Guru Harideva
tells that in the state of dream we witness so many scenes, we gain kingdom, huge
wealth etc. , we enjoy happiness and sorrow and so on . But all those things
end as soon as we come to the waking state. In a similar way the happiness and
sorrow that we enjoy in the material world end immediately after attainment of self-realization
or God realization. Scriptures tell that the material world in which a
self-realized person lives remains the same as earlier. But after self
realization the world appears before him in a different way.This is because,
the ways of understanding of a person is changed after attainment of self
realization. A self-realized person observes the material world in a way
totally different from the way of
observation of a common man. Scriptures tell that due to influence of the past
deeds a self-realized person also becomes bound to live in the material world for
certain period of time and perform activities as like as a common man. Giving
advice to such self-realized person Bhagavadgita tells that common people
performs so many works to fulfill their desires pertaining to the material
world. A self-realized person should perform similar activities with similar endeavor for the welfare of the creation as a whole. Bhagavata also advises
self-realized person to peacefully enjoy both the happiness and sorrow of the
material world and wait till the end of life. In Bhagavata this state of living
is explained with examples of the life stories of Jadabharata, Sukadeva, Rishabhdeva
and some other self-realized personalities. Scriptures tell that since the
courses of two rivers are separate one river can not occupy the place of the
other river.In a similar way the life style of a materialistic person totally
differs from the life style of a self realized person. Hence there should not
be any clash between those two categories of people. Guru Harideva practically lived
his life in accordance with such teachings contained in the scriptures. After
attainment of self-realization he started his mission of educating common
ignorant householders. For a very long period of time he lived with them as a
part of their society. During this exceptionally long period of life he did not
have any clash with any person, institution or any member of the ruling class. (to
be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে সপোনত দেখা শুভ-অশুভ সমস্ত দৃশ্য, সপোনত লাভ কৰা
ৰাজ্য-ধন আদি সমস্ত বস্তু, সপোনত ভোগ কৰা সমস্ত সুখ-আনন্দ
আৰু সপোনত ভোগ কৰি থকা সমস্ত দুখ-যন্ত্ৰণা সাৰ পোৱাৰ লগে লগে সমাপ্ত
হয়। একেদৰে ঈশ্বৰ প্ৰাপ্তি বা আত্মজ্ঞান লাভ কৰাৰ লগে লগে
সংসাৰৰ সমস্ত সুখ-সম্ভোগ আৰু দুখ-যন্ত্ৰণাৰ
অন্ত পৰে।শাস্ত্ৰত কোৱা হৈছে যে কোনো এজন ব্যক্তিয়ে আত্মজ্ঞান লাভ কৰাৰ পিছতো তেওঁ বাস
কৰা জগতখন আগৰ দৰেই থাকে।কিন্তু আত্মজ্ঞান লাভ কৰাৰ আগতে এজন ব্যক্তিয়ে জগতখন যি ৰূপত দেখা পায়
আত্মজ্ঞান লাভ কৰাৰ পিছত সেই একেজন ব্যক্তিয়ে একেখন জগত, সমাজ আৰু সংসাৰ অন্য ৰূপত দেখা পায়। ইয়াৰ কাৰণ হৈছে আত্মজ্ঞান লাভ কৰাৰ পিছৰ কালত আত্মজ্ঞানী
পুৰুষৰ দৃষ্টিভঙ্গীৰ পৰিবৰ্ত্তন হয় । শাস্ত্ৰত কোৱা হৈছে যে জগত আৰু জগতৰ উৰ্দ্ধত থকা সকলো কথা বুজি পোৱাৰ পিছতো
আত্মজ্ঞানী পুৰুষে পূৰ্বজন্মৰ কৰ্মফল ভোগ কৰাৰ বাবে সাধাৰণ লোকৰ দৰে সংসাৰতে থাকি সংসাৰৰ বিভিন্ন কৰ্মত ব্যস্ত হ’বলৈ বাধ্য হয়। ভগৱদ্গীতাত এনে শ্ৰেণীৰ আত্মজ্ঞানসম্পন্ন ব্যক্তিক উপদেশ দি কোৱা হৈছে যে সাধাৰণ
অজ্ঞ সাংসাৰিক ব্যক্তিয়ে
নিজৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে অতি উৎসাহ সহকাৰে কাম কৰে। জ্ঞানী পুৰুষে সেই একে প্ৰকাৰৰ কৰ্মকে একে
উৎসাহ সহকাৰে জগতৰ কল্যাণৰ অৰ্থে কৰা উচিত । ভাগৱততো কোৱা হৈছে যে আত্মজ্ঞানী পুৰুষে পূৰ্বজন্মৰ কৰ্মফল
শেষ নোহোৱা পৰ্যন্ত শান্তভাৱে থাকি সংসাৰৰ সুখ আৰু দুখ ভোগ কৰিব লাগে।লগতে এই প্ৰকাৰৰ জীৱন কেনেকুৱা হ’ব পাৰে তাকো জড়ভৰত, শুকদেৱ , ঋষভদেৱ আদি আত্মজ্ঞানী
পুৰুষৰ জীৱন কাহিনীৰ মাধ্যমত সহজ সৰলভাৱে বুজাই দিয়া হৈছে ।শাস্ত্ৰত কোৱা হৈছে যে দুখন নদীৰ
গতিপথ পৃথক পৃথক হোৱা হেতুকে এখন নদীয়ে আনখন নদীৰ স্থান অধিকাৰ কৰিব নোৱাৰে।
একেদৰে সংসাৰ
আসক্ত মানুহৰ জীৱনধাৰা আৰু আত্মজ্ঞানী পুৰুষৰ জীৱনধাৰা পৃথক পৃথক হোৱাৰ বাবে উভয়ৰে
মাজত কোনো ধৰণৰ সংঘাত থাকিব নোৱাৰে। শাস্ত্ৰই দিয়া এই শিক্ষাৰ আধাৰত হৰিদেৱ
গুৰুজনাই নিজৰ জীৱন যাপন কৰিছিল। আত্মজ্ঞান লাভ কৰাৰ পিছত
হৰিদেৱ গুৰুজনাই সাধাৰণ সংসাৰী লোকক শিক্ষাদান কৰাৰ ব্ৰত গ্ৰহণ কৰিছিল।
সুদীৰ্ঘ জীৱনকাল
জুৰি সেইসকল লোকৰ মাজত বসবাস কৰিছিল।
এই সুদীৰ্ঘ কালছোৱাৰ
ভিতৰত তেওঁ কোনো ব্যক্তি ,অনুষ্ঠান
অথবা সেই সময়ত প্ৰচলিত শাসক শ্ৰেণীৰ লোকৰ সৈতে কোনো প্ৰকাৰৰ বিবাদত লিপ্ত হ’ব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল।(আগলৈ)
No comments:
Post a Comment