Thursday, 27 October 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-145 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৪৫)

 

Guru Harideva says that the soul inside us is also the soul of all other bodies manifested in the creation. That is, there is only one soul or Atma in the creation . To make people understand this fact the soul inside of an individual body is called soul and the same soul present in the entire creation is called Super Soul or Paramatma or Parameshwara . Or simply it can is said that   the Soul and  the Super Soul is one and  same . That is, the God present in us as controller of our individual body and the God present in the creation as controller of each and everything of the entire creation is one and same. Also, it is said that God is present outside the created bodies in the creation and also beyond the creation. Explaining it  Bhagavata says that the great elements namely earth, water, air, fire and ether are available in the all kinds of bodies like sun, moon, stars, sea, mountain, all other living and non-living entities . At the same time those basic elements are available as free elements without being constituent  part of the bodies . In a similar way God or Super Soul  enters into all kinds of bodies mentioned  above and remains outside the bodies covering the entire space of the creation . That is , no  vacant space can exist in the creation without presence of God in it . Further explaining this fact the scriptures tell that if an empty pot is kept immersed in a pond of water  then there will be water at both inside and outside of the pot . In a similar way God is available at both inside and outside of us. Or we can say that we exist in the creation as an  immersed pot  in an unimaginably vast ocean fully pervaded  by God . According to Guru Harideva this all pervading  entity  which controls each  and everything in the creation both from inside and outside without being involved  with  anything of them is named as Lord Krishna  in the Bhagavata.  The Bhagavata also elaborately explains the above facts through various different stories to make the points legible for common people. Analyzing the things as above Guru Harideva suggests that  a spiritual master or Guru who can fully and correctly explain  those theories  contained in the Bhagavata to his disciples is considered as a competent Guru   . (to be continued )

হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ শৰীৰৰত যি আত্মা বিৰাজমান সেই একে আত্মা জগতৰ অন্য সমস্ত শৰীৰৰতো বিদ্যমান। অৰ্থাৎ সমগ্ৰ জগতত থকা ক্ষুদ্ৰ‌-বৃহৎ, স্থাৱৰ-জঙ্গম  অসংখ্য প্ৰকাৰৰ অসংখ্য সংখ্যক শৰীৰত এক আত্মা বিদ্যমান । সাধাৰণ মানুহৰ বুজাৰ সুবিধাৰ্থে এটা শৰীৰত বিৰাজমান  আত্মাক  আত্মা বুলি কোৱা হয় আৰু জগতৰ প্ৰত্যেক  শৰীৰত বিৰাজমান  এক আত্মাক  পৰমাত্মা বা পৰমেশ্বৰ বুলি কোৱা হয় । অথবা সৰলভাৱে ইয়াকে কোৱা যায় যে  আত্মা আৰু পৰমাত্মা এক আৰু একক । যি আত্মা বা ঈশ্বৰে শৰীৰৰ ভিতৰত থাকি আমাৰ এই ক্ষুদ্ৰ শৰীৰ নিয়ন্ত্ৰণ কৰি আছে সেই একে আত্মা বা একে জন ঈশ্বৰে সৃষ্টিৰ অন্তৰ্গত সমস্ত শৰীৰৰ অভ্যন্তৰত থাকি সকলোকে নিয়ন্ত্ৰণ কৰি আছে। ইয়াৰ উপৰিও জগতত সৃষ্ট শৰীৰ সমুহৰ বাহিৰত আৰু সৃষ্টিৰ উৰ্দ্ধতো সেই এক আত্মা বা একেজন ঈশ্বৰ বিৰাজমান। ভাগৱতত এই কথা বুজাই দি  কোৱা হৈছে যে   অকাশ , বায়ু , অগ্নি ,জল আৰু পৃথ্বী – এই পঞ্চমহাভূত  জগতৰ চন্দ্ৰ-সূৰ্য , গ্ৰহ-নক্ষত্ৰ , পৰ্বত-সমুদ্ৰ তথা জগতৰ  সমস্ত প্ৰাণী আৰু জড় শৰীৰত থকাৰ উপৰিও শৰীৰ সমুহৰ বাহিৰত মুক্ত অৱস্থাতো থাকে। একেদৰে পৰমেশ্বৰ বা পৰমাত্মা জগতৰ ক্ষুদ্ৰ-বৃহৎ প্ৰতিটো শৰীৰত প্ৰৱেশ কৰাৰ উপৰিও জগতৰ সৰ্বত্ৰ আৰু জগতৰ উৰ্দ্ধত কোনো শৰীৰৰ সৈতে সংযুক্ত নোহোৱাকৈও থাকে ।ইয়াৰ অৰ্থ হৈছে সৃষ্টিৰ ভিতৰত আৰু সৃষ্টিৰ বাহিৰত এনে কোনো খালী স্থান নাই যত ঈশ্বৰ নাই  । কথাখিনি অন্য প্ৰকাৰে ব্যাখ্যা কৰি শাস্ত্ৰত কোৱা হৈছে যে যদি এটা খালী পাত্ৰ পানীৰে ভৰা পুখুৰীত ডুবাই ৰখা হয় তেন্তে পাত্ৰটোৰ ভিতৰখন পানীৰে ভৰাৰ উপৰিও বাহিৰখনো পানীয়ে আৱৰি ৰাখে। একেদৰে ঈশ্বৰ আমাৰ শৰীৰৰ ভিতৰ আৰু বাহিৰ উভয়কে আৱৰি আছে। যিদৰে মহাসমুদ্ৰত পানী সকলো স্থানতে অবিছিন্নভাৱে থাকে সেই একেদৰে সৰ্বব্যাপ্ত ঈশ্বৰ  সৃষ্টিৰ সৰ্বত্ৰতে অবিচ্ছিন্ন ভাৱে  বিৰাজমান ।  সৃষ্টিত আমাৰ দৰে জীৱৰ  স্থিতি মহা সমুদ্ৰৰ পানীত ডুবাই ৰখা পাত্ৰৰ নিচিনা অৰ্থাৎ  ঈশ্বৰ আমাৰ শৰীৰৰ  বাহিৰ-ভিতৰ উভয়তে পৰিব্যাপ্ত হৈ আছে ।হৰিদেৱ গুৰুজনাই কৈছে যে  জগতৰ সমস্ততে প্ৰবেশ কৰি আৰু একে সময়তে ইবিলাকৰ  বাহিৰতো থাকি  বাহিৰ আৰু ভিতৰ উভয় ফালৰ পৰা সমস্তকে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰি থকাৰ উপৰিও ইবিলাকৰ পৰা মুক্ত অৱস্থাত বিৰাজমান  ওপৰোক্ত সৰ্বব্যাপ্ত আৰু নিৰ্লিপ্ত তত্বকে ভাগৱতত ভগৱান শ্ৰীকৃষ্ণ নামেৰে অভিহিত কৰা হৈছে । ভাগৱতত বিভিন্ন কাহিনীৰ মাধ্যমত এই জটিল তত্ব জনসাধাৰণে বুজিব পৰাকৈ ব্যাখ্যা কৰা হৈছে । কথা বিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱতত বৰ্ণনা কৰা ওপৰোক্ত তত্বসমুহ  শিষ্যক যথাযথভাৱে বুজাই দিব পৰা ব্যক্তি পাৰমাৰ্থিক গুৰু হোৱাৰ  যোগ্য । ( আগলৈ)    

No comments:

Post a Comment