Guru Harideva says that Lord
Krishna is both Prakriti and Purusha. That is, the material
part of the creation and the sole controller of that material part is Lord
Krishna. Lord Krishna is the only true existence. Nothing except Lord Krishna exists
in the creation and beyond that. Then how we see so many things in the
creation? Answering this question Guru Harideva tells that all other things exist till Lord Krishna
exists in them. Hence their existence is dependent upon existence of Lord
krisna and such existence cannot be considered as real or
true. Now there are huge number of scriptures. In different scriptures the
glories of different Gods and Goddesses are described. Various processes of
worship are described in those scriptures and people worship Gods and Goddesses in accordance with those instructions . If God is only one why the scriptures differ like this?
Answering this question Guru Harideva says that in the Vedas ,Puranas ,
Mahabharat, Ramayana and all other scriptures only one God is described and He
is Lord Krishna. Names of God-Goddess
and the process of worship appear to be different in different scriptures. But
only Lord Krishna is worshipped by all people identifying him with different
names, forms and through various process of worship. As explanation it is told
that there is existence of nothing else except
Lord Krishna in the creation . So, in whatever way one worships God, he has to worship Lord Krishna only . In the
human society characteristics of each people differs. Different people have
different setup of mind, intelligence, taste, field of interest and so on. Because
of that all people cannot be attracted towards a single name and form of God.
So, Lord Krishna expresses himself in innumerable various names and forms of
Gods and Goddesses to attract every body towards him. Though different people worship different Gods and Goddesses in accordance with
their own interest and capacities, Lord
Krishna is the sole acceptor of all those worship. Analyzing the things as above Guru Harideva suggests that a
spiritual master should politely and repeatedly explain these facts to his
disciples for long time and try to convince them that Lord Krishna is the root
of all those Gods and Goddesses and their existence is dependent upon the existence of Lord
Krishna in them as like as all other things available in the creation. (to be continued)
হৰিদেৱ
গুৰুজনাই কৈছে ভগৱান কৃষ্ণ প্ৰকৃতিও আৰু পুৰুষো ।
