Monday, 5 June 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-179 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৯)

 

Spiritual upliftment of the common householders is the prime aim of the religious teachings of Guru Harideva. In their day to day life all householders are bound to perform various types of  duties. Those duties are related with both religious and material activities. In scriptural language those activities are called Nitya Karma and those are to be constantly performed every day. Daily prayer,  worship  and all other household activities come under the  category of Nitya Karma or daily duties. In addition to that certain special duties involving religious and material activities are performed by the householders on appearance of certain special occasion. In scriptural language those activities are called Naimittik Karma. Performance of certain types of penance, sacrifices and worship on some special days of the year, performance  of certain familial and social functions like marriage of children,  last rites of the dead and some   other types of social and familial activities occasionally  performed by the householders  come under the category of Naimittik Karma. The above two types of activities are performed by most of the householders with the intention of gaining some benefits in terms of personal, familial  and social comforts of material nature. So in scriptural terms those activities are called  Kamya Karma or activities  performed for the purpose of gaining material benefits. Now, if we think for a while then it can be understood that there is end of results or comforts earned by such endeavors  after certain time period. In our life time we see  huge material assets like land, building, bank balance etc earned and owned by people . Similarly we also witness  destruction of such  assets due to natural calamities , political unrest and so many other reasons. Moreover,  as soon as there is end or death of the body, that is, when the soul abandons the body  we  lose the ownership and control over  all material  possessions of the present life. In this context Guru Harideva says that it is not possible for any householder  to keep himself away  from performance of  the Nitya and Naimittika Kamya karma and enjoyment of the fruits generated by those activities. But it is essential for a spiritual aspirant to realize the fact that the material  comforts generated by the above activities are temporary . Hence  it is the duty of a spiritual master to bring the above facts to the notice of his disciples . It is also said that while making spiritual practices in parallel with the  performance of householders’ duties a disciple should keep the above   facts in their mind . ( to be continued)

