In some of the preceding posts, the facts regarding Sharana
or surrendering to God as suggested by Guru Harideva has been discussed .
People at the lower stage of spiritual practice consider himself as body . So, satisfaction of
the demands of the body becomes the central point of spiritual concentration of such people . For
example , the body demands good food, nice dresses , comfortable houses full of amenities ,
good progeny to enjoy property after his
death and keep his name alive for future and so on. Guru Harideva tells that if one surrenders to Lord Krishna and pray to -him then Lord Krishna shows him the
correct way of fulfilment of those demands . According to the Guru this type of
surrendering is primary surrender or “Prathama Sharana” . Now, the mind is a part of the body and desires in mind
is the cause behind the demands made by the body as described above. Unless
mind desires, the body does not put any demand . Guru Harideva suggests that if
one surrenders to Lord Krishna and pray to him then the Lord shows him the correct way of becoming free
from desire . Also , he tells that this type of surrendering is medium surrender
or “Madhyam Sharana”. Thus we can understand that desire is the cause behind each demand and the
body is the enjoyer of the things demanded . That is, desires are generated in
the body for the purpose of satisfaction of the body itself . Again , once some demands are fulfilled
desires for new things come up and the body becomes bound to place more demands
. In this way it becomes an unending process. Analyzing the things as above
Guru Harideva tells that if one becomes free from attachment towards the body or
becomes free from the desire of keeping his body alive for forever, then only he can keep himself away from the unending process mentioned above . Guru
Harideva suggests that if common people comes to “Sharana” of Lord Krishna and surrender his body to run in accordance with
the will of the Lord then the Lord shows
him the easy and correct way of becoming free from attachment with the body and attainment
of spiritual perfection . Accoring to Guru Harideva this type of surrendering
or Sharana is the best type of surrender or “Uttama Sharana” .(to be continued)
ইয়াৰ আগৰ কিছুমান লিখনিত হৰিদেৱ
গুৰুজনাই শৰণ সম্পৰ্কে দিয়া উপদেশ সমুহৰ বিষয়ে আলোচনা কৰা হৈছে । পাৰমাৰ্থিক
জ্ঞানৰ নিম্ন স্তৰত থকা মানুহে নিজকে শৰীৰ বুলি ভাৱে । সেই কাৰণে শৰীৰৰ দাবী সমুহ পূৰণ কৰাটোও তেওঁলোকৰ
বাবে পাৰমাৰ্থিক চিন্তা চৰ্চাৰ বিষয় বস্তু হৈ পৰে । উদাহৰণ স্বৰূপে শৰীৰে ভাল খাদ্য বিচাৰে , সুখ আৰামত থাকিব পৰা
সকলো সা-সুবিধাৰে পৰিপূৰ্ণ হৈ থকা বাসস্থান বিচাৰে , মৃত্যুৰ
পিছত সা-সম্পত্তি ভোগ কৰাৰ বাবে আৰু নামৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে উপযুক্ত সতি-সন্তান বিচাৰে ইত্যাদি । হৰিদেৱ
গুৰুজনাই কৈছে যে যদি কোনো ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি
প্ৰাৰ্থনা জনায় তেন্তে ভগৱানে তেওঁক এইবিলাক পোৱাৰ শুদ্ধ পথ বা উপায় দিয়ে । লগতে গুৰুজনাই এনে
প্ৰকাৰ শৰণ প্ৰাথমিক পৰ্যায়ৰ শৰণ বা প্ৰথম শৰণ বুলি কৈছে। এতিয়া কথা হৈছে মন শৰীৰৰে অংশ আৰু
মনত উৎপত্তি হোৱা আশা-আকাংক্ষাৰ কাৰণে শৰীৰে ওপৰত কৈ অহাৰ দৰে বিষয়-বস্তু দাবী কৰে । মনক আশা আকাংক্ষাৰ পৰা মুক্ত ৰাখিব পাৰিলে শৰীৰে একো দাবী নকৰে । গুৰুজনাই
কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি প্ৰাৰ্থনা নিবেদন কৰিলে ভগৱানে মনক
বাসনামুক্ত কৰি ৰখাৰ দিশত শুদ্ধ পথ প্ৰদৰ্শন কৰে । এই প্ৰকাৰৰ শৰণক দ্বিতীয়
শৰণ বা মধ্যম শৰণ বুলি গুৰুজনাই কৈছে । এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে
আকাংক্ষা প্ৰত্যেকটো দাবীৰ কাৰণ আৰু শৰীৰ
সেই দাবীৰ পৰা লাভ কৰা বিষয়-বস্তুৰ ভোক্তা বা ভোগ কৰোতা যন্ত্ৰ । শৰীৰৰ নিজৰ সন্তুষ্টিৰ অৰ্থে শৰীৰৰ পৰাই আশা
আকাংক্ষাৰ উৎপত্তি হয় ।আনহাতে এটা আকাংক্ষা পূৰণ হোৱাৰ লগে লগে মনত
অন্য এটা আশাৰ জন্ম হয় আৰু শৰীৰে এই নতুন আকাংক্ষা পূৰণৰ অৰ্থে নতুন দাবী উত্থাপন
কৰিবলৈ বাধ্য হয় । এই প্ৰক্ৰিয়া অন্তহীন ভাৱে চলি থাকে । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি
হৰিদেৱ গুৰুজনাই কৈছে যে যদি কোনো ব্যক্তিয়ে শৰীৰৰ আসক্তিৰ পৰা মুক্ত হ’ব পাৰে অথবা শৰীৰক চিৰকাল
জীয়াই ৰখাৰ আকাংক্ষাৰ পৰা মুক্ত হ’ব পাৰে তেতিয়াহে তেওঁ ওপৰোক্ত অন্তহীন
প্ৰক্ৰিয়াৰ অধীন নোহোৱাকৈ থাকিব পাৰে । এই
সম্পৰ্কত উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি আমাৰ নিজৰ শৰীৰটো তেওঁ যিদৰে চলাবলৈ বা ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে সেইদৰে চলাই নিবলৈ
প্ৰাৰ্থনা জনালে ভগৱানে শৰীৰৰ প্ৰতি থকা আসক্তি ত্যাগ কৰাৰ উপায় তথা পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাৰ বাবে সহজ আৰু শুদ্ধ পথ প্ৰদৰ্শন কৰে । গুৰুজনাই এই
প্ৰকাৰৰ শৰণক উত্তম শৰণ বুলি কৈছে । ( আগলৈ)
No comments:
Post a Comment