অৰ্থাৎ সৃষ্টিৰ পদাৰ্থ ভাগ ভগৱান কৃষ্ণ আৰু
সেই পদাৰ্থ ভাগৰ একমাত্ৰ নিয়ন্ত্ৰণকাৰীও ভগৱান কৃষ্ণ । কেৱল ভগৱান কৃষ্ণৰ অস্তিত্বহে
সত্য। ভগৱান কৃষ্ণত বাদে সৃষ্টিৰ ভিতৰত বা বাহিৰত অন্য একোৱে নাই ।তেন্তে আমি সৃষ্টিত অসংখ্য প্ৰকাৰৰ বস্তু কেনেকৈ দেখা পাওঁ ? এই প্ৰশ্নৰ উত্তৰ দি গুৰুজনাই কৈছে
যে সৃষ্টিৰ প্ৰতিটো বস্তু তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে কৃষ্ণ সেই
বস্তুৰ অভ্যন্তৰত থাকে ।
গতিকে সকলো বস্তুৰে অস্তিত্ব ভগৱান কৃষ্ণৰ ওপৰত নিৰ্ভৰশীল ক্ষণস্থায়ী অস্তিত্ব আৰু
সেই কাৰণে জগতৰ কোনো বস্তুৰ অস্তিত্ব বাস্তৱ বা সত্য বুলি ধৰা নহয়। এতিয়া কথা
হৈছে শাস্ত্ৰৰ সংখ্যা অনেক । প্ৰতিখন
শাস্ত্ৰতে বিভিন্ন নাম-ৰূপধাৰী অনেক দেৱী- দেৱতাৰ অপাৰ মহিমা
বৰ্ণনা কৰা আছে । বিভিন্ন দেৱতাক পূজা-সেৱা কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ বিধি-নিৰ্দেশো
শাস্ত্ৰবোৰত দিয়া আছে। মানুহে সেই বিধি
নিৰ্দেশ অনুসৰি বিভিন্ন দেৱ-দেৱীৰ পূজা-উপাসনাও কৰি আহিছে। যদি ভগৱান কৃষ্ণ একমাত্ৰ ঈশ্বৰ তেন্তে মানুহে উপাসনা কৰা মহাশক্তি আৰু মহিমা
সম্পন্ন দেৱী-দেৱতাবিলাক কি? এই প্ৰশ্নৰ উত্তৰ দি হৰিদেৱ গুৰুজনাই কৈছে যে বেদ ,পুৰাণ , মহাভাৰত , ৰামায়ণ ইত্যাদিকে ধৰি সমস্ত শাস্ত্ৰত
একমাত্ৰ ভগৱান কৃষ্ণৰ কথাকে বৰ্ণনা কৰা হৈছে । শাস্ত্ৰভেদে দেৱতাৰ নাম-ৰূপ, উপাসনা পদ্ধতি ইত্যাদি পৃথক পৃথক যেন লাগে যদিও সকলো মানুহে বেলেগ বেলেগ নাম- ৰূপধাৰী একেজন কৃষ্ণক পৃথক পৃথক পদ্ধতিৰে উপাসনা কৰে । এই কথা ব্যাখ্যা কৰি কোৱা হৈছে যে যিহেতু কৃষ্ণত বাদে জগতত বা জগতৰ বাহিৰত
অন্য কোনো দ্বিতীয় তত্ববস্তু নাই সেয়েহে যিয়ে যি নিয়মেৰে যাকে উপসনা
নকৰক কিয় সেই সকলো উপাসনা কেৱল ভগৱান কৃষ্ণৰ উদ্দেশ্যেহে নিবেদন কৰা হয় । মানৱ সমাজত থকা প্ৰত্যেকজন ব্যক্তিৰে
চাৰিত্ৰিক বৈশিষ্ট পৃথক পৃথক । এজন ব্যক্তিৰ মন বুদ্ধিৰ স্থিতি , ৰুচি-অভিৰুচি ,
কাজ-কৰ্মৰ ধৰণ-কৰণ
ইত্যাদি আন এজনৰ লগত নিমিলে । গতিকে ভগৱান কৃষ্ণৰ এটা মাত্ৰ নাম আৰু এটা
মাত্ৰ ৰূপে সমস্ত মানৱ সমাজৰ প্ৰত্যেক ব্যক্তিক আকৰ্ষণ কৰা সম্ভৱ নহয় । সেই কাৰণে ভগৱান কৃষ্ণই বিভিন্ন নাম- ৰূপ
-মহিমা সম্পন্ন অসংখ্য সংখ্যক উপাস্য দেৱী-দেৱতাৰ ৰূপত নিজকে
প্ৰকাশ কৰি মানৱ সমাজৰ সকলো স্তৰৰ সকলো লোককে
নিজৰ দিশে আকৰ্ষণ কৰি আছে । মানুহে নিজৰ নিজৰ বিচাৰ-বুদ্ধি , ৰুচি অভিৰুচি তথা জ্ঞান-সামৰ্থ্য
অনুসৰি ভিন্ন ভিন্ন দেৱী-দেৱতাৰ পূজা-উপাসনা কৰে যদিও দেৱী-দেৱতাৰ উদ্দেশ্যে নিবেদন কৰা পূজা-উপাসনা কৃষ্ণই নিজে গ্ৰহণ কৰে । কথাবিলাক ওপৰোক্ত ধৰণে
বিচাৰ-বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে পাৰমাৰ্থিক শিক্ষাদাতা গুৰুৱে অতি বিনম্ৰতা সহকাৰে দীৰ্ঘকাল ধৰি ওপৰোক্ত
তত্বকথা সমুহৰ জ্ঞান নিজৰ শিষ্যক পুংখানুপুংখভাৱে বুজাই দি তেওঁলোকক জগতৰ একমাত্ৰ মূল তত্ববস্তু অৰ্থাৎ ভগৱান কৃষ্ণৰ প্ৰতি আকৰ্ষিত কৰাৰ
চেষ্টা কৰিব লাগে । (আগলৈ)
No comments:
Post a Comment