Thursday, 23 November 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-199 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯৯)

 

In the preceding posts the position of women in Satra Institution of Guru Harideva has been discussed. In that context the poor social status of women during 15th century, that is, at the time of establishment of Satra in Assam by Guru Harideva has also been mentioned . The prime aim of the Satra Institution of Guru Harideva was to impart spiritual education to common people on the basis of knowledge and instructions contained in the Bhagavata. Worship of Lord Vishnu, recitation and explanation of Bhagavata, Community prayer or “Naam Prasanga” and some other religious rituals were performed daily in  the Satra.  Thus it can be said  that the Satra established by Guru Harideva was mainly religious institution. Under the prevailing situation in the society of 15th century CE, it was very difficult task to grant respectable position to women in a religious institution. It was equally difficult to give women opportunity of religious practice equal to man. But due to attractive divine appearance and  personality of Guru Harideva,  people did not dare to create resistance against his action.  Instead, they came forward to co-operate with him in all respect. With passage of time the general people started getting positive benefits of  this social reformative action of Guru Harideva. It should be mentioned here that Guru Harideva established his first Satra at Bahari at his age of 27. Then at his age of 30 he established his second Satra at maneri and maintained that Satra till his death at the age of 140.  Staying at Maneri he arranged establishment of a large number of Satras through his Acharyas and  disciples . In all those Satras women were granted equal status with man. But from his long time practical experience gained by observation of the social trends, Guru Harideva  understood that after his death the status of women in his Satra may come down again. Considering such possibility he permitted his elder daughter Bhuvaneswari to remain ever virgin. Knowledge of the Vedas, Upanishada, Gita , Bhagavata and other Vedic scriptures was imparted to her . She was trained up to run the affairs of Satra Institutions. Then prior to his death in 1566 CE  Guru Harideva obtained approval from Satradhikars of other Satras , his disciples and followers and nominated Bhuvaneswari as Satradhikar of Maneri Satra. In this way Guru Harideva ensured equal status for man and woman in his Satras for forever. ( to be continued)

আগৰ কেইটামান লিখনিত হৰিদেৱ গুৰুজনাৰ সত্ৰত মহিলাৰ স্থান সম্পৰ্কে আলোচনা কৰা হৈছে। এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই অসমত সত্ৰ স্থাপন কৰা কালত অৰ্থা খৃষ্টীয় পঞ্চদশ শতিকাৰ সমাজত মহিলাৰ পুতৌজনক অৱস্থাৰ বিষয়েও উল্লেখ কৰা হৈছে ।হৰিদেৱ গুৰুজনাৰ সত্ৰৰ প্ৰধান কাম আছিল ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু উপদেশৰ জৰিয়তে মানুহক পাৰমাৰ্থিক সাধনা সম্পৰ্কে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা। ভগৱান বিষ্ণুৰ পূজা অৰ্চনা, ভাগৱত পাঠ, ব্যাখ্যা আৰু আলোচনা, নাম-প্ৰসঙ্গ আৰু ইয়াৰ সৈতে সংযুক্ত অন্যান্য আনুষঙ্গিক কাৰ্য-কলাপ সত্ৰৰ নিত্য কৰ্মৰ অংশ আছিল  ।সেয়েহে সত্ৰ মূলতঃ ধৰ্মীয় প্ৰতিষ্ঠান বুলি কোৱা যায়। খৃষ্টীয় পঞ্চদশ শতিকাৰ সামাজিক পৰিবেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সত্ৰৰ দৰে ধৰ্মীয় অনুষ্ঠানত মহিলা আৰু পুৰুষক সমমৰ্যাদা দি ধৰ্ম চৰ্চাৰ সুযোগ প্ৰদান কৰা অতি দুৰূহ কাম আছিল । কিন্তু হৰিদেৱ গুৰুজনাৰ আচাৰ-আচৰণ আৰু ঐশ্বৰিক ব্যক্তিত্বৰ প্ৰভাৱত মুগ্ধ হৈ মানুহে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰিব পৰা নাছিল। বৰঞ্চ সাধাৰণ মানুহে গুৰুজনাৰ নিৰ্দেশ মানি সকলো কামতে সহায় সহযোগ কৰাৰ বাবেহে আগবাঢ়ি আহিছিল ।সময় পাৰ হোৱাৰ সমান্তৰালভাৱে জনসাধাৰণে গুৰুজনাৰ  উপদেশ আৰু কাৰ্যব্যৱস্থাৰ পৰা সুফলো লাভ কৰিছিল। উল্লেখযোগ্য যে হৰিদেৱ গুৰুজনাই ২৭ বছৰ বয়সত বহৰিত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল।৩০ বছৰ বয়সত মানেৰীত দ্বিতীয়খন সত্ৰ স্থাপন কৰি ১৪০ বয়সত পৰলোক গমন কৰাৰ আগলৈকে  সুদীৰ্ঘ কাল এইখন সত্ৰতে থাকি ইয়াৰ পৰিচালনা কৰিছিল। ইয়াতে থাকি গুৰুজনাই ধৰ্মাচাৰ্য আৰু শিষ্য-প্ৰশিষ্যৰ দ্বাৰা অসমৰ বিভিন্ন স্থানত বহু কেইখন সত্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰিছিল । সকলো সত্ৰতে মহিলা সকলক পুৰুষৰ সমানে মৰ্যাদা প্ৰদান কৰা হৈছিল। কিন্তু সুদীৰ্ঘ জীৱন কালত মানৱ সমাজৰ গতিবিধি সম্পৰ্কত অৰ্জন কৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি হৰিদেৱ গুৰুজনাই বুজিব পাৰিছিল যে তেওঁৰ মৃত্যুৰ পিছত সত্ৰত মহিলাৰ স্থান নিম্নগামী হব পাৰে ।এনে সম্ভাৱনাৰ কথা চিন্তা কৰি গুৰুজনাই নিজ কন্যা ভুৱনেশ্বৰীক চিৰকুমাৰী হৈ থকাৰ অনুমতি দিছিল। তেওঁক বেদ,উপনিষদ,গীতা,ভাগৱত,পুৰাণ আদি সমস্ত বৈদিক শাস্ত্ৰৰ জ্ঞান প্ৰদান কৰিছিল। সত্ৰ পৰিচালনা সম্পৰ্কীয় সমস্ত বিষয়ৰ প্ৰশিক্ষণ দিছিল ।মৃত্যুৰ  আগ আগে  গুৰুজনাই অন্যান্য সত্ৰৰ সত্ৰাধিকাৰ আৰু  শিষ্য ভকতৰ  সন্মতি লৈ ভুৱনেশ্বৰীক মানেৰী সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মনোনীত কৰিছিল । এনেদৰে হৰিদেৱ গুৰুজনাই সত্ৰত মহিলা আৰু পুৰুষৰ সম মৰ্যাদা পূৰ্ণ স্থান চিৰকালৰ বাবে নিশ্চিত কৰি গৈছে। (আগলৈ)   

