Guru Harideva says
that people become bound to follow
certain religious tradition and perform spiritual practice in accordance with
their situation of birth. The same are also effected by the educational,
cultural, social, geographical background etc. under which people are brought up
after birth . Generally as per tradition of birth people collect
information from certain scriptures by way of study , hearing,
discussion etc. and accept their Ishta Guru as per instruction and
guidance contained in those scriptural information. Then as per instruction and
guidance of Ishta Guru they select their Ishta Devata and comes to the shelter
or Sharana of that Ishta Devata. Then following certain scriptural rules and
regulations they worship their own Ishta Devata with devotion. Under such
situations the Ishta Guru , Ishta Devata and procedure of worship may be different
for different people .For a disciple there is nothing wrong in worshiping and
showing due respect to his own Ishta Devata and Ishta Guru . But he has no
right to disrespect and criticize the way of worship , Ishta Guru and Ishta
Devata of other people . To make the point simpler we can think like this . In
the Vedic tradition of religious
practice one should accept his father and mother as Guru of the highest
position . Now, one’s parents may be
king-queen , very rich , educated . Also they may have higher respectable position in
the society. On the other hand some of the parents may
be very poor, illiterate , backward and placed in the lowest social position .
In spite of such vast differences all parents are equal from the point of view
of their children. Parents under all situations take care of their children in
accordance with their own capacities. All parents put their best efforts to
establish their children in the best position in society. Even the parents do not hesitate to
sacrifice their own life for the benefit
of their children. So, irrespective of their knowledge , richness
and social positions etc all parents are supposed to be placed at the highest respectable position in the
heart of their own children. Children feel pain if their parents are
disrespected by other people. In case of Ishta Guru also the matter is same. In
the mind of a disciple his own Istha Guru is the best Guru of the world. A
disciple feels immense pain if his Ishta Guru is disrespected by others. For
that reason in the Vedic Scriptures the disciples are
advised to immediately abandon the place
or society where there is possibility of disrespectful criticism of their own
Ishta Guru. According to Guru Harideva people who can analyze the things as
