Monday, 22 May 2023

Religious Teachings of the “Satra” Institution of Guru Harideva-177 হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭৭)

 

Guru Harideva says that the soul inside our body and the God Almighty is one and the same. Similar is the unity between Guru and God Almighty.  A disciple should sincerely try to understand this fact. We know that  scientific discoveries are made by sincere and hard working research activities of the scientists. Discovery means finding out something which exists already  but  the same is not known to us , that is , the human society . There are so many things in this world. Everything of them is not known to us. When somebody discovers their existence and let us know then only we can know them or we can gain knowledge about them. This is true in case of all varieties of knowledge concerning all material subjects , objects and happenings . But there is vast  difference between  material knowledge mentioned above and spiritual knowledge.  It is said that for revelation of spiritual knowledge or the science of knowing God the most eligible divinity or incarnations of God called Lord Brahma was created first by the God Almighty  prior to commencement of  the creation. Then  the supreme scientific spiritual knowledge was initially revealed to him . Then the supreme science was received by human beings through the process of succession from Guru to disciples. For example,  the supreme spiritual science narrated in Bhagavata was revealed by God Almighty to Lord Brahma . Lord Brahma narrated it to sage Narada . Narada narrated it to sage Vyasadeva. Vyasadeva revealed this knowledge to Sukadeva. Finally Sukadeva  revealed that knowledge to General public and the flow of that knowledge is still being continued through Guru disciple tradition.  If we think from this point of view, then we can say that the original and  ultimate   Guru of this world is only one for all time. The logic behind this statement is that the Guru comes in order of successions originated from God Almighty. For example , God Almighty was Guru of Lord Brahma and what was taught by God Almighty to Lord Brahma is still  being taught by the Gurus of today . Similarly,  God Almighty in the name and form of Lord Krishna was Guru of Arjuna and what was taught by Lord Krishna to Arjuna thousands of year ago is still being taught by the Gurus of present time  and the same  tradition will continue in future  .  ( to be continued )

হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ শৰীৰত থকা আত্মা আৰু পৰমেশ্বৰ এক । গুৰু আৰু পৰমেশ্বৰৰ মাজৰ একত্বও এনে প্ৰকাৰৰ । এই তত্ব স্পষ্টভাৱে হৃদয়ঙ্গম কৰাৰ বাবে একান্ত প্ৰচেষ্টা কৰাটো শিষ্যৰ কৰ্ত্তব্য ।আমি জানো যে বিজ্ঞানী সকলে কৰা গভীৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত বৈজ্ঞানিক আৱিষ্কাৰ  সম্ভৱ হৈ উঠে । আৱিষ্কাৰ কৰাৰ অৰ্থ হৈছে পূৰ্বৰে পৰা থকা কিন্তু আছে বুলি আমি অৰ্থাৎ মানৱ সমাজে নজনা বস্তু বা তত্ব বিচাৰি উলিওৱা। জগতত অসংখ্য সংখ্যক বস্তু আছে । ইয়াৰে সকলোখিনিৰ কথা আমি নাজানো। যেতিয়া অন্য কোনো ব্যক্তিয়ে আমি নজনা কোনো বস্তু  বিচাৰি উলিওৱাৰ পিছত আমাক জানিবলৈ দিয়ে তেতিয়াহে আমি সেই বস্তুৰ বিষয়ে জানিব পাৰো । ইহ জগতৰ সমস্ত বিষয়-বস্তু আৰু ঘটনা পৰিঘটনাৰ জ্ঞান বা জাগতিক জ্ঞান আহৰণৰ ক্ষেত্ৰত এই কথা সত্য । শাস্ত্ৰত কোৱা হৈছে যে  জাগতিক জ্ঞান আহৰণ আৰু পাৰমাৰ্থিক জ্ঞান লাভৰ প্ৰক্ৰিয়াৰ মাজত বৃহৎ পাৰ্থক্য আছে। কোৱা হৈছে যে পৰমেশ্বৰে প্ৰথমে পাৰমাৰ্থিক জ্ঞান বা পৰমেশ্বৰক জনাৰ বাবে উপযোগী বিজ্ঞান বুজি পোৱাৰ বাবে উপযুক্ত পাত্ৰ হিচাপে নিজৰ  ঐশ্বৰিক শক্তিৰ অৱতাৰ ৰূপী দেৱতা ব্ৰহ্মাৰ সৃষ্টি কৰিছিল । তাৰ পিছত ব্ৰহ্মাৰ  ওচৰত  সেই পৰম তত্বজ্ঞান  ব্যক্ত কৰিছিল । তাৰ পিছত গুৰু-শিষ্য পৰম্পৰা ক্ৰমে এই জ্ঞান মানুহে পাইছে আৰু বৰ্ত্তমান কাললৈকে একে পৰম্পৰা অনুসৰি  এই জ্ঞান প্ৰৱাহ চলি আছে । উদাহৰণ স্বৰূপে ভাগৱতত কোৱা হৈছে যে এই শাস্ত্ৰত বৰ্ণনা কৰা পাৰমাৰ্থিক পৰম তত্বজ্ঞান পৰমেশ্বৰে ব্ৰহ্মাৰ আগত ব্যক্ত কৰিছিল । গুৰু ব্ৰহ্মাৰ পৰা তেওঁৰ শিষ্য  নাৰদ আৰু গুৰু  নাৰদৰ পৰা তেওঁৰ শিষ্য ব্যাসদেৱে এই জ্ঞান পাইছিল  ব্যাসদেৱৰ পৰা শুকদেৱে এই জ্ঞান আহৰণ কৰি জন সমাজত প্ৰচাৰ কৰিছিল আৰু গুৰু শিষ্য পৰম্পৰাক্ৰমে বৰ্ত্তমান কাললৈকে এই জ্ঞানৰ প্ৰবাহ জন সমাজত চলি আছে । এই দৃষ্টিভঙ্গীৰে বিচাৰ কৰি চালে দেখা যায় যে সৰ্বকালৰ বাবে জগতত গুৰু মাত্ৰ এজন । এই কথাৰ যুক্তি হৈছে জগত সৃষ্টিৰ পাতনিৰ পৰা  বৰ্ত্তমানলৈকে একেজন পৰমেশ্বৰে দিয়া পাৰমাৰ্থিক জ্ঞান গুৰু-শিষ্য পৰম্পৰা অনুসৰি চলি আছে । উদাহৰণ স্বৰূপে স্বয়ং পৰমেশ্বৰ  হৈছে  ব্ৰহ্মাৰ গুৰু।  ব্ৰহ্মাক পৰমেশ্বৰে যি জ্ঞান প্ৰদান কৰিছিল বৰ্ত্তমানৰ গুৰুসকলেও সেই একে জ্ঞান নিজৰ শিষ্যক প্ৰদান কৰে । ভগৱান কৃষ্ণৰ ৰূপত আবিৰ্ভুত হৈ পৰমেশ্বৰে অৰ্জুনক যি পাৰমাৰ্থিক তত্বজ্ঞান প্ৰদান কৰিছিল হেজাৰ হেজাৰ পিছতো সেই একে জ্ঞানকে বৰ্ত্তমানৰ গুৰুসকলে নিজৰ শিষ্যক প্ৰদান কৰে আৰু ভৱিষ্যতলৈও একেদৰে চলি থাকিব (আগলৈ)

No comments:

Post a Comment