In the preceding post it is told that there is distance of one kind between two places within this abode.
Also, there is distance of another kind between this abode and heavenly bode.
But there is no distance of any kind between the things created by God
including human being and God. To understand the point we can think as follows.
There are hands, feet, eyes, ears, nose, face and many other organs attached
with our body. Those organs are situated at different locations within the body. Size, shape and function of different organs
are different. We can also see the distance of one organ from another. But
instead of all those differences we do not feel any kind of separation among
the organs of the body. We do not feel the separation of any of the organs from
the body as a whole.The reason of this is the presence of only one single
consciousness for the whole body. One and the same consciousness is present from tip of hair to
the toe of the body. Because of that
though each organ has different size, shape and function and each organ is separate from other organs , we never feel any of them as separate or different from the
body as a whole. Analyzing the things as above Guru Harideva tells that the consciousness
of each individual body is God and he is mentioned as Krishna in the Bhagavata.
Guru Harideva further tells that Krishna does not represent the consciousness of
one single individual body. One God or
Krishna represents the consciousness of all big, small, gross and subtle bodies
present in the creation. In other words it is said that God is the omnipresent
consciousness of the creation as a whole . Each object of the creation may
appear as separate from one another, each object may function differently but
everything combined together constitute one single cosmic body comparable to our
own body as described above and God, that is, Lord Krishna is the consciousness or soul of that cosmic
body. We are individual parts of that cosmic body as like as the organs of our
own body. So, reaching God or going to the abode of God means direct
realization of this omnipresent consciousness which is already present within
each individual as embodied soul. Hence there is no question of overcoming any kind
of distance for reaching God. (to be continued)
ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে দুখন ঠাইৰ মাজত এক প্ৰকাৰৰ দূৰত্ব আছে । স্বৰ্গলোক আৰু মৰ্ত্ত্যলোকৰ মাজত অন্য এক প্ৰকাৰৰ দূৰত্ব আছে। কিন্তু মনুষ্যকে ধৰি ঈশ্বৰৰ সৃষ্টিৰ অন্তৰ্গত বস্তুসমুহ আৰু ঈশ্বৰৰ মাজত কোনো দূৰত্ব নাই। কথাখিনি বুজাৰ বাবে আমি এনে ধৰণে চিন্তা কৰি চাব পৰো । আমাৰ শৰীৰৰ হাত ,ভৰি ,চকু ,কান ,নাক,মুখ আদি অনেক প্ৰকাৰৰ বহু সংখ্যক অঙ্গ-প্ৰত্যঙ্গ আছে । প্ৰত্যেক অঙ্গ একেটা শৰীৰৰ পৃথক পৃথক স্থানত অৱস্থিত। প্ৰত্যেক অঙ্গৰে আকাৰ-আকৃতি , কাম-কাজ পৃথক পৃথক।দেখাত এটা অঙ্গ অন্য এটাৰ পৰা দূৰত থকা যেন লাগে। কিন্তু এনে পাৰ্থক্য দেখাৰ পিছতো কোনো এটা অঙ্গকে শৰীৰৰ পৰা দূৰত বা শৰীৰৰ পৰা পৃথক বুলি অনুভৱ কৰা নহয় । পাৰ্থক্য অনুভৱ নকৰাৰ কাৰণ হৈছে সমগ্ৰ শৰীৰৰ চৈতন্য এক। এক শৰীৰ চৈতন্য শৰীৰৰ স্থূল-সুক্ষ্ম ,ক্ষুদ্ৰ-বৃহত সমস্ত অঙ্গ-প্ৰত্যঙ্গ অৰ্থাৎ চুলিৰ আগৰ পৰা ভৰিৰ আঙুলিৰ আগলৈকে সৰ্বত্ৰতে ব্যাপ্ত হৈ আছে । সেই কাৰণে প্ৰত্যেক অঙ্গ দেখাত পৃথক পৃথক আৰু প্ৰত্যেকৰে কৰ্ম পৃথক পৃথক হোৱা স্বত্তেও শৰীৰৰ কোনো অঙ্গ-প্ৰত্যঙ্গকে শৰীৰ পৰা পৃথক বা শৰীৰৰ পৰা দূৰত বুলি অনুভৱ কৰা নহয়। কথাখিনি ওপৰোক্ত প্ৰকাৰে বিচাৰ-বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে বিশ্ব ব্ৰহ্মাণ্ডত ক্ষুদ্ৰ-বৃহৎ ,স্থূল-সুক্ষ্ম অসংখ্য প্ৰকাৰৰ শৰীৰ আছে। প্ৰত্যেক শৰীৰৰ প্ৰত্যেক অণু-পৰমাণুত ব্যাপ্ত হৈ থকা চৈতন্যই শৰীৰস্থ আত্মা বা ঈশ্বৰ। ভাগৱতত তেওঁকে কৃষ্ণ বুলি বৰ্ণনা কৰা হৈছে । লগতে গুৰুজনাই ইয়াকো কৈছে যে ঈশ্বৰ বা কৃষ্ণ কেৱল কোনো এটা ব্যক্তিগত শৰীৰৰে চেতনা নহয় ।এক ঈশ্বৰ বা কৃষ্ণ বিশ্ব-ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ-বৃহৎ ,স্থূল-সুক্ষ্ম সমস্ত শৰীৰৰে চৈতন্য । অৰ্থাত ঈশ্বৰ সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো স্থান, সকলো কাল আৰু সকলো বস্তুৰ ভিতৰে-বাহিৰে বৰ্ত্তমান সৰ্বব্যাপ্ত চৈতন্য। সেয়েহে ব্ৰহ্মাণ্ডৰ প্ৰত্যেক বস্তু দেখাত পৃথক পৃথক আৰু প্ৰত্যেকৰে কৰ্ম পৃথক পৃথক যেন লাগে যদিও সমস্ত ব্ৰহ্মাণ্ড আমাৰ নিজৰ শৰীৰৰ দৰে এক শৰীৰ আৰু আমি প্ৰত্যেকে সেই ব্ৰহ্মাণ্ড শৰীৰৰ একো একোটা অঙ্গ-প্ৰত্যঙ্গ।এই ব্ৰহ্মাণ্ড শৰীৰৰ সৰ্বব্যাপ্ত চৈতন্যকে ঈশ্বৰ বা পৰমেশ্বৰ কৃষ্ণ বুলি কোৱা হয়। গতিকে ঈশ্বৰ প্ৰাপ্তিৰ বা ঈশ্বৰৰ সান্নিধ্য লাভ কৰাৰ অৰ্থ হৈছে বিশ্ব-ব্ৰহ্মাণ্ডৰ সৰ্বব্যাপ্ত চৈতন্যক উপলব্ধি কৰা। ব্ৰহ্মাণ্ডৰ সৰ্বব্যাপ্ত চৈতন্য বা ঈশ্বৰ আমাৰ নিজৰ শৰীৰত চৈতন্যৰূপে সদাসৰ্বদা অৱস্থান কৰি আছে কাৰণে ঈশ্বৰ আৰু আমাৰ মাজত কোনো প্ৰকাৰৰ দূৰত্ব নাই বুলি কোৱা হৈছে ।(আগলৈ)
No comments:
Post a Comment