Wednesday, 15 November 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-198 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯৮)

 

The best example of spiritual practice performed by women under influence of outward tendency of their mind was created by the Gopis, the cowherd women of Vrindavana. The same was expressed through their great attraction and love for Krishna. Being fully absorbed in love for Krishna they forgot the Scriptural injunctions governing activities of their day to day family life. They accepted Krisna as all in all of their life. Life in absence of Krishna with them either physically or mentally was totally meaningless for the Gopis. In Bhagavata the divine relationship of extreme love and affection between Gopis and Krishna is elaborately discussed from all angles. In several places of Bhagavata Gopis are highly praised. It is said that the Gopis incarnated in this world to show people the spiritual path of pure and perfect love for Lord Krishna.  People of all time and all places are said to be very lucky to get detailed description of this path of spiritual practice from narrations contained in Bhagavata. Bhagavata says that Gopis were not born in educated families of higher cast . No sacred purification ceremonies were performed for their purification. They never performed any sacrificial rituals etc . Religious initiation ,  educational  training etc were unknown to them. In short preliminary qualifications supposed to be essential for spiritual practice were not available with them. In day to day life the Gopis used to wander about the forest. They were not aware of the scriptural rules and regulations suggested for ideal family life . They were simple village women born and brought up in cowherd family. But their heart was full of pure, perfect and unalloyed love for Krishna. Now, scriptures say that if one drinks nectar  without knowing it  to be nectar then also he attains immortality . This happens due to power inherent in the nectar. Similarly, if someone simply loves God from the core of his heart without having  knowledge of God, then also blessings of God  are showered upon  him. In a similar way Gopis of Vrindavana got full blessings of Lord Krishna though they were not at all aware of the fact that Krishna is omnipotent, omnipresent and omniscient God Almighty.  Guru Harideva considered those  teachings of Bhagavata and placed women in proper position in his Satra.  (to be continued)

নাৰীয়ে নিজৰ স্বাভাৱিক প্ৰবৃত্তি অনুসৰি কৰা পাৰমাৰ্থিক সাধনাৰ সৰ্বোকৃষ্ট উদাহৰণ হৈছে বৃন্দাৱনৰ গোপী সকলৰ আন্তৰিক কৃষ্ণ প্ৰেম। গোপী সকলে কৃষ্ণ প্ৰেমত তন্ময় হৈ সাংসাৰিক লোকৰ বাবে শাস্ত্ৰই নিৰ্দ্ধাৰণ কৰি দিয়া নীতি নিয়ম তথা ধৰ্মীয় আচাৰ আচৰণ ইত্যাদিৰ কথা পাহৰি গৈছিল ।একমাত্ৰ কৃষ্ণকে জীৱনৰ সৰ্বস্ব বুলি গ্ৰহণ কৰিছিল ।কৃষ্ণ বিহীন বা কৃষ্ণভাৱনা বিহীন জীৱনৰ কোনো অৰ্থ নাই  বুলি মনে প্ৰাণে অনুভৱ কৰিছিল।  ভাগৱতত ব্ৰজৰ গোপী আৰু ভগৱান কৃষ্ণৰ মাজৰ গভীৰ আকৰ্ষণ আৰু প্ৰেমপূৰ্ণ সম্পৰ্কৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে ।ভাগৱতৰ অনেক স্থানত গোপীসকলৰ প্ৰশংসা কৰা হৈছে। কোৱা হৈছে যে গোপীসকল ধৰা ধামত আবিৰ্ভূত হৈ সাধাৰণ লোকৰ পাৰমাৰ্থিক সাধনাৰ বাবে এক অচিন্তনীয় ঈশ্বৰ প্ৰেমৰ দুৱাৰ মুকলি কৰি দিছিলভাগৱত শাস্ত্ৰৰ মাধ্যমত এই সাধন পথৰ সন্ধান লাভ কৰাটো সৰ্বকালৰ সৰ্বলোকৰ বাবে অসীম সৌভাগ্য বুলিও কোৱা হৈছে। গোপী সকল উচ্চ ব্ৰাহ্মণ কূলত জন্মলাভ কৰা নাছিল।তেওঁলোকে উপনয়ন আদি সংস্কাৰ লাভ কৰা নাছিল অথবা যাগ-যজ্ঞাদি শ্ৰৌত কৰ্মও কৰা নাছিল ।অৰ্থা পাৰমাৰ্থিক সাধনাৰ বাবে প্ৰয়োজনীয় বুলি গণ্য কৰা কোনো প্ৰকাৰৰ শিক্ষা-দীক্ষা গোপীসকলৰ নাছিল তেওঁলোক আছিল বন জঙ্গলত থাকি কাম কৰা বনচৰী শাস্ত্ৰীয় নীতি-নিয়াম আচাৰ-বিচাৰ  আদি সম্পৰ্কে তেওঁলোক অনভিজ্ঞ আছিল ।এই সকল আছিল অশিক্ষিত পশুপালক কুলত জন্মলাভ কৰি সেই পৰিবেশতে ডাঙৰ দীঘল হোৱা গ্ৰাম্য ব্ৰজ ৰমণী। কিন্তু বৃন্দাৱনৰ এই সকল  গোপীয়ে সচ্চিদানন্দঘন ভগৱান কৃষ্ণৰ প্ৰতি  অনন্য প্ৰেমভাৱ পোষণ কৰিছিল কথাখিনি স্পষ্ট কৰাৰ বাবে শাস্ত্ৰত কোৱা হৈছে যে অমৃত পান কৰিলে অমৃতৰ বস্তু শক্তিৰ ক্ৰিয়াত অমৰত্ব লাভ হয় ।অমৃতক অমৃত বুলি নজনাকৈ পান কৰিলেও একে ফল লাভ হয় সেইদৰে ভগৱত তত্বজ্ঞান নাজানি কৰা ভগৱত প্ৰেমৰ দ্বাৰাও পৰম কল্যাণ প্ৰাপ্তি হয় বৃন্দাৱনৰ গোপী সকলৰ কৃষ্ণৰ মাহাত্ম্য-বিষয়ক তত্বজ্ঞান নাছিল । তেওঁলোকে কৃষ্ণক সৰ্বজ্ঞ , সৰ্বশক্তিমান , সৰ্বব্যাপ্ত পৰমেশ্বৰ বুলিও  জনা নাছিল কিন্তু তেওঁলোকে নিজৰ স্বাভাৱিক প্ৰবৃত্তিজাত একান্ত প্ৰীতিবশঃত কৃষ্ণপ্ৰেমত সদা নিমগ্ন হৈ আছিল । সেয়েহে পৰমেশ্বৰ কৃষ্ণৰ কৰুণাধাৰা তেওঁলোকৰ ওপৰত বৰ্ষিত হৈছিল । ভাগৱতৰ এনে প্ৰকাৰৰ জ্ঞান আৰু শিক্ষাৰ আধাৰত বিচাৰ কৰি হৰিদেৱ গুৰুজনাই সত্ৰত মহিলাৰ স্থান নিৰ্ণয় কৰিছিল। (আগলৈ)

