Guru Harideva
tells that there can not be anything dearer to us than God or the soul inside
us. Bhagavata tells that our most beloved soul always remains
with us as consciousness of our body and that soul or consciousness is Lord Krishna. Based
on that observation of Bhagavata Guru
Harideva tells that Lord Krishna is our soul and he is the object of our
supreme love and affection. Now, Lord Krishna or the soul may be the object of
our supreme love, but practically there are so many things that we love more or
less . Money, property, wife, children and
many other things bring happiness and comfort to our body-mind complex and so we love them .Again, our love for
those things is proportionate to the amount of happiness generated by
them, that is , our love for the things
that bring more happiness and comforts to us is also more . In this context the
scriptures tell that unless we transfer our own selfness to certain other thing
we can not love that thing. To make the point clear we can think like this. We
transfer our selfness to our body and hence we love our body very much. As a
result of that we become bound to feel happiness and sorrow in accordance with
the comforts and discomforts faced by our body. The
mother transfers her own selfness to her son and so she loves her son very
much. Because of that she becomes bound
to enjoy happiness and sorrow in accordance with the happiness and sorrow
enjoyed by her son. In this way our own selfness gets distributed among the
things of our love and affection and we go on enjoying the happiness and sorrow
of the material world transferred to us through them . In this process we
forget our own self or the soul inside us. That is , we forget the presence of
Lord Krishna who remains with us as our consciousness at all times and under
all conditions of life. Explaining the things as above Guru Harideva tells
that after attainment of self
–realization or “Atmajnana” people can realize this truth and can come out from
such miserable situation of life . He also suggests that for common ignorant
people like us surrendering to lord Krishna, that is, coming to the shelter or “Sharana”
of God is the only way of attainment of self-realization. ( to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে আত্মা বা ঈশ্বৰ
প্ৰিয়তম অৰ্থাৎ অন্য কোনো বস্ত ঈশ্বৰ বা
আত্মাতকৈ অধিক প্ৰিয় হ’ব নোৱাৰে । ভাগৱতত কোৱা হৈছে ভগৱান কৃষ্ণ সমস্ত শৰীৰতে চৈতন্যৰূপে সদা সৰ্বদা বিৰাজমান ঈশ্বৰ
বা আত্মা ।নিজৰ
অগাধ ভগৱত জ্ঞানৰ ভিত্তিত হৰিদেৱ গুৰুজনাইও কৈছে যে কৃষ্ণ প্ৰিয়তম
আত্মা । এতিয়া কথা হৈছে আত্মা বা
কৃষ্ণ প্ৰিয়তম হ’লেও জগত
সংসাৰত এনে অনেক বস্তু আছে যিসমুহ কম বেছি
পৰিমাণে আমাৰ প্ৰিয়। বিষয়-বস্তু, ধন -সম্পদ , স্ত্ৰী – পুত্ৰ-
কন্যা আদি অনেক প্ৰকাৰৰ বস্তু তথা সা-সম্পৰ্ক আমাৰ প্ৰিয় । জগতৰ
যিবিলাক বস্তুৱে আমাক শাৰীৰিক বা মানসিক সুখ স্বাচ্ছন্দ্য প্ৰদান কৰে সেইবিলাক
আমাৰ প্ৰিয়।যি বস্তুৱে আমাক অধিক পৰিমাণৰ
সুখ-আনন্দ দিব পাৰে সেই বস্তু আমাৰ অধিক প্ৰিয়। এই প্ৰসঙ্গত শাস্ত্ৰত কোৱা হৈছে যে যেতিয়ালৈকে কোনো বস্তুৰ ওপৰত আমি আমাৰ নিজৰ আত্মত্ব আৰোপ নকৰো তেতিয়ালৈকে আমি তাক
ভাল পাব নোৱাৰো ।কথাখিনি বুজিবৰ বাবে আমি এনে ধৰণে চিন্তা কৰি চাব পাৰো ।শৰীৰৰ ওপৰত আমাৰ
নিজৰ আত্মত্ব আৰোপ কৰা হয় কাৰণে শৰীৰ আমাৰ অতিশয় প্ৰিয়। তাৰ ফল স্বৰূপে আমি শৰীৰৰ সুখত
সুখ আৰু শৰীৰৰ দুখত দুখ অনুভৱ কৰিবলৈ বাধ্য হওঁ । মাকে নিজৰ আত্মত্ব পুত্ৰৰ ওপৰত আৰোপ
কৰা বাবে পুত্ৰ মাকৰ অত্যধিক প্ৰিয় হয়। তাৰ ফলত মাকে পুত্ৰৰ সুখত সুখ আৰু দুখত দুখ অনুভৱ কৰিবলৈ বাধ্য হয়। এনেদৰে আমি নিজৰ
আত্মত্ব আমাৰ প্ৰিয় বস্তু বিলাকৰ মাজত বিলাই
দি থাকো।তাৰ বিনিময় হিচাপে সেই প্ৰিয় বস্তুসমুহৰ মধ্যমত সংসাৰৰ সুখ দুখ আমালৈ আহি থাকে
আৰু আমি তাক ভোগ কৰিবলৈ আমি বাধ্য হ’ব লাগে । এই প্ৰক্ৰিয়া অহৰহভাৱে চলি থকা হেতুকে
আমি আমাৰ নিজৰ আত্মত্বক পাহৰি যাওঁ । অৰ্থাৎ জীৱনৰ সমস্ত পৰিস্থিতিতে আমাৰ নিজৰ ভিতৰত
সদা-সৰ্বদা উপস্থিত থকা আত্মা বা চৈতন্য বা
ভগৱান কৃষ্ণক পাহৰি যাওঁ ।কথাবিলাক এনে ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ কৰাৰ
পিছত মানুহে এই সত্য উপলব্ধি কৰি ওপৰোক্ত প্ৰকাৰৰ দুৰ্দশাময় পৰিস্থিতিৰ পৰা মুক্ত হ’ব পাৰে । ইয়াৰ লগতে গুৰুজনাই
কৈছে যে আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ শৰণ বা আশ্ৰয় গ্ৰহণ কৰাটোৱে
আত্মজ্ঞান লাভৰ একমাত্ৰ উপায় । (আগলৈ)
No comments:
Post a Comment