An expert in finding out underground mineral ore first locate the gold ore beneath the earth. Then he apply proper method for
removal of other materials mixed with the ore to acquire pure gold from it. Citing
this analogy Bhagavata tells that the same method is applicable in case of
attainment of self realization. The soul inside the body is like pure gold. But
due to intimate association with the body, the characteristics of the body are
imposed upon the embodied soul and so common ignorant people consider his body
as the soul or “I”. Guru Hariveda suggests that through spiritual practices
based on suggestions contained in the Bhagavata one can come out from such
false notion. In Bhagavata it is told that we see so many things available in this world at present. But this existence of the them is not true since they were not available in the past and will not be available in future. The body takes birth , remains in this world
for some time and then dies or vanishes. That is, the body in which the soul or true “I” is presently
living was not available in the past
and it will not be available in future. But the soul or the true “I” was there
since prior to birth of the body. Again, when the soul enter into body it is called birth of the body and when
the soul leaves body it is called death
of the body . Analyzing the things like this Bhagavata tells that the soul is
true and the body is not true. People
interested in spiritual practice try to collect detail information regarding
the body and the soul from scriptures and spiritual masters and analyze the
relation of the soul with body. Then finally they can realize that the embodied
soul is true and the body is false. After realization of this truth one can live
in the material world without feeling attachment towards the body and all other
things related to the body. In Bhagavata it is told that people who realizes
the fact that embodied soul is totally separate from the body can keep himself
engaged in all material activities
without any attachment with anything of the world . The religious teachings of
Guru Harideva are based on such
reasoning cantained in the Bhagavata. According to him a householder need not
keep himself away from household duties or go to forest away from home to
perform spiritual practice for attainment of self-realization. ( to be
continued)
খনিজ পদাৰ্থৰ উৎস সম্পৰ্কত বিশেষ জ্ঞান
থকা ব্যক্তিয়ে প্ৰথমতে ভূগৰ্ভস্থ সোণৰ আকৰ ক’ত আছে তাক নিৰ্ণয় কৰে। তাৰ
পিছত বিভিন্ন উপায় অৱলম্বন কৰি সোণৰ
সৈতে মিহলি হৈ থকা অন্য বস্তু আঁতৰাই শুদ্ধ সোণ আহৰণ কৰাৰ ব্যৱস্থা কৰে। এই
উপমা দি ভাগৱতত কোৱা হৈছে যে শৰীৰ আৰু আত্মাৰ পাৰ্থক্য বুজি লৈ আত্মজ্ঞান লাভ কৰাও একে ধৰণৰ কথা । আত্মা
বিশুদ্ধ সোণৰ দৰে । কিন্তু শৰীৰৰ সৈতে
ওতঃপ্ৰোত ভাৱে জড়িত হোৱাৰ বাবে শৰীৰৰ ধৰ্ম
আত্মাত আৰোপিত হয় আৰু সাধৰণ মানুহে শৰীৰকে আত্মা বা “মই” বুলি জ্ঞান কৰে । ভাগৱত শাস্ত্ৰ্জ্ঞানৰ আধাৰত পাৰমাৰ্থিক সাধনা
কৰি শৰীৰ আৰু আত্মাৰ পাৰ্থক্য বুজি ললে এই
ভ্ৰমৰ পৰা মুক্ত হ’ব পৰি বুলি হৰিদেৱ গুৰুজনাই কৈছে।ভাগৱতত কোৱা হৈছে যে যি বস্তুৰ অস্তিত্ব অতীত ,বৰ্ত্তমান আৰু
ভৱিষ্যত তিনিও কালতে নাথাকে তাৰ বৰ্ত্তমান
অস্তিত্ব সত্য নহয় ।শৰীৰৰ জন্ম হয় .কিছুকাল
থাকে আৰু অৱশেষত বিনাশ হয়।অৰ্থাৎ বৰ্ত্তমান কালত আমি যি
শৰীৰ ধাৰণ কৰি জগতত আছো সেই শৰীৰ আগতে নাছিল ,বৰ্ত্তমান আছে আৰু
ভৱিষ্যতলৈ নাথাকে। কিন্তু আত্মা শৰীৰৰ জন্মৰ
পুৰ্বতো থাকে ,
আত্মাৰ
শৰীৰত প্ৰৱেশ কৰাকে শৰীৰৰ জন্ম বুলি কোৱা হয় আৰু আত্মাই শৰীৰ ত্যাগ কৰাকে শৰীৰৰ মৃত্যু বা
বিনাশ বুলি কোৱা হয় । এই দিশৰ পৰা বিচাৰ কৰি
আত্মা সত্য আৰু শৰীৰৰ সত্যতা নাই বা শৰীৰ মিথ্যা বুলি শাস্ত্ৰত কোৱা হৈছে ।পাৰমাৰ্থিক সাধনাৰ প্ৰতি আগ্ৰহান্বিত ব্যক্তিয়ে
শাস্ত্ৰ
আৰু গুৰুৰ পৰা শৰীৰ আৰু আত্মাৰ বিষয়ে বিতং তথ্য আহৰণ কৰে, শৰীৰৰ সৈতে আত্মাৰ সম্পৰ্ক
আৰু উভয়ৰে মাজত থকা পাৰ্থক্য সম্পৰ্কে বিচাৰ বিবেচনা কৰে আৰু অৱশেষত শৰীৰৰ সত্যতা নাই
বুলি উপলব্ধি কৰিব পাৰে।এই উপলব্ধিৰ পিছত তেনে
ব্যক্তিয়ে শৰীৰ তথা শৰীৰৰ সৈতে সম্পৰ্কিত সকলো বস্তুৰ প্ৰতি অনাসক্ত আৰু নিৰ্লিপ্ত
হৈ সংসাৰতে বাস কৰিব পাৰে। ভাগৱতত কোৱা হৈছে যে যি ব্যক্তিয়ে নিজ দেহত অৱস্থিত আত্মাক দেহতকৈ পৃথক বুলি বুজিব পাৰে তেওঁ
সংসাৰৰ সৈতে সম্বন্ধ ৰাখি সংসাৰৰ সমস্ত কৰ্মকাণ্ডত ভাগ ললেও কোনো প্ৰকাৰৰ আশা
আকাংক্ষাৰ বশবৰ্ত্তী নহয়। সংসাৰৰৰ সুখ-দুখৰ সৈতে লিপ্ত নোহোৱকৈ থাকিব পাৰে । হৰিদেৱ গুৰুজনাই দিয়া ধৰ্মীয় উপদেশ ভাগৱত শাস্ত্ৰৰ ওপৰোক্ত প্ৰকাৰৰ যুক্তি
বিচাৰৰ আধাৰত প্ৰতিষ্ঠিত। গুৰুজনাই কৈছে যে পাৰমাৰ্থিক সাধনাৰ জৰিয়তে আত্মজ্ঞান লাভ কৰাৰ বাবে মানুহে সংসাৰৰ পৰা
আঁতৰত থকাৰ প্ৰয়োজন নাই । সংসাৰৰ সমস্ত কৰ্মকাণ্ডৰ
সতে যুক্ত হৈও কিদৰে পাৰমৰ্থিক সাধনা কৰিব
পাৰি তাৰ ব্যৱহাৰিক উদাহৰণ আত্মজ্ঞানী মহাপুৰুষ হৰিদেৱ গুৰুজনাই নিজৰ জীৱন
পৰিক্ৰমাৰ মাধ্যমত দেখুৱাই গৈছে।(আগলৈ)
No comments:
Post a Comment