Wednesday, 8 November 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-197 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯৭)

 

Vedic Scriptures say that the outward tendencies of  mind divert people from spiritual path or path of liberation. But this diverting force cannot divert women from the path of spirituality as like as man.  This is because the outward tendency of mind is  natural  for women. We know that burning power of fire can burn everything, but it cannot burn fire. Water wets other things, but it cannot make itself wet . Similarly outward tendency being natural for  woman  cannot affect them as like a man whose natural tendency of mind is supposed to be inward. Moreover, the creation of God is expressed through the medium of   Prakriti and Prakriti is considered as feminine divinity.  Due to their natural characteristic of body and mind women play major roll in the creative activities of the creation of God. So they are considered as personified representative of  Prakriti or the feminine divine power. Considering the things as above men are restricted from acting as per outward tendency of mind. They are allowed to do so only during their period stay in “Grihasthaashrama” or familial life. In this Ashrama men get scope to exhaust the fruits of  their past karma by way of enjoyment. At the same time to protect their future life from the effect of further accumulation of fruits of karma of the present life ,the life and activities of men are controlled through various types of scriptural injunctions. In addition to that  men are  suggested to perform rigorous spiritual practice like Dhyana , Tapah etc for  purification of mind. But since women are major partners of the creative activity of God by their nature, they are  considered as naturally  pure. Therefore rigorous spiritual practices as like as man are not suggested for them. Analyzing the teachings of the Vedas , Upanishadas  , Gita , Bagavata and other Vedic  Scriptures as above Guru Harideva decided to grant equal status to man and woman in his Satra Institution. ( to be continued)

