In the medieval
society the only duty of women was to blindly obey their husbands and other senior
male members of the family . Their life was fully regulated by the male
relatives. In the male dominated society more strict
rules and regulations on Sati system ,
Purdah system , Child marriage etc. compared to the periods of Dharma Sastras
and Puranas were imposed upon women. Under such situation it was impossible for common women to come out from home and
openly participate in religious and social activities. Under such prevailing
situation Guru Harideva came to Assam after completion his pilgrimage tour,
higher studies and spiritual practice outside Assam. Then to propagate his profound
scriptural knowledge and vast experiences he established his first Satra in
Assam in 1453 CE for spiritual
upliftment of the common people including women. Along with that he made
arrangement to educate them in economic
, social and cultural fields which are supposed
to be helpful in living spiritual life without any confrontation with normal
family life. As a first step to encourage common women to come to his Satra he
granted equal status for both man and women inside his Satra . In this way
certain changes in the social environment were created by Guru Harideva in
the 15th century Assam. Women started coming to the Satra to participate
in various types of religious performances like Sharavana ,Kirtana and cultural performances etc. which were regularly practiced in the Satra. Because
of attraction to the great personality of Guru Harideva the male members of the
family became bound to allow them to come to Satra . Gradually both men and
women became interested to know the contents of the holy scriptures and educate
themselves through regular interactions with Guru and other learned persons
available in the Satra . The system of purdah was gradually eliminated . People
started realizing the value of
Grihasthashrama or householder’s life through those education . As a result both
man and women started realizing the importance
of each other in householder’s life. They started realizing
the fact that without equal right, opportunity and respect for both man and women
living of peaceful, prosperous and religious householder’s life is not possible . ( to be
continued )
মধ্যযুগীয়
সমাজ ব্যৱস্থাত স্বামী আৰু পৰিয়ালৰ মূৰব্বী পুৰুষৰ আদেশ পালন কৰা মহিলাৰ একমাত্ৰ
কৰ্ত্তব্য বুলি ধৰা হৈছিল। মুঠতে
মধ্যযুগীয় মহিলাৰ জীৱন সম্পূৰ্ণৰূপে পুৰুষৰ নিয়ন্ত্ৰণাধীন আছিল বুলি ক’ব
পাৰি । ইয়াৰ ফলত মহিলাৰ ওপৰত ধৰ্মশাস্ত্ৰ আৰু পুৰাণৰ যুগৰ পৰা প্ৰচলিত হৈ অহা
সতীদাহ , পৰ্দাপ্ৰথা, বাল্যবিবাহ
আদি সম্পৰ্কত পূৰ্বতকৈ কঠোৰ নীতি-নিয়ম বলবত হৈছিল। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সাধাৰণ
মহিলাৰ পক্ষে স্বাধীন ভাৱে ঘৰৰ পৰা বাহিৰ ওলাই আহি ধৰ্মীয় আৰু সামাজিক কামত যোগদান
কৰা সম্ভৱ নাছিল। এনে পৰিস্থিতিৰ মাজতে তীৰ্থ ভ্ৰমণ, অধ্যয়ন
আৰু পাৰমাৰ্থিক সাধনা সমাপ্ত কৰি হৰিদেৱ গুৰুজনাই অসমলৈ প্ৰত্যাৱৰ্ত্তন কৰিছিল। নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ দ্বাৰা স্ত্ৰী-পুৰুষ নিৰ্বিশেষে
সমগ্ৰ জনসাধাৰণৰ পাৰমাৰ্থিক উন্নতি সাধনৰ অৰ্থে খৃষ্টীয় ১৪৫৩ চনত সত্ৰ স্থাপন কৰিছিল ।লগতে
পাৰমাৰ্থিক সাধন পথৰ সহযোগী সাংসাৰিক , আৰ্থিক
, সামাজিক , সাংস্কৃতিক আদি বিষয়ৰ জ্ঞান দান আৰু
ব্যৱহাৰিক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থাও গুৰুজনাই সত্ৰানুষ্ঠানৰ কাৰ্য সূচীৰ অন্তৰ্ভুক্ত
কৰিছিল। মহিলাসকলক সত্ৰৰ পিনে আকৰ্ষণ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে গুৰুজনাই সত্ৰত
মহিলা আৰু পুৰুষক সম অধিকাৰ প্ৰদান কৰিছিল। এনেদৰে গুৰুজনাই সত্ৰৰ মাধ্যমত খৃষ্টীয়
পঞ্চদশ শতিকাৰ অসমীয়া সমাজত পুৰুষ মহিলাৰ সম অধিকাৰ সম্পৰ্কীয় চিন্তা চৰ্চাৰ পৰিৱেশ
সৃষ্টি কৰিছিল। এনে প্ৰচেষ্টাৰ ফলতে লাহে লাহে সাধাৰণ পৰিয়ালৰ মহিলাসকল সত্ৰলৈ আহি
সত্ৰৰ শ্ৰৱণ কীৰ্ত্তনাদি ধৰ্মীয় কাৰ্যসূচী
আৰু অন্যান্য সামাজিক সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আৰম্ভ কৰিছিল। গুৰুজনাৰ
ব্যক্তিত্ব আৰু মহানুভৱতাৰ প্ৰতি আকৰ্ষিত হৈ পুৰুষ সকলে নিজ পৰিয়ালৰ মহিলাক সত্ৰলৈ
অহাত বাধা প্ৰদান কৰিব পৰা নাছিল । প্ৰাচীন কালৰ পৰা প্ৰচলিত হৈ অহা পৰ্দা প্ৰথা
লাহে লাহে আতৰি গৈছিল। পুৰুষ মহিলা উভয়ে গুৰু আৰু সত্ৰত থকা অন্যান্য গুণী-জ্ঞানী
ব্যক্তিৰ পৰা শাস্ত্ৰৰ কথা শুনি জ্ঞান লাভ কৰাৰ বাবে আগ্ৰহী হৈছিল। এনেদৰে জ্ঞান আৰু
ব্যৱহাৰিক শিক্ষা আহৰণ কৰাৰ ফলত পুৰুষ মহিলা উভয়ে গৃহস্থ আশ্ৰমৰ গুৰুত্ব আৰু তাত
পুৰুষ আৰু মহিলাৰ দায়িত্ব আৰু কৰ্ত্তব্য সম্পৰ্কে অৱগত হোৱাৰ সুবিধা লাভ কৰিছিল । সংসাৰত
মহিলাৰ আৰু পুৰুষৰ সম অধিকাৰ আৰু সম মৰ্যাদা নাথাকিলে সংসাৰ শান্তিপূৰ্ণ আৰু
সমৃদ্ধিশালী হোৱা সম্ভৱ নহয় বুলি উভয় পক্ষই বুজিব পাৰিছিল । (আগলৈ)
No comments:
Post a Comment