
আচাৰ্যৰ লক্ষণ বৰ্ণনা কৰাৰ লগতে তেনে লক্ষণ সম্পন্ন আচাৰ্যকহে গুৰু হিচাপে গ্ৰহণ
কৰাৰ বাবে শিষ্যক পৰামৰ্শ দিছে । তেওঁ লগতে কৈছে যে গুৰু হিচাপে গ্ৰহণ কৰা
আচাৰ্যক ঈশ্বৰৰ প্ৰতিনিধি হিচাপে গণ্য কৰিব লাগে আৰু সকলো ফালৰ পৰা ঈশ্বৰ হিচাপে
মান্যতা প্ৰদান কৰিব লাগে। হৰিদেৱ গুৰুজনাৰ ওপৰোক্ত উপদেশ সম্পৰ্কত চিন্তা কৰিলে
তলত দিয়া প্ৰশ্ন আমাৰ মনলৈ আহে । ইহ জগতৰ শিষ্যই গুৰু হিচাপে গ্ৰহণ কৰা আচাৰ্যজন একেখন বৈষয়িক জগততে বাস কৰে। আচাৰ্য আৰু শিষ্য উভয়ে মানৱ । তেনে স্থলত এজন আচাৰ্যই কিদৰে
তেওঁক শিষ্যক ঈশ্বৰ লাভৰ পথ প্ৰদৰ্শন কৰিব পাৰে?এই প্ৰশ্নৰ উত্তৰ দি গুৰুজনাই কৈছে যে
এজন অন্ধ ব্যক্তিয়ে অন্য এজন অন্ধ ব্যক্তিক সঠিক আৰু নিৰাপদ পথেৰে লৈ যাব নোৱাৰে ।
কিন্তু চকুৰে দেখা পোৱা এজন ব্যক্তিয়ে ৰাস্তা -ঘাট স্পষ্টভাৱে দেখা পোৱাৰ বাবে সেই
কাম সহজে কৰিব পাৰে। একেদৰে এজন উপযুক্ত আচাৰ্যই
শাস্ত্ৰত সন্নিবিষ্ট জ্ঞান আৰু উপদেশ
শুদ্ধভাৱে বুজি পায়। শাস্ত্ৰীয় জ্ঞান আৰু
উপদেশ ব্যৱহাৰিক ভাৱে প্ৰয়োগ কৰাৰ অভিজ্ঞতাও তেনে আচাৰ্যৰ থাকে । সেই কাৰণে উপযুক্ত
আচাৰ্যই শিষ্যক ঈশ্বৰলাভৰ শুদ্ধ পথ
প্ৰদৰ্শন কৰিব পাৰে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ
গুৰুজনাই কৈছে যে পাৰমাৰ্থিক গুৰু
নিৰ্বাচনৰ বেলিকা অতিশয় সাৱধানতা অৱলম্বন কৰা উচিত।(আগলৈ)
No comments:
Post a Comment