বৈদিক শাস্ত্ৰত কোৱা হৈছে মনৰ বহিৰ্মুখী প্ৰবৃত্তি সমূহে মানুহক পাৰমাৰ্থিক সাধন পথ বা মুক্তি পথৰ পৰা আঁতৰাই ৰাখে । কিন্তু বহিৰ্মুখী প্ৰবৃত্তিৰ শক্তিয়ে পুৰুষৰ ওপৰত যি পৰিমাণৰ ক্ৰিয়া কৰে সেই একে পৰিমাণৰ প্ৰভাৱ মহিলাৰ ওপৰত  বিস্তাৰ কৰিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে নাৰীৰ মনৰ প্ৰবৃত্তি স্বাভাৱিকতে বহিৰ্মুখী । আমি জানো যে অগ্নিৰ দহন শক্তিয়ে সকলো বস্তু পুৰিব পাৰে কিন্তু নিজক পুৰিব নোৱাৰে ।পানীয়ে অন্য বস্তু তিয়াব পাৰে কিন্তু নিজক তিয়াব নোৱাৰে । একেদৰে নাৰীৰ প্ৰবৃত্তি স্বাভাৱিকতে বহিৰ্মুখী হোৱা হেতুকে স্বভাৱতঃ অন্তৰ্মুখী প্ৰবৃত্তিৰ পুৰুষৰ ওপৰত বহিৰ্মুখী প্ৰবৃত্তিয়ে যিমান শক্তি প্ৰয়োগ কৰি ক্ৰিয়া কৰে নাৰীৰ ওপৰত সেই সমান শক্তি প্ৰয়োগ কৰি ক্ৰিয়া কৰিব নোৱাৰে ।তদুপৰি ঈশ্বৰৰ সৃষ্টি প্ৰকৃতিৰ মাধ্যমত প্ৰকাশিত হয়। প্ৰকৃতিক নাৰী শক্তিৰ ঐশ্বৰিক ৰূপ বুলি শাস্ত্ৰত কোৱা হৈছে ।শৰীৰ আৰু মনৰ স্বাভাৱিক চাৰিত্ৰিক বৈশিষ্টবশতঃ নাৰীক ঐশ্বৰিক প্ৰাকৃতিক শক্তিৰ মূৰ্ত্তিমান ৰূপ হিচাপে ধৰা হয় । পাৰমাৰ্থিক দিশৰ পৰা এনে সকলো কথা বিচাৰ বিবেচনা কৰি শাস্ত্ৰত পুৰুষক কেৱল মাত্ৰ গাৰ্হস্থ্য আশ্ৰমত থকা কাল ছোৱাতহে নিজৰ স্বাভাৱিক অন্তৰ্মুখী প্ৰবৃত্তিৰ বিপৰীত দিশত অৰ্থাবহিৰ্মুখী প্ৰবৃত্তি মতে চলিবলৈ অনুমতি দিয়া হৈছে।এই আশ্ৰমত থাকি গাৰ্হস্থ্য ধৰ্ম পালন কৰা কালত পুৰুষক ভোগৰ জৰিয়তে পূৰ্বজন্মৰ প্ৰাৰব্ধ কৰ্মৰ ফল ক্ষয় কৰাৰ সুযোগ দিয়া হয় । লগতে ইহজন্মত কৰা কৰ্মৰ দ্বাৰা যাতে ভৱিষ্যতৰ বাবে কৰ্মবন্ধন সৃষ্টি নহয় তাৰ বাবে সাৱধানতা হিচাপে বহু শাস্ত্ৰীয় নীতি-নিয়ম , বিধি-নিষেধ মানি গাৰ্হস্থ্য জীৱন যাপন কৰাৰ উপদেশ দিয়া হয় । ধ্যান ,তপস্যা বা নিজৰ পৱিত্ৰতা সাধনৰ কাৰণে কঠোৰ নীতি-নিয়মৰ মাজেৰে বিভিন্ন প্ৰকাৰৰ উপাসনাত প্ৰবৃত্ত হোৱাৰ উপদেশ দিয়া হয় আনহাতে ভগৱানে প্ৰকৃতিৰ মাধ্যমত যি সৃষ্টি ৰচনা কৰিছে নাৰী  স্বাভাৱিক প্ৰবৃত্তিবশতঃ সেই কাৰ্যৰ অন্যতম অংশীদাৰসেই কাৰণে  নাৰীক স্বভাৱতঃ পবিত্ৰ বুলি ধৰা হয় আৰু নাৰীয়ে পুৰুষৰ নিচিনা কঠোৰ ধ্যান-উপাসনা আদি কৰাৰ প্ৰয়োজন নাই বুলি কোৱা হয় বেদ,উপনিষদ ,গীতা ভাগৱত আদি শাস্ত্ৰৰ  কথা ওপৰোক্ত ধৰণে বিচাৰ বিবেচনা কৰি হৰিদেৱ গুৰুজনাই নিজৰ সত্ৰত পুৰুষ আৰু  মহিলাক সমান মৰ্যাদা প্ৰদান কৰা উচিত বুলি নিশ্চিত হৈছিল । (আগলৈ)


Tuesday, 31 October 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-196 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯৬)

 

Earlier it is told that the outward tendency of mind attracts human being towards things of outside world. Due to that most of the people try to acquire peace and happiness from gross worldly things situated in the outside world. Being misguided in this way people think that the God Almighty is available outside him as like as other material objects of the world. But in fact God is not situated outside human being. One can find God by searching inside himself only. On the other hand it is also said that God realization or liberation of soul is the prime aim of human life. Analyzing the things as above scriptures say that unless one control the outward  tendency of mind and direct this tendency in the inward direction it is not possible for him to know the soul or God and attain liberation from worldly life. Now, Scriptures say that from the point of view of soul, there is no difference between man and woman.  The soul inside the body of man and woman is one and same. But from the point of view of body there are vast differences between them. The way of physical expressions and  direction of flow of  energy  in male and female bodies are opposite . It is said that the male body is mainly dominated by “Purusha” and the female body is mainly dominated by“ Prakriti”. Also, inward tendency is natural for “ Purusha” and outward tendency is natural for “Prakriti” . Thusmovement and activities  of man in accordance with attraction of outward tendency of mind is not natural. So, it becomes necessary for  man to control outward tendency of mind and direct that in the inward direction. For this purpose scriptures suggest special purifying activities and spiritual practice for man. On the other hand the movement and activities of women in accordance with the attraction of outward tendency of mind is natural. Hence purifying activities and spiritual practices as like as man are not recommended for woman in the scriptures . Based on this type of scriptural injunctions Guru Harideva Granted respectable position to women in his Satra Institution. ( to be continued)

