In some of our earlier posts we discussed about Ishta Devata , that is , the name and form incarnation of the divine power upon which a devotee has highest respect and faith . From the descriptions contained in the Vedic Scriptures we know that different people worship different Gods and Goddesses as their Ishta Devata . In practicality we see that Lord Vishnu is the Ishta Devata of one Group people . Similarly Lord Siva , Lord Ganesha , Goddess Durga and some other Gods and Goddesses are Ishta devatas of different groups of people . For each group of people their own Ishta Devata is the best from all angles . In the mind of devotees there cannot be any divinity higher than their own Ishta Devata. That is ,for each group of devotees their own Ishta Devata is omnipotent , omnipresent and omniscient. If we see from this angle then there is no difference other than name and form among the Ishta Devatas of different groups of people as mentioned above. Now, the religious teachings of Guru Harideva are based on the knowledge and instructions contained in Bhagavata . So naturally, Lord Krishna is the Ishta Devata of Guru Harideva and his followers. Lord Krisna is the deity of worship in his Satra Institution . Then what is the status of the Gods and Goddesses other than Lord Krishna ? Answering this question Guru Harideva says that Lord Krishna is the only God Almighty of the entire creation and beyond that. Gods and Goddesses other than Lord Krishna are included in Lord Krishna just like various different limbs of a single human body. So, it is not at all possible to worship Gods and Goddesses other than Lord Krishna or separated from Lord Krishna. Due to differences in mind , intelligence and some other factors different people have different choices and so they worship Lord Krishna through various different names and forms considering them as their Ishta Devata. Analyzing the things as above, Guru Harideva suggests his followers to accept Lord Krishna as their own Ishta Devata and to be respectful to the Ishta Devatas of other people. ( to be continued)
আগৰ কেইটামান
লিখনিত ইষ্ট দেৱতাৰ বিষয়ে কিছু কথা কোৱা
হৈছে । ইষ্ট দেৱতা হৈছে ঐশ্বৰিক শক্তিৰ সেই বিশেষ নাম আৰু
মূৰ্ত্তিমান ৰূপ যাক ভক্তই সবাতোকৈ অধিক
শ্ৰদ্ধা আৰু বিশ্বাস কৰে ।শাস্ত্ৰৰ
বৰ্ণনাৰ পৰা আমি জানিব পাৰো যে ভিন্ন ভিন্ন লোকে ভিন্ন ভিন্ন দেৱী দেৱতাক ইষ্ট
দেৱতা ৰূপে গ্ৰহণ কৰি উপাসনা কৰে । ব্যৱহাৰিক ভাৱে আমি দেখা পাওঁ যে ভগৱান বিষ্ণু
একাংশ লোকৰ ইষ্ট দেৱতা । একেদৰে ভগৱান শিৱ , গণেশ ,
দেৱী দূৰ্গা আৰু অন্যন্য দেৱী দেৱতা ভিন্ন ভিন্ন লোকসমষ্টিৰ
ইষ্ট দেৱতা ।
প্ৰত্যেক লোক সমষ্টিৰ মনত তেওঁলোকৰ নিজৰ ইষ্ট দেৱতা সকলো দিশৰ পৰা সৰ্বোত্তম ।
ভক্তৰ মনত নিজৰ ইষ্ট দেৱতা অন্য সকলো দেৱী
দেৱতাতকৈ শ্ৰেষ্ঠ । অৰ্থাৎ প্ৰত্যেক দেৱতাৰ উপাসকৰ মনত নিজৰ
ইষ্ট দেৱতা সৰ্বজ্ঞ , সৰ্বশক্তিমান
আৰু সৰ্বব্যাপ্ত । এইফালৰ পৰা বিচাৰ কৰিলে দেখা যায়
যে ওপৰত উল্লেখ কৰা ভিন্ন ভিন্ন লোকৰ
ভিন্ন ভিন্ন ইষ্ট দেৱতাৰ মাজত কেৱল মাত্ৰ নাম আৰু ৰূপৰ পাৰ্থক্য আছে। তাত বাদে অন্য কোনো প্ৰভেদ নাই । এতিয়া কথা হৈছে হৰিদেৱ গুৰুজনাই ভাগৱত
শাস্ত্ৰৰ জ্ঞান আৰু নিৰ্দেশৰ আধাৰত পাৰমাৰ্থিক শিক্ষা প্ৰদান কৰিছে । গতিকে স্বাভাৱিকতে ভগৱান কৃষ্ণ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলৰ ইষ্ট দেৱতা । গুৰুজনাৰ দ্বাৰা প্ৰতিষ্ঠিত
সত্ৰানুষ্ঠানৰ একমাত্ৰ উপাস্য বিগ্ৰহো ভগৱান কৃষ্ণ । তেন্তে কৃষ্ণ
ভিন্ন অন্য দেৱী-দেৱতাৰ স্থান কি ? এই প্ৰশ্নৰ উত্তৰত হৰিদেৱ গুৰুজনাই
কৈছে যে সৃষ্টিৰ ভিতৰত আৰু সৃষ্টিৰ
উৰ্দ্ধত ভগৱান কৃষ্ণ এক আৰু অদ্বিতীয় পৰমেশ্বৰ । যিদৰে আমাৰ শৰীৰৰ ভিন্ন ভিন্ন
অঙ্গ-প্ৰত্যঙ্গ একেটা মানৱ শৰীৰৰ অন্তৰ্ভুক্ত সেইদৰে ভিন্ন ভিন্ন দেৱী-দেৱতা এক
কৃষ্ণৰ অন্তৰ্ভুক্ত । সেই কাৰণে কৃষ্ণ ভিন্ন অন্য দেৱী-দেৱতাৰ পৃথক অস্তিত্ব নাই
বা কৃষ্ণৰ পৰা পৃথক অন্য কোনো দেৱী-দেৱতাৰ
উপাসনা কৰা সম্ভৱ নহয় । মন , বুদ্ধি
আৰু অন্যান্য ক্ষেত্ৰত পাৰ্থক্য থকা হেতুকে
ভিন্ন ভিন্ন মানুহৰ বিচাৰ আৰু অভিৰুচি পৃথক পৃথক । সেই পাৰ্থক্যৰ কাৰণে ভিন্ন ভিন্ন লোকে এক
কৃষ্ণকে ভিন্ন ভিন্ন নাম আৰু ৰূপ দি নিজৰ ইষ্টদেৱতা হিচাপে গ্ৰহণ কৰে । কথাবিলাক
ওপৰোক্ত ধৰণে বিচাৰ কৰি ভগৱান কৃষ্ণক নিজৰ ইষ্ট দেৱতা হিচাপে গ্ৰহণ কৰিবলৈ আৰু
অন্য লোকৰ ইষ্ট দেৱতাৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰিবলৈ হৰিদেৱ গুৰুজনাই উপদেশ
দিছে । (আগলৈ)
No comments:
Post a Comment