above can never be disrespectful to
Ishta Guru and Ishta Devata of other people . ( to be contd.)
হৰিদেৱ গুৰুজনাই কৈছে
যে মানুহে জন্মগত অধিকাৰ সূত্ৰে কোনো এক বিশেষ ধৰ্ম-পৰম্পৰা অনুসৰি ধৰ্মীয়
আচাৰ-আচৰণ ,
পাৰমাৰ্থিক
সাধনা ইত্যাদি কৰিবলৈ বাধ্য হয় । জন্মৰ পিছত ডাঙৰ-দীঘল হৈ থকা সময়ত ক্ৰমান্বয়ে লাভ
কৰা শিক্ষা-সংস্কাৰ , সামাজিক তথা ভৌগোলিক পৰিবেশ-পৰিস্থিতি
ইত্যাদিৰ প্ৰভাৱো ইয়াৰ ওপৰত পৰে। সাধাৰণতে মানুহে জন্মগত পৰম্পৰা অনুসৰি নিৰ্দিষ্ট ধৰ্মশাস্ত্ৰ ইত্যাদি শ্ৰৱণ-অধ্যয়ন কৰি তথ্য সংগ্ৰহ
কৰে ।
তাৰ পিছত সেই শাস্ত্ৰীয়
নিৰ্দেশ অনুসৰি উপযুক্ত ইষ্ট গুৰু নিৰ্বাচন কৰে । তাৰ পিছত সেই ,ইষ্ট গুৰুৰ উপদেশমতে নিজৰ ইষ্ট দেৱতা নিৰ্বাচন কৰি সেই ইষ্ট দেৱতাৰ শৰণ
গ্ৰহণ কৰে আৰু নিৰ্দিষ্ট শাস্ত্ৰীয় নীতি নিয়ম অনুসৰি ইষ্ট দেৱতাৰ উপসনা কৰে ।
এনে পৰিস্থিতিত ভিন্ন ভিন্ন ব্যক্তিৰ উপাসনা
পদ্ধতি ,
ইষ্ট
দেৱতা ,
ইষ্ট
গুৰু ইত্যাদি ভিন্ন ভিন্ন হ’ব পাৰে । এজন শিষ্যই নিজস্ব পদ্ধতি মতে উপসনা কৰাত অথবা নিজৰ ইষ্টগুৰু আৰু ইষ্টদেৱতাক
শ্ৰদ্ধা-ভক্তি, উপসনা আদি কৰাত কোনো ভুল নাই । কিন্তু নিজৰ ইষ্ট গুৰু আৰু ইষ্টদেৱতাক উচ্চতৰ স্থান দিয়াৰ মনোভাৱ লৈ অন্য
ব্যক্তিৰ ইষ্ট গুৰু ,ইষ্ট দেৱতা , উপাসনা পদ্ধতি আদিক নিন্দা বা অৱমাননা কৰাৰ অধিকাৰ কোনো শিষ্যৰে নাই । কথাখিনি সহজ কৰাৰ বাবে আমি এনে ধৰণে চিন্তা কৰি
চাব পাৰো । গুৰু হিচাপে পিতৃ-মাতৃৰ স্থান সবাতোকৈ ওপৰত বুলি সকলো বৈদিক ধৰ্মমত আৰু
ধৰ্ম শাস্ত্ৰতে কোৱা হৈছে । এতিয়া কথা হৈছে পিতৃ-মাতৃ ৰজা-ৰাণী অথবা ধনী-মানী-গুণী-জ্ঞানী তথা সমাজৰ গণ্য মান্য ব্যক্তি হ’ব পাৰে। আনহাতে পিতৃ-মাতৃ একেবাৰে নিম্ন খাপৰ ব্যক্তি হিচাপে পৰিগণিত অত্যন্ত
দুখীয়া- নিছলা ,অজ্ঞানী ব্যক্তিও
হ’ব পাৰে । কিন্তু
ওপৰোক্ত পাৰ্থক্য বিলাক থকা সত্বেও নিজ সন্তানৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে সকলো
পিতৃ-মাতৃ সমান । সকলো অৱস্থাৰ অন্তৰ্গত পিতৃ-মাতৃয়ে নিজ নিজ ক্ষমতা অনুযায়ী যথা-সৰ্বস্ব ত্যাগ কৰি সন্তান
জন্ম দিয়ে ,
লালন-পালন কৰে আৰু শিক্ষা-দীক্ষা দি আদৰ্শ মানৱ
হিচাপে সমাজত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰে । আনকি সন্তানৰ মঙ্গলৰ বাবে পিতৃ-মাতৃয়ে নিজৰ জীৱন পৰ্যন্ত
আহুতি দিব পাৰে । সেই কাৰণে পিতৃ-মাতৃৰ জ্ঞান , ঐশ্বৰ্য-সম্পদ
,
সামাজিক
পদমৰ্যাদা ইত্যাদি উচ্চ বা নিম্ন যিয়েই
নহওক কিয় সন্তানে নিজৰ হৃদয়ত পিতৃ-মাতৃক সৰ্বোচ্চ স্থানত ৰাখে । পিতৃ-মাতৃক আনে নিন্দা বা অৱমাননা কৰিলে সন্তানে বৰ মনোকষ্ট
পায় । ইষ্টগুৰুৰ বেলিকাও কথাবিলাক একে
ধৰণৰ । শিষ্যৰ মনত নিজ ইষ্ট গুৰু জগতৰ সৰ্বশ্ৰেষ্ঠ গুৰু । আনৰ মুখত নিজ ইষ্টগুৰুৰ নিন্দা শুনিলে বা আনে ইষ্ট গুৰুক অৱমাননা কৰা দেখিলে
শিষ্যই মনোকষ্ট পায় । সেই কাৰণে শাস্ত্ৰত নিজ ইষ্টগুৰুৰ নিন্দা-অৱমাননা হোৱাৰ সম্ভাৱনা থকা স্থান বা সমাজৰ পৰা আঁতৰি থাকিবলৈ শিষ্যক উপদেশ
দিয়া হৈছে ।
হৰিদেৱ গুৰুজনাই কৈছে যে যিসকল লোকে কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ কৰি চাব পাৰে
তেওঁলোকে কেতিয়াও আৰু কোনো পৰিস্থিতিতে আনৰ ইষ্টদেৱতা আৰু ইষ্টগুৰুক নিন্দা - অৱমাননা
নকৰে । (আগলৈ)
No comments:
Post a Comment