আগত কৈ অহা হৈছে যে মনৰ বহিৰ্মুখী প্ৰবৃত্তিয়ে মানুহক বহিৰ্জগতৰ বস্তুৰ প্ৰতি আকৰ্ষিত কৰে। সেই আকৰ্ষণৰ দ্বাৰা আকৃষ্ট হৈ সৰহ সংখ্যক মানুহে বাহিৰৰ বৈষয়িক জগতৰ স্থুল বস্তুৰ পৰা সুখ-শান্তি আহৰণ কৰাৰ চেষ্টা কৰে। বাহিৰৰ জগতৰ তীব্ৰ আকৰ্ষণৰ প্ৰভাৱত অৱশ হৈ মানুহে ঈশ্বৰৰ স্থিতিও জগতৰ অন্যান্য বস্তুৰ লেখীয়াকৈ নিজৰ বাহিৰত বুলি ধৰি লয় কিন্তু প্ৰকৃত সত্য হৈছে ঈশ্বৰ বা আত্মা নিজৰ বাহিৰত নাই নিজৰ ভিতৰত বিচাৰিলেহে ঈশ্বৰ পোৱা যায় আনহাতে মানৱ জীৱনৰ প্ৰধান লক্ষ্যও হৈছে আত্মজ্ঞান লাভ বা ঈশ্বৰ উপলব্ধি বা সংসাৰ মুক্তি এই বিলাক কথা বিচাৰ কৰি শাস্ত্ৰত কোৱা হৈছে যে মনৰ বহিৰ্মুখী প্ৰবৃত্তি নিয়ন্ত্ৰণ কৰি তাক অন্তৰ্মুখী কৰিব নোৱাৰিলে মানৱ জীৱনৰ প্ৰধান লক্ষ্যত উপনীত হোৱা সম্ভৱ নহয়এতিয়া কথা হৈছে আত্মাৰ দিশৰ পৰা পুৰুষ আৰু নাৰীৰ কোনো পাৰ্থক্য নাই যি আত্মা পুৰুষ শৰীৰত আছে সেই একে আত্মা নাৰীৰ শৰীৰতো আছে কিন্তু উভয়ৰে শাৰীৰিক প্ৰকাশ ভঙ্গী তথা শাৰীৰিক শক্তিৰ প্ৰৱাহৰ দিশ সম্পূৰ্ণ বিপৰীত ইয়াৰ কাৰণ হৈছে পুৰুষ শৰীৰ পুৰুষ প্ৰধান আৰু নাৰী শৰীৰ প্ৰকৃতি প্ৰধান আকৌ পুৰুষ স্বভাৱতঃ অন্তৰ্মুখী আৰু প্ৰকৃতি স্বভাৱতঃ বহিৰ্মুখী।এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে   বহিৰ্মুখী প্ৰবৃত্তিৰ আকৰ্ষণ বশতঃ পুৰুষৰ মনৰ বহিৰ্মুখী গতি আৰু সেই অনুসৰি কৰা শাৰীৰিক কৰ্ম স্বাভাৱিক নহয়। সেয়েহে পুৰুষে মনৰ বহিৰ্মুখী গতি নিয়ন্ত্ৰণ কৰি তাক অন্তৰ্মুখী কৰাৰ প্ৰচেষ্টা কৰা কৰ্ত্তব্য ।সেই উদ্দেশ্যে শাস্ত্ৰত পুৰুষৰ বাবে কিছুমান বিশেষ পৱিত্ৰতা সাধনমূলক কৰ্ম আৰু পাৰমাৰ্থিক সাধনা কৰাৰ উপদেশ দিয়া হৈছে । আনহাতে বহিৰ্মুখী প্ৰবৃত্তিবশতঃ হোৱা নাৰীৰ মনৰ বহিৰ্মুখী গতি আৰু সেই অনুসৰি নাৰীয়ে কৰা শাৰীৰিক কৰ্ম স্বাভাৱিক ।সেয়েহে শাস্ত্ৰত নাৰীৰ বাবে পুৰুষৰ সমানে পৱিত্ৰতা সাধনমূলক বিশেষ কৰ্ম আৰু কঠোৰ পাৰমাৰ্থিক সাধনা কৰাৰ বিধান দিয়া নাই । ওপৰোক্ত প্ৰকাৰৰ শাস্ত্ৰীয় বিধি বিধান মানি হৰিদেৱ গুৰুজনাই নিজৰ সত্ৰত মহিলাক পুৰুষৰ সমান সন্মান দিয়াৰ ব্যৱস্থা কৰিছিল। (আগলৈ)  

Wednesday, 25 October 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-195 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯্য৫)

 

Scriptures say that the happiness enjoyed by us are of four types. Those are physical, mental, intellectual and spiritual.  For example, in hot weather we feel  discomfort in our body and become unhappy . In moderate weather we feel bodily comfort and enjoy physical happiness. Attraction and distraction towards things of material world make us   happy or unhappy mentally.  The  physical happiness is  more or less equal for all people . For example, moderate weather brings equal physical happiness to all people. But in case of mental happiness the thing or situation that makes one person happy may make another person unhappy. Again, it is said that most of the people never try to go above physical stage of happiness. They always try to gain physical happiness by any means.  However, a limited number people go above physical stage and become able to  attain mental happiness. Compared to above,  very small number of people attain intellectual happiness, superior to mental happiness, by acquisition of knowledge  . But intellectual knowledge creates competitiveness in the mind of people. People gain expertise, ability, creativity etc. proportionate to their intellectual knowledge. Due to that amount of intellectual happiness enjoyed by one people may be more or less than another .  Analyzing the things as above it is said that the happiness at physical ,mental and intellectual stages are gained due to fulfilment of desires of mind for things situated externally and such happiness may increase or decrease. Contrary to above the spiritual happiness is the highest stage of happiness which is attained by realization of the Soul or God inside. After  entering into this stage of happiness people become free from duality of happiness and sorrow and gain everlasting happiness or Paramananda. But very limited number of people only can to go beyond the stage of intellectual analysis of the knowledge contained in the scriptures and gain spiritual happiness. Now, since women have natural inclination towards external world, many saints and scholars of post Vedic time assumed that it is not possible for women to achieve highest spiritual perfection as stated above and so they discouraged women from entering into the field of such higher spiritual practice. Contrary to that Guru Harideva practically proved those assumptions regarding women as wrong during his life time in the 15 century CE  . ( to be continued )

