In most of our families there is a family doctor . Whenever some member of our family becomes ill , the family doctor is called first . He makes the first check up and starts treatment. If the disease is under his control then the mater ends there. Otherwise he advises us for hospitalization or he points out some other expert doctor for consultation and further treatment. Generally those family doctors were kept engaged since before our birth by our father or some of the forefathers prior to him. If situation arises we engage a new family doctor after consultation with the previous family doctor as far as possible. If we go through this process, then we find that due to long association the family doctor knows our family background ,food habit , health history , social and economic background and all other details related to health problem of each and every member of the family . So it becomes easier for him to extend suitable and fruitful health service to the family. Based on this observation we can try to understand the ideas of family priest , family deity , family Guru and so on . In scriptural terms the family priest is called “Kula Purohit” , the family deity is called “ Kula Devata” and the family preceptor is called “Kula Guru” . An original Kula Guru is a person who is regarded to be the preceptor for several generations of a family. Starting from the original acceptance by one of the family forefathers, the later generation people of that generation consider him as their original Kula Guru. After death of the original Kula Guru his son or any other descendent from his family or any of his nominated disciple becomes the Kula Guru of that family and this tradition continues generation by generation . In this way due to direct and indirect long time association with the affairs of the family prior to taking over the responsibilities of a Kula Guru , the kula Guru of a family becomes familiar with the genealogical records, tradition, custom, interests, habits, spiritual practice etc. pertaining to each members of that family. Hence it is expected that a kula Guru is the most competent and reliable person for correct guidance of each member of a family in the path of spiritualism. Analyzing the facts as above Guru Harideva suggests that a disciple should not abandon the original Kula Guru of his family line and the Kula Guru who represents the originally accepted Kula Guru during his own life period . (to be continued)
সৰহভাগ পৰিয়ালে একো একোজন চিকিৎসকক পাৰিবৰিক চিকিৎসক হিচাপে নিৰ্বাচিত কৰি ৰাখে । পৰিয়ালৰ কোনো লোকৰ ৰোগ হ’লে প্ৰথমে পাৰিবাৰিক চিকিৎসকক দেখুওৱা হয়। তেওঁ প্ৰথমে ৰোগীক চাইচিতি চিকিৎসা আৰম্ভ কৰে । তেওঁৰ চিকিৎসাত ৰোগ ভাল হ’লে কথা সিমানতে অন্ত পৰে । অন্যথা সেইজন চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি ৰোগীক কোনো হাস্পতালত ভৰ্ত্তি কৰা হয় অথবা অন্য কোনো বিশেষজ্ঞ চিকিৎসকক দেখুওৱা হয়। সাধাৰণতে পাৰিবাৰিক চিকিৎসকজন দেউতা বা ককাদেউতাৰ দিনৰে পৰা থাকে । কিবা কাৰণবশতঃ পাৰিবাৰিক চিকৎসক সলনি কৰিবলগীয়া হ’লে আগৰজনৰ পৰামৰ্শ লৈয়ে তেনে কৰা হয় । ওপৰোক্ত নিয়ম সম্পৰ্কে চিন্তা কৰি চালে দেখা যায় যে দীৰ্ঘকাল জুৰি একোটা পৰিয়ালৰ সৈতে যুক্ত হৈ থকা হেতুকে পাৰিবাৰিক চিকিৎসকে সেই পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ শাৰীৰিক মানসিক অৱস্থা , খাদ্যাভ্যাস , স্বভাৱ-চৰিত্ৰ আৰু স্বাস্থ্যৰ সৈতে সম্পৰ্কিত প্ৰায় সকলো কথাকে জানে । সেই কাৰণে তেওঁ সহজে আৰু সুচাৰূ ৰূপে নিজৰ দায়িত্ব পালন কৰিব পাৰে ।ওপৰোক্ত কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি একো একোটা পৰিয়ালৰ পাৰিবাৰিক গুৰু, পুৰোহিত , উপাস্য দেৱতা , ইত্যাদি সম্পৰ্কে ধাৰণা কৰিব পাৰোঁ। শাস্ত্ৰীয় ভাষাত পাৰিবাৰিক পুৰোহিতক কূল পুৰোহিত , পাৰিবাৰিক উপাস্য দেৱতাক কূল দেৱতা আৰু পাৰিবাৰিক গুৰুক কূল গুৰু বুলি কোৱা হয় । অতীত কালত এটা পৰিয়ালৰ কোনো এজন পূৰ্বপুৰুষে যিজন লোকক মূল গুৰু হিচাপে মান্যতা দি গৈছে তেওঁ পুৰুষ -পুৰুষানুক্ৰমে সেই পৰিয়ালৰ অতীত আৰু বৰ্ত্তমান সকলো সদস্যৰে মূল কূল গুৰু বুলি ধৰা হয় । কালৰ গতিত মূল কূলগুৰুৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুত্ৰ বা সেই বংশৰ অন্য লোক বা মূল কূল গুৰুৰ দ্বাৰা আজ্ঞাপ্ৰাপ্ত শিষ্য আৰু সেই শিষ্যৰ বংশধৰ কোনো লোক একো একোটা পৰিয়ালৰ কূলগুৰু হোৱাটো পৰম্পৰাত পৰিণত হয় । ওপৰোক্ত প্ৰকাৰে অৰ্থাৎ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এটা পৰিয়ালৰ সৈতে পুৰুষানুক্ৰমে দীৰ্ঘকাল ধৰি সংযোজিত হৈ থকাৰ ফলত কূল গুৰুজনে সেই পৰিয়ালৰ প্ৰাচীন বংশলতা , পৰিয়ালৰ সদস্যসকলৰ ৰুচি-অভিৰুচি , পৰম্পৰা , আচাৰ-ব্যৱহাৰ , ধৰ্মীয় পৰম্পৰা , পাৰমাৰ্থিক বিষয়ৰ অগ্ৰগতি ইত্যাদিকে ধৰি প্ৰায় সকলো বিষয় জানিব পাৰে ।সেয়েহে তেনে এজন কূল গুৰুৱে এটা পৰিয়ালৰ প্ৰত্যেকজন সদস্যকে পাৰমাৰ্থিক পথত শুদ্ধভাৱে আগ বঢ়াই নিব পাৰে বুলি ধৰিব পাৰি । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে শিষ্যই নিজৰ বংশৰ পূৰ্বপুৰুষে গ্ৰহণ কৰা মূল কূল গুৰু আৰু নিজৰ জীৱন কালত সেই মূল গুৰুক প্ৰতিনিধিত্ব কৰি থকা প্ৰত্যক্ষ কূল গুৰুক ত্যাগ কৰা অনুচিত। (আগলৈ)
No comments:
Post a Comment