Monday, 29 May 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-178 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৮)

 

In the Vedic Scriptures it is said  that just  prior to the commencement of  creation Lord Brahma was  created and the Vedas were conveyed to him by the God Almighty. The knowledge thus conveyed by the God Almighty to Lord Brahma through the Vedas is said to be the original source of all kinds of knowledge. According to  the scriptures  knowledge  not mentioned in the Vedas does not exists in the creation of God. It is also stated there that the spiritual knowledge or the science of knowing God Almighty is the most superior knowledge among all kinds of knowledge revealed to Lord Brahma by the God Almighty. Justifying this point it is stated that God is all inclusive, that is, everything already created and to be created in the creation in future are included in the God Almighty . To make this point clear to common ignorant people like us  Bhagavata says that varieties  of ornaments are made from gold . The size, shape and design of the ornaments differ but the  gold is one and same for all ornaments. That is,  all varieties of ornaments are included in gold or we can say that no golden ornament can remain outside gold . So , if Gold is known then its various size , shape etc in the  name and form of different ornaments can be automatically known . Similarly, nothing in the creation remains outside God. So, knowing God means gaining knowledge of everything of the created world. Now, all  people cannot understand such higher philosophical knowledge at the initial stage . Hence it becomes necessary to bring the  higher philosophical  knowledge to them  in gradual steps of  primary , secondary and higher level of instructions   as like as the education imparted in the prevailing  education system of the present time .  So, it can be said that, though the teachings of  different Gurus differ due to difference in the necessities of  different classes of people, all Gurus  transfer the knowledge originated from the God Almighty through the Vedas to elevate them  to the highest level of  knowledge in step by step manner  .Analyzing the things as above Guru Harideva advises his disciples and followers to show equal respect to  Gurus or teachers of  all branches of knowledge. ( to be continued )

বৈদিক শাস্ত্ৰত কোৱা হৈছে যে সৃষ্টিৰ পূৰ্বাৱস্থাত পৰমেশ্বৰে প্ৰথমতে ব্ৰহ্মাক সৃষ্টি কৰি বেদ প্ৰদান কৰিছিল। বেদৰ মাধ্যমত পৰমেশ্বৰে ব্ৰহ্মাক যি জ্ঞান প্ৰদান কৰিছিল তাৰ পৰাই সৃষ্টিত সকলো প্ৰকাৰৰ জ্ঞানৰ প্ৰবাহ আৰম্ভ হৈছে। গতিকে  যি জ্ঞানৰ বিষয়ে বেদত উল্লেখ নাই তেনে একো জ্ঞানৰ অস্তিত্ব পৰমেশ্বৰৰ সৃষ্টিতো নাই । শাস্ত্ৰত ইয়াকো কোৱা হৈছে যে পৰমেশ্বৰে ব্ৰহ্মাক প্ৰদান কৰা সকলো প্ৰকাৰৰ জ্ঞানৰ ভিতৰত পাৰমাৰ্থিক জ্ঞান বা পৰমেশ্বৰক জানিব পৰা বিজ্ঞান সৰ্বোত্তম । এই কথাৰ যুক্তি দি কোৱা হৈছে যে সৃষ্টিৰ সমস্তই পৰমেশ্বৰত অন্তৰ্ভুক্ত হৈ আছে ।অৰ্থা জগতত এতিয়ালৈকে যি সৃষ্টি হৈছে আৰু ভৱিষ্যতে যি সৃষ্টি হব সেই সকলোখিনি পৰমেশ্বৰত অন্তৰ্ভুক্ত । এই কথা আমাৰ দৰে সাধাৰণ জ্ঞান-বুদ্ধি সম্পন্ন লোকক বুজাই দিয়াৰ অৰ্থে ভাগৱতে কৈছে যে সোণৰ পৰা বিভিন্ন প্ৰকাৰৰ অলংকাৰ তৈয়াৰ কৰা হয় । প্ৰতিবিধ অলংকাৰৰ আকাৰ ,আকৃতি আৰু কাৰুকাৰ্য বেলেগ বেলেগ হলেও সোণ এক । অৰ্থা সোণৰ দ্বাৰা নিৰ্মিত সকলো প্ৰকাৰৰ অলংকাৰ সোণত অন্তৰ্ভুক্ত হৈ থাকে অথবা কব পাৰি যে সোণৰ দ্বাৰা প্ৰস্তুত কৰা একো অলংকাৰ সোণৰ পৰা নিলগত বা বাহিৰত পৃথক ভাৱে নাথাকে   সেয়েহে সোণক জানিলেই ভিন্ন ভিন্ন নাম আৰু ৰূপৰ দ্বাৰা পৰিচিত সকলো প্ৰকাৰৰ স্বৰ্ণালংকাৰক জনা হয়। একেদৰে সৃষ্টিৰ একোৱে পৰমেশ্বৰৰ বাহিৰত পৃথকভাৱে নাথাকে কাৰণে পৰমেশ্বৰক জানিলে  সৃষ্ট জগতৰ সমস্তৰে জ্ঞান লাভ হয় ।কিন্তু সকলো মানুহে পাৰমাৰ্থিক শিক্ষাৰ আৰম্ভণি স্তৰত এন উচ্চ পৰ্যায়ৰ দাৰ্শনিক তত্ব বুজি পোৱা সম্ভৱ নহয় ।তেনে লোকক দাৰ্শনিক চিন্তামূলক পাৰমাৰ্থিক তত্ব জ্ঞান বুজাৰ বাবে উপযোগী কৰি তোলাৰ বাবে বৰ্ত্তমান কালত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ দৰে পৰ্যায়ক্ৰমে প্ৰাথমিক ,মাধ্যমিক আৰু উচ্চ পৰ্যায়ৰ পাৰমাৰ্থিক শিক্ষা দিয়াৰ প্ৰয়োজন হয় । সেয়েহে শিষ্যৰ প্ৰয়োজনীয়তাৰ পাৰ্থক্য অনুসৰি ভিন্ন ভিন্ন গুৰুৱে প্ৰদান কৰা শিক্ষা পৃথক পৃথক যেন লাগিলেও সকলো গুৰুৱে মূলতঃ বেদৰ মাধ্যমত পৰমেশ্বৰে প্ৰদান কৰা জ্ঞানকে নিজৰ নিজৰ শিষ্যলৈ প্ৰবাহিত কৰি তেওঁলোকক পৰম তত্বজ্ঞান বুজি পোৱাৰ বাবে উপযুক্ত কৰি তোলাৰ প্ৰচেষ্টা কৰে। কথাবিলাক ওপৰোক্ত দৃষ্টিৰে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই সকলো শিক্ষক বা গুৰুৰ প্ৰতি সমান শ্ৰদ্ধা-ভক্তি নিবেদন কৰাৰ বাবে নিজৰ শিষ্য-প্ৰশিষ্য আৰু অনুগামীসকলক উপদেশ দিছে ।(আগলৈ)   

No comments:

Post a Comment