In Bhagavata and
other Vedic Scriptures it is said that ether, air, water, fire and earth are
the five basic constituent elements of the human body. The same elements also constitute
the body of the demigods of heaven. But the elements are in subtler from in
the body of the demigods and are in their grosser forms in the human body. Because of
that the strength and capacity of demigods are more than that of the human
beings. Whatever is unimaginable for a
human being can be easily done by a demigod. For example, the demigods can appear at any place at any
time immediately whenever they want to do so. But the same action is not possible for a human
being and like that. To understand the point we can take example of our own
body and mind. The constituent elements of the physical body are in gross form but the same basic elements
in subtle form constitute the mind ,that is, the “Antahkarana” or inner senses. Because
of that the mind is stronger than the body . If we think for a while it could be understood that
the mind can go to any place at any time immediately as soon as it wants to do
so. It can imagine
anything without any restriction. But it is not
possible for the body to move in accordance with the will, imagination and
speed of the mind. Thus it can be understood that because of the differences in
grossness and subtleness of five basic constituent elements of the body the
demigods are stronger than the human beings. Analyzing the things as above
Bhagavata tells that the difference between a person of higher knowledge and a
common ignorant person is of similar type. From the angle of gross part or gross physical organs of the body there is
no difference between a “jnani” or
person of knowledge and an “ajnani” or common ignorant person. Again, from the
angle of subtler part of the body, that is, mind , intelligence and storage of
memories etc. a knowledgeable person differs from an
ignorant person. But the embodied soul in each body is one and the same and
each people lives his own life and
loves and worships the embodied soul in him in accordance with his own
knowledge and capacity which may differ from each other. Based on such analysis
of knowledge contained in the Bhagavata Guru Harideva suggests that it is meaningless exercise for a person to hate , envy or undermine
any other person in the society . (to be continued)
ভাগৱত আৰু অন্যন্য বৈদিক শাস্ত্ৰত কোৱা হৈছে
যে মানুহৰ শৰীৰ আকাশ, বায়ু , অগ্নি,জল আৰু পৃথ্বী – এই পঞ্চভূতৰ
দ্বাৰা নিৰ্মিত।সেই একে পঞ্চভূতৰ দ্বাৰা
স্বৰ্গলোকৰ দেৱতা সকলৰ শৰীৰো নিৰ্মিত ।কিন্তু
দেৱতাৰ শৰীৰৰ পঞ্চভূত মানৱ শৰীৰৰ পঞ্চভুততকৈ সুক্ষ্ম । নিৰ্মাণৰ
উপাদান যিমান সুক্ষ্ম হয় শৰীৰৰ শক্তিও সিমানে বৃদ্ধি হয়।সেই হিচাপে দেৱতাৰ শক্তি মানুহৰ শক্তিতকৈ
অনেক বেছি। যি কাম দেৱতাসকলে অতি সহজে
কৰিব পাৰে মানুহে তাক কল্পনা কৰাও সম্ভৱ নহয় । উদাহৰণ
স্বৰূপে দেৱতাসকলে ইচ্ছা কৰা মাত্ৰকে যিকোনো স্থানত উপস্থিত হ’ব পাৰে কিন্তু মানুহৰ বাবে
তেনে কৰা সম্ভৱ নহয়। কথাখিনি বুজাৰ বাবে আমি
আমাৰ নিজৰে শৰীৰ আৰু মনৰ কথা চিন্তা কৰি চাব পাৰো ।শৰীৰ স্থূল পঞ্চভূতৰ দ্বাৰা নিৰ্মিত কিন্তু
মন বা অন্তঃকৰণ - অৰ্থাৎ চিত্ত, বুদ্ধি, মন আৰু অহংকাৰ সুক্ষ্ম পঞ্চভূতৰ দ্বাৰা নিৰ্মিত।সেই কাৰণে মন শৰীৰতকৈ অধিক শক্তিশালী। অলপ
ভাবি চালেই আমি বুজিব পাৰো যে মনে চিন্তা বা
কল্পনা কৰাৰ লগে লগে যিকোনো স্থানলৈ যাব পাৰে।সংকল্প কৰাৰ লগে লগে যিকোনো কাম কৰি তাৰ ফলাফলো
কল্পনা কৰি ল’ব পাৰে ইত্যাদি।কিন্তু শৰীৰে মনৰ ইচ্ছা, কল্পনা আৰু গতিৰ
ক্ষিপ্ৰতা অনুসৰি কাম কৰিব নোৱাৰে বা মনে যেনেদৰে চিন্তা বা কল্পনা কৰে শৰীৰে সেইমতে
সকলো কাম কৰিব নোৱাৰে।
কথাবিলাক
এনে ধৰণে বিচাৰ কৰি ভাগৱতত কোৱা হৈছে যে শৰীৰৰূপ যন্ত্ৰৰ নিৰ্মাণ উপাদান অৰ্থাৎ পঞ্চভূতৰ
স্থূলতা আৰু সুক্ষ্মতাৰ প্ৰভেদবশতঃ শৰীৰ আৰু মনৰ পাৰ্থক্য হোৱাৰ দৰে দেৱতা আৰু
মানুহ মাজতো পাৰ্থক্য সৃষ্টি হয়। জ্ঞানী আৰু অজ্ঞানী
ব্যক্তিৰ মাজত প্ৰভেদো একে ধৰণৰ।
স্থূল পঞ্চভূতৰ ফালৰ পৰা অৰ্থাৎ শৰীৰৰ স্থূল অঙ্গ্-প্ৰত্যঙ্গ ভাগৰ পৰা বিচাৰ
কৰি চালে জ্ঞানী আৰু অজ্ঞানী মানুহৰ মাজত কোনো প্ৰভেদ নাই। আনহাতে
শৰীৰৰ
সুক্ষ্ম অঙ্গ-প্ৰত্যঙ্গ ভাগ অৰ্থাৎ সুক্ষ্ম পঞ্চভুত নিৰ্মিত চিত্ত–মন-বুদ্ধি
ইত্যাদিৰ ফালৰ পৰা বিচাৰ কৰি চালে জ্ঞানী আৰু অজ্ঞানীৰ মাজত প্ৰভেদ দেখা যায়।কিন্তু প্ৰত্যেক ব্যক্তিৰ শৰীৰস্থ আত্মা এক আৰু
সকলো মানুহে নিজৰ নিজৰ জ্ঞান-বুদ্ধি আৰু শক্তি সামৰ্থ্য অনুযাই পৃথক পৃথক প্ৰকাৰে জীৱন
ধাৰণ কৰে আৰু পৃথক পৃথক প্ৰকাৰে এই এক আত্মাৰ প্ৰতি প্ৰেম আৰু উপাসনা নিবেদন কৰে। ভাগৱতত সন্নিবিষ্ট এনে জ্ঞান আৰু তত্ববিচাৰৰ আধাৰত উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে যে সমাজৰ কোনো ব্যক্তিয়ে অন্য কোনো ব্যক্তিক
ঘৃণা,
হিংসা
বা নিন্দা কৰাটো অৰ্থহীন কাৰ্য। (আগলৈ)
No comments:
Post a Comment