Guru Harideva tells that God Almighty is the original and
eternal Guru. Since time unknown the process of creation, sustenance and
annihilation of innumerable number of Universes are going on and the creator of
each universe is disciple of God
Almighty. Regarding the Universe where we are living in at present , it is told
that at first creator Lord Brahma was born
from God Almighty. Here if we take the meaning of the birth of Lord Brahma as the
birth of a child as we see in our day to day life, then the things may not be
clear to us. It is told that Lord Brahma was born out of “Shankalpa Shakti” or
will power of God Almighty. For primary understanding of the point we can think
as follows. We the common people make determination or make “shankalpa” to do
many things in our life. But we find it impossible to do them practically.
There appears so many types of resistances when we try to do the things in
accordance with our determination or “Shangkalpa”. If we can overpower those resistances through
our action or in other words if our “shankalpashakti” or will power exceeds the
resisting power then only we can do
the things in accordance with our will or
“shankalpa”. Now , in the Vedas and all Vedic scriptures it is told that God
Almighty is omnipotent , omniscient
and omnipresent. So his “shanklpashakti” or will
power can not be resisted by anybody or anything . Once God wills, things must
happen immediately as per his will. It is told in the scriptures that the
activities of creation of the Universe started immediately after God’s will or
“shankalpa” and at first the creator Lord Brahma came into existence.
হৰিদেৱ গুৰুজনাই কৈছে যে পৰমেশ্বৰ চিৰন্তন আদি গুৰু | অনাদি কালৰ পৰা যি অসংখ্য সংখ্যক ব্ৰহ্মাণ্ডৰ সৃষ্টি ,স্থিতি আৰু প্ৰলয় সংঘটিত হৈ আহিছে সেই প্ৰত্যেক ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তাজন আদিগুৰু পৰমেশ্বৰৰ শিষ্য ।যিখন ব্ৰহ্মাণ্ডত বৰ্ত্তমান আমি বাস কৰি আছো সেই ব্ৰহ্মাণ্ডৰ কথা উল্লেখ কৰি কোৱা হৈছে যে পৰমেশ্বৰৰ পৰা প্ৰথমে সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ উৎপত্তি বা জন্ম হৈছে । লগতে কোৱা হৈছে যে পৰমেশ্বৰৰ ইচ্ছাশক্তি বা সংকল্পশক্তিৰ পৰা সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ জন্ম হৈছে।আমি বাস কৰা জগতত এটি শিশুৰ জন্ম বুলি ক’লে যি বুজায় সেই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে পৰমেশ্বৰৰ পৰা ব্ৰহ্মাৰ জন্ম হোৱা কথাটো স্পষ্টভাৱে বুজা নাযায়। অতি সাধাৰণ অৰ্থত কথাখিনি বুজাৰ বাবে আমি তলত দিয়া ধৰণে চিন্তা কৰি চাব পাৰো।জীৱনত আমি বহুতো কাম কৰাৰ সিদ্ধান্ত বা সংকল্প গ্ৰহণ কৰো।কিন্তু সেই সংকল্প মতে কাম কৰিব গ’লেই চাৰিওফালৰ পৰা বিভিন্ন প্ৰকাৰৰ বাধা আহি পৰে । বাধা সৃষ্টি কৰা শক্তিক আমাৰ কৰ্মশক্তি , সংকল্পশক্তি , ইচ্ছাশক্তি আদিৰ দ্বাৰা পৰাভূত কৰিব পাৰিলেহে আমি নিজৰ সংকল্প বা সিদ্ধান্ত অনুসৰি কাম কৰিব পাৰো । এতিয়া বেদ ,উপনিষদ ,ভাগৱত ,গীতা, পুৰাণ ইত্যাদি সমস্ত বৈদিক শাস্ত্ৰতে কোৱা হৈছে যে পৰমেশ্বৰ সৰ্বশক্তিমান , সৰ্বজ্ঞ আৰু সৰ্বব্যাপ্ত । গতিকে পৰমেশ্বৰৰ ইচ্ছাশক্তি বা সংকল্পশক্তিক বাধা দি ৰাখিব পৰা কোনো শক্তি থাকিব নোৱাৰে । পৰমেশ্বৰে ইচ্ছা বা সংকল্প কৰাৰ লগে লগে সেই সংকল্প অনুসৰি তাতক্ষণিকভাৱে কাৰ্য সংঘটিত হয় । শাস্ত্ৰত কোৱা হৈছে যে পৰমেশ্বৰে সংকল্প কৰাৰ লগে লগে বৰ্ত্তমান আমি বাস কৰা ব্ৰহ্মাণ্ডৰ সৃষ্টি কাৰ্য আৰম্ভ হৈছে আৰু সেই সংকল্প অনুসৰিয়ে পোনপ্ৰথমে সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ আবিৰ্ভাৱ হৈছে । অৰ্থাত সৃষ্টিকৰ্ত্তা ব্ৰহ্মা সৃষ্টিকাৰ্য আৰম্ভ হোৱাৰ ঠিক পূৰ্বাৱস্থাত জন্মলাভ কৰা প্ৰথম সৃষ্ট জীৱ বা বস্তু বা তত্ব । স্বাভাৱিকতে জন্মাৰ পিছত ব্ৰহ্মাই সৃষ্টিৰ একো অস্তিত্ব দেখা নাছিল আৰু নিজৰ জন্মৰ উদ্দেশ্য কি তাৰ একো উৱাদিহ পোৱা নাছিল । তেতিয়া তেওঁ তপস্যা কৰিছিল অৰ্থাৎ শিষ্য হিচাপে পৰমেশ্বৰৰ শৰণাপন্ন হৈছিল । পৰমেশ্বৰে গুৰু হিচাপে ব্ৰহ্মাৰ সকলো সন্দেহ দূৰ কৰিছিল। লগতে সৃষ্টি সম্পৰ্কীয় সমস্ত জ্ঞান ব্ৰহ্মাৰ অভ্যন্তৰত সঞ্চাৰ কৰি দিছিল । সৃষ্টিৰ প্ৰাৰম্ভতে পৰমেশ্বৰে ব্ৰহ্মাক যি জ্ঞান দিছিল তাকে বেদ বুলি কোৱা হয় আৰু বিশ্বব্ৰহ্মাণ্ডত যিমান প্ৰকাৰৰ জ্ঞান থাকিব পাৰে সেই সমস্তৰে মূল উৎস হৈছে এই বেদ । (আগলৈ)
No comments:
Post a Comment