Guru Harideva says that
a competent spiritual master or Guru is as powerful as God Almighty. He further
says that the spiritual Guru can save his disciple even from the wrath of Lord
Siva. On the other hand, Lord Siva or no other God-Goddess can save one if his
Guru becomes wrathful upon him. This fact has been explained in Bhagavata and
other Vedic Scriptures through life stories of various characters. It is also said by Guru Harideva that the
material world where we live is as like
as the world that we encounter in the dream state. That is, the dream world and
the material world are temporary and untrue. It is true that the Guru and the
disciple are residents of the same material world. But there is difference
between them. In this material world the
Guru is as like as a roaring lion and we, the ordinary people live here as like
as people in the dream state. All of us have experience of dream world. For
certain part of every day, we enter into the dream world. After entering into
the dream state, we become unable to control anything encountered in the dream world
by our own effort. We become bound to
surrender to each and every situation encountered in the dream world. We become
bound to enjoy the happiness and sorrow of that world without having any alternate
choice from our part. For example, if a person feels hungry in dream state. he
has to eat whatever dream food is found available in that world. No food available
in the waking world can enter into the dream world. This observation is true in
case of each and everything pertaining to the two worlds, that is, nothing from
waking world can enter into the dream world and vice versa. Now, if the
sleeping person is forced to wake up, then he comes out from the bondage of the
dream world immediately. In a similar way a person comes out from the bondage
of the material world immediately after entering into the spiritual world. A
person becomes very much afraid and wakes
up from sleep when a furious roaring
lion chases him in the dream state . Here everything encountered in the dream
world are false. But the feeling of fear, awakening from sleep and becoming
free from fearful experience of dream world are true. In a similar way a
disciple is enlightened by competent Guru through teachings, guidance and disciplinary injunctions and promotes him from temporary and imaginary state of life to a permanent and real state of life. (to be
continued)
হৰিদেৱ গুৰুজনাই কৈছে যে উপযুক্ত পাৰমাৰ্থিক শিক্ষক বা গুৰু আৰু পৰমেশ্বৰ উভয়ে সমান শক্তিশালী। লগতে কৈছে যে ভগৱান শিৱৰ কোপদৃষ্টিৰ পৰাও গুৰুৱে শিষ্যক উদ্ধাৰ কৰিব পাৰে । কিন্তু কোনো শিষ্যৰ ওপৰত গুৰু ৰুষ্ট হ’লে কোনো দেৱী-দেৱতাই সেই শিষ্যক উদ্ধাৰ কৰিব নোৱাৰে ।ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত বিভিন্ন চৰিত্ৰৰ কাহিনীৰ মাধ্যমত এই কথা সবিস্তাৰে বুজাই দিয়া হৈছে । গুৰুজনাই কৈছে যে যিখন দৃশ্যমান বৈষয়িক জগতত আমি বাস কৰো সেইখন জগত আৰু সপোন দেখা কালত আমি বিচৰণ কৰা জগতখনৰ মাজত কোনো পাৰ্থক্য নাই । দুয়োখন জগত অস্থায়ী আৰু অসত্য ।এই কথাও সঁচা যে গুৰু আৰু শিষ্য উভয়ে একেখন দৃশ্যমান বৈষয়িক জগততে বাস কৰে । কিন্তু উভয়ৰে মাজত পাৰ্থক্য আছে ।জগতত গুৰুৰ স্থিতি গৰ্জন কৰি থকা সিংহৰ দৰে আৰু আমাৰ দৰে সাধাৰণ লোকৰ স্থিতি সপোন দেখি থকা মানুহৰ দৰে ।সপোন দেখাৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে। প্ৰতিটো দিনৰ একাংশ সময় আমি সপোন ৰাজ্যত বিচৰণ কৰো ।সপোনত দেখা একো বস্তু বা ঘটনাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে। সপোন দেখা কালছোৱাত সপোন ৰাজ্যত সন্মুখীন হোৱা সকলো পৰিবেশ পৰিস্থিতিৰ ওচৰত আত্মসমৰ্পণ কৰা আৰু তাৰ পৰা পোৱা সুখ-দুখৰ অভিজ্ঞতা ভোগ কৰাত বাদে আমাৰ হাতত অন্য কোনো বিকল্প উপায় নাথাকে । উদাহৰণ স্বৰূপে সপোনত ভোক লাগিলে আমি স্বপ্ন ৰাজ্যৰ যি খাদ্য আমাৰ ওচৰত হাজিৰ হয় তাকে খাবলৈ আমি বাধ্য হওঁ ।দিঠক জগতৰ কোনো খাদ্যবস্তু সপোন ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। দিঠক জগত আৰু স্বপ্ন জগতৰ সকলো বস্তু আৰু ঘটনাৰ ক্ষেত্ৰতে এই কথা সত্য অৰ্থাৎ এখন জগতৰ একো বস্তু অন্যখন জগতত প্ৰৱেশ কৰিব নোৱাৰে । কিন্তু শুই থকা ব্যক্তিক টোপনিৰ পৰা জগাই দিলে তেওঁ সপোন জগতৰ বন্ধনৰ পৰা মুক্তি লাভ কৰে । একেদৰে পাৰমাৰ্থিক জগতত প্ৰৱেশ কৰা ব্যক্তিও বৈষয়িক জগতৰ বন্ধনৰ পৰা মুক্ত হয়। সপোনত দেখা পোৱা সিংহই গুজৰি-গুমৰি খেদি অহা দেখিলে মানুহ ভয়ত কম্পমান হৈ টোপনিৰ পৰা সাৰ পায় আৰু লগে লগে স্বপ্নজগতৰ বন্ধনৰ পৰা মুক্ত হয় । ইয়াত সপোনত দেখা সকলো বস্তু আৰু ঘটনা অসত্য । কিন্তু ভয়ৰ অনুভূতি, টোপনিৰ পৰা সাৰ পোৱা আৰু স্বপ্ন জগতৰ বান্ধোনৰ পৰা মুক্ত হোৱাটো সঁচা । একেদৰে ইহজগতৰ গুৰুৰ শিক্ষা, উপদেশ আৰু অনুসাশনে শিষ্যক সঁচা অৰ্থত সংসাৰ বন্ধনৰ পৰা মুক্ত কৰি পাৰমাৰ্থিক জগতত প্ৰৱেশ কৰাই দিব পাৰে ।(আগলৈ)
No comments:
Post a Comment