Guru Harideva
tells that Self-realization should be the prime aim of human life. . Human
being may be man, woman, rich ,poor , scholar , ignorant , general , special
and various other categories .But when a jiva or soul enters into a human body it
becomes his duty to try to attain self-realization. So this subject is
discussed by Guru Harideva in various ways to make it clear to all categories
of people. Explaining Self-realization or Atmajnana Guru Harideva tells that the
soul is one. The Soul is not separate for each body. For all the big and small
bodies present in the creation, that is, for the creation as a whole the Soul
is one. Again we can keep house, land, properties and other living and
nonliving things under our possession and claim these
things as “mine”. But the soul is not a thing like the things mentioned as above.
We can not keep the soul under our possession. We can not say that the
soul is
“mine”. The soul can not be my soul.This is because I myself is the
soul. The existence of the soul is my
existence. I am here means the soul is here.The Soul is not mine, I am the
soul. The Soul can not remain inside or out side me. This is because I can not
remain outside or inside me. Also, I can not remain away from me. I am nearest
to me and nothing else can be nearer to me than I or the soul. This type of
knowledge can only be felt by one by himself. Other people can not make one
feel this type of knowledge with his power of reasoning. Human intelligence can
not understand this type of knowledge . This knowledge can not be explained
with human words. Then what is the way of self-realization or knowing God?
Answering this question Guru Harideva suggests that at first one should know
the truth behind everything related to God or the soul from the scriptures and
competent Guru just to realize that God can not be known or reached by application
of the capacity of human mind, intelligence and speech. Then he should fully
surrender to God or come to the Sharana of God. After that only one can know God
or reach God or attain self realization by mercy of God. (to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য । সংসাৰত স্ত্ৰী-পুৰুষ, জ্ঞানী অজ্ঞানী, সাধাৰণ–অসাধাৰণ, ধনী-দুখীয়া আদি সকলো স্তৰৰ লোক থাকে। সকলো শ্ৰেণীৰ লোকৰ বাবেই আত্মজ্ঞান লাভ কৰাটো জীৱনৰ সবাতোকৈ প্ৰয়োজনীয় বিষয়। সেয়েহে গুৰুজনাই বিষয়টো সৰ্বসাধাৰণৰ বোধগম্য কৰাৰ বাবে বিভিন্ন ধৰণে আলোচনা কৰিছে । গুৰুজনাই কৈছে যে আত্মা এক । কোনো এটা শৰীৰৰ আত্মা অন্য এটা শৰীৰৰ আত্মাতকৈ পৃথক নহয়। জগতৰ অন্তৰ্গত ক্ষুদ্ৰ-বৃহৎ সমস্ত শৰীৰৰ আত্মা বা জগতৰ সমস্তৰে আত্মা এক ।আকৌ ঘৰ-দুৱাৰ ,মাটি-বাৰী , ধন- সম্পদ আদি বস্তু আমাৰ নিজৰ অধিকাৰত থাকিব পাৰে বা এইবিলাক বস্তু আমি “মোৰ” বুলি ক’ব পাৰো । কিন্তু আত্মা এইবিলাক বস্তুৰ দৰে নিজৰ অধিকাৰত ৰাখিব পৰা বস্তু নহয় । অন্য বস্তুক যিদৰে মোৰ বস্তু বুলি ক’ব পাৰি সেইদৰে আত্মাক মোৰ আত্মা বুলি ক’ব নোৱাৰি । আত্মা কেতিয়াও “মোৰ” আত্মা হ’ব নোৱাৰে । ইয়াৰ কাৰণ “ মই” নিজেই আত্মা । আত্মাৰ অস্তিত্বই আমাৰ অস্তিত্ব, ‘মই’ আছো বুলি কোৱাৰ অৰ্থই হৈছে আত্মা আছে।আত্মা মোৰ নহয় , মইহে আত্মা আৰু সেইকাৰণে মোৰ আত্মা ভিতৰত আছে বুলি ভৱাটো শুদ্ধ নহয় ।আত্মা আছে মানেই মই নিজে আছো কাৰণে আত্মা মোৰ ভিতৰত বা বাহিৰত আছে বুলিও ক’ব নোৱাৰি। মই নিজে নিজৰ ভিতৰতো থাকিব নোৱাৰো আৰু বাহিৰতো থাকিব নোৱাৰো – মই ময়ে ।মই নিজে মোতকৈ দূৰত থাকিব নোৱাৰো , মই মোৰ একেবাৰে নিকটতম। কোনো দ্বিতীয় বস্তু আত্মাতকৈ নিকটস্থ হ’ব নোৱাৰে । এই জ্ঞান অনুভৱৰ বিষয় , যুক্তি-বুদ্ধিৰ দ্বাৰা ইয়াক প্ৰমাণ কৰিব নোৱাৰি। মানুহৰ জ্ঞান বুদ্ধিৰ দ্বাৰা ঢুকি পাব নোৱাৰি । ভাষাৰে কৈ এই জ্ঞান বুজাব নোৱাৰি ।তেন্তে আত্মজ্ঞান লাভ বা ঈশ্বৰ দৰ্শন কৰাৰ উপায় কি ? ইয়াৰ উত্তৰত হৰিদেৱ গুৰুজনাই কৈছে যে প্ৰথমে শাস্ত্ৰ আৰু গুৰুৰ পৰা আত্মতত্ব বা ঈশ্বৰতত্ব সম্পৰ্কীয় সকলো কথা তন্ন তন্ন ভাৱে জানি ল’ব লাগে । তাৰ পিছৰ পৰ্যায়ত এই কথা স্পষ্টভাৱে উপলব্ধি কৰিব পাৰি যে ঈশ্বৰ বা আত্মাক মন-বাক্য-বুদ্ধিৰ দ্বাৰা জনাটো সম্ভৱ নহয় । তেনে উপলব্ধিৰ পিছত ভগৱানৰ চৰণত একান্তভাৱে শৰণ গ্ৰহণ কৰিলে ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰি ঈশ্বৰক দৰ্শন কৰিব পাৰি বা ঈশ্বৰলাভ বা আত্মজ্ঞান লাভ কৰিব পাৰি ।(আগলৈ)
No comments:
Post a Comment