While describing the essential
qualification of a Guru or Spiritual teacher, Guru Harideva tells that Lord
Krishna as the Atma or soul in the body pervades each and every constituent cell
of our body. Likewise, He is the soul of each and everything available in the
creation. A Spiritual teacher or Guru
should be thoroughly conversant about this fact. Also, he should be able to
make his disciples convinced about this truth through his scriptural knowledge
and arguments. To understand the point, we can think like this. Scriptures say that
God is the material cause of our body, that is, the materials with which our
body is constructed and maintained comes from God. As explanation, it is told
that when a carpenter wants to make one wooden table he has to collect wood,
nails etc. Then he has to collect tools like saw, hammer, chisel etc. Then
finally by applying his mind, intelligence, technical skill and physical labour
he constructs the table. But so far as the construction of our body is
concerned, the things are not like that. God enters into each and every
minutest constituent particle or cell of the body and controls them. Each of
them gets the required materials from God through the food, water, air etc for
their sustenance and multiplication. In this manner our whole body gradually
and uniformly grows. It is told that each minutest particle or cell lives so
long God remains inside it and then dies. The dead cells are replaced by newly
born cell. In this way our body remains alive for certain periods. Then the
above process of replacement and multiplication of the cells gradually get
reduced and finally the whole process is stopped . Thus the end of our body
comes and the materials collected from God for its sustenance, maintenance and
growth return to their original source, that is, God. This is true in case of
all bodies created by God. If the things are analysed as above it can be
understood that God, that is, Lord Krishna is indissolubly linked with each
and every minutest part or cell of our body. According to Guru Harideva a spiritual
teacher or Guru should have the capacity to explain this truth to his
disciples. (to be continued)
গুৰুৰ
যোগ্যতা বিচাৰ প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ঈশ্বৰ কৃষ্ণ আত্মাৰূপে আমাৰ শৰীৰৰ
প্ৰতিটো অণু-পৰমাণুতে ব্যাপ্ত হৈ আছে । একেদৰে সৃষ্টিৰ অন্তৰ্গত সমস্তৰে
আত্মা ভগৱান কৃষ্ণ । এজন
পাৰমাৰ্থিক শিক্ষক বা গুৰু এই তত্ব সম্পৰ্কে নিজে ভালদৰে অৱগত হোৱা উচিত । লগতে
নিজৰ শাস্ত্ৰজ্ঞান আৰু যুক্তিবিচাৰৰ আধাৰত শিষ্যৰ অন্তৰত এই তত্বজ্ঞান সঞ্চাৰ কৰাৰ
ক্ষমতা গুৰুৰ থকা উচিত । কথাখিনি বুজাৰ বাবে আমি তলত দিয়া ধৰণে চিন্তা কৰি চাব
পাৰো। শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰ আমাৰ শৰীৰৰ উপাদান কাৰণ । অৰ্থাৎ যিবিলাক বস্তু বা উপাদানৰ দ্বাৰা আমাৰ শৰীৰ নিৰ্মাণ হৈছে সেইবিলাক মূলতঃ
ঈশ্বৰৰ পৰাই আহিছে আৰু ঈশ্বৰৰ পৰাই উপাদান সংগ্ৰহ কৰি এই শৰীৰ সংৰক্ষিত হৈ চলি আছে
। এই কথা ব্যাখ্যা কৰি
শাস্ত্ৰত কোৱা হৈছে যে এজন মিস্ত্ৰীয়ে এখন মেজ নিৰ্মাণ কৰাৰ বাবে বাহিৰৰ পৰা কাঠ
গজাল আদি সংগ্ৰহ কৰে। লগতে কৰত , হাতুৰী ,বটালি আদি হাতিয়াৰো সংগ্ৰহ কৰে । তাৰ পিছত নিজৰ মন ,বুদ্ধি , কাৰিকৰি কৌশল আৰু শাৰীৰিক শক্তি
প্ৰয়োগ কৰি মেজখন নিৰ্মাণ কৰি উলিয়ায় । কিন্তু আমাৰ শৰীৰ নিৰ্মাণৰ বেলিকা
কথাবিলাক তেনে নহয় । ঈশ্বৰ শৰীৰৰ প্ৰতিটো ক্ষুদ্ৰাতি-ক্ষুদ্ৰ অণু বা কোষৰ ভিতৰত প্ৰৱেশ কৰি তাক নিয়ন্ত্ৰণ কৰে
। ঈশ্বৰৰ নিয়ন্ত্ৰণ মতে প্ৰত্যেক কোষে খাদ্য , পানীয় ,বায়ু আদিৰ মাধ্যমত ঈশ্বৰৰ পৰাই উপাদান সংগ্ৰহ কৰি জীৱন ধাৰণ কৰে আৰু নিজৰ সংখ্যা বৃদ্ধি কৰে । কোষ বৃদ্ধিৰ জৰিয়তে
শৰীৰৰ প্ৰত্যেক অঙ্গ-প্ৰত্যঙ্গ সমানুপাতিক হাৰত ক্ৰমান্বয়ে বৃদ্ধি প্ৰাপ্ত হয় ।
কোৱা হৈছে যে এটা কোষত ঈশ্বৰ যেতিয়ালৈ অৱস্থান কৰি থাকে তেতিয়ালৈ কোষটো জীয়াই থাকে
আৰু ঈশ্বৰ অন্তৰ্দ্ধান হোৱাৰ লগে লগে সেই কোষৰ মৃত্যু হয় । অন্য জীৱন্ত কোষে মৃত কোষৰ স্থান
পূৰণ কৰে । এনেদৰে আমাৰ শৰীৰ কিছুকাল
জীয়াই থাকে । তাৰ পিছত কোষৰ সংখ্যা বৃদ্ধি আৰু মৃত কোষৰ স্থান
পূৰণ প্ৰক্ৰিয়াৰ গতি লাহে লাহে কমি আহে আৰু এটা সময়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে
বন্ধ হয় । ইয়াৰ লগে লগে শৰীৰৰ মৃত্যু হয় বা ভগৱান কৃষ্ণ সেই শৰীৰৰ পৰা অন্তৰ্দ্ধান
হয় আৰু তেতিয়া শৰীৰে ঈশ্বৰৰ পৰা সংগ্ৰহ কৰা উপাদান পুনৰ মূল কাৰণ বা ঈশ্বৰত বিলীন
হয়। কেৱল আমাৰ শৰীৰৰেই নহয় ঈশ্বৰে জগতত যিমান প্ৰকাৰৰ শৰীৰ সৃষ্টি কৰিছে সেই সকলো
শৰীৰৰ ক্ষেত্ৰতে এই কথা সত্য । ওপৰোক্ত প্ৰকাৰে বিচাৰ কৰি চালে দেখা যায় যে ঈশ্বৰ অৰ্থাৎ
ভগৱান কৃষ্ণ আমাৰ শৰীৰৰ প্ৰতিটো অণু-পৰমাণুৰ সৈতে ওতঃপ্ৰোত ভাৱে যুক্ত হৈ আছে। হৰিদেৱ
গুৰুজনাৰ মতে শিষ্যক এনে তত্বজ্ঞান বুজাই দিয়াৰ
ক্ষমতা এজন পাৰমাৰ্থিক গুৰুৰ থকা উচিত । (আগলৈ)
No comments:
Post a Comment