Guru Harideva tells
that the Guru-disciple tradition originates from the beginning of the manifestation
of the creation. According to the scriptures creation of the universe does not mean
creation of any new thing. Since time unknown, the manifestation , sustenance and annihilation of the Universe
are being continued in cyclic order and in
accordance with natural laws. So , creation means manifestation of the Universe which is already in existence in the unmanifested state. In Bhagavata this is explained with an analogy
as follows .The trees , houses , rivers , mountains etc. that we see in our surroundings disappear from our sight
when the sun sets in the evening. This is not due to non availability of things
in our surroundings . They disappear from our eyesight as because they come under the cover of darkness . When the
sun rises in the next morning the cover
of darkness disappears and we can see everything in our surrounding as before.
In a similar way the creation is manifested, then it remains in that state for certain
periods of time and then disappears for some period of time. It is told that
during this period of disappearance the whole creation remains in potential
form in God Almighty. To make the things easy we can take example of a banyan seed . If we harvest this
seed with all necessary care then a banyan tree of very giant size is manifested from this tiny seed . In other words we can say that the potency
of manifestation of a giant banyan tree remains hidden in a tiny banyan seed. In a similar way the
potency of manifestation of the subsequent Universe along with the potency of its
sustenance and annihilation remains hidden in God Almighty after annihilation
of a particular creation. Now, for running the process of manifestation
,sustenance and annihilation of the creation there is necessity of knowledge.
Scriptures tell that this knowledge also remains hidden in God Almighty after
annihilation of one particular creation . When the situation for the manifestation of the next creation
arises, the God Almighty creates a
creator from his own potency and reveals the knowledge pertaining to the new
creation to him. Thus God Almighty is
the original Guru , the creator of the universe is his disciple and in that way
the Guru-disciple tradition starts just prior to the manifestation of the
creation . ( to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে সৃষ্টিকাৰ্য আৰম্ভ হোৱাৰ ঠিক আগে আগে গুৰু শিষ্য পৰম্পৰাৰ উৎপত্তি হয় । শাস্ত্ৰত কোৱা হৈছে যে জগতৰ সৃষ্টি কোনো নতুন বস্তুৰ সৃষ্টি নহয় । অনাদি কালৰে পৰা জগতৰ সৃষ্টি ,স্থিতি আৰু প্ৰলয় চক্ৰাকাৰ গতিত হৈ আছে । এই প্ৰক্ৰিয়াৰ নিৰ্দিষ্ট নীতি-নিয়মো আছে । জগত সৃষ্টি মানে
অপ্ৰকাশিত অৱস্থাত আগৰে পৰা থকা জগত নিৰ্দিষ্ট
নিয়মৰ মাজেদি প্ৰকাশিত অৱস্থালৈ অনা । ভাগৱতত এটি উপমাৰ দ্বাৰা কথাখিনি বুজোৱাৰ
চেষ্টা কৰা হৈছে । দিনৰ পোহৰত আমি আমাৰ চাৰিওপিনে গছ-গছনি ,পাহাৰ-পৰ্বত , নদ-নদী
ইত্যাদি অনেক বস্তু দেখা পাওঁ । ৰাতিৰ আন্ধাৰত
সেই বস্তুসমুহ আমাৰ চকুত নপৰে। ইয়াৰ অৰ্থ এনে নহয় যে
ৰাতি বস্তুবিলাক নোহোৱা হৈ যায় । বস্তুবিলাক আগৰ দৰেই
থাকে । ৰাতিৰ আন্ধাৰে বস্তুবিলাক আমাৰ দৃষ্টিৰ পৰা আৱৰি ৰখাৰ বাবে আমি সেইবিলাক দেখা নাপাওঁ । পিছদিনা পুৱা সূৰ্য উদয় হোৱাৰ পিছত বস্তুবিলাক আকৌ আগৰ দৰে আমাৰ
দৃষ্টিগোচৰ হয় । একেদৰে জগত সৃষ্টি
হয় , কিছুকাল প্ৰকাশিত অৱস্থাত থাকে আৰু তাৰ পিছত পুনৰ অপ্ৰকাশিত
বা প্ৰলয় অৱস্থালৈ যায় । কোৱা হৈছে যে
প্ৰলয় অৱস্থাত থকা কালছোৱাত জগত বীজ বা সম্ভৱনাৰ ৰূপত পৰমেশ্বৰৰত বিলীন হৈ থাকে । কথাখিনি বুজাৰ বাবে আমি বটগছৰ এটা ক্ষুদ্ৰ বীজৰ কথা চিন্তা
কৰি চাব পাৰো । মাটিত ৰুই প্ৰয়োজনীয় যত্ন ললে বীজটোৰ পৰা এজোপা প্ৰকাণ্ড আকাৰৰ বটবৃক্ষৰ সৃষ্টি হয় । অন্য প্ৰকাৰে ক’ব পাৰি যে এটা ক্ষুদ্ৰ বটবীজৰ ভিতৰত পৰবৰ্তী কালৰ এজোপা প্ৰকাণ্ড
বটবৃক্ষ সৃষ্টিৰ সম্ভাৱনা লুকাই থাকে । একেদৰে জগত প্ৰলয়
বা অপ্ৰকাশিত অৱস্থালৈ যোৱাৰ পিছত পৰবৰ্ত্তী
জগতৰ সৃষ্টি , স্থিতি আৰু প্ৰলয়ৰ বীজ বা সম্ভাৱনা পৰমেশ্বৰত লীন হৈ থাকে । এতিয়া
কথা হৈছে নিৰ্দিষ্ট নিয়ম মতে জগত সৃষ্টি কৰা কাৰ্য , সৃষ্টিৰ
পিছত জগত থিতাপি কৰি ৰখা বা পালন কৰা কাৰ্য আৰু
সৃষ্টিৰ বিনাশ সাধন প্ৰক্ৰিয়া সুকলমে সাধন কৰাৰ বাবে জ্ঞান অতি প্ৰয়োজনীয়
বস্তু । শাস্ত্ৰত কোৱা হৈছে যে জগতৰ প্ৰলয় অৱস্থাত ওপৰোক্ত প্ৰকাৰৰ জ্ঞানো পৰমেশ্বৰৰ জ্ঞান ভাণ্ডাৰত লীন হৈ থাকে ।
যেতিয়া পৰবৰ্ত্তী জগত সৃষ্টিৰ পৰিবেশ উদ্ভৱ
হয় তেতিয়া পৰমেশ্বৰে নিজৰ আত্মশক্তিৰ দ্বাৰা এজন সৃষ্টিকৰ্ত্তাৰ সৃষ্টি কৰে আৰু নিজৰ
জ্ঞান ভান্ডাৰৰ পৰা সেই সৃষ্টিকৰ্ত্তাজনৰ অভ্যন্তৰত জগত
সৃষ্টি সম্পৰ্কীয় সমস্ত জ্ঞান সঞ্চাৰ কৰি তেওঁক সৃষ্টি কাৰ্য যথাযথভাৱে
সম্পাদন কৰাৰ বাবে যোগ্য কৰি তোলে । কথাবিলাক
ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে পৰমেশ্বৰ জগতৰ আদিগুৰু , জগতৰ সৃষ্টিকৰ্ত্তাজন তেওঁৰ শিষ্য আৰু এনেদৰে জগত সৃষ্টিৰ ঠিক প্ৰাক মুহুৰ্ত্তৰ পৰাই গুৰু-শিষ্য পৰম্পৰা আৰম্ভ
হৈছে । (আগলৈ)
No comments:
Post a Comment