Scriptures say that the happiness enjoyed by us are of four types. Those are physical, mental, intellectual and spiritual. For example, in hot weather we feel discomfort in our body and become unhappy . In moderate weather we feel bodily comfort and enjoy physical happiness. Attraction and distraction towards things of material world make us happy or unhappy mentally. The physical happiness is more or less equal for all people . For example, moderate weather brings equal physical happiness to all people. But in case of mental happiness the thing or situation that makes one person happy may make another person unhappy. Again, it is said that most of the people never try to go above physical stage of happiness. They always try to gain physical happiness by any means. However, a limited number people go above physical stage and become able to attain mental happiness. Compared to above, very small number of people attain intellectual happiness, superior to mental happiness, by acquisition of knowledge . But intellectual knowledge creates competitiveness in the mind of people. People gain expertise, ability, creativity etc. proportionate to their intellectual knowledge. Due to that amount of intellectual happiness enjoyed by one people may be more or less than another . Analyzing the things as above it is said that the happiness at physical ,mental and intellectual stages are gained due to fulfilment of desires of mind for things situated externally and such happiness may increase or decrease. Contrary to above the spiritual happiness is the highest stage of happiness which is attained by realization of the Soul or God inside. After entering into this stage of happiness people become free from duality of happiness and sorrow and gain everlasting happiness or Paramananda. But very limited number of people only can to go beyond the stage of intellectual analysis of the knowledge contained in the scriptures and gain spiritual happiness. Now, since women have natural inclination towards external world, many saints and scholars of post Vedic time assumed that it is not possible for women to achieve highest spiritual perfection as stated above and so they discouraged women from entering into the field of such higher spiritual practice. Contrary to that Guru Harideva practically proved those assumptions regarding women as wrong during his life time in the 15 century CE . ( to be continued )
শাস্ত্ৰত
কোৱা হৈছে যে নিম্নোক্ত চৰিটা স্তৰত আনন্দৰ অনুভূতি হয় । শাৰীৰিক ,
মানসিক , বৌদ্ধিক আৰু পাৰমাৰ্থিক। উদাহৰণ স্বৰূপে অতিপাত গৰমত আমাৰ শৰীৰত কষ্ট
অনুভৱ হয় আৰু জাৰ জহ নোহোৱা বতৰত শৰীৰ আৰাম প্ৰাপ্ত হোৱা হেতুকে শাৰীৰিক আনন্দ
অনুভৱ হয়। কোনো
বস্তুৰ প্ৰতি থকা অনুৰাগ বা বিদ্বেষৰ ফলত আমাৰ মনত আনন্দ বা বিষাদৰ অনুভূতি উৎপন্ন
হয় । শাৰীৰিক আনন্দৰ অনুভূতি সকলোৰে বাবে
প্ৰায় সমান হ’ব পাৰে ।উদাহৰণ
স্বৰূপে জাৰ-জহ নোহোৱা বতৰত সকলো মানুহে সমানে শাৰীৰিক আনন্দ উপভোগ কৰে ।
কিন্তু মানসিক স্তৰত একেটা ঘটনাই এজনৰ বাবে আনন্দ আৰু অন্য এজনৰ বাৰে দুঃখৰ কাৰণ হ’ব
পাৰে ।কোৱা হৈছে যে বেছি
সংখ্যক মানুহেই শাৰীৰিক স্তৰৰ আনন্দ উপভোগতে ব্যস্ত থাকিব বিচাৰে। তেওঁলোকে ইয়াৰ উৰ্দ্ধলৈ যাবলৈ কেতিয়াও চেষ্টা নকৰে ।অৱশ্যে কিছুসংখ্যক
মানুহে শাৰীৰিক স্তৰৰ ওপৰলৈ উঠি মানসিক স্তৰৰ আনন্দ লাভ কৰে ।আনহাতে ওপৰত কোৱাৰ তুলনাত অতি
সামান্য সংখ্যক মানুহে বৌদ্ধিক জ্ঞান আহৰণ কৰি মানসিক স্তৰৰ আনন্দতকৈ উচ্চ পৰ্যায়ৰ
বৌদ্ধিক আনন্দ লাভ কৰে । কিন্তু বৌদ্ধিক জ্ঞানৰ পৰা মানুহৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ
উৎপন্ন হয় । বৌদ্ধিক জ্ঞানৰ পৰিমাণ অনুসৰি মানুহৰ পটুতা ,
সামৰ্থ্য , সৃষ্টিশীলতা আদি গুণ কম বা বেছি হয় । ইয়াৰ ফলত এজনৰ বৌদ্ধিক আনন্দৰ
পৰিমাণ অন্য এজনতকৈ কম বা বেছি হ’ব
পাৰে। এনেদৰে বিচাৰ
কৰিলে দেখা যায় যে শাৰীৰিক ,মানসিক
আৰু বৌদ্ধিক স্তৰত লাভ কৰা আনন্দ মনৰ বহিৰ্মুখী
প্ৰবৃত্তি চৰিতাৰ্থ হোৱাৰ ফলত লাভ কৰা আনন্দ আৰু এই আনন্দৰ মাত্ৰাৰ হ্ৰাস-বৃদ্ধি হ’ব
পাৰে। ইয়াৰ
বিপৰীতে পাৰমাৰ্থিক
আনন্দ হৈছে আত্মা বা ঈশ্বৰ উপলব্ধিমূলক অন্তৰ্মুখী প্ৰবৃত্তি চৰিতাৰ্থ হোৱাৰ ফলত লাভ কৰা উচ্চতম স্তৰৰ আনন্দ । পাৰমাৰ্থিক স্তৰত প্ৰৱেশ কৰাৰ পিচত ব্যক্তিয়ে
আনন্দ-বিষাদৰূপ দ্বৈত ভাৱৰ পৰা মুক্ত হৈ চিৰন্তন পৰমানন্দ লাভ কৰিব পাৰে। কিন্তু একেবাৰে নগণ্য সংখ্যক লোকেহে শাস্ত্ৰীয়
কথাৰ বৌদ্ধিক স্তৰৰ বিচাৰ বিবেচনাৰ উৰ্দ্ধলৈ উঠি উচ্চতম স্তৰৰ পাৰমাৰ্থিক আনন্দ
লাভ কৰাত সক্ষম হয় ।এতিয়া কথা হৈছে মহিলাসকলৰ
প্ৰবৃত্তি স্বভাৱতঃ বহিৰ্মুখী হোৱা হেতুকে তেওঁলোক উচ্চতম স্তৰৰ পাৰমাৰ্থিক আনন্দ
লাভ কৰাৰো যোগ্য নহয় বুলি ধৰি লৈ বৈদিক যুগৰ পিছৰ কালৰ অনেক সাধু-সন্ত আৰু পণ্ডিত ব্যক্তিয়ে তেওঁলোকক এনে
প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় উচ্চ স্তৰৰ সাধনা কৰাৰ পৰা বিৰত ৰখাৰ চেষ্টা কৰি আহিছিল।
ইয়াৰ বিপৰীতে হৰিদেৱ গুৰুজনাই ব্যৱহাৰিক উদাহৰণৰ দ্বাৰা মহিলা
সম্পৰ্কত প্ৰচলিত হৈ অহা ওপৰোক্ত প্ৰকাৰৰ ভুল ধাৰণা নিজৰ জীৱন কাল অৰ্থাৎ
খৃষ্টীয় পঞ্চদশ শতিকাতে নিৰ্মূল কৰি গৈছে।(
আগলৈ )
No comments:
Post a Comment