The
medieval period of time means the time period between the Vedic , Epic , Dharma Sastra- Puranic periods and
modern Period . According to some scholars the time period between sixth century and sixteenth century
is referred as medieval period. This period of one
thousand years is divided into two parts. The period between
6 th to 13 th century is called the
early medieval period and the period between the 13 th to 16th century is called
later medieval period . The life span of Guru Harideva was from 1426 CE to 1566 CE. He
established his first Satra Institution in 1453 CE. Thus it can
be said that Guru Harideva lived in Assam and propagated his teachings through Satra
Institution during the later
medieval period. Earlier we tried to get some ideas regarding the condition of
women during medieval time. Based on that we will try to have some more ideas
regarding the social and familial status of women in later medieval period
,that is , during the period of living and establishment of Satra Institution in Assam by Guru Harideva. As per
information gathered from various sources women were forced to bear greater
responsibility for the welfare of the family members during that time. Joint family
system was common and so number of family members were more in each family. In
addition to that male member of most of the common household had two-three
wives and some of them were uneducated girls of
very low age . Naturally
such situation was very pathetic for every woman . Women members of common family had
very busy routine pertaining to household, agricultural and other domestic
productive activities in order to maintain happiness and prosperity of the
household. In other words we can say that women in medieval
Assam were trapped just like slave in the
domestic and agricultural activities for full times of their day to day life . Under such situation Guru Harideva
planned to establish Satra Institution in Assam and include common women in the
activities of the Satra. (to be continued)
মধ্যকালীন
যুগ বুলি ক’লে সাধাৰণভাৱে বৈদিক যুগ, মহাকাব্যৰ
যুগ , ধৰ্মশাস্ত্ৰ --পৌৰাণিক
যুগৰ পিছৰ আৰু আধুনিক যুগৰ মাজৰ কালছোৱা বুজোৱা হয় ।কিছু সংখ্যক পণ্ডিতৰ মতে
খৃষ্টীয় ষষ্ঠ শতিকাৰ পৰা ষষ্ঠদশ শতিকাৰ মাজৰ কালছোৱা মধ্যযুগ। এই এহেজাৰ বছৰীয়া
কালক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে । এই বিভাগ অনুসৰি ৬ষ্ঠ শতিকাৰ পৰা ত্ৰয়োদশ
শতিকা পৰ্যন্ত প্ৰাক মধ্যযুগ আৰু ত্ৰয়োদশ শতিকাৰ পৰা ষষ্ঠদশ শতিকা পৰ্যন্ত উত্তৰ
মধ্যযুগ । ১৪২৬ খৃষ্টাব্দৰ পৰা ১৪৬৬ খৃষ্টাব্দলৈ হৰিদেৱ গুৰুজনাৰ জীৱনকাল। ১৪৫৩
খৃষ্টাব্দত গুৰুজনাই প্ৰথমখন সত্ৰ স্থাপন কৰিছিল । সেই হিচাপে গুৰুজনাৰ জীৱন কাল আৰু ধৰ্মপ্ৰচাৰৰ কাৰ্যকাল
উত্তৰ মধ্যযুগৰ অন্তৰ্গত । মধ্যযুগীয় সমাজৰ মহিলাৰ অবস্থা সম্পৰ্কে আগতে কিছু কথা কোৱা
হৈছে ।তাৰ সূত্ৰ ধৰিয়ে উত্তৰ মধ্যযুগীয় অৰ্থাৎ হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন
কৰাৰ সময়ত অসমত নাৰীৰ অৱস্থা সম্পৰ্কে কিছু কথা পুনৰোল্লেখ কৰাৰ প্ৰয়োজন বুলি ভৱা
হৈছে। সেই কালত মহিলাই পৰিয়ালৰ সদস্য সকলৰ সুখ সুবিধাৰ অৰ্থে অনেক গুৰু দায়িত্ব
বহন কৰাৰ বাবে বাধ্য হৈছিল । যৌথ পৰিবাৰ ব্যৱস্থা সেই সময়ৰ সাধাৰণ নিয়ম আছিল । সেই কাৰণে পৰিয়ালৰ অন্তৰ্গত সদস্যৰ সংখ্যা অধিক আছিল ।ইয়াৰোপৰি একেবাৰে সাধাৰণ পৰিয়ালৰ পুৰুষ সদস্য সকলেও দুই -তিনিজনী পত্নী ৰখাটো স্বাভাৱিক নিয়ম আছিল | এই পত্নী সকলৰ অধিকাংশ অশিক্ষিত আৰু কম বয়সীয়া মহিলা আছিল। স্বাভাৱিকতে এনে পাৰিবাৰিক
ব্যৱস্থা প্ৰত্যেক মহিলাৰ বাবে অত্যন্ত দুখজনক হৈছিল । পৰিয়ালৰ সুখ সমৃদ্ধিৰ
ৰক্ষাৰ স্বাৰ্থত মহিলাসকলক কৃষিকৰ্ম পশুপালন আৰু অন্যান্য ঘৰুৱা উৎপাদনমুখী কাৰ্যত
দিনৰ সৰহভাগ সময় ব্যস্ত হৈ থাকিবলৈ বাধ্য কৰা হৈছিল । অন্য কথাত ক’ব
পাৰি যে মধ্যযুগীয় সমাজত মহিলাসকলক পাৰিবাৰিক কৰ্ত্তব্যৰ নামত এক প্ৰকাৰৰ দাসত্বৰ
বন্ধনত আৱদ্ধ হৈ থাকিবলৈ বাধ্য কৰা হৈছিল । এনে পৰিস্থিতিৰ মাজতে হৰিদেৱ গুৰুজনাই অসমত সত্ৰ স্থাপন কৰি সত্ৰৰ কাৰ্যসূচী সমূহত মহিলাক
সামৰি লোৱাৰ পৰিকল্পনা যুগুত কৰিছিল । (আগলৈ)
No comments:
Post a Comment