Guru Harideva tells
that since attainment of Self-realization is the ultimate aim of human life, the
spiritual practices performed by a human
being should lead him towards that aim.
We the common people always keep ourselves busy in the activities of the
material world. We want to extract material comforts and happiness of life in
that way . When the things run in accordance with our expectation we become
happy. Otherwise we are not
satisfied. In our day to day life when
we are not satisfied with the happenings of the material world we feel need of
some other people to show us the way of becoming successful in our endeavor.
We approach him for suggestion and guidance.
To understand the point in the primary stage
this advisor can be considered as a Guru. Now in the material world
nobody can be fully satisfied and happy.
The poor people want to be rich ,but the people who are already rich
also want to be richer . Similarly healthy people want to become healthier , wealthy
people want to become wealthier , famous
people want become more famous and so on
. Thus people always
live their lives with many unfulfilled desires inherent in them and hence they can never be satisfied and happy . Again, the category of Gurus mentioned above to whom
those people come for advice and guidance also possess so many unfulfilled
desires stored in them and hence those Gurus themselves are not fully satisfied and happy. So , such a Guru
can not show his disciples the way of approach towards attainment of full satisfaction and eternal
happiness. If we analyze the things in this way then we find that without
becoming free from desires people can
never be fully satisfied and happy . In this context Guru Harideva tells that unless
one attains spiritual perfection he can not become free from desires. In other words an “Atmajnani”
or self- realized person can only become
free from desires. A self-realized or “Atmajnani” Guru can only show others the
way of attainment of self-realization. So, Guru Harideva suggests every serious
spiritual seeker to approach a self-
realized spiritual master or Guru and make spiritual practice under guidance of
such a Guru. (to be continued)
হৰিদেৱ গুৰুজনাই
কৈছে যে যিহেতু আত্মজ্ঞান লাভ মানৱ জীৱনৰ চৰম লক্ষ্য সেয়েহে মানুহে কৰা পাৰমাৰ্থিক
সাধনাও মানুহক সেই লক্ষ্য প্ৰাপ্তিৰ দিশত
আগবঢ়াই নিব পৰা ধৰণৰ হ’ব লাগে । আমি সাধাৰণ মানুহবিলাকে সংসাৰৰ বিভিন্ন কাম কাজবিলাকত নিজকে সদাব্যস্ত
কৰি ৰাখো । এই কৰ্ম বিলাকৰ জৰিয়তে বৈষয়িক সুখ আনন্দ আহৰণ কৰাৰ চেষ্টা কৰো । যেতিয়া কথা-কাণ্ডবিলাক আমাৰ মনে বিচৰা মতে হৈ থাকে তেতিয়া আমি সুখ
অনুভৱ কৰো । অন্যথা আমি
অসন্তুষ্টি অনুভৱ কৰো । দৈনন্দিন
জীৱনত ঘটা সাংসাৰিক ঘটনাবিলাকে যেতিয়া
আমাক অসন্তুষ্ট কৰি তোলে তেতিয়া আমি নিজৰ উপৰোক্ত প্ৰচেষ্টাত কিদৰে
সাফল্য লাভ কৰা যায় সেই বিষয়ে উপদেশ লোৱাৰ বাবে অন্য কোনো ব্যক্তিৰ সহায় লোৱাৰ আৱশ্যকতা অনুভৱ কৰো । প্ৰয়োজনীয়
জ্ঞান আৰু পৰামৰ্শ লোৱাৰ বাবে আমি তেনে ব্যক্তিৰ ওচৰ চাপো ।
প্ৰাথমিক পৰ্যায়ত কথাবিলাক বুজি লোৱাৰ
বাবে আমি তেনে উপদেষ্টা ব্যক্তিকে গুৰু বুলি ধৰিব পাৰো । এতিয়া কথা হৈছে যে বৈষয়িক জগতত কোনো এজন ব্যক্তিও সম্পূৰ্ণৰূপে
সন্তুষ্ট আৰু সুখী হোৱা সম্ভৱ নহয় । ইয়াৰ কাৰণ হৈছে দুখীয়া মানুহ ধনী হ’ব বিচাৰে কিন্তু যিবিলাক মানুহ ধনী তেওঁলোক আৰু অধিক ধনী হ’ব
বিচাৰে । একেদৰে স্বাস্থ্যৱান মানুহ আৰু অধিক সুস্বাস্থ্যৰ অধিকাৰী হ’ব বিচাৰে , সম্পদশালী মানুহ আৰু অধিক সম্পদশালী হ’ব বিচাৰে, যশস্বী মানুহ আৰু অধিক যশস্বী হ’বলৈ বিচাৰে ইত্যাদি । এনেদৰে
সদা-সৰ্বদা অপূৰ্ণ কামনা-বাসনা লৈ জীৱন ধাৰণ কৰা হেতুকে মানুহ কেতিয়াও সম্পূৰ্ণ
সন্তুষ্ট আৰু সুখী হ’ব নোৱাৰে । আনকি ওপৰত যি গুৰুৰ কথা কোৱা হৈছে অন্তৰত অজস্ৰ অপূৰ্ণ
কামনা-বাসনা সঞ্চিত হৈ থকা হেতুকে সেই শ্ৰেণীৰ গুৰুসকলো কেতিয়াও সম্পূৰ্ণ সন্তুষ্ট আৰু সুখী নাথাকে । গতিকে এই শ্ৰেণীৰ গুৰুৱে তেওঁৰ শিষ্যক পূৰ্ণ সন্তুষ্টি আৰু
চিৰন্তন সুখ লাভৰ পথ প্ৰদৰ্শন কৰা সম্ভৱ নহয় । কথাবিলাক ওপৰোক্ত ধৰণে বিচাৰ বিশ্লেষণ কৰি চালে দেখা যায়
যে যেতিয়ালৈকে কোনো এজন ব্যক্তি কামনা-বাসনাৰ পৰা মুক্ত হ’ব নোৱাৰে তেতিয়ালৈকে তেওঁ পূৰ্ণ সন্তোষ আৰু
চিৰস্থায়ী সুখ লাভ কৰা সম্ভৱ নহয় । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে
পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰা ব্যক্তিয়েহে
কামনা-বাসনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ থাকিব পাৰে । অন্যভাৱে ক’ব পাৰি যে আত্মজ্ঞান লাভ কৰাৰ পিছতহে মানুহ কামনা-বাসনাৰ
পৰা সম্পূৰ্ণ মুক্ত হ’ব পাৰে । আনহাতে যি গুৰু
নিজে আত্মজ্ঞানী তেওঁহে শিষ্যক আত্মজ্ঞান লাভৰ পথ প্ৰদৰ্শন কৰিব পাৰে । হৰিদেৱ
গুৰুজনাই উপদেশ দি কৈছে যে যিসকল ব্যক্তি সঁচা অৰ্থত পাৰমাৰ্থিক বিষয়ত
আস্থাৱান তেওঁলোকে আত্মজ্ঞানী গুৰুৰ শৰণাপন্ন
হ’ব লাগে আৰু তেনে গুৰুৰ উপদেশ মতে পাৰমাৰ্থিক
বিষয়ৰ চিন্তা-চৰ্চা আৰু সাধনাৰ পথত আগবাঢ়ি যাব লাগে। (আগলৈ)
No comments:
Post a Comment