Guru Harideva says that a
spiritual master or Guru should reside in hermitage. This arrangement is
necessary for providing proper environment for spiritual education and practice
to the Guru and his disciples. From
our day to day experience also we see that a place inhabited by general
house holders remains polluted with various types materialistic speech,
thoughts and activities. It is really
difficult to create a spiritual atmosphere in a place inhabited by people not having any urge for spirituality . Based on such experience the
ancient sages established hermitage away from public habitations and resided
there . In the Vedic Scriptures we get stories of
Gurus who were married. They used to live with
their wife and children in hermitage away from public habitations. Guru
Harideva himself lived in a hermitage with his wife, children and disciples. It
is told that Guru Haridev left the first Satra established by him at Bahari because
of increased number of population at that place. He established a hermitage
three kilometers away from his original Satra institution at Bahari and lived
there like a sage of the Vedic age till
his death. Describing other necessary qualifications of a spiritual teacher Guru Harideva says that the spiritual master should be well versed in the original Vedic Hymns. He should have
thorough knowledge of the practical aspects of the Vedic traditions contained
in the Vedic Scriptures. Moreover, each and every person in the society possesses
unique characteristics. All of them have their own personality, expertise in
different field of work ,different pattern of behavior , taste , way of
expression etc. These differences manifest as
per will of God or as per necessity and rules of nature. A Guru should be able
to acknowledge the uniqueness of each of his disciples. He should tolerate
individual specialty of each disciple at the initial stage. After that the Guru
should try to correct the disciples by pointing out the deficiencies noticed in
them by polite and patience persuasion. The corrective measure adopted by the Guru
should be attractive to the mind of the disciple. Otherwise, the disciple may
not be interested in accepting the corrective measures suggested by the Guru
and under such condition the disciple may treat the Guru as his enemy. (to be
continued)
হৰিদেৱ গুৰুজনাই কৈছে যে পাৰমাৰ্থিক গুৰু আশ্ৰমবাসী হ’ব লাগে । শিষ্যক পাৰমাৰ্থিক
জ্ঞান দিয়া আৰু সেই অনুসৰি সাধনা কৰাৰ শিক্ষা প্ৰদান কৰাৰ বাবে এই ব্যৱস্থা অতীব
প্ৰয়োজনীয় ।আমাৰ নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰাও দেখা যায় যে সাধাৰণ গৃহস্থী লোকৰ বাসস্থানৰ
পৰিবেশ নানা ধৰণৰ বৈষয়িক কথা-বতৰা , চিন্তা-চৰ্চা
আৰু কাৰ্য-কলাপৰ দ্বাৰা প্ৰদূষিত
হৈ থাকে। পাৰমাৰ্থিক চিন্তা-চৰ্চাৰ প্ৰতি একেবাৰে আগ্ৰহ হীন লোকেৰে পৰিপূৰ্ণ
স্থানত আধ্যাত্মিক পৰিবেশ গঢ়ি তোলা অত্যন্ত কঠিন কাম । এই কথা বিবেচনা কৰিয়ে
প্ৰাচীন কালৰ ঋষি মুনি সকলে সাধাৰণ লোকৰ জন বসতিৰ পৰা দূৰত আশ্ৰম পাতি বাস কৰিছিল
। শাস্ত্ৰত এনে বহু
ঋষি-মুনিৰ কাহিনী আছে যিসকলে বিয়া বাৰু কৰাইছিল । তেওঁলোকে জন সমাগমৰ পৰা দূৰত আশ্ৰম পাতি নিজৰ
স্ত্ৰী-সন্তানৰ সৈতে বসবাস কৰিছিল ।হৰিদেৱ গুৰুজনাই নিজেও স্ত্ৰী-পুত্ৰ-কন্যাৰ সৈতে আশ্ৰমত বাস কৰিছিল । কোৱা হৈছে যে নিজে প্ৰথমে স্থাপন
কৰা বহৰি সত্ৰৰ আশেপাশে জনসমাগম বৃদ্ধি পোৱা হেতুকে গুৰুজনাই সেই স্থান ত্যাগ
কৰিছিল । তেওঁ বহৰিৰ পৰা তিনি-চাৰি কিঃ মি: দূৰৰ মানেৰীত আশ্ৰম পাতিছিল আৰু তাতে মৃত্যু কাল পৰ্যন্ত বৈদিক
কালৰ ঋষি-মুনিৰ দৰে বসবাস কৰিছিল। পাৰমাৰ্থিক গুৰুৰ অন্যান্য যোগ্যতাৰ বিষয়ে
উল্লেখ কৰি গুৰুজনাই কৈছে যে বেদ মন্ত্ৰ আৰু বৈদিক শাস্ত্ৰ সমুহত বৰ্ণিত ব্যৱহাৰিক
বেদবিহিত নিয়ম-পৰম্পৰা সম্পৰ্কে শুদ্ধ জ্ঞান গুৰুৰ থাকিব লাগে। তদুপৰি সমাজৰ প্ৰত্যেকজন ব্যক্তিৰে
নিজস্ব বৈশিষ্ট থাকে। প্ৰত্যেক ব্যক্তিৰ ব্যক্তিত্ব,কৰ্মৰ ধৰণ-কৰণ আৰু দক্ষতা,আচাৰ-ব্যৱহাৰ ,ৰুচি-অভিৰুচি, কথা-বতৰা ইত্যাদি পৃথক পৃথক। ঈশ্বৰৰ
ইচ্ছা অথবা প্ৰকৃতিৰ নিয়ম আৰু প্ৰয়োজন অনুসৰি এনে হয়। প্ৰত্যেকজন শিষ্যৰ নিজস্ব
বৈশিষ্টৰ বিষয়ে গুৰু অৱগত থাকিব লাগে আৰু প্ৰথম অৱস্থাত শিষ্যৰ নিজস্ব বৈশিষ্ট সমূহৰ প্ৰতি সহনশীল হ’ব লাগে। ইয়াৰ পিছৰ
পৰ্যায়ত অতি নম্ৰতা আৰু ধৈৰ্য সহকাৰে দোষ-ত্ৰুটি সমুহ আঙুলিয়াই দি শিষ্যক সংশোধন কৰাৰ চেষ্টা কৰিব লাগে। সংশোধনী
প্ৰক্ৰিয়া শিষ্যৰ মনঃপুত হোৱাকৈ নিৰ্ধাৰণ কৰিব লাগে । অন্যথা শিষ্যই নিজৰ
দোষ-ত্ৰুটী সংশোধন কৰাৰ বাবে ইচ্ছুক ন’হব পাৰে আৰু
অনিচ্ছুক শিষ্যক বাৰে বাৰে সংশোধন কৰাৰ চেষ্টা কৰিলে শিষ্যই গুৰুক শত্ৰুজ্ঞান কৰাৰ
সম্ভাৱনা উদয় হয়।(আগলৈ)
No comments:
Post a Comment