শাস্ত্ৰত কোৱা হৈছে যে নিম্নোক্ত চৰিটা স্তৰত আনন্দৰ অনুভূতি হয় শাৰীৰিক , মানসিক , বৌদ্ধিক আৰু পাৰমাৰ্থিক উদাহৰণ স্বৰূপে অতিপাত গৰমত আমাৰ শৰীৰত কষ্ট অনুভৱ হয় আৰু জাৰ জহ নোহোৱা বতৰত শৰীৰ আৰাম প্ৰাপ্ত হোৱা হেতুকে শাৰীৰিক আনন্দ অনুভৱ হয় কোনো বস্তুৰ প্ৰতি থকা অনুৰাগ বা বিদ্বেষৰ ফলত আমাৰ মনত আনন্দ বা বিষাদৰ অনুভূতি উৎপন্ন হয় শাৰীৰিক আনন্দৰ অনুভূতি সকলোৰে বাবে প্ৰায় সমান হব পাৰে উদাহৰণ স্বৰূপে জাৰ-জহ নোহোৱা বতৰত সকলো মানুহে সমানে শাৰীৰিক আনন্দ উপভোগ কৰে কিন্তু মানসিক স্তৰত একেটা ঘটনাই এজনৰ বাবে আনন্দ আৰু অন্য এজনৰ বাৰে দুঃখৰ কাৰণ হব পাৰে কোৱা হৈছে যে বেছি সংখ্যক মানুহেই শাৰীৰিক স্তৰৰ আনন্দ উপভোগতে ব্যস্ত থাকিব বিচাৰেতেওঁলোকে ইয়াৰ উৰ্দ্ধলৈ যাবলৈ কেতিয়াও চেষ্টা নকৰে অৱশ্যে কিছুসংখ্যক মানুহে শাৰীৰিক স্তৰৰ ওপৰলৈ উঠি মানসিক স্তৰৰ আনন্দ লাভ কৰে আনহাতে ওপৰত কোৱাৰ তুলনাত অতি সামান্য সংখ্যক মানুহে বৌদ্ধিক জ্ঞান আহৰণ কৰি মানসিক স্তৰৰ আনন্দতকৈ উচ্চ পৰ্যায়ৰ বৌদ্ধিক আনন্দ লাভ কৰে । কিন্তু বৌদ্ধিক জ্ঞানৰ পৰা মানুহৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ উৎপন্ন হয় বৌদ্ধিক জ্ঞানৰ পৰিমাণ অনুসৰি মানুহৰ  পটুতা , সামৰ্থ্য , সৃষ্টিশীলতা আদি গুণ কম বা বেছি হয় । ইয়াৰ ফলত এজনৰ বৌদ্ধিক আনন্দৰ পৰিমাণ অন্য এজনতকৈ কম বা বেছি হব পাৰে। এনেদৰে বিচাৰ কৰিলে দেখা যায় যে শাৰীৰিক ,মানসিক আৰু বৌদ্ধিক স্তৰত লাভ কৰা  আনন্দ মনৰ বহিৰ্মুখী প্ৰবৃত্তি চৰিতাৰ্থ হোৱাৰ ফলত লাভ কৰা আনন্দ আৰু এই আনন্দৰ মাত্ৰাৰ হ্ৰাস-বৃদ্ধি হব পাৰে ইয়াৰ বিপৰীতে পাৰমাৰ্থিক আনন্দ হৈছে আত্মা বা ঈশ্বৰ উপলব্ধিমূলক অন্তৰ্মুখী প্ৰবৃত্তি চৰিতাৰ্থ হোৱাৰ ফলত লাভ কৰা  উচ্চতম স্তৰৰ আনন্দ পাৰমাৰ্থিক স্তৰত প্ৰৱেশ কৰাৰ পিচত ব্যক্তিয়ে আনন্দ-বিষাদৰূপ দ্বৈত ভাৱৰ পৰা মুক্ত হৈ চিৰন্তন পৰমানন্দ লাভ কৰিব পাৰে কিন্তু একেবাৰে নগণ্য সংখ্যক লোকেহে শাস্ত্ৰীয় কথাৰ বৌদ্ধিক স্তৰৰ বিচাৰ বিবেচনাৰ উৰ্দ্ধলৈ উঠি উচ্চতম স্তৰৰ পাৰমাৰ্থিক আনন্দ লাভ কৰাত সক্ষম হয় এতিয়া কথা হৈছে মহিলাসকলৰ প্ৰবৃত্তি স্বভাৱতঃ বহিৰ্মুখী হোৱা হেতুকে তেওঁলোক উচ্চতম স্তৰৰ পাৰমাৰ্থিক আনন্দ লাভ কৰাৰো যোগ্য নহয় বুলি ধৰি লৈ বৈদিক যুগৰ পিছৰ কালৰ অনেক সাধু-সন্ত আৰু পণ্ডিত ব্যক্তিয়ে তেওঁলোকক এনে প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় উচ্চ স্তৰৰ সাধনা কৰাৰ পৰা বিৰত ৰখাৰ চেষ্টা কৰি আহিছিল। ইয়াৰ বিপৰীতে হৰিদেৱ গুৰুজনাই ব্যৱহাৰিক উদাহৰণৰ দ্বাৰা মহিলা সম্পৰ্কত প্ৰচলিত হৈ অহা ওপৰোক্ত প্ৰকাৰৰ ভুল  ধাৰণা নিজৰ জীৱন কাল অৰ্থাৎ খৃষ্টীয় পঞ্চদশ শতিকাতে নিৰ্মূল কৰি গৈছে।( আগলৈ )

Thursday, 12 October 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-194 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯৪)

 

