In the preceding post we have tried to get some preliminary
ideas about Ishta Davata, that is, one’s most beloved God. Now we will try to
have some ideas about Ishta Guru. As like as Ishta Devata , Ishta Guru is the
spiritual master on whom a disciple has highest respect and faith . In the
scriptures it is said that to
suit the needs of various categories of people in accordance with their experiences of the earlier
lives and capacity of mind ,intelligence , social status , geographical condition of living and
some other factors pertaining to the present life, several ways of spiritual
practices are recommended in the Vedas and Vedic Scriptures. According to the
scriptures people may perform spiritual
practice following any of those ways and attain spiritual perfection sooner or
later. Now, there is specific Ishta Devata for each way of Spiritual practice . Also , there is
specific spiritual master or Guru for each way of spiritual practice . At the
beginning of spiritual practice it is essential for a disciple to select a
person competent to guide him in his endeavor and accept that person as his own
Ishta Guru. Then he has to accept his Ishta Devata as suggested by his Guru and
come to the shelter or Sharana of that particular Ishta Devata. In this context,
Guru Harideva selected Lord Krishna as Ishta
Devata for his Disciples . According to Guru Harideva the Ishta Guru of his disciples should
be ardent devotee of Lord Krishna and should be thoroughly conversant with full
knowledge and instructions contained in Bhagavata. Moreover, a disciple should consider his Ishta Guru as equivalent to his Ishta Devata. He should be equally respectful
and devoted to his Ishta Guru and Ishta
Devata. Now, what should be the stand of such a disciple towards Ishta Gurus
of the other different ways of spiritual practices which are recommended in the Vedas and Vedic scriptures
? Answering this question Guru Harideva
says that a spiritual practitioner should
be equally respectful to his own Ishta
Guru as well as Ishta Gurus of all other ways of spiritual practices . He should
consider his own Ishta Guru as incarnation of his own Ishta Devata. At the same
time he should consider the Ista Gurus of other people as incarnation of his
own Ishta Devata in other different names and forms. (to be continued)
ইয়াৰ আগৰ লিখনিটোত
ইষ্ট দেৱতা অৰ্থাৎ এজন ভক্তৰ সবাতোকৈ প্ৰিয় দেৱতাৰ বিষয়ে সাধাৰণ ধাৰণা লোৱাৰ চেষ্টা
কৰা হৈছে । এতিয়া ইষ্ট গুৰু সম্পৰ্কে কিছু ধাৰণা লোৱাৰ প্ৰয়াস কৰা হৈছে । ইষ্ট
দেৱতাৰ নিচিনাকৈ ইষ্ট গুৰু হৈছে সেই
পাৰমাৰ্থিক শিক্ষক বা গুৰু যাক পাৰমাৰ্থিক পথৰ শিক্ষাৰ্থীয়ে সৰ্বাধিক
শ্ৰদ্ধা আৰু বিশ্বাস কৰে । এই প্ৰসঙ্গত আগৰ কিছুমান লিখনিত কৈ অহা হৈছে যে মানুহৰ জন্মগত সংস্কাৰ , মন বুদ্ধিৰ
ক্ষমতা,
সামাজিক
স্থিতি ,
বাসস্থানৰ
ভৌগোলিক স্থিতি আৰু অন্যান্য অনেক পাৰ্থক্যৰ প্ৰতি লক্ষ্য কৰি বেদ আৰু বৈদিক
শাস্ত্ৰত অনেক প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ উপদেশ দিয়া হৈছে । ইয়াৰে যিকোনো প্ৰকাৰৰ
সাধনাৰ দ্বাৰা অতি সোনকালে অথবা পলমকৈ হ’লেও মানুহে
পাৰমাৰ্থিক পূৰ্ণতা বা সিদ্ধি লাভ কৰিব পাৰে । প্ৰত্যেক প্ৰকাৰৰ সাধনাৰ ক্ষেত্ৰতে
নিৰ্দিষ্ট বিশেষ ইষ্ট দেৱতা আছে । একেদৰে প্ৰত্যেক
প্ৰকাৰৰ সাধনাৰ শিক্ষা দিয়াৰ বাবে বিশেষ জ্ঞান সম্পন্ন পাৰমাৰ্থিক শিক্ষক বা গুৰুও
আছে ।
এই ক্ষেত্ৰত পাৰমাৰ্থিক শিক্ষাৰ বাবে আগ্ৰহী ব্যক্তিৰ দায়িত্ব হৈছে উপযুক্ত গুৰু বাছনি কৰি তেনে গুৰুক নিজৰ
ইষ্টগুৰু ৰূপে বৰণ কৰা । তাৰ পিছত সেই
ইষ্টগুৰুৰ উপদেশ মতে নিজৰ ইষ্টদেৱতা নিৰ্বাচন কৰা আৰু সেই ইষ্টদেৱতাৰ শৰণ গ্ৰহণ
কৰা ।
এতিয়া কথা হৈছে হৰিদেৱ গুৰুজনাই ভগৱান
কৃষ্ণক নিজৰ ইষ্ট দেৱতাৰূপে গ্ৰহণ কৰাৰ বাবে শিষ্যসকলক উপদেশ দিছে । লগতে কৈছে যে ইষ্ট গুৰু একান্ত কৃষ্ণভক্ত হ’ব লাগে আৰু ভাগৱত শাস্ত্ৰই দিয়া জ্ঞান
আৰু উপদেশ সম্পৰ্কত বিতং জ্ঞান গুৰুৰ থাকিব লাগে । শিষ্যই নিজ ইষ্টগুৰুক নিজ ইষ্টদেৱতাৰ
মূৰ্ত্তিমান অৱতাৰ হিচাপে জ্ঞান কৰি শ্ৰদ্ধা-ভক্তি আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে । তেনে স্থলত বেদ
আৰু অন্যান্য বৈদিক শাস্ত্ৰত উল্লেখ থকা
পাৰমাৰ্থিক সাধনাৰ ভিন্ন ভিন্ন পথৰ ভিন্ন ভিন্ন ইষ্ট গুৰুৰ প্ৰতি সেই সকল শিষ্য়ৰ মনোভাৱ কেনে হোৱা উচিত ? আমাৰ মনত উদয় হ’ব পৰা এনে
প্ৰশ্নৰ উত্তৰ দি হৰিদেৱ গুৰুজনাই কৈছে যে শিষ্যই সকলো মত আৰু পথৰ পাৰমাৰ্থিক
সাধকৰ ইষ্টগুৰুক নিজ ইষ্ট গুৰুৰ সমানে
শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰা উচিত ।
নিজৰ ইষ্টগুৰুক নিজ ইষ্টদেৱতাৰ মূৰ্ত্তিমান ৰূপ হিচাপে গণ্য কৰা আৰু অন্য
লোকৰ ইষ্টগুৰুক নিজ ইষ্ট দেৱতাৰে ভিন্ন
ভিন্ন নাম আৰু ৰূপ হিচাপে গণ্য কৰি শ্ৰদ্ধা- সন্মান প্ৰদৰ্শন কৰাটো মত আৰু পথ
নিৰ্বিশেষে প্ৰতিজন শিষ্যৰ কৰ্ত্তব্য । (আগলৈ)
No comments:
Post a Comment