Monday, 28 March 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-102 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১০২)

 

Guru Harideva tells that if one  comes to the shelter of Lord Krishna without feeling any  attachment with his body  then that is considered as best type of surrendering or Uttama Sharana. That is, for Uttama Sharana one should try to become free from attachment with his own body following proper scriptural procedure suggested for this purpose. We know that for performance of spiritual practice the body is essential. It is not possible to perform successful spiritual practice without a strong and healthy body. In Bhagavata the human body is compared with strong boat suitable for crossing the ocean of material world. Guru Harideva kept his body fit for spiritual practice up to an age of 140 years. Thus it can  easily be understood that becoming free from attachment with the body does not mean carelessness towards the  maintenance of the body. On the other hand, by nature we can leave something if we get something else better than that. Anybody can easily leave a coin of two rupees in lieu of a coin of ten rupees. But Guru Harideva advises us to leave our attachment with the body as per proper procedure. That does not mean that we should leave something and accept something else in lieu of that. Here the proper procedure of leaving means leaving everything of the world after realization of the fact that there is nothing acceptable in this world except the super soul or Lord Krishna. There are countless objects in this world. All of them are placed outside us. We can touch and see some of them. We can feel the presence of some of them with our mind. From the descriptions contained in the scripture we can know and guess about some of them. Our body is also an external object of the above types. So, becoming free from attachment means becoming free from attachment with everything including our own body. Guru Harideva tells that Lord Krishna is omnipresent entity. Everything big and small available in the world including our own body is included in that omnipresent and unimaginably vast entity. If we can overcome the  attachment with our negligibly small body and come to shelter or ‘Sharana’ of Lord Krishna then our mind, intelligence, senses etc. become fully occupied with the thoughts of Lord Krishna and we become part of that omnipresent entity. Under such condition it is not possible to feel any attachment with our individual own body. (to be continued)            

 হৰিদেৱ গুৰুজনাই কৈছে যে যথা বিধিমতে শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰাৰ অন্তত একান্তমনে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাই হৈছে উত্তম প্ৰকাৰৰ শৰণ অৰ্থা উত্তম প্ৰকাৰৰ শৰণত নিজৰ দেহকো বাহ্যিক বিষয় বুলি জ্ঞান কৰিব লাগে আৰু  দেহৰ  প্ৰতি থকা প্ৰীতিকো শাস্ত্ৰবিধি অনুসৰি ত্যাগ কৰাৰ চেষ্টা কৰিব লাগেআমি জানো যে  শৰীৰ হৈছে পাৰমাৰ্থিক সাধনৰ মূল ভিত্তি সুস্থ আৰু সবল শৰীৰ-মন অবিহনে পাৰমাৰ্থিক সাধনাৰ কঠিন পথেৰে আগুৱাই যোৱা সম্ভৱ নহয় ভাগৱত শাস্ত্ৰত মানৱ শৰীৰক সংসাৰ সাগৰ পাৰ হোৱাৰ বাবে উপযোগী শক্তিশালী নৌকাৰ সৈতে তুলনা  কৰা হৈছে হৰিদেৱ গুৰুজনাই নিজেও নিয়মিত যোগসাধনাৰ সহায়ত সুস্থ-সবল নিৰোগী শৰীৰ লৈ সুদীৰ্ঘ ১৪০ বছৰ বয়সলৈকে পাৰমাৰ্থিক সাধনা অব্যাহত ৰাখিছিলগতিকে শৰীৰৰ প্ৰতি আসক্তি ত্যাগ মানে শৰীৰৰ প্ৰতি উদাসীনতা আৰু অযত্ন বুলি ধৰি লব নোৱাৰিআনহাতে ত্যাগৰ বেলিকা এটা বস্তু পৰিত্যাগ কৰাৰ বিনিময়ত তাতোকৈ ভাল বুলি ভৱা আন এটা বস্তু গ্ৰহণ কৰাটো আমাৰ স্বভাৱদহটকীয়া মুদ্ৰা এটাৰ বিনিময়ত দুটকীয়া মুদ্ৰা এটা যিকোনো মানুহে অতি সহজে পৰিত্যাগ কৰিব পাৰে কিন্তু  হৰিদেৱ গুৰুজনাই যথাবিধিমতে দেহৰ আসক্তি  পৰিত্যাগ কৰাৰ উপদেশ দিছে ইয়াৰ অৰ্থ আমি সাধৰণতে ভৱাৰ দৰে  এটা বস্তু ত্যাগ কৰি তাৰ বিনিময়ত অন্য এটা বস্তু গ্ৰহণ কৰা নহয় । যথাবিধিমতে কৰা ত্যাগ হৈছে মানৱ জীৱনত পৰমাত্মা বা পৰমেশ্বৰ ভগৱান কৃষ্ণই একমাত্ৰ গ্ৰহণযোগ্য  বস্তু বুলি  তত্বজ্ঞানত প্ৰতিষ্ঠা লাভ কৰাৰ অন্তত নিজ শৰীৰকে ধৰি জগতৰ অন্য সমস্ত বস্তুৰ সম্পূৰ্ণ আৰু বিনিময় বিহীন পৰিত্যাগ।জগতত অসংখ্য প্ৰকাৰৰ বস্তু আছে এই বস্তু আমাৰ বাহিৰত থাকে এইবিলাক আমি চাব পাৰো , স্পৰ্শ কৰিব পাৰো , মনেৰে অনুভৱ কৰিব পাৰো , শাস্ত্ৰৰ বৰ্ণনা পঢ়ি জানিব পাৰো  আৰু আছে বুলি অনুমান কৰিব পাৰো শৰীৰো তেনে পৰ্যায়ৰ বাহ্যিক বস্তু সেই কাৰণে আসক্তি ত্যাগৰ অৰ্থ  হৈছে জগতৰ অন্যান্য বস্তুৰ লগতে নিজৰ শৰীৰৰ প্ৰতি থকা আসক্তিৰো  ত্যাগ হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণ সৰ্বব্যাপক তত্ব আমাৰ শৰীৰকে ধৰি জগতৰ ক্ষুদ্ৰ-বৃহ সমস্ত বস্তু  এই সৰ্বব্যাপক তত্ববস্তুৰ ভিতৰত অন্তৰ্নিহিত  হৈ আছে নিজৰ ক্ষুদ্ৰ শৰীৰটোৰ প্ৰতি আসক্তি ত্যাগ কৰি ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰিব পাৰিলে  মন, বুদ্ধি , ইন্দ্ৰিয় সমস্তই কৃষ্ণময় হৈ উঠে  , জগতৰ সৰ্বত্ৰতে কৃষ্ণ দৰ্শন হয় আৰু নিজকে সৰ্বব্যাপক তত্ববস্তু পৰমেশ্বৰ কৃষ্ণৰ অন্তৰ্গত বুলি জ্ঞান হয় ।তেনে অৱস্থাত নিজৰ পৃথক শৰীৰ বুলিবলৈ একো অৱশিষ্ট নাথাকে ।(আগলৈ)

