Guru Harideva
tells that there is similarity between the experience of coming to waking state
from dream world and the experience of reaching God from material world. We see, do and enjoy so
many things during dream. We are bound to experience everything that come to us during dream and enjoy the resultant happiness and sorrow. We become afraid
when a dream tiger chases us in the dream wold. We cry when any of our near and
dear relatives of the dream world dies. When we become king or a rich person
during dream we become happy and like that. Everything that we see or feel as above
are unreal. But they become the sources of happiness and sorrow for us during
dream period. Explaining the things further it is told in the Bhagavata that
there is no real existence of shadow and echo. But sometimes we become afraid
by seeing a shadow or hearing the echo of sound. In a similar way though there
is no real existence of the things encountered by us in the dream world they become
sources of happiness and sorrow for us. Bhagavata tells that the situation
faced and happiness and sorrow enjoyed by us during dream continue as long as
we remain in the dream world. As soon as we wake up and come to waking world
everything of the dream world vanishes, that is, the things encountered and
happiness and sorrow enjoyed by us in the dream world are not permanent. Also,
the only way of becoming free from the situations encountered in the dream
world is to wake up. Analyzing the things as above Guru Harideva tells that we habitually
consider the waking world as permanent and real. Similarly we consider wealth, property, wife, children etc. of this
world as real and permanent. But in actuality there is no much difference
between waking world and dream world. Both of them are temporary and transient.
There is no continuity of the dream of today with the dream of the previous day.
That is, our dream do not start from the point where we finish our earlier dream.
Contrary to that we remember our past experiences of the waking
world and start our activities from the point where we leave earlier. Thus
there is continuity between past and present experiences of the waking world.
Because of that we feel the waking world as real and permanent and the dream
world as as temporary and transient. (to be continued )
হৰিদেৱ গুৰুজনাই কৈছে যে সপোন দেখি থকা অৱস্থাৰ পৰা সাৰ পোৱাৰ অভিজ্ঞতা আৰু সংসাৰত লিপ্ত হৈ থকা অৱস্থাৰ পৰা ঈশ্বৰ প্ৰাপ্তিৰ অভিজ্ঞতা একে প্ৰকাৰৰ ।সপোনত আমি বহু বস্তু দেখো , বহু কাম কৰো আৰু অনেক প্ৰকাৰৰ অভিজ্ঞতা লাভ কৰো । সপোনত যি দেখা যায়, যি কৰা হয় আৰু যিবিলাক সুখজনক বা দুখজনক পৰিবেশ পৰিস্থিতিৰ সন্মুখীন হোৱা যায় তাক ভোগ কৰাত বাদে আমাৰ হাতত অন্য একো উপায় নাথাকে। সপোনত দেখা মিছা বাঘে খেদি আহিলে আমি ভয় খাওঁ । সপোনত দেখা আত্মীয় স্বজনৰ মৃত্যু হলে আমি সপোনতে কান্দো ।সপোন দেশত ৰজা হ’লে বা ধনী-মানী ব্যক্তি হ’লে আমি আনন্দ উপভোগ কৰো ইত্যাদি।এই সকলো বস্তু, ঘটনা-পৰিঘটনা ইত্যাদি মিছা হোৱা স্বতেও ইবিলাক আমাৰ ভয় ,শোক, আনন্দ ইত্যাদিৰ কাৰণ হয়।কথাখিনি ব্যাখ্যা কৰি ভাগৱতত কোৱা হৈছে যে ছাঁয়া, প্ৰতিধ্বনি আদি দেখা আৰু শুনা যায় যদিও ইবিলাকৰ কোনো বাস্তৱিক অস্তিত্ব নাথাকে। কিন্তু কেতিয়াবা ছাঁয়া দেখি বা প্ৰতিধ্বনি শুনি আমাৰ ভয় লাগে । একেদৰে সপোনত দেখা বস্তুসমুহৰো কোনো বাস্তৱিক অস্তিত্ব নাই যদিও সপোন দেখি থকা কালছোৱাৰ ভিতৰত ইবিলাক আমাৰ বাবে সুখ-দুখৰ কাৰণ হৈ উঠে । ভাগৱতত কোৱা হৈছে যে সপোনত দেখা দৃশ্য আৰু তাৰ পৰা ভোগ কৰা সুখ-দুখ আদি সপোন দেখি থকা কালছোৱাৰ বাবেহে থাকে। সাৰ পোৱাৰ লগে লগে স্বপ্নজগত অন্তৰ্দ্ধান হয়। ইয়াৰ পৰা বুজিব পাৰি যে স্বপ্ন জগতৰ ঘটনা-পৰিঘটনা আৰু তাৰ পৰা উৎপন্ন সুখ-দুখ অবাস্তৱ আৰু ক্ষণস্থায়ী। লগতে এই কথাও স্পষ্ট হয় যে সপোনৰ জগতৰ সুখ-দুখৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায় হৈছে জাগ্ৰত অৱস্থালৈ অহা অৰ্থাৎ টোপনিৰ পৰা সাৰ পোৱা । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে অভ্যাসবশতঃ জাগ্ৰত অৱস্থাৰ জগতখন বাস্তৱ আৰু চিৰস্থায়ী বুলি আমি ভাৱো । একেদৰে জাগ্ৰত অৱস্থাৰ জগতত লগ পোৱা ধন ,সম্পদ , স্ত্ৰী,সন্তান আদিও বাস্তৱ আৰু চিৰস্থায়ী বুলি ভৱা হয়। কিন্তু প্ৰকৃততে জাগ্ৰত বা সাৰে থকা অৱস্থাত আমি যিখন জগতত বিচৰণ কৰো তাৰ সৈতে স্বপ্নাৱস্থা বা সপোনত দেখা জগতখনৰ পাৰ্থক্য নাই ।দুয়োখন জগতেই অবাস্তৱ আৰু অস্থায়ী । আজি দেখা সপোনৰ সৈতে কালি দেখি অহা সপোনৰ কোনো যোগসূত্ৰ নাথাকে । অৰ্থাৎ আমি আগতে দেখা সপোন য’ত সমাপ্ত হৈছিল তাৰ পৰা নতুন সপোনৰ আৰম্ভণি নহয় ।ইয়াৰ বিপৰীতে জাগ্ৰত অৱস্থাৰ জগতত পূৰ্বৰ অভিজ্ঞতাৰ কথা আমাৰ মনত থাকে আৰু আগতে য’ত এৰা হৈছিল তাৰ পৰাই নতুন অভিজ্ঞতা আহৰণৰ আৰম্ভণি হয়। এনেদৰে জাগ্ৰত অৱস্থাৰ জগতত পূৰ্ৱৰ অভিজ্ঞতাৰ সৈতে পৰবৰ্ত্তী অভিজ্ঞতাৰ যোগসূত্ৰ স্থাপন হয়।সেই কাৰণে জাগ্ৰত অৱস্থাৰ জগত সত্য আৰু চিৰস্থায়ী যেন লাগে আৰু স্বপ্নাৱস্থাৰ জগত অসত্য আৰু ক্ষণস্থায়ী যেন লাগে। (আগলৈ)
No comments:
Post a Comment