Guru Harideva tells
that nothing in the creation remains forever. Even the creation as a whole
sustains for limited time and then ends . Then after sometimes the creation is
again manifested and such cycles
are repeated one after another without any end . In other words it can be said
that there is a gap between one creation
and the next . This gap is created by time . In a similar way a human being or
the soul with human body appears in the creation , remains for sometimes and
then disappears . After some time he takes rebirth or reappears with another
body, remains for sometimes and then disappears. Such appearance , sustenance
and disappearance continue in cyclic order till final liberation of the soul. In this case also there is a gap between one appearance
and the subsequent re-appearance and this gap is created by time. In this
context Guru Harideva tells that the Spiritual Masters or Gurus were available
in the past creations. They are available in the present creation also. But all of them have to appear and disappear
in the cycles of birth and death, that
is , gap is introduced by time in the stream of their knowledge . Also , human
being may acquire huge knowledge. But his knowledge gradually grows from lower
level to higher level with passage of time
and so it never remains constant. Here also time introduces the gap
among higher and lower levels of
knowledge. Again a person of knowledge or Guru may distribute his knowledge among other people.
That flow of knowledge from him stops immediately after his death due to the
effect of time . Analyzing the things as above Guru Harideva tells that in case of God things are not as above . There
is no effect of time upon
God . Hence God exists always . His Knowledge is always full and constant . When the whole creation disappears then God alone exists with his full and constant knowledge
and when the next creation comes his
knowledge starts flowing in the new creation through the creator Lord Brahma .
(to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে জগতত একো
বস্তুৱে চিৰস্থায়ী নহয় ।আনকি সমগ্ৰ জগতখনেই কিছুকালৰ বাবে থাকে আৰু তাৰ পিছত
বিলুপ্ত হয়। ইয়াৰ কিছুকাল পিছত জগত পুনৰ
প্ৰকাশিত হয় আৰু অনন্ত কাললৈ সৃষ্টি ,স্থিতি,লয়ৰ এই চক্ৰাকাৰ গতি চলি থাকে ।অন্যভাৱে ক’ব পাৰি যে
এক সৃষ্টি আৰু তাৰ পৰৱৰ্ত্তী সৃষ্টিৰ মাজত বিচ্ছেদ থাকে আৰু কাল বা সময়ে এই বিচ্ছেদ সৃষ্টি কৰে ।
একেদৰে মানুহ অথবা মানৱ শৰীৰধাৰী জীৱ সৃষ্টিত অবিৰ্ভাৱ হয় , কিছুকাল
থাকে আৰু তাৰ পিছত নোহোৱা হয় ।ইয়াৰ পিছত পুনৰ্জন্ম লাভ কৰে আৰু অন্য এটা পৃথক শৰীৰ লৈ পুনৰ আবিৰ্ভূত হয় ,কিছুকাল থাকে আৰু নোহোৱা হয় । কোৱা
হৈছে যে জীৱৰ মুক্তি নোহোৱা পৰ্যন্ত এনে চক্ৰাকাৰ গতি চলি থাকে ।
এই ক্ষেত্ৰতো দেখা যায় যে কালে জীৱৰ এটা জন্ম আৰু তাৰ পৰবৰ্ত্তী জন্মৰ মাজত
বিচ্ছেদ সৃষ্টি কৰে । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে
পাৰমাৰ্থিক গুৰুসকল পূৰ্বৰ সৃষ্টিসমুহতো আছিল আৰু বৰ্ত্তমান সৃষ্টিতো আছে । কিন্তু
জন্মমৃত্যুৰ চক্ৰত পৰি পাৰমাৰ্থিক গুৰুসকলৰো আবিৰ্ভাৱ আৰু তিৰোভাৱ হয় আৰু এনেদৰে কালে পাৰমাৰ্থিক গুৰুসকলৰ জ্ঞান প্ৰবাহতো বিচ্ছেদ সৃষ্টি কৰে । তদুপৰি এই
কথা সত্য যে মানুহে প্ৰচুৰ পৰিমাণৰ জ্ঞান আহৰণ কৰিব পাৰে । কিন্তু সময়ৰ গতিৰ সৈতে জ্ঞান নিম্নতৰ স্তৰৰ পৰা উচ্চতৰ স্তৰলৈ
ক্ৰমান্বয়ে বৃদ্ধি হয় । সেই কাৰণে
মানুহৰ জ্ঞান সকলো সময়তে একে নাথাকে ।
অৰ্থাৎ সময়ে মানুহৰ জ্ঞানৰ স্তৰসমুহৰ মাজত বিচ্ছেদ
সৃষ্টি কৰে ।আনহাতে জ্ঞানী মানুহে বা গুৰুসকলে
অজ্ঞানী মানুহ বা জনসাধাৰণৰ মাজত নিজৰ জ্ঞান বিতৰণ কৰিব পাৰে । কিন্তু
সময়ৰ প্ৰভাৱত সেই জ্ঞানী ব্যক্তিৰ মৃত্যু হোৱাৰ লগে লগে তেওঁৰ
পৰা প্ৰবাহিত জ্ঞান প্ৰবাহ বিচ্ছেদিত
হয় । এনে ধৰণে বিচাৰ বিশ্লেষণ কৰি কৈছে যে গুৰুজনাই কৈছে যে ঈশ্বৰৰ বেলিকা
কথাবিলাক ওপৰোক্ত প্ৰকাৰৰ নহয় । ঈশ্বৰৰ ওপৰত কালৰ প্ৰভাৱ নাই ।সেয়েহে ঈশ্বৰৰ অস্তিত্ব চিৰন্তন । ঈশ্বৰৰ জ্ঞান সদা-সৰ্বদা পূৰ্ণ আৰু স্থিৰ ।
সম্পূৰ্ণ সৃষ্টিৰ বিলয় হোৱাৰ পিছত পূৰ্ণ
আৰু স্থিৰ জ্ঞানত প্ৰতিষ্ঠিত হৈ ঈশ্বৰ বিৰাজমান থাকে
আৰু সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ মাধ্যমত ঈশ্বৰৰ জ্ঞান পৰবৰ্ত্তী নতুন সৃষ্টিত প্ৰবহমান
হয় । (আগলৈ)
No comments:
Post a Comment