In the medieval society  the  only duty of women  was to blindly obey their husbands and other senior male members of the family . Their life was fully regulated by the male relatives. In the male dominated society  more  strict rules and regulations  on Sati system , Purdah system , Child marriage etc. compared to the periods of Dharma Sastras and Puranas were imposed upon women. Under such situation  it was impossible  for common women to come out from home and openly participate in religious and social activities. Under such prevailing situation Guru Harideva came to Assam after completion his pilgrimage tour, higher studies and spiritual practice outside Assam. Then to propagate his profound scriptural knowledge and vast experiences he established his first Satra in Assam in 1453 CE  for spiritual upliftment of the common people including women. Along with that he made arrangement to educate them in  economic , social and cultural fields which are  supposed to be helpful in living spiritual life without any confrontation with normal family life. As a first step to encourage common women to come to his Satra he granted equal status for both man and women inside his Satra . In this way certain changes in the social environment were created by Guru Harideva in the 15th century Assam. Women started coming to the Satra to participate in various types of religious performances like Sharavana ,Kirtana and cultural performances etc. which were regularly practiced in the Satra. Because of attraction to the great personality of Guru Harideva the male members of the family became bound to allow them to come to Satra . Gradually both men and women became interested to know the contents of the holy scriptures and educate themselves through regular interactions with Guru and other learned persons available in the Satra . The system of purdah was gradually eliminated . People started realizing  the value of Grihasthashrama or householder’s life through those education . As a result both man and women  started realizing the importance  of each other  in householder’s life. They started realizing the fact that without equal right, opportunity and respect for both  man and women  living of  peaceful,  prosperous and religious  householder’s life is not possible . ( to be continued )

মধ্যযুগীয় সমাজ ব্যৱস্থাত স্বামী আৰু পৰিয়ালৰ মূৰব্বী পুৰুষৰ আদেশ পালন কৰা মহিলাৰ একমাত্ৰ কৰ্ত্তব্য বুলি ধৰা হৈছিল।  মুঠতে মধ্যযুগীয় মহিলাৰ জীৱন সম্পূৰ্ণৰূপে পুৰুষৰ নিয়ন্ত্ৰণাধীন আছিল বুলি কব পাৰি । ইয়াৰ ফলত মহিলাৰ ওপৰত ধৰ্মশাস্ত্ৰ আৰু পুৰাণৰ যুগৰ পৰা প্ৰচলিত হৈ অহা সতীদাহ , পৰ্দাপ্ৰথা, বাল্যবিবাহ আদি সম্পৰ্কত পূৰ্বতকৈ কঠোৰ নীতি-নিয়ম বলবত  হৈছিল। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সাধাৰণ মহিলাৰ পক্ষে স্বাধীন ভাৱে ঘৰৰ পৰা বাহিৰ ওলাই আহি ধৰ্মীয় আৰু সামাজিক কামত যোগদান কৰা সম্ভৱ নাছিল। এনে পৰিস্থিতিৰ মাজতে তীৰ্থ ভ্ৰমণ, অধ্যয়ন আৰু পাৰমাৰ্থিক সাধনা সমাপ্ত কৰি হৰিদেৱ গুৰুজনাই অসমলৈ প্ৰত্যাৱৰ্ত্তন কৰিছিল  নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ দ্বাৰা স্ত্ৰী-পুৰুষ নিৰ্বিশেষে সমগ্ৰ জনসাধাৰণৰ পাৰমাৰ্থিক উন্নতি সাধনৰ অৰ্থে খৃষ্টীয়   ১৪৫৩ চনত সত্ৰ স্থাপন কৰিছিল লগতে পাৰমাৰ্থিক সাধন পথৰ সহযোগী সাংসাৰিক , আৰ্থিক , সামাজিক , সাংস্কৃতিক আদি বিষয়ৰ জ্ঞান দান আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থাও গুৰুজনাই সত্ৰানুষ্ঠানৰ কাৰ্য সূচীৰ অন্তৰ্ভুক্ত কৰিছিল। মহিলাসকলক সত্ৰৰ পিনে আকৰ্ষণ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে গুৰুজনাই সত্ৰত মহিলা আৰু পুৰুষক সম অধিকাৰ প্ৰদান কৰিছিল। এনেদৰে গুৰুজনাই সত্ৰৰ মাধ্যমত খৃষ্টীয় পঞ্চদশ শতিকাৰ অসমীয়া সমাজত পুৰুষ মহিলাৰ সম অধিকাৰ সম্পৰ্কীয় চিন্তা চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰিছিল। এনে প্ৰচেষ্টাৰ ফলতে লাহে লাহে সাধাৰণ পৰিয়ালৰ মহিলাসকল সত্ৰলৈ আহি সত্ৰৰ  শ্ৰৱণ কীৰ্ত্তনাদি ধৰ্মীয় কাৰ্যসূচী আৰু অন্যান্য সামাজিক সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আৰম্ভ কৰিছিল। গুৰুজনাৰ ব্যক্তিত্ব আৰু মহানুভৱতাৰ প্ৰতি আকৰ্ষিত হৈ পুৰুষ সকলে নিজ পৰিয়ালৰ মহিলাক সত্ৰলৈ অহাত বাধা প্ৰদান কৰিব পৰা নাছিল । প্ৰাচীন কালৰ পৰা প্ৰচলিত হৈ অহা পৰ্দা প্ৰথা লাহে লাহে আতৰি গৈছিল। পুৰুষ মহিলা উভয়ে গুৰু আৰু সত্ৰত থকা অন্যান্য গুণী-জ্ঞানী ব্যক্তিৰ পৰা শাস্ত্ৰৰ কথা শুনি জ্ঞান লাভ কৰাৰ বাবে আগ্ৰহী হৈছিল। এনেদৰে জ্ঞান আৰু ব্যৱহাৰিক শিক্ষা আহৰণ কৰাৰ ফলত পুৰুষ মহিলা উভয়ে গৃহস্থ আশ্ৰমৰ গুৰুত্ব আৰু তাত পুৰুষ আৰু মহিলাৰ দায়িত্ব আৰু কৰ্ত্তব্য সম্পৰ্কে অৱগত হোৱাৰ সুবিধা লাভ কৰিছিল । সংসাৰত মহিলাৰ আৰু পুৰুষৰ সম অধিকাৰ আৰু সম মৰ্যাদা নাথাকিলে সংসাৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী হোৱা সম্ভৱ নহয় বুলি উভয় পক্ষই বুজিব পাৰিছিল । (আগলৈ)      