Thursday, 24 March 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-101 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১০১)

 

We love our body, relatives, money, property and many other things. Our love and attraction towards those things are proportionate to their nearness to our body-mind complex. The things attachment wise nearer are dearer to us . For example we love money, property etc. but our son, daughter, wife and other relatives are dearer than those things. Again our own body is dearer to us than son ,daughter ctc. If we go on analyzing like this then we find that the consciousness or soul in us is the dearest among all our possessions and no living entity including human being wants separation from the soul inside. It is because the association of the soul with the body is nearest and longest. People who are unable to analyze the things as above think that wife, children property etc. are essential for satisfaction of the soul. But the Vedas, Upanishadas and Vedic scriptures tell that this is not true. Explaining the reason it is said that if we love the temporary material objects other than eternal soul then we are to lose our object of love and that becomes the cause of sorrow for us. That is, things other than soul may leave us at any moment and we may suffer sorrow for that reason. This is the case with children, relatives, money, house, land, name and fame, social-political power and all other objects of our love in the material world. From the experience of life we know that if those things are not there in our possession then we feel sorry. Again if those things remain in our possession then we are to remain alert to keep them with us for all times. We are to remain always in fear of losing them . In this way those things become cause of our sufferings under all conditions. So, in the Upanishada it is suggested that we should consider the super soul in us as the dearest object in our possession and worship him. Then only the question of becoming separated from our object of love never arise or we never lose our object of love. This is because the eternal soul only can accompany us for eternal period of time. Again since soul is the most beloved object it is the source of highest bliss also. We know that our love is proportionately higher for those things that give us more pleasure. Guru Harideva tells that the most beloved and most blissful object that never becomes separated from us is lord Krishna. He remains  situated as the soul in the core of our heart  since eternal past and he will never become  separated from us in future . The religious teachings of Guru Harideva is aimed to make people realize this truth. He also suggests that ‘Uttama Sharana’ or final stage of surrendering to Lord Krishna is the way of attainment of this goal. (to be continued)   

নিজৰ শৰীৰ, সা-সম্বন্ধীয় ব্যক্তি, ধন সম্পদ ইত্যাদিকে ধৰি  জগতৰ অনেক বস্তু আমি ভাল পাওঁ শৰীৰ-মনৰ সৈতে থকা সান্নিধ্যৰ নিকটতা অনুসৰি ইবিলাকৰ প্ৰতি আমাৰ প্ৰেমৰ আকৰ্ষণ কম বা বেছি  হয় সান্নিধ্য যিমান নিকট হয় বস্তুবোৰৰ প্ৰতি আমাৰ স্নেহো সিমান বাঢ়ে উদাহৰণ স্বৰূপে ধন-সম্পদ আদি আমাৰ প্ৰিয় বস্তু কিন্তু পুত্ৰ-পৰিবাৰ ইত্যাদি  সা-সম্পদতকৈ প্ৰিয় আকৌ নিজৰ শৰীৰ পুত্ৰতকৈও প্ৰিয়এনেদৰে ক্ৰমান্বয়ে  বিচাৰ কৰি গৈ থাকিলে দেখা যায় যে আত্মাৰ সৈতে শৰীৰৰ সান্নিধ্য নিকটতম আৰু দীৰ্ঘতম হোৱা হেতুকে আত্মা আমাৰ বাবে সবাতোকৈ প্ৰিয় সেই কাৰণে মানুহকে ধৰি কোনো জীৱই আত্মাৰ সৈতে দেহৰ সম্পৰ্ক কেতিয়াও বিচ্ছিন্ন কৰিব নিবিচাৰেওপৰোক্ত প্ৰকাৰে বিচাৰ বিবেচনা কৰিব নোৱাৰা অজ্ঞানী লোকসকলে ভাৱে যে জগতত, পত্নী , সন্তান ,সম্পত্তি ইত্যাদি বস্তু আত্মাৰ সন্তোষৰ কাৰণে প্ৰয়োজন কিন্তু বেদ-উপনিষদকে ধৰি বৈদিক শাস্ত্ৰত কোৱা কৈছে যে এই কথা সত্য নহয়্।  যদি অবিনশ্বৰ আত্মাত বাহিৰে আন নশ্বৰ বস্তুক প্ৰিয় বুলি গণ্য কৰা হয় তেন্তে সেই প্ৰিয় বস্তু হেৰুৱাব লগীয়া হয়   তেনে অৱস্থাত সেই প্ৰিয় বস্তুৱে  দুখৰ কাৰণ হৈ উঠে অৰ্থাৎ আত্মাৰ বাহিৰে অন্য সকলো প্ৰিয় বস্তু এদিন নহয় এদিন আমাৰ হাতৰ পৰা গুছি যায়  আৰু তাৰ বাবে আমি দুখ ভোগ কৰো পুত্ৰ , বিত্ত ,পশু, গৃহ ,ভুমি. ক্ষমতা ,নাম-যশ , সামাজিক তথা ৰাজনৈতিক প্ৰতিপত্তি ইত্যাদিকে ধৰি আমাৰ সমস্ত প্ৰিয় বিষয়-বস্তুৰ ক্ষেত্ৰতে এই কথা সত্য জীৱনৰ অভিজ্ঞতাৰ পৰা আমি জানো যে এই বিলাক বস্তু নাথাকিলে মনত কষ্ট হয় আৰু থাকিলেও এইবিলাকৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ চিন্তা , থকা বস্তু হেৰুওৱাৰ ভয় ইত্যাদি অসন্তোষ সদা-সৰ্বদা লাগি থাকে উপনিষদত কোৱা হৈছে যে  নিজৰ আত্মা বা চৈতন্যক পৰম ব্ৰহ্ম ,পৰমেশ্বৰ  তথা  উচ্চতম প্ৰেমৰ বস্তু বুলি জনা উচিত আৰু তেওঁকে  উপাসনা কৰা উচিত অবিনাশী  আত্মাক যিয়ে  প্ৰিয় জ্ঞান কৰে তেওঁ নিজৰ প্ৰিয় বস্তুৰ  পৰা কেতিয়াও পৃথক নহয় তেওঁ ভাল পোৱা বস্তু অৰ্থাৎ আত্মাৰ কেতিয়াও বিনাশ নহয়  আকৌ আত্মা যিহেতু মহত্তম প্ৰেমৰ বস্তু-  ইয়াক সৰ্বোত্তম আনন্দৰ উৎস বুলিও গণ্য কৰা উচিত।আমি জানো যে যি বস্তু যিমান বেছি ভাল পোৱা হয় সেই বস্তুৰ পৰা পোৱা আনন্দৰ পৰিমাণো সিমানে অধিক হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণ সবাতোকৈ প্ৰিয় বস্তু তথা সৰ্বোত্তম আনন্দৰ  উৎস যাক পোৱাৰ পিছত কেতিয়াও হেৰুওৱাৰ ভয় নাথাকে তেওঁ হৈছে ভগৱান কৃষ্ণতেওঁ অনাদি কালৰ পৰা প্ৰত্যেকৰে  হৃদয়ৰ অভ্যন্তৰত আত্মাৰূপে সদাবিৰাজমান হৈ আছে আৰু ভৱিষ্যতেও তেওঁৰ সৈতে আমাৰ কেতিয়াও বিচ্ছেদ নহয় এই তত্বজ্ঞান উপলব্ধি কৰাটোৱে হৰিদেৱ গুৰুজনাই দিয়া ধৰ্মীয় শিক্ষাৰ উচ্চতম লক্ষ্য আৰু সেই লক্ষ্যপ্ৰাপ্তিৰ উপায় হৈছে উত্তম শৰণ ।(আগলৈ)


Monday, 21 March 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-100 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১০০)

 

Guru Harideva tells that  primary , medium and best may be  the three stages  of  shelter or Sharana in God in accordance with one’s level of knowledge, faith and attitude. Among them the devotees included in the medium stage can overcome their attachment with wife, children, relatives and other  material possessions etc. But it is not possible for them to overcome the attachment with their own body. Guru Harideva further tells that it is very difficult task to overcome this attachment. This is because, in our practical life we cannot imagine our existence without a body. If we think for a while we can easily realize that by the word “I” we mean our body only. We always feel that the body is not “mine” but it is “me”. The body and soul are very closely attached with each other and so it becomes practically impossible to imagine that the body and soul are totally different entities. Because of that almost each  people considers the body as his soul for all practical purpose and remains too much attached with the body. Analyzing the things in this way Guru Harideva tells that the attachment with the body is the strongest attachment one can have. He also suggests that by medium type of surrendering or Sharana a devotee can develop attachment with Lord Krishna equal to his natural attachment with the   body. In Bhagavata it is told that a devotee in medium stage of surrender or sharana   loves  God very much, he is sincere friend of all other devotees of God , he is merciful towards innocent ignorant people and he shows  indifference towards people who disregard God. This means that a devotee in second stage of shelter or sharana is not free from duality. Love, friendship, mercy, indifference etc. are various thoughts related to the body . Those thoughts can arise only in the mind of people who considers the body as “I” or soul and all other things of the world as separate entities situated outside him. According to Guru Harideva it is not possible for this category of devotee to see everything of the world equally or see the presence of Lord Krishna in everything of the world.   But if one can bring his attachment with Lord Krishna to a level equal to his attachment with own body then that can also be considered as a great spiritual achievement . (to be continued)                  

নিজৰ নিজৰ জ্ঞান, বিশ্বাস আৰু শ্ৰদ্ধাৰ গভীৰতা অনুসৰি মানুহে প্ৰাথমিক, মধ্যম আৰু উত্তম – এই তিনি প্ৰকাৰে ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে বুলি হৰিদেৱ গুৰুজনাই কৈছে ইয়াৰ ভিতৰত ধ্যম প্ৰকাৰৰ শৰণ গ্ৰহণ কৰা ভক্তই স্ত্ৰী-পুত্ৰ- আত্মীয় স্বজন- বিষয় সম্পত্তি আদিৰ মায়া ত্যাগ কৰিলেও প্ৰাৰব্ধ বশতঃ লাভ কৰা শৰীৰৰ মায়া ত্যাগ কৰিব নোৱাৰে বুলি গুৰুজনাই কৈছে গুৰুজনাই ইয়াকো কৈছে যে সংসাৰত শৰীৰ সূত্ৰে সংযোজিত হোৱা  স্ত্ৰী-পুত্ৰ- আত্মীয় স্বজন- বিষয় সম্পত্তি আদি প্ৰিয় বস্তুৰ প্ৰতি আসক্তি ত্যাগ কৰিব পাৰিলেও নিজৰ শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰা অতি কঠিন ইয়াৰ কাৰণ হৈছে ব্যৱহাৰিক জীৱনত নিজৰ শৰীৰৰ পৰা নিজকে পৃথক বুলি কল্পনা কৰা সম্ভৱ নহয় মই মানে মোৰ এই শৰীৰ – এই কথা আমি সদসৰ্বদা কিমান গভীৰভাৱে অনুভৱ কৰো তাক অলপ ভাৱি চালেই গম পোৱা যায় চকু মুদি অলপ ভাৱি চালেই  অনুভৱ হয় যে প্ৰকৃততে শৰীৰটো মোৰ নহয় ,শৰীৰটোৱে মই শৰীৰৰ লগত চৈতন্য বা আত্মা ইমান ওতঃপ্ৰোতভাৱে জড়িত যে এটা আনটোৰ পৰা পৃথক বুলি ভাবিবই নোৱাৰি সেইকাৰণে মানুহে শৰীৰ আৰু আত্মা এক বুলি ভাৱে শৰীৰটোৰ প্ৰতি অতিশয়  আসক্ত হয়হৰিদেৱ গুৰুজনাই এই কথা ব্যক্ত কৰি কৈছে যে  নিজ শৰীৰৰ প্ৰতি  আসক্তি অন্য সকলো প্ৰকাৰৰ আসক্তিতকৈ অধিক বলবান লগতে  কৈছে  যে নিজ শৰীৰৰ প্ৰতি মানুহৰ যিমান আসক্তি থাকে মধ্যম পৰ্যায়ৰ শৰণ গ্ৰহণ কৰা ভক্তৰ ভগৱান কৃষ্ণৰ প্ৰতি সেই একে পৰিমাণৰ আসক্তি উন্ন হয়ভাগৱতত কোৱা হৈছে যে মধ্যম প্ৰকাৰে শৰণ গ্ৰহণ কৰা ভক্তৰ ঈশ্বৰৰ প্ৰতি প্ৰেম, ঈশ্বৰ বিশ্বাসীৰ প্ৰতি মৈত্ৰীভাৱ , অজ্ঞজনৰ প্ৰতি কৃপা আৰু ঈশ্বৰ বিদ্বেষীৰ প্ৰতি উপেক্ষা ভাৱ থাকে ইয়াৰ অৰ্থ হৈছে মধ্যম প্ৰকাৰৰ শৰণ গ্ৰহণ কৰা ভক্তৰ ভেদজ্ঞান থাকে প্ৰেম ,মৈত্ৰী , ৰাগ, দ্বেষ , উপেক্ষা ইত্যাদি শৰীৰৰ সৈতে সম্পৰ্কিত ভাৱশৰীৰকে মইবা আত্মা বুলি আৰু জগতৰ অন্য সমস্ত বস্তু শৰীৰৰ বাহিৰত পৃথকভাৱে অৱস্থিত বুলি ভ্ৰান্ত ধাৰণা থকা  লোকৰ  মনতহে এনে প্ৰকাৰৰ দ্বৈত ভাৱৰ উদয় হোৱা সম্ভৱ  গুৰুজনাই কৈছে যে শৰীৰ অনিত্য বুলি জানিও অতিশয় মমতাবশতঃ ইয়াকে নিত্য আত্মা বুলি জ্ঞান কৰা  ভক্ত সৰ্বত্ৰতে সমদৃষ্টি সম্পন্ন হব নোৱাৰে বা তেনে ভক্তই জগতৰ জড়-জীৱ , স্থাৱৰ-জঙ্গম সমস্ততে কৃষ্ণদৰ্শন কৰাত সক্ষম নহয় লগতে ইয়াকো কৈছে যে  শৰীৰৰ প্ৰতি যেনে আসক্তি থাকে ভগৱান কৃষ্ণৰ প্ৰতি সেই একে সমানভাৱে আসক্ত হব পৰাটো অতি উচ্চতৰ পৰ্যায়ৰ পাৰমাৰ্থিক প্ৰাপ্তি। (আগলৈ)      



Wednesday, 16 March 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-99 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৯৯)

 

Explaining the theory on “Ekeshwara” or only one God Almighty, Guru Haridva tells that there is nothing in the creation except one God Almighty. We have tried to tell something on this subject in the preceding post. But from the daily experience of our life we feel that we remain in one place and the things that we want to possess for fulfillment of our desires remain in another place outside us. To remove such wrong idea of our mind Guru Harideva tells that the things of our desire do not remain outside us. These are attached with us. Everything of the creation is interconnected with each other. This is like interconnection among the organs of our body. It is said that the creation is the body of the God Almighty. That is, from the point of view of God the whole creation is one single body and everything available in the creation including our own body are various different organs of that grand body. Nothing of the world remain outside of it. Thus the creation or anything of the creation cannot be a thing outside us. From the experience of our own body we know that no organ of a body can remain separated from the body. The foot cannot be an outer object for the hand. Similarly, our feelings, thoughts, desires, happiness, sorrow etc. do not remain outside the body. The body includes everything as above.  So, practically we cannot have desire to possess our own hands, feet , eyes , thoughts, emotions etc. which are already attached with our body. Similarly, after realizing the fact that the whole creation is the body of God and there is not a single object outside this body, the question of desiring anything of the world does not arise. With such analysis people can realize that there cannot be any object of desire in the creation. Scriptures tell that immediately after knowing this fact one’s desire for objects of the world vanishes. Now, the point is, when one feels that there are separate objects in this world then desire arises in his mind to possess them. Again, it is difficult for common ignorant people to go to the higher stages of scriptural knowledge and  convince his mind that the objects surrounding him are already under his possession like various organs of his own body. In this context Guru Harideva cited example of the great devotee Prahlada depicted in the Bhagavata and suggests that when one comes to the shelter or sharana of lord Krishna then his desire for material objects is automatically converted to desire for knowing God and this is the easiest way for common people to realize the theory of one God or Ekasharana. (to be continued)        

হৰিদেৱ গুৰুজনাই কৰা একেশ্বৰ তত্বৰ ব্যাখ্যা প্ৰসঙ্গত ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে এক ঈশ্বৰত বাহিৰে জগতত অন্য একো বস্তু নাই  কিন্তু দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰা আমাৰ মনত সদায় এই প্ৰত্যয় থাকে যে  আমি নিজে এঠাইত অৱস্থান কৰো আৰু নিজৰ সুখ-সুবিধাৰ বাবে যিবিলাক বস্তু পাবলৈ হাবিয়াস কৰা হয় সিবিলাক আমাৰ বাহিৰত পৃথকভাৱে থাকে আমাৰ মনত সততে বাঁহ লৈ থকা এই ভ্ৰম দূৰ কৰি হৰিদেৱ গুৰুজনাই যি কথা  কৈছে তাৰ অৰ্থ  এয়ে যে কাম্য বস্তু বা আমি পাবলৈ হাবিয়াস কৰা বস্তুসমুহ আমাৰ বাহিৰত নাথাকেএইসমুহ আমাৰ লগতে সংযুক্ত হৈ থাকে জগতৰ সমস্ত বস্তুৰে ইটোৰ সৈতে সিটোৰ পৰস্পৰ আন্তঃসংযোগ আছে সমস্ত জগতৰ এটা শাৰীৰিক ঐক্য আছে কোৱা হৈছে যে জগত ঈশ্বৰৰ শৰীৰ অৰ্থা ঈশ্বৰৰ দৃষ্টিকোণৰ পৰা চালে সমগ্ৰ জগত এক শৰীৰ আকৌ সমগ্ৰ জগত যিহেতু এটা শৰীৰৰ দৰে আৰু আমি নিজেও সেই শৰীৰৰ এটা অংশ গতিকে ইয়াত ভিতৰ বা বাহিৰ বুলিবলৈ একো নাইজগত বা জগতৰ কোনো ব্স্তু  আমাৰ বাবে কোনো বাহ্যিক বস্তু হব নোৱাৰে নিজৰ শৰীৰৰ অভিজ্ঞতাৰ পৰা আমি জানো যে শৰীৰৰ এটা অঙ্গ অন্য এটা অঙ্গৰ বাবে কোনো বাহ্যিক বস্তু হব নোৱাৰে হাতৰ কাৰণে ভৰি কোনো বাহ্যিক বস্তু নহয় একেদৰে অনূভৱ ,চিন্তা ,ভাৱনা ,কামনা ,বাসনা ইত্যাদি একোৱে শৰীৰৰ বাহিৰত নাই শৰীৰৰ বাহিৰত থকা বস্তুক নিজৰ কৰি লোৱাৰ হেপাহ থাকিব পাৰে কিন্তু আমি আমাৰ নিজৰ হাত ,ভৰি ,চকু কান ইত্যাদি পৃথক পৃথক অঙ্গ-প্ৰত্যঙ্গক তথা চিন্তা ভাৱনা ইত্যাদি অনভূতিক নিজৰ কৰি লোৱাৰ বাবে হাবিয়াস কৰাৰ প্ৰশ্ন নুঠে ইয়াৰ কাৰণ অঙ্গ-প্ৰত্যঙ্গসমুহ আৰু চিন্তা ভাৱনা ইত্যাদি আমাৰ শৰীৰৰ লগত এক একেদৰে ব্ৰহ্মাণ্ডও ঈশ্বৰৰ শৰীৰৰ ৰূপত এক আৰু বস্তু বুলি কবলৈ ইয়াৰ বাহিৰত একো নাই এনেদৰে কোনো বস্তু নাই বুলি জ্ঞাত হোৱাৰ পিচত বস্তুৰ প্ৰতি কোনো বাসনাৰ উদ্ভৱ হব নোৱাৰে শাস্ত্ৰত কোৱা হৈছে  যি মুহুৰ্ত্ততে জগতত একো বস্তু নাই বুলি জ্ঞান হয় সেইমুহুৰ্ত্ততে নিজৰ দেহ বন্ধনত বাদে অন্য সমস্ত বন্ধন পলকতে শেষ হৈ যায়এতিয়া কথা হৈছে যে বস্তু আছে বুলি জানিলে  ভোগ্য বস্তুৰ প্ৰতি  আসক্তি জন্মেআকৌ ভোগ্য বস্তু নাই বুলি দৃঢ়তা সহকাৰে বিশ্বাস উৎপন্ন হোৱাৰ বাবে যি জ্ঞান-বিশ্বাসৰ প্ৰয়োজন হয় সাধাৰণ অল্পজ্ঞানী  মানুহ তেনে জ্ঞান্-বিশ্বাসৰ অধিকাৰী হোৱা সম্ভৱ নহয় এই প্ৰসঙ্গত গুৰুজনাই ভাগৱতত বৰ্ণিত পৰম ভক্ত প্ৰহ্লাদৰ উদাহৰণ দি কৈছে যে ভগৱান কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি একান্ত মনে  প্ৰাৰ্থনা কৰিলে জগতৰ ভোগ্য বস্তুৰ প্ৰতি থকা মানুহৰ জন্মগত আসক্তি ভগৱানৰ প্ৰতি আসক্তিলৈ পৰিবৰ্ত্তিত হয় আৰু আমাৰ দৰে সাধাৰণ লোকৰ বাবে একেশ্বৰ তত্ব বা একশৰণ তত্বৰ তাৎপৰ্য উপলব্ধি কৰাৰ বাবে ইয়ে সহজতম উপায় (আগলৈ)


Saturday, 12 March 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-98 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৯৮)

 

Explaining the theory of only one God Almighty or Ekeswaravad Guru Harideva tells that  God is the root cause of  all living and non-living beings in the creation ; the various stages of  middle worlds ,lower and higher heavens and  planets of the nether region holding them;  the creation, sustenance and inhalation of those heavens and planets  of nether regions; the feelings created by sight ,touch, hearing  etc. of everything mentioned above and  the thoughts that arise in our mind regarding the things described above. That is, there is nothing in the creation except God. Then how we can see so many things around us? Answering this question the scriptures tell that everything available in the creation as mentioned above is the expansion of only one God Almighty. The existence of all other things depends upon God or without God nothing of them can exist. To understand the point we can take example of the constitution of our country. The constitution of a country is a theoretical principle to guide the activities of the country. It has no shape- size etc. But everybody starting from the President of the country to the sweeper of an office, is bound to think and work in accordance with the rules and regulation framed in the constitution. That is, through observance of the rules and regulations of the constitution, the power of a state is expanded throughout the country. We, the common people can physically feel this power expressed through the institutions like Lokasabha ,Rajyasabha, Bidhansabha , Panchayats, Courts , police stations,  other Govt. offices and various categories of people working there. The constitution is the source of all those powers and if somehow the constitution becomes inoperative then no institution and people can express their power as described above.  However, the power of the constitution of a country cannot be compared with the power of the operative principle of the creation. The constitution of a country is framed by human beings and  is operative within the boundary of that  particular country .  Moreover, this power cannot control the activities of the sky, air, water  , all living and non-living beings etc. within the boundary of the country also . But the power of the constitution or operative principle of God is not like that.  Whatever gross and subtle were there in the past, are there at present and will be there in future in the creation are the physical expressions of the operative principle framed by God for the creation. Nothing can exist outside this principle and nobody can do anything by defying the power of this operative principle. Analyzing the things in this way Guru Harideva suggests that Lord Krishna physically represents this omnipotent operative principle and common ignorant people like us can realize this fact by coming to his shelter or Sharana. (to be continued)  

একেশ্বৰবাদৰ মূল তত্ব ব্যাখ্যা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে সমস্ত জড়জগত আৰু জীৱজগত , এই সকলক ধাৰণ কৰি থকা আকাশ ,পাতাল ,স্বৰ্গ, মৰ্ত্য  আদি লোকসমুহ, এই সমস্তৰে সৃষ্টি, স্থিতি, লয় আৰু এই সমুহৰ দৰ্শন , স্পৰ্শ ইত্যাদিৰ অনুভূতি তথা এই সমস্ত বিষয়ত আমাৰ মনত উদয় হোৱা বিভিন্ন প্ৰকাৰৰ চিন্তা ভাৱনা ইত্যাদি সকলোৰে একমাত্ৰ কাৰণ হৈছে ভগৱান শ্ৰীহৰি অৰ্থা পৰম চৈতন্য স্বৰূপ ভগৱান হৈছে জগতৰ সমস্তৰে মূলইয়াৰ অৰ্থ হৈছে ঈশ্বৰত বাদে জগতত অন্য একো দ্বিতীয়  বস্তু নাইতেন্তে জগতত আমি আমাৰ চাৰিওফালে দেখি থকা অসংখ্য বস্তু কি ? ইযাৰ উত্তৰ দি শাস্ত্ৰত কোৱা হৈছে যে সেই সমস্ত বস্তু এক ঈশ্বৰৰ বিস্তাৰ এইবিলাকৰ অস্তিত্ব ঈশ্বৰৰ অস্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে বা ঈশ্বৰ নাথাকিলে এইলাক একোৰে অস্তিত্ব নাথাকে কথাখিনি বুজাৰ সুবিধাৰ বাবে আমি আমাৰ দেশৰ সংবিধানখনৰ কথা ধৰিব  পাৰো এখন দেশৰ সংবিধানখন হৈছে সেই দেশৰ মূল তত্ববস্তু  এই তত্ববস্তুৰ কোনো আকাৰ বা আকৃতি নাই কিন্তু দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সাধাৰণ চাফাই কৰ্মীলৈকে সমস্ত বিষয়বাব , সেই বিষয়বাব অধিকাৰ কৰি থকা লোকসকলৰ চিন্তা-ভাৱনা , কৰ্মকাণ্ড ইত্যাদি  দেশৰ সংবিধান অনুসৰি চলাটো বাধ্যতামূলক অৰ্থা সংবিধানৰ নিয়ম পালনৰ জৰিয়তে এক ৰাষ্ট্ৰশক্তি ৰাষ্ট্ৰৰ সৰ্বত্ৰতে বিস্তাৰ লাভ কৰে আমাৰ দৰে সাধাৰণ মানুহে লোকসভা , ৰাজ্যসভা , বিধানসভা , অফিচ, কাছাৰী , থানা , পঞ্চায়ত আদি বিভিন্ন অনুষ্ঠান –প্ৰতিষ্ঠান , সেই সমুহৰ উচ্চ-নিম্ন বিভিন্ন পদত কাম কৰা লোক, সেইসকলে কৰা কাম আদিৰ ৰূপত নিৰাকাৰ ৰাষ্ট্ৰশক্তিৰ মূৰ্ত্তিমান প্ৰকাশ দেখা পাওঁ শক্তিৰ মূল উৎস স্বৰূপ ৰাষ্ট্ৰীয় সংবিধানখন  কিবা কাৰণবশতঃ অকাৰ্যকৰী হলে ৰাষ্ট্ৰশক্তিৰ ওপৰোক্ত প্ৰকাৰৰ মূৰ্ত্ত ৰূপৰো অন্ত পৰে কথাখিনি এনেদৰে বুজাৰ চেষ্টা কৰা হৈছে  যদিও  ঈশ্বৰৰ সৃষ্টিৰ  বিধানৰ সৈতে এখন ৰাষ্ট্ৰৰ সংবিধানৰ কোনো তুলনা হব নোৱাৰে দেশৰ সংবিধান মানুহে সৃষ্টি কৰে নিৰ্দিষ্ট  দেশৰ সীমাৰ বাহিৰত তাৰ নীতি-নিয়ম প্ৰযোজ্য নহয় দেশৰ সীমাৰ ভিতৰতো আকাশ ,বতাহ , মাটি ,পানী, স্থাৱৰ ,জঙ্গম সকলোতে ৰাষ্ট্ৰীয় সংবিধানৰ নিয়ম শক্তি সৰ্বতোভাৱে প্ৰযোজ্য নহয় কিন্তু ঈশ্বৰৰ সংবিধানৰ শক্তি  তেনেকুৱা অংশিক নহয়জগতত  স্থূল বা সুক্ষ্ম ৰূপত  যি যি আছিল , আছে আৰু থাকিব সেই সমস্তই ঈশ্বৰৰ সংবিধান  বা নিয়মশক্তিৰ মূৰ্ত্তিমান ৰূপ এই  শক্তিতত্বৰ বাহিৰত  একো থাকিব নোৱাৰে আৰু এই শক্তি  উলঙ্ঘা কৰি জগতত কোনেও একো কৰিব নোৱাৰে ভাগৱত  শাস্ত্ৰৰ আধাৰত  নিজৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰি হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণ হৈছে ওপৰোক্ত সৰ্বশক্তিমান এক তত্ববস্তুৰ মূৰ্ত্তিমান ৰূপ শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিলে আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধিৰ মানুহৰ মনতো এই তত্বজ্ঞান ক্ৰমান্বয়ে পৰিষ্ফুট হয় (আগলৈ)


Monday, 7 March 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-97 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৯৭)

 

In the Vedas, Upanishadas, Gita, Bhagavata and other Vedic scripture there is an analogy of two birds available in a single tree. They are perpetually related and inseparable from each other. The tree mentioned here may be our body or it may mean the entire creation. God and Jiva or living being both exist together in an individual body as well as in the entire creation imagined as a single body. In the analogy Jiva and Ishvara are compared to birds. It is told that one of the birds eats fruits of the tree where it lives and the other bird does not eat anything. It simply accompanies the first bird as unconcerned and unconnected witness . That is, one bird goes on enjoying the happiness and sorrow related to the body and the things connected with the body. The other bird goes on enjoying the bliss of the world as an unconcerned witness. Scriptures tell that the bird that enjoys happiness and sorrow generated by the things and happenings of the world represents Jiva or consciousness connected with body-mind complex. The unattached bird represents God and he remains always seated in our heart as well as in all other living and nonliving beings of the creation as all-pervading consciousness. In some of the scriptures these two phases of consciousness are mentioned as Nara-Narayana, Soul-Super Soul,  Individual Consciousness-Omnipresent Consciousness and like that. In this context Guru Harideva tells that the fruit eating bird or human being after coming to the shelter or Sharana of the unattached bird or God can realize that it is possible to enjoy bliss without possessing anything of this world. It is possible to enjoy the beauty and fragrance of flowers without plucking them. Without using any gold ornament one can enjoy the glittering of Gold. Thus, one can enjoy pleasure from everything of this world without becoming owner of anything of them. The things are there in this world and  that should be the cause of pleasure for us in a simple manner . For example, sun is there in the sky and that brings pleasure for us. Existence of the sun is sufficient to make us happy. The sun need not do anything more to make us happy. Guru Harideva suggests that while coming into contact of the things of the world by sight, touch etc. our mind should be free from any kind of attraction or distraction towards them. Under such condition the existence of the things itself becomes cause of our happiness ;  acceptance or rejection of the things do not carry any meaning; also ,the things of the world and the relationship we maintain with them cannot bring sorrow to us. (to be continued)  

বেদ ,উপনিষদ ,গীতা,  ভাগৱত আদি বৈদিক শাস্ত্ৰত  একেডাল বৃক্ষত থকা দুটা পক্ষীৰ উপমা দিয়া হৈছে কোৱা হৈছে যে দুয়োটা পক্ষীৰ মাজৰ সম্পৰ্ক অবিচ্ছেদ্য আৰু চিৰস্থায়ী দুয়োটা পক্ষী যি বৃক্ষত একেলগে বাস কৰে বুলি কোৱা হৈছে সেই বৃক্ষৰ অৰ্থ আমাৰ শৰীৰো হব পাৰে অথবা ব্ৰহ্মাণ্ড শৰীৰ ৰূপে কল্পিত সমগ্ৰ সৃষ্টিও হব পাৰেঈশ্বৰ আৰু জীৱ উভয়ে একেলগে সৃষ্টিটো আছে আৰু আমাৰ এই মানৱ শৰীৰটো আছে উপমাটোত ঈশ্বৰ আৰু জীৱক পক্ষীৰ সৈতে তুলনা কৰা হৈছে লগতে কোৱা হৈছে  ইয়াৰে এটা পক্ষীয়ে নিজে বাস কৰা বৃক্ষৰ ফল ভোগ কৰে আৰু আনটোৱে বৃক্ষৰ ফল সম্পৰ্কত সম্পূৰ্ণ উদাসীন সাক্ষীমাত্ৰ  হৈ থাকেঅৰ্থা এটা পক্ষীয়ে নিজৰ শৰীৰ  আৰু শৰীৰৰ  সৈতে সম্পৰ্কিত জগতৰ বস্তু  সমুহ ভোগ কৰি অবিৰাম  সুখ বা দুখ ভোগ  কৰি থাকে আৰু আনটোৱে সম্পূৰ্ণ উদাসীন  দৰ্শক হিচাপে  জগতত বিৰাজমান আনন্দ উপভোগ কৰে শাস্ত্ৰত কোৱা হৈছে যে সংসাৰৰ বস্তু আৰু ঘটনাৰ সৈতে লিপ্ত হৈ সুখ-দুখ ভোগ কৰা পক্ষী হৈছে জীৱ বা শৰীৰ আৰু মনৰ সংযুক্ত অৱস্থাৰ সৈতে সংশ্লিষ্ট হৈ থকা চৈতন্য নিৰ্লিপ্ত হৈ চাই থকা পক্ষী হৈছে ঈশ্বৰ অৰ্থাৎ আমাৰ হৃদয়কে ধৰি সমগ্ৰ জগতৰ স্থাৱৰ-জঙ্গম প্ৰত্যেক বস্তুতে সাক্ষীৰূপে সদা বিৰাজমান হৈ থকা চৈতন্য বা সৰ্বব্যাপ্ত চৈতন্য কিছুমান শাস্ত্ৰত চৈতন্যৰ এই দুটা অৱস্থাক নৰ-নাৰায়ণ, জীৱাত্মা-পৰমাত্মা, জীৱচৈতন্য-পৰম চৈতন্য  ইত্যাদি  ৰূপেও বৰ্ণনা   কৰা হৈছেএই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে  ফলভোক্তা পক্ষী বা  মানুহে যেতিয়া নিজৰ শৰীৰৰূপ বৃক্ষত একেলগে বিৰাজমান  নিৰ্লিপ্ত  পক্ষী বা ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে তেতিয়া বুজিব পাৰে যে  জগতৰ একো বস্তুৰ মালিকানা নিবিচৰাকৈও জগতৰ আনন্দ উপভোগ কৰিব পাৰি ফুল নিচিঙাকৈও ফুলৰ সৌন্দৰ্য আৰু সুগন্ধ  উপভোগ কৰিব পাৰিসোণৰ অলঙ্কাৰ নিপিন্ধাকৈও সোণৰ জ্যোতি দেখি মুগ্ধ হব পাৰি এনেদৰে  একো  বস্তুৰ মালিক নোহোৱাকৈও জগতৰ সমস্ত বস্তু উপভোগ কৰিব পাৰি জগতত বস্তুসমুহ আছে আৰু ইয়ে আমাৰ বাবে আনন্দৰ উৎস হোৱা উচিতউদাহৰণ স্বৰূপে  আকাশত সূৰ্য প্ৰজ্বলিত হৈ থকাটো আমাৰ আনন্দৰ কাৰণইয়াৰ অস্তিত্বতে আমাৰ আনন্দ সূৰ্যৰ অস্তিত্ব আৰু কাৰ্যৰ মাজত কোনো প্ৰভেদ নাই অৰ্থাৎ আমাক আনন্দ দান কৰাৰ বাবে সূৰ্যই নিজৰ স্থানত বিৰাজমান হৈ থকাত বাহিৰে অন্য একো কাম নকৰে গুৰুজনাই কৈছে জগতৰ বস্তুসমুহ দৰ্শন-স্পৰ্শন আদি  কৰাৰ পাছত এইসমুহৰ লগত আমাৰ সংযোগ ৰাগ বা বিদ্বেষৰ পৰা মুক্ত হব লাগে তেনে অৱস্থাত বস্তুৰ অস্তিত্বই আমাৰ আনন্দৰ কাৰণ হয় ;  কোনো বস্তু গ্ৰহণ কৰা বা প্ৰত্যাখ্যান কৰা ইত্যাদি কথাৰ কোনো অৰ্থ নাথাকে আৰু কোনো বস্তু বা স্ত্ৰী-পুত্ৰ আদি সাংসাৰিক সা-সম্বন্ধ আমাৰ দুঃখৰ কাৰণ হৈ উঠিব নোৱাৰে (আগলৈ)