We know that
air has no smell. By carrying fragrance from flower and other sweet smelling
materials air becomes
pleasant smelling air. Similarly by carrying
foul smell from decomposed corpse and other foul smelling materials air becomes
foul smelling air. Also, water has no taste of its own. When sugar is mixed
with water it becomes sweet and salt mixed with water makes the water salty. Citing
this analogy Bhagavata tells that the embodied soul has no relation with our
day to day experiences like
happiness,sorrow, hunger,thirst, jealousy, hatred etc.These are
characteristics of our body,that is, the residence of the embodied soul. When the
embodied soul establishes relationship with the body then we are to bear those
characteristics of the body. This is as like as bearing of foul and sweet smell
of other things by air or bearing of taste of other materials by water because
of coming into contact with them.
Explaining the things as above Bhagavata further tells that if a person can
realize that he is not a body and he is the soul totally separate from the body , then the question of becoming
happy or sorry with the happiness and sorrow related to the body can not arise
for him . A self-realized person means a person who realizes that he is the soul.
Because of the strong attachment with
body a common people thinks that the body is his self. It is not possible for
such people to understand that he is not a body. He can not understand that his
present body is a temporary expression of the consciousness or soul embodied in
him.He can not understand that after death of the present body the embodied
soul in him will express itself through another body. Because of that, such people feels happiness
when the body is in comfort and becomes unhappy with the discomforts encountered
by the body. This class of people establishes relationships in terms of enemy
and friend, own and other’s etc. with
other people and things of the world and enjoy the happiness and sorrow related
to the body as described above. The main aim of the teachings of Guru Harideva
is to lead this class of people in the path of self-realization. The knowledge and teachings contained in the Bhagavata is the base of his teachings. (
to be continued)
আমি জানো যে বায়ুৰ নিজা গোন্ধ নাই । ফুল অথবা অন্যান্য সুগন্ধি বস্তুৰ সুগন্ধ বহন কৰি বায়ু সুগন্ধি বায়ুত পৰিণত হয় । একেদৰে গেলা পঁচা দুৰ্গন্ধযুক্ত
বস্তুৰ দুৰ্গন্ধ বহন কৰি বায়ু দুৰ্গন্ধ
বায়ুত পৰিণত হয় । আকৌ পানীৰ নিজস্ব সোৱাদ
নাই । চিনিৰ সৈতে মিহলি কৰিলে পানী
মিঠা হ্য় আৰু নিমখৰ সৈতে মিহলি হ’লে পানীৰ
নিমখীয়া সোৱাদ পোৱা যায়।এই
উপমা দি ভাগৱতত কোৱা হৈছে যে শৰীৰস্থ আত্মাৰ সুখ ,দুখ , ভোক
, পিয়াহ , হৰ্ষ-বিষাদ , ইৰ্ষা-হিংসা আদিৰ সৈতে একো সম্বন্ধ নাই । এই বিলাক আত্মাৰ বাসস্থান স্বৰূপ শৰীৰৰ ধৰ্ম।যিদৰে অন্য বস্তুৰ গোন্ধৰ সৈতে সম্বন্ধ
স্থাপন কৰি বায়ুয়ে সুগন্ধ বা দুৰ্গন্ধ বহন কৰে অথবা যিদৰে অন্য বস্তুৰ সোৱাদৰ সৈতে সম্বন্ধ
স্থাপন কৰি পানীয়ে সোৱাদ ধাৰণ কৰে ঠিক সেইদৰে শৰীৰৰ সৈতে সম্বন্ধ স্থাপন কৰি মানুহে শৰীৰৰ
লগত সংশ্লিষ্ট ক্ষুধা-তৃষ্ণা , জড়া-ব্যাধি
আদিৰ যন্ত্ৰণা আৰু মনে বিচৰা বস্তু লাভ কৰাৰ আনন্দ ইত্যাদি সুখ-সুখ অনুভৱ কৰে।কথাবিলাক
ওপৰোক্ত প্ৰকাৰে বিশ্লেষণ কৰি ভাগৱতত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে নিশ্চিতভাৱে উপলব্ধি কৰিব
পাৰে যে তেওঁ শৰীৰ নহয় শৰীৰৰ পৰ সম্পূৰ্ণ পৃথক আত্মাহে, তেন্তে তেনে ব্যক্তিয়ে শৰীৰৰ সুখত সুখী আৰু
শৰীৰৰ দুখত দুখী হোৱাৰ প্ৰশ্ন নুঠে। আত্মজ্ঞানী পুৰুষ মানেই
হৈছে নিজকে আত্মা বুলি দৃঢ়ভাৱে
উপলব্ধি কৰিব পৰা ব্যক্তি । শৰীৰৰ প্ৰতি থকা অতিশয়
আসক্তিবশতঃ সাধাৰণ মানুহে শৰীৰকে আত্মা
বুলি ভাৱে । তেনে লোকে বুজিব নোৱাৰে যে
তেওঁ শৰীৰ নহয় ।সাধাৰণ মানুহে বুজিব
নোৱাৰে যে নিজৰ শৰীৰটো প্ৰকৃততে শৰীৰৰ
অভ্যন্তৰস্থ চৈতন্য বা আত্মাৰ এক
সাময়িক অভিব্যক্তি মাত্ৰ। সাধাৰণ লোকে নাজানে যে বৰ্ত্তমানৰ শৰীৰ বিনাশ হোৱাৰ পিছত তেওঁৰ শৰীৰস্থ চৈতন্য বা আত্মা অন্য এক শৰীৰৰ মাধ্যমত পুনৰ অভিব্যক্ত হ’য় । সেই
কাৰণে তেওঁলোকে শৰীৰ সুখ আৰু আৰামত থাকিলে নিজকে সুখী আৰু শৰীৰে দুখ-কষ্ট পালে
নিজকে দুখী বুলি অনুভৱ কৰে । তেওঁলোকে শৰীৰৰক কেন্দ্ৰ
বিন্দু হিচাপে ধৰি জগতৰ অন্যান্য ব্যক্তি আৰু বস্তুৰ সৈতে শত্ৰু-মিত্ৰ , নিজৰ-পৰৰ ইত্যাদি
বিভিন্ন প্ৰকাৰৰ সা-সম্বন্ধ স্থাপন কৰে আৰু ওপৰত কোৱাৰ দৰে শৰীৰৰ সুখ বা
দুখত নিজকে সুখী বা দুখী বুলি অনুভৱ কৰে । এই
সকল সাধাৰণ ব্যক্তিক সকলো প্ৰকাৰৰ শিক্ষাদান কৰি আত্মজ্ঞানৰ পথত আগবঢ়াই নিয়াই হৰিদেৱ গুৰুজনাই দিয়া শিক্ষাৰ মূল লক্ষ্য। এই লক্ষ্য পূৰণৰ অৰ্থে ভাগৱত শাস্ত্ৰত যি জ্ঞান দিয়া হৈছে আৰু যি সহজ-সৰল
সাধন প্ৰণালীৰ উল্লেখ কৰা হৈছে সেয়ে
গুৰুজনাই দি যোৱা শিক্ষাৰ মূল আধাৰ।(আগলৈ)
No comments:
Post a Comment