Tuesday, 3 October 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-193 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯৩)

 

The  medieval period of time means the time period between the Vedic  , Epic , Dharma Sastra- Puranic periods and modern Period . According to some  scholars the time period  between sixth century and sixteenth century is referred as medieval period. This period of one thousand years  is divided into two parts. The period between 6 th to 13 th century is called  the early medieval period and the period between the 13 th to 16th century is called later medieval period . The life span of Guru Harideva was from 1426 CE to 1566 CE. He established his first Satra Institution in 1453 CE. Thus it can be said that Guru Harideva lived in Assam and propagated his teachings through Satra Institution during the later medieval period. Earlier we tried to get some ideas regarding the condition of women during medieval time. Based on that we will try to have some more ideas regarding the social and familial status of women in later medieval period ,that is , during  the period of living and establishment of Satra Institution in Assam by Guru Harideva. As per information gathered from various sources women were forced to bear greater responsibility for the welfare of  the family members during that time. Joint family system was common and so number of family members were more in each family. In addition to that male member of most of the common household had two-three wives and some of them were uneducated girls of  very low age . Naturally such situation was very pathetic for every woman . Women members of common family had very busy routine pertaining to household, agricultural and other domestic productive activities in order to maintain happiness and prosperity of the household. In other words we can say that women in medieval Assam were trapped just like slave in the domestic and agricultural activities for full times of their day to  day life . Under such situation Guru Harideva planned to establish Satra Institution in Assam and include common women in the activities of the Satra. (to be continued)

মধ্যকালীন যুগ বুলি কলে সাধাৰণভাৱে বৈদিক যুগ, মহাকাব্যৰ যুগ , ধৰ্মশাস্ত্ৰ --পৌৰাণিক যুগৰ পিছৰ আৰু আধুনিক যুগৰ মাজৰ কালছোৱা বুজোৱা হয় ।কিছু সংখ্যক পণ্ডিতৰ মতে খৃষ্টীয় ষষ্ঠ শতিকাৰ পৰা ষষ্ঠদশ শতিকাৰ মাজৰ কালছোৱা মধ্যযুগ। এই এহেজাৰ বছৰীয়া কালক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে । এই বিভাগ অনুসৰি ৬ষ্ঠ শতিকাৰ পৰা ত্ৰয়োদশ শতিকা পৰ্যন্ত প্ৰাক মধ্যযুগ আৰু ত্ৰয়োদশ শতিকাৰ পৰা ষষ্ঠদশ শতিকা পৰ্যন্ত উত্তৰ মধ্যযুগ । ১৪২৬ খৃষ্টাব্দৰ পৰা ১৪৬৬ খৃষ্টাব্দলৈ হৰিদেৱ গুৰুজনাৰ জীৱনকাল। ১৪৫৩ খৃষ্টাব্দত গুৰুজনাই প্ৰথমখন সত্ৰ স্থাপন কৰিছিল । সেই হিচাপে গুৰুজনাৰ জীৱন কাল আৰু ধৰ্মপ্ৰচাৰৰ কাৰ্যকাল উত্তৰ মধ্যযুগৰ অন্তৰ্গত মধ্যযুগীয় সমাজৰ মহিলাৰ অবস্থা সম্পৰ্কে আগতে কিছু কথা কোৱা হৈছে ।তাৰ সূত্ৰ ধৰিয়ে উত্তৰ মধ্যযুগীয় অৰ্থাৎ হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰাৰ সময়ত অসমত নাৰীৰ অৱস্থা সম্পৰ্কে কিছু কথা পুনৰোল্লেখ কৰাৰ প্ৰয়োজন বুলি ভৱা হৈছে। সেই কালত মহিলাই পৰিয়ালৰ সদস্য সকলৰ সুখ সুবিধাৰ অৰ্থে অনেক গুৰু দায়িত্ব বহন কৰাৰ বাবে বাধ্য হৈছিল । যৌথ পৰিবাৰ ব্যৱস্থা সেই সময়ৰ সাধাৰণ নিয়ম আছিল । সেই কাৰণে পৰিয়ালৰ অন্তৰ্গত সদস্যৰ সংখ্যা  অধিক আছিল ।ইয়াৰোপৰি একেবাৰে সাধাৰণ পৰিয়ালৰ পুৰুষ সদস্য সকলেও দুই -তিনিজনী পত্নী ৰখাটো স্বাভাৱিক নিয়ম আছিল | এই  পত্নী সকলৰ অধিকাংশ অশিক্ষিত আৰু কম বয়সীয়া মহিলা আছিল। স্বাভাৱিকতে এনে পাৰিবাৰিক ব্যৱস্থা প্ৰত্যেক মহিলাৰ বাবে অত্যন্ত দুখজনক হৈছিল । পৰিয়ালৰ সুখ সমৃদ্ধিৰ ৰক্ষাৰ স্বাৰ্থত মহিলাসকলক কৃষিকৰ্ম পশুপালন আৰু অন্যান্য ঘৰুৱা উৎপাদনমুখী কাৰ্যত দিনৰ সৰহভাগ সময় ব্যস্ত হৈ থাকিবলৈ বাধ্য কৰা হৈছিল । অন্য কথাত কব পাৰি যে মধ্যযুগীয় সমাজত মহিলাসকলক পাৰিবাৰিক কৰ্ত্তব্যৰ নামত এক প্ৰকাৰৰ দাসত্বৰ বন্ধনত আৱদ্ধ হৈ থাকিবলৈ বাধ্য কৰা হৈছিল । এনে পৰিস্থিতিৰ মাজতে হৰিদেৱ গুৰুজনাই  অসমত সত্ৰ স্থাপন কৰি সত্ৰৰ কাৰ্যসূচী সমূহত মহিলাক সামৰি লোৱাৰ পৰিকল্পনা যুগুত কৰিছিল । (আগলৈ)