 সাধাৰণ গৃহস্থ লোকক সংসাৰ ধৰ্ম পালন কৰাৰ সমান্তৰাল ভাৱে পাৰমাৰ্থিক সাধনাৰ পথ প্ৰদৰ্শন কৰা হৰিদেৱ গুৰুজনাৰ ধৰ্মীয় শিক্ষাৰ মূল লক্ষ্য। গৃহস্থ লোক সকলে দৈনন্দিন জীৱনত অনেক ধৰণৰ কৰ্ত্তব্য পালন কৰাৰ বাবে বাধ্য হয় । এই কৰ্ত্তব্য সমূহ ধৰ্মীয় আৰু সাংসাৰিক উভয় প্ৰকাৰৰ কৰ্মৰ সৈতে সম্পৰ্কিত হব পাৰে । শাস্ত্ৰৰ ভাষাত এনে কৰ্মক নিত্য কৰ্ম বুলি কোৱা হয় আৰু এই কৰ্মসমূহ গৃহস্থ ব্যক্তিয়ে প্ৰতিদিনে কৰা কৰ্ত্তব্য  বুলি ধৰা হয় ।  দৈনন্দিন প্ৰাৰ্থনা ,পূজা-সেৱা আৰু অন্যান্য সাংসাৰিক কৰ্ত্তব্য কৰ্মসমূহ নিত্য কৰ্মৰ শ্ৰেণীত পৰে ।  ইয়াৰোপৰি গৃহস্থ ব্যক্তিয়ে  কিছুমান বিশেষ ধৰণৰ  ধৰ্মীয় আৰু সাংসাৰিক কৰ্ত্তব্য কৰ্ম  মাজে সময়ে কৰিব লগীয়া হয় । শাস্ত্ৰীয় ভাষাত এইবোৰক নৈমিত্তিক কৰ্ম বুলি কোৱা হয় । বছৰৰ নিৰ্দিষ্ট দিন বা সময়ত অনুষ্ঠিত কৰা প্ৰাৰ্থনা , উপসনা ,যাগ-যজ্ঞ ইত্যাদি , বছৰৰ  নিৰ্দিষ্ট  তিথিত মৃত পিতৃ-পুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ , পিণ্ডদান , সতি-সন্ততিৰ বৈদিক সংস্কাৰ কাৰ্য,   বিবাহ  আৰু অন্যান্য অনেক সামাজিক আৰু পাৰিবাৰিক কাৰ্য নৈমিত্তিক  কৰ্মৰ শ্ৰেণীত পৰে । ওপৰৰ দুই শ্ৰেণীৰ কৰ্ম বেছিভাগ গৃহস্থ লোকে ব্যক্তিগত , পাৰিবাৰিক আৰু সামাজিক সুখ সমৃদ্ধি প্ৰাপ্তি বা বৃদ্ধি অথবা অন্যান্য কামনা  পূৰণৰ উদ্দেশ্যে কৰে । সেই কাৰণে ওপৰোক্ত দুই প্ৰকাৰৰ কৰ্মক কাম্য কৰ্ম  অৰ্থাৎ কামনা কৰামতে  জাগতিক সুখ- সমৃদ্ধি দিব  পৰা কৰ্ম বুলি কোৱা হয় । অলপ চিন্তা কৰি চালে আমি বুজিব পাৰো যে ওপৰোক্ত প্ৰকাৰৰ কৰ্মৰ পৰা অৰ্জন কৰা সুখ-সমৃদ্ধি আদি ফল একালত আহে আৰু অন্য একালত অন্ত পৰে । আমি নিজৰ  জীৱন কালতে অনেক লোক  ঘৰ .মাটি ,সঞ্চিত অৰ্থ আদিকে ধৰি অনেক সা-সম্পদৰ অধিপতি হোৱা দেখা পাওঁ ।একেটা   জীৱন কালৰ ভিতৰতে  প্ৰাকৃতিক দুৰ্যোগ , ৰাজনৈতিক উত্থান-পতন আৰু অন্যান্য বিভিন্ন  কাৰণবশতঃ তেনে সা-সম্পদ বিনষ্ট হোৱাও আমি দেখা পাওঁ । তদুপৰি বৰ্ত্তমান শৰীৰৰ মৃত্যু হোৱাৰ  লগে লগে অৰ্থাৎ আত্মাই শৰীৰ ত্যাগ কৰাৰ লগে লগে ইহ জন্মত অৰ্জন কৰা সমস্ত সা-সম্পদৰ ওপৰত আমাৰ অধিকাৰ সমাপ্ত হয় ।মৃত্যুৰ লগে লগে ইহ জন্মত অৰ্জন কৰা সকলো সা-সম্পদ ত্যাগ কৰাৰ বাবে আমি বাধ্য হওঁ । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে নিত্য আৰু নৈমিত্তিক কাম্য কৰ্ম অৰ্থাৎ সাংসাৰিক কৰ্ত্তব্য কৰ্মৰ পৰা বিৰত থকা গৃহস্থ লোকৰ পক্ষে সম্ভৱ নহয়। সেই কৰ্মৰ ফল ভোগ কৰাৰ পৰা বিৰত থকাও তেওঁলোকৰ  পক্ষে সম্ভৱ নহয় । কিন্তু  পাৰমাৰ্থিক সাধনা কৰাৰ  বাবে ইচ্ছুক ব্যক্তিয়ে নিত্য-নৈমিত্তিক কাম্য কৰ্মৰ পৰা লাভ কৰা সুখ- সমৃদ্ধি নশ্বৰ বুলি উপলব্ধি কৰাটো  অতি প্ৰয়োজন  সেয়েহে শিষ্যক ওপৰোক্ত প্ৰকাৰৰ তত্বজ্ঞান প্ৰদান কৰাটো  গুৰুৰ কৰ্ত্তব্য বুলি গুৰুজনাই কৈছে । লগতে এই তত্ব উপলব্ধি কৰি গৃহস্থ জীৱনৰ কৰ্ত্তব্য পালন কৰাৰ সমান্তৰাল ভাৱে পাৰমাৰ্থিক সাধনাৰ পথত অগ্ৰসৰ হোৱাৰ বাবে প্ৰচেষ্টা কৰা শিষ্যৰ কৰ্ত্তব্য বুলিও কোৱা হৈছে। ( আগলৈ)

No